এক্সকাৰচনৰ অভিজ্ঞতা (মল্লিকা কলিতা)

 

 

জীৱনৰ প্ৰথমটো অকলশৰীয়া ভ্ৰমণ, মোৰ জীৱনৰ আটাইতকৈ মনোৰম সময়বিলাকৰ ভিতৰত এইখিনিও আছিল। স্নাতক দ্বিতীয় বৰ্ষৰ দুৰ্গা পূজাৰ বন্ধত বম্বে আৰু গোৱা আছিল আমাৰ ভ্ৰমণৰ লক্ষ্যস্থল। ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক, উপ-সম্পাদক, তৰ্ক, ছাত্ৰ জিৰণী কোঠা চেক্ৰেটেৰি প্ৰমুখ্যে তিনিজন অধ্যাপক, তাৰে দুগৰাকী আছিল বেংগলী বিভাগৰ। সাতজনী আছিল মাৰোৱাৰী ছোৱালী। ৰেলৰ খৰছখিনি আমাৰ নিজৰ আছিল। বাকী টকা, যোৱাৰ দুসপ্তাহ আগে জমা দিয়া হৈ গৈছিল। আমাৰ দলত আমি ছজনী। গুৱাহাটীতে সিদ্ধান্ত লৈছিলোঁ, আমি একেলগে থাকিম হোটেলত, ৰেলত। এৰা-এৰি মুঠেও নহওঁ। ইতিমধ্যে কেবাবাৰো আমাৰ মাজত মিটিং হৈ গৈছে, ক্লাচৰ শেষত কোনোবা এজনীৰ তাত মিলিত হৈ সিদ্ধান্ত লোৱা হৈছিল- ট্ৰেইনত পিন্ধি যোৱা চুড়িদাৰ কেইযোৰৰ পেন্টত পকেট চিলাই ল’ব লাগিব, টকা-পইচা ভৰাই নিবলৈ। কিন্তু যাওঁতে আমি একো কিনি নাখাওঁ। গতিকে ট্ৰেইনত খাবলৈ ৰুটি, কেক, ফল-মূল, আচাৰ আদি লৈ যোৱা হ’ব। তিনি ৰাতি, দুই দিনৰ যাত্ৰাটোত ৰুটি ভালে থাকিবলৈ মাহঁতক গাখীৰেৰে আটা মাৰিবলৈ কোৱা হ’ল। আমাৰ দলত হ’ম-চাইঞ্চৰ ছাত্ৰী আছিল দেখিহে, নহ’লে ইম্মান সাৰগৰ্ভ পৰামৰ্শ ক’ত পালোঁহেতেন! আৰু এটা খুৱেই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল আমি কোনেও ট্ৰেইনত যাওঁতে আৰু ঘূৰি আহোঁতে পাইখানা নকৰোঁ, কৰিবলৈ গৈ গাতত সোমাই মৰিলেহে হ’ব আৰু! কেমেৰা চাগে ১৯৯৮ চনত আমাৰ ছয়জনীৰ মাজত তিনিজনীৰ হে আছিল। তথাপি আনন্দই নধৰে হিয়া একেবাৰে।

আমাৰ ট্ৰেইন আছিল দাদৰ এক্সপ্ৰেচ আৰু দিনটো বুধবাৰ আছিল, গধূলি পাঁচ বজাত। মা-ভন্টিয়ে খুৱ কান্দিলে ষ্টেচনত, লগৰ কেইজনীক দঢ়াই দঢ়াই কৈছিল, মোক চাবলৈ। মোৰো চকুপানী ৰখাব পৰা নাই, এতিয়াহে ভয়-উৎকন্ঠাত ডিঙি শুকাই যাব ধৰিল। পোন্ধৰ দিন! কেনেকৈ কটাম বাৰু ঘৰ খন অবিহনে। চকুলো টুকি টুকি বিদায় ল’লোঁ, বিয়া দিয়া ছোৱালীৰ দৰে….!

 

কামাখ্যা গেট পাওঁতে সকলোৰে হাঁহি। কাৰ চকুৰ কাজল মুখৰ ক’লৈ বিয়পিছে, অলপ আগতে কান্দোতে কাক কেনে দেখাইছিল। ৰঙিয়াত অলপ পৰ ৰ’ল ৰেলখন। কিন্তু আমাৰ ছোৱালীবোৰে দেখোন দৌৰা দৌৰি কৰি মৰিব লাগিছে। কি বা হ’ল বুলি ভবা নহ’লেই, আঃ কি দুৰ্গন্ধ! ক’ত যাওঁ, ক’ত লুকাওঁ এনে লাগিল। কিছুমানে বটিয়াবলৈ লাগিল। কিনো হ’ল হঠাৎ? আমাৰ কোনোৱে ধূপৰ পেকেট উলিয়াই ল’লে, তেহে অলপ শান্তি। এজনীয়ে নিজৰ গুণ গালেই, ধূপ ল’বলৈ তাইহে মনত পেলাইছিল। মনে মনে ভাৱিছোঁ মিটিংৰ সুফল! পিছত জানিবলৈ পালোঁ সেয়া শুকান মাছৰ গোন্ধহে আছিল। অসমৰ পৰা বহিঃ ৰাজ্যলৈ ৰপ্তানিৰ উদ্দেশ্যে আমাৰ ৰেলখনতে শুকান মাছসহ কোনো যাত্ৰী উঠিছিল। ৰাতি শোৱাৰ আগে আগে লগৰ দুজনীমানে পাইখানা নহ’বলৈ মেডিচিন খাই লৈছে, নিজৰ ওপৰত বিশ্বাস নাই যাবলগীয়া হ’বও পাৰে!

আমাৰ ছাত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্ব একমাত্ৰ পুৰুষ, বটানীৰ ‘তালুকদাৰ’ চাৰৰ ওপৰত ন্যস্ত। পিছদিনা ৰাতিপুৱা হে গ’ম পাইছিলোঁ, আমাৰ লগত ট্ৰেভেল এজেঞ্চিৰ ল’ৰা এজনো আহিছে। এজনী মেম’ৰ সাত বছৰীয়া ল’ৰাটিও আছে। হাঁহি ধেমালিৰে ৰাতিপুৱাই গৈ পালোঁ, দাদৰ ষ্টেচন। এই দুদিন কোনেও গা ধুবলৈ সুবিধা নাই পোৱা, গতিকে সকলোৱে ভালদৰে ঘঁহি ঘঁহি গা ধোৱাটোকে লক্ষ্য কৰি লৈছে। গধূলি ‘নাইট চুপাৰ’-এৰে আমি গোৱালৈ যাম। আমাৰ লগত চাৰিজন অন্য ডেকা ল’ৰাও আছে, কিন্তু ল’ৰাৰ কথা দেখোন ক’তো উল্লেখ নাছিল! ওঠৰ ঘণ্টা বাছ যাত্ৰা। মোৰ কাষত বহা বান্ধৱীয়ে বমি নহোৱা মেডিচিন খাই ল’লে। হে হৰি! কিহৰ যে পাল্লাত পেলালা।

ৰাতিপুৱা নিদ্ৰাৰত অৱস্থাতে কাণত পৰিছে কাৰোবাৰ গৰম কথা, অলপ টান সুৰত। কি হ’ল একো টলকিব পৰা নাই। টোপনিৰ জাল আঁতৰাই নাই আমাৰ। ট্ৰেভেল এজেঞ্চিৰ ল’ৰা আৰু ইউনিয়নৰ ছোৱালীৰ মাজত তৰ্কাতৰ্কি। চাৰক বোলে বেয়াকৈ ক’লে, সেয়ে এজনীয়ে খঙেৰে কথা শুনাইছে। অলপ সময় লাগিল বুজি পাবলৈ, ৰাতি সেই অনাকাংক্ষিত চাৰি ভদ্ৰ লোকৰ কোনোৱে মাৰোৱাৰী ছোৱালীহঁতক বেয়া ইংগিত দিছিল। চাৰে এজেঞ্চিৰ মালিকক সেই ল’ৰা কেইটাক গোৱাত বিদায় দিবলৈ ক’লে। আৰু যাতে দেখা নাযায় আমাৰ সৈতে। মালিকেও ক্ষমা খুজিলে নিজৰ ভুলৰ বাবে, ছোৱালীৰ সৈতে ডেকা কেইজনক উঠাই ল’ব নালাগিছিল।

সাগৰৰ মাছৰ গোন্ধই আমাক গোৱালৈ স্বাগতম জনালে। আমি গোৱাত থকা কেইদিন মাছ নাখাওঁ বুলি কৈ দিলোঁ। গোৱা দেখি আমি একপ্ৰকাৰ পাগল বুলিলেও ভুল নহ’ব, প্ৰথম সাগৰ দেখিছোঁ। আমাৰ কলংগোটে (CALANGUTE) উপকুলত হোটেল বন্দোবস্ত কৰা আছিল। প্ৰথম দিনাখন অলপ ওচৰে-পাজৰে চাই হোটেলত জিৰণি লোৱা গৈছিল, ওঠৰ ঘণ্টা দীঘলীয়া বাচ-যাত্ৰাত সকলোৱে ভাগৰুৱা অনুভৱ কৰিছিল। পিছদিনা ৰাতিপুৱাৰ পৰা গোৱা দৰ্শন আৰম্ভ হ’ল- অঞ্জুনা বীচ্চ(Anjuna beach), ৱাগাটোৰ বীচ্চ(Vagator beach), আগুৱাডা(Fort Aguada), মহালক্ষ্মী মন্দিৰ, ম্ংগেছ প্ৰসন্ন মন্দিৰ, মাপুচা মাৰ্কেট(Mapusa Market), পাঞ্জিম, মাৰগাৱ(Margao), Vasco da Gama, Dona Paula, ওলড্ গোৱাৰ Saint Francis of Assisi(1521), Basilica of Bom Jesus(body of Saint Frances Xavier) আদিয়েই মুখ্যতঃ। ৱাগাটোৰ বীচ্চ(Vagator beach)য’ত বিখ্যাত চিনেমা ‘এক দুজে কে লিয়ে’ৰ দৃশ্যায়ন কৰা হৈছিল। আমাৰ লগৰ এজনীয়ে বহিবলৈ লৈ হাতখন কিহবাৰ পায়খানাৰ ওপৰতে দিব লাগে নে! তাইৰ অৱস্থা পিছত চাব লগা হৈছিল। গোটেই বাচতে তাই বমি কৰি কৰি আহিল।

 

 

গোৱাৰ প্ৰাকৃতিক দৃশ্য, বীচ্চ, বাট-পথবোৰে আমাক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল। সৰু সৰু কিন্তু ইমান মসৃণ বাট-পথ। ক’তো যান-জঁট দেখিবলৈ নাপালোঁ। আমি থকা সময়ত দুই অক্টোবৰ, গান্ধী জয়ন্তী পৰিছিল। সেইদিনা মাপুচা মাৰ্কেট আদি কৰি গোটেই গোৱাত মদ বিক্ৰী নিষিদ্ধ আছিল। আমি চাৰিদিন কটাইছিলোঁ গোৱাত, কিন্তু সময় কেনেকৈ গৈছিল গমকে পোৱা নগ’ল। আহিবৰ আগদিনা আমাক পাৰ্টি দিছিল আমাৰ ট্ৰেভেল এজেঞ্চিৰ তৰফৰ পৰা। কুইজ, অন্তাক্ষৰী প্ৰতিযোগিতাও অনুষ্ঠিত হৈছিল। কুইজত মই চতুৰ্থ হৈ বোম্বেৰ এচেল ৱৰ্লডৰ এটি গেম পুৰষ্কাৰস্বৰূপে লাভ কৰিছিলোঁ। পাৰ্টিৰ আগমুহূৰ্ত কিন্তু সুখপ্ৰদ নাছিল আমাৰ ছয়জনীৰ বাবে। আগদিনা গোৱাৰ মান্দোভী নদীৰ সান্তা-মনিকা (Boat Cruise) নৌকা বিহাৰ আমাৰ অন্য এক আনন্দৰ ক্ষণ আছিল। এঘন্টীয়া নৃত্য-গীতৰ অপূৰ্ব অনুষ্ঠান এয়া। গোৱাৰ মাতৃভাষা কংকোণীত তেওঁলোকৰ স্ংস্কৃতিক বাহিৰৰ লোকৰ আগত দেখুৱাৰ প্ৰয়াস। মানোৰঞ্জন দিবলৈ সমৰ্থবানো হৈছিল তেওঁলোক, কাৰণ ষ্টেজলৈ প্ৰায় প্ৰত্যেকেই নাচিবলৈ উঠি গৈছিল। চাৰৰ নিৰ্দেশ মৰ্মে আমাৰ তিনিজনী মানৰ বাহিৰে বাকী সকলো ছোৱালীয়ে নাচিবলৈ ষ্টেজলৈ গৈছিল। সকলোৱে আপোনপাহৰা হৈ পৰিছিল। দৰ্শকৰ হাত চাপৰিৰে আমাৰ ছোৱালীহঁতক প্ৰস্ংশা কৰা দেখা গৈছিল। সেই মধুৰতম ক্ষণখিনিয়ে পিছদিনা আমালৈ অমানিশা কঢ়িয়াই আনিছিল। পাৰ্টিলৈ সাজু হ’ম আৰু আমি, তেনে সময়তে আমি থকা হোটেলৰ সন্মুখত দুখন ছাফাৰীৰ দৰে গাড়ী আহি ৰ’ল। বাহিৰত আমাৰ দুই বান্ধৱীৰ নাম কৈ আছে কোনো অচিনাকি ল’ৰাই। সেই ল’ৰা বোৰ, প্ৰায় পোন্ধৰ/ষোল্ল জনমান হ’ব – আগদিনা সান্তা-মনিকাত চিনাকি হোৱা। আমাৰ দুই বান্ধৱী সহজ ভাৱে তেওঁলোকে সোধোতে হোটেলৰ নাম-ধাম দি দিলে আৰু সিহঁতক বিচাৰি এইখিনি পালেহি। আচলতে নাচি নাচি মচগুল হৈ কি ক’লে ক’বই নোৱাৰিলে! মে’ম আৰু অন্য ছোৱালী ওলাই আহি দুয়োকে কিবাকিবি ক’লে, বিশেষকৈ অচিনাকি ঠাইত ঠিকনা দিয়াৰ বাবে খ্ং কৰিলে। ল’ৰাবোৰক আতঁৰাই পঠোৱা হ’ল। কিন্তু দুয়ো বান্ধৱীয়ে ইজনীয়ে সিজনীক দোষী সাব্যস্ত কৰিবলৈ লাগিল। পৰিস্থিতি বিষম পৰ্যায় পালে, দুয়োয়ে আৰু কেতিয়াও মাত-বোল নকৰো বুলি ক’লে। কন্দা-কটা কৰি গধূলিটো গধুৰ কৰি তুলিলে। এনেকৈ এটা বেয়া অভিজ্ঞতাও লগত লৈ গোৱাৰ পৰা বোম্বেলৈ ঘূৰি অহা গ’ল।

বোম্বেত যেন গোৱাৰ মাদকতা নাই। বীচ্চবোৰ লেতেৰা, উৎকট গৰম। মেৰাইন ড্ৰাইভ, যাক ‘কুইনচ্নেকলেচ” বুলিও জনা যায়। আমাক ৰাতি দেখুৱাবলৈ লৈ যোৱা হৈছিল তাৰ সৌন্দৰ্য্য। তাতে লগৰজনীৰ চেন্দেল ছিঙিল আৰু তায়ো খালী ভৰিৰে বৰষুণৰ গোটেই বাট বুলি আহিল। ‘ড্বল ডেকাৰ’ত উঠাৰ অভিজ্ঞতাও লোৱা হ’ল। ‘ইস্কন’ৰ মন্দিৰে(হৰে ৰামা হৰে কৃষ্ণ) আমাৰ মন পবিত্ৰতাৰে ভৰাই তোলে। চাবলগীয়া খিনি চাই আমাৰ বাবে ৰৈ আছিল এচেল ৱৰ্লড(Essel World) আৰু ট্ৰেভেল এজেঞ্চিৰ চাৰপ্ৰাইজ চাইট ‘খান্দালা’। ফিল্ম চিটি আউটডোৰ লোকেচনত তেতিয়া কেবল টিভিৰ জনপ্ৰিয় চিৰিয়েল ‘কেম্পাচ’ৰ চিত্ৰ্গ্ৰহণ চলিছে। মাৰোৱাৰী কেইজনীয়ে অভিনেতা পৃথ্বি আৰু অভিনেত্ৰী প্ৰিয়াৰ অট’গ্ৰাফ লৈ, ফটো তুলি মনক অলপ হ’লেও শান্ত কৰিলে। শ্বাহৰুখৰ ছাঁটোও ভাগ্যত নিমিলিল আৰু! মন পুলকিত কৰে আমাৰ আটাইৰে এচেল ৱৰ্লডে। আটাইবোৰ গেমত অংশ লৈছোঁ, চিঞৰি-বাখৰি। পানীত তিতিছোঁ, যেন শিশু মনটো আকৌ ঘূৰাই পাইছোঁ।
তেতিয়া এন্ট্ৰি ফী আছিল ২০০ টকা। কিছুমান গেইমত দুবাৰকৈও উঠিছোঁ, বমি কৰাই বমি কৰি আছে। আমাৰ ৰ’বলৈ সময় নাই মুঠেও। সেই ৰাতি খান্দালালৈ গমন। আমি আটায়ে ফটো উঠাবলৈ লগৰ আনকো কেমেৰা দিওঁ, কিন্তু লগৰ এজনীক লক্ষ্য কৰিছোঁ- তাই মুঠেও তাইৰ কেমেৰাৰে আমাৰ এজনীৰো ফটো নুঠায়। নিজে প’জ দি দি উঠে। আমিও খান্দালাত, তাৰ পোটক তুলিলোঁ। তাই ফোন কৰিবলৈ ওলাই যাওঁতে তাইৰ কেমেৰাৰে দুখন মান ফটো তুলি ৰাখো, তাই গমকে নাপালে। খান্দালা, লোনাৱালা, নয়নাভিৰাম প্ৰাকৃতিক দৃশ্য, চিক্কিৰ সোৱাদ লৈ এদিন কটাই ঘূৰি আহোঁ বোম্বেলৈ। অ’ ক’বলৈ পাহৰিছিলোঁ, খান্দালাৰ পৰা ওভতনি পথত আমাৰ ট্ৰেইন আহি পালে ষ্টেচন, কিন্তু কোনটো দবাত উঠিম আদি চিন্তা কৰি থাকোতেই ট্ৰেইনে গতি ল’লে। চাৰে উঠা উঠা বুলি কওঁতেহে দৌৰি দৌৰি একেবাৰে ‘দি দি এল জি’ৰ চিমৰন একোজনীলৈ পৰিবৰ্তিত হৈ পৰোঁ। কি এডভাঞ্চাৰাচ পূৰ্ণ যাত্ৰা। এয়া যেন একোৱে নহয় আৰু ৰৈ আছে আমাৰ বাবে আশ্চৰ্য্য! চাৰে যিখিনি ক’লে তাৰ সাৰমৰ্ম হ’ল আমি ভুল ডবাত উঠিলোঁ, আৰু পিছৰ ষ্টেচনত নামি আগলৈ তিনিটা নে চাৰিটা ডবা পাৰ হৈ উঠিবলৈ পৰামৰ্শ দিলে। আমিও চাৰৰ আজ্ঞাকাৰী ছাত্ৰী, পিছৰ ষ্টেচনত দিলোঁ দৌৰ। জীৱনত আটাইতকৈ বেগাই দৌৰিছিলোঁ সম্ভৱ সেইদিনাখনে। ট্ৰেইনও যে কাৰেণ্টত চলা। বোম্বেত মে’মৰ ঠেহঁ-পেচ, ভাত নাখায়। কাৰণ লগত যোৱা পুতেকৰো অহা-যোৱা, থকা-খোৱা খৰছ ছাত্ৰী ইউনিয়নে ভৰিব লাগে। ইপিনে সাধাৰণ সম্পাদকক পানী খুৱাই দিছে তেওঁৰ প্ৰতিদ্বন্দী প্ৰাৰ্থী গৰাকীয়ে, একো কথাই নুশুনে। ইলেকচনত হৰাৰ পোটক ভালকৈ তুলিছে বেচেৰীৰ ওপৰত। বাছত পাউদানিত তাই সদায় থিয় হৈ যাব। কাপোৰ কানিও শালীনতা পাৰ কৰিব একোদিন। ক’লেও গাত নলগা ছোৱালী। এজেঞ্চিৰ ল’ৰাৰ লগত মুখে মুখে লাগিচেও কেইবাবাৰো। সেইকাৰণেই বোধকৰো ট্ৰেভেল এজেঞ্চিৰ তৰফৰ পৰা ‘ব্যৱহাৰপাতিত শ্ৰেষ্ঠতম ছোৱালী’ জনী বুলি এলানি প্ৰতিযোগিতাৰ আয়োজনেই কৰি পেলালে! আমিও চকু কাণ মুদি পোন্ধৰটা দিন পাৰ কৰিলোঁ। জীৱনক নতুনকৈ চাবলৈ শিকিলোঁ তাৰ পৰা ঘূৰি আহি।
আৰু এইদৰেই আমাৰ এক ৰোমাঞ্চকৰ যাত্ৰাৰ সামৰণি পৰিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক