এক অনাকাংক্ষিত অভিজ্ঞতা (পংকজ বৰা)

প্ৰতি সোমবাৰে পুৱা ৮-৩০ বজাত আমাৰ ‘লেবৰ গ্ৰুপ মিটিং’ হয়৷ আমাৰ গ্ৰুপটো অলপ ডাঙৰ বাবে প্ৰতি সপ্তাহত দুজনকৈ নিজৰ গৱষণাৰ কাম কাজৰ অগ্ৰগতিৰ খাতিয়ান দিয়ে, লগতে আন আন আভ্যন্তৰীণ ব্যৱস্থাপনা বিষয়ক আলোচনাও হয়৷ আজি মোৰ পাল আছিল৷ সাধাৰণতে ৰাতিপুৱা ১০ বজাৰ আগত মই কেইদিন অফিচ গৈ পাইছো তাক আঙুলিৰ মূৰত লিখিব পাৰি৷ তাতে সোমবাৰে ৰাতিপুৱা ৮.৩০ বজাত গৈ পোৱাটো মহা ‘কামোৰ’৷ তথাপি আজি যেনে তেনে গৈ ৮.২৫ মানত ওলালোগৈ৷ মোৰ গাইদ প্ৰফেছাৰ আটলে ব’নেছকে ধৰি গ্ৰুপৰ ৩০ জন মান ইতিমধ্যে সভাকক্ষত বহি আছিল৷ প্ৰফেছাৰ ব’নেছ এজন অতি বন্ধুভাৱাপন্ন ব্যক্তি৷ ৫৫ বছৰ বয়সীয়া এই ব্যক্তিজনৰ বন্ধুসুলভ ব্যৱহাৰ দেখিলে তেখেতৰ উচ্চস্তৰৰ পদমৰ্য্যদাৰ কথা কেতিয়াও মনলৈয়ে নাহে৷ এই বয়সটো চিকুণ দেহ আৰু সু-স্বাস্থ্যৰ অধিকাৰী৷ তেখেত এজন ‘এথেলিট্’৷ কেতিয়াবা প্ৰফেছাৰে ধেমালিৰ সুৰত পিঠিত ধকা এটা মাৰি মোক কয় ‘পংকজ পাৰিলে কেতিয়াবা লেবৰ বাকীবোৰ মানুহ ঘৰলৈ ঘূৰি যোৱাৰ আগত অফিচলৈ আহিবাছোন, অন্ততঃ নিজৰ গ্ৰুপটোত কোন কোন মানুহ আছে মুখকেইখন ভালকৈ চিনি পাবা’, কৈ উঠি হাঃহাঃহাঃ কৈ হাঁহে৷ ইয়াত কাম কাজৰ যথেষ্ট শিথিলতা আছে৷ যথাসময়ত কাম হ’লেই হ’ল৷ ঘৰত বহি কৰা বা অফিচত বহি কৰা, তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই৷ মোৰ কম্পিউটেছনেল কাম হোৱাৰ বাবে ঘৰৰ পৰাই অফিচৰ চাৰ্ভাৰত লগিন কৰি কাম কৰি থাকিব পাৰোঁ৷ যথাসময়ত মোৰ কামবোৰো ঠিক-ঠাক পাই থাকে বাবে তেখেতে মোক অলপ বিশেষ স্বাধীনতাও দিয়ে৷এইলৈ প্ৰায়োগিক পৰীক্ষা-নিৰীক্ষা কৰিবলগীয়া হোৱা কেইটাই মোৰ ওপৰত অলপ হিংসাই কৰে৷ এই স্বাধীনতাৰ সুবাদতে কানীয়া অসমীয়া হিচাপে মইও ৰাতিপুৱা ৯ বজালৈকে শোৱাৰ সুবিধাকণ লঁও৷ এনেই কয়নেকি ‘মুখৰ চিকুন গুৱা, টোপনিৰ চিকুন পুৱা’৷

মই লৰালৰিকৈ গৈ সভাকক্ষত বহিলো৷ মই গৈ পোৱা দেৰি হোৱাৰ বাবে আন এজনে প্ৰেজেনটেছন দিবৰ বাবে সাঁজু হ’ল৷ যথাসময়ত মইও মোৰ প্ৰেজেনটেছন শেষ কৰিলোঁ৷ প্ৰশ্নোত্তৰ শিতান আৰম্ভ হ’ল৷ সময় তেতিয়া ১০.১৫ মান হৈছে৷ প্ৰাত্যহিকভাৱেই আমাৰ কাম কাজ প্ৰায় শেষ হ’বৰ হৈছে৷ তেতিয়া প্ৰফেছাৰ আটলেই ক’লে যে অহা দুদিন তেঁও কাৰ্য্যালয়ত উপস্থিত থাকিব নোৱাঁৰে, কাৰণ যোৱা শুক্ৰবাৰে ৰাতি তেখেতৰ দেউতাকৰ মৃত্যু হৈছে৷ গতিকে তেখেতৰ অন্তিম সৎকাৰৰ কামত ব্যস্ত থাকিব৷ আজি মোৰ পিএইচডি গৱেষণা কালৰ শেষ প্ৰেজেনটেছনটো থকাৰ বাবেহে তেখেতে অফিচলৈ আহিল৷ লগতে মোৰ ফাইনেল থেছিছ ডিফেন্সৰ বাবে বহু গুৰুত্বপূৰ্ণ উপদেশ দিলে৷ ইমানদেৰি কথোপকথনেৰে উজ্জীৱিত হৈ থকা উপস্থিত বাকী সহকৰ্মীসকলৰ কাৰো মুখৰ মাত নোহোৱা হ’ল৷ কাঁহ পৰি জীণ যোৱা অৱস্থা৷ নিজৰ দেউতাকৰ মৃত্যুৰ স্বত্বেও কিমান দায়িত্ববোধৰ বাবে তেখেতে ৰাতিপুৱাই মিটিংখনলৈ দৌৰি আহিল তাকে ভাৱি আঁচৰিত হ’লো৷ সকলোৱে তেখেতক সমবেদনা জনালে৷ মইও আগবাঢ়ি গৈ তেখেতৰ হাতখন খামুছি ধৰি সমবেদনা জনালোঁ৷ মোৰ ভাষা হেৰাই গৈছিল৷ মিটিং শেষ হোৱাৰ পিচতো মোলৈ তেখেতে বহুকেইখন গুৰুত্বপূৰ্ণ ই-মেইল পঠালে৷ সদায় সপ্ৰতীভ হৈ থকা গ্ৰুপৰ প্ৰায়বিলাক সদস্যৰে মনবোৰ যেন আজি কিবা উৰুঙা উৰুঙা অৱস্থা৷

বহু কিবা কিবি চিন্তাৰ মাজত মইও গোটেই দিনটো হেৰাই থাকিলো৷ এতিয়াও ভাৱিয়েই আছো কথাবোৰ৷ মানুহৰ দায়িত্ববোধ, কৰ্ত্তব্যপৰায়ণতা, আৱেগ, অনুভূতি ইত্যাদি বহুত কিবা-কিবি আগ-গুৰি নোহোৱা বিক্ষিপ্ত চিন্তাত মনটো ভাৰাক্ৰান্ত!

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments