এক অন্তহীন অপেক্ষা (অমিতাভ মহন্ত)

১৯৮৮ চন, ইণ্টাৰ স্কুল হেৰিছ শ্বিল্ড ক্ৰিকেট টুৰ্নামেণ্ট৷ ৰৌদ্ৰোজ্বল এক ৰাতিপুৱা, দুজন কিশোৰ খেলপথাৰত ইতিহাস ৰচাত ব্যস্ত হৈ আছিল৷ এইখন খেলৰেই লোকচক্ষুলৈ অহা শচীন কালক্ৰমত এক মহান খেলুৱৈত পৰিণত হ’ল৷ কাম্বলি বিশেষ সফল হ’ব নোৱাৰিলেও তেওঁ চুটি আন্তৰাষ্ট্ৰীয় খেলুৱৈ জীৱনত আমাৰ মনত সাঁচ বহাবলৈ সক্ষম হৈছিল৷ এইখন খেলতেই ৬৬৪ ৰাণৰ পাৰ্টনাৰশ্বিপেৰে দুয়ো সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হৈছিল৷
ভাৰতীয় ক্ৰিকেটপ্ৰেমীৰ বাবে এই কাহিনীটো অতি জনপ্ৰিয়৷ কিন্তু তাৰ পিছৰখিনি? শচীন বা কাম্বলিৰ উইকেটৰ পতন ঘটিলে আহিবলৈ সাজু হৈ থকা সেই বেটছমেনজনৰ কথা আমি কেইজনে জানো? তেওঁৰ সেই দীঘলীয়া প্ৰতীক্ষাৰ যে আজিও অন্ত নপৰিল সেয়া চাগৈ বহুতেই নাজানে৷
প্ৰথমটো উইকেট পতনৰ পিছৰ পৰা পেড, গ্ল’ভছ পিন্ধি পেভিলিয়নত সাজু হৈ থকা এই প্ৰতিভাৱান খেলুৱৈজন আছিল সেই সময়ৰ আন এজন বিস্ময় বালক, ১৩ বছৰীয়া অমল মজুমদাৰ৷ দুয়োৰে বেটিং বিক্ৰমত সেইখন খেলত দীৰ্ঘ অপেক্ষাৰ অন্ততো অমল মজুমদাৰে বেটিং কৰিবলৈ সুযোগ নাপালে৷ পৰৱৰ্তী সময়ত এই অপেক্ষা যে অন্তহীন অপেক্ষালৈ পৰিণত হ’ব সেয়া চাগৈ অমলে কেতিয়াও ভবা নাছিল৷ পিছলৈ এই অপেক্ষা আছিল ভাৰতীয় দললৈ নিৰ্বাচিত হোৱাৰ অপেক্ষা৷
১৯৯৩-৯৪ চনৰ ৰঞ্জী ট্ৰফীৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত অমল মজুমদাৰৰ ৰঞ্জী অভিষেক ঘটে৷ প্ৰতিপক্ষ হাৰিয়ানা৷ জীৱনৰ প্ৰথমখন ৰঞ্জী খেলতেই ২৬০ ৰাণৰ এক সুন্দৰ ইনিংছ খেলি তেওঁ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷ উল্লেখযোগ্য যে প্ৰথম শ্ৰেণীৰ খেলত অভিষেক মেচতেই সৰ্বোচ্চ ৰাণৰ এয়া আছিল বিশ্ব অভিলেখ, যি আজিও তেওঁৰ নামত অক্ষত হৈ আছে৷
অমল যে ‘ওৱান গেম ৱাণ্ডাৰ’ নহয় সেয়া তেওঁ বাৰম্বাৰ প্ৰমাণ কৰি গ’ল৷ ঘৰুৱা ক্ৰিকেটত কৰা ধাৰাবাহিক প্ৰদৰ্শনৰ সুবাদত অমলক ‘পৰৱৰ্তী শচীন’ হিচাপত বহুতে কল্পনা কৰিবলৈ ধৰিলে৷ অতি সোনকালে অমলে ভাৰতীয় অনুৰ্ধ-১৯ দলৰ উপ অধিনায়কৰ দায়িত্ব লাভ কৰিলে৷
অমলৰ পাৰফেক্ট টেকনিক আৰু শান্ত সমাহিত বেটিঙৰ উত্তৰ দিবলৈ ইতিমধ্যে অন্য এজন খেলুৱৈৰ আবিৰ্ভাৱ হৈছিল৷ তেওঁ আছিল কৰ্ণাটকৰ ৰাহুল দ্ৰাবিড়। সেই সময়ত ভাৰত ভ্ৰমণলৈ অহা ‘ইংলেণ্ড এ’ দলৰ বিৰুদ্ধে ‘ভাৰতীয় এ’ দলত দুয়োৰে নিৰ্বাচন হ’ল৷
প্ৰথম আছিল টেষ্ট শৃংখলা৷ ইংলিছ দলৰ হাতত ৩-০ত বিধস্ত হোৱা এই শৃংখলাত ৰাহুল দ্ৰাবিড়ৰ বাহিৰে কোনো বেটছমেনে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল৷ এদিনীয়াত অমলে ৭৯ আৰু ৬৯ ৰাণৰ দুটা উপযোগী ইনিংছ খেলিলেও এইবাৰো দল ২-১ৰ ব্যৱধানত পৰাস্ত হ’ল৷ এই শৃংখলাত অন্য এজন উদীয়মান খেলুৱৈ সৌৰভ গাংগুলীৰ প্ৰদৰ্শন আছিল হতাশজনক৷
ইয়াৰ পিছতেই আহিল ১৯৯৫-৯৬ দুলীপ ট্ৰফী প্ৰতিযোগিতা৷ সেই টুৰ্নামেণ্টখন অতি গুৰুত্বপুৰ্ণ আছিল কাৰণ ইতিমধ্যে সকলোৱে বুজি উঠিছিল যে ভাৰতীয় দলৰ দুই প্ৰবীণ তাৰকা সিদ্ধু আৰু মাঞ্জেৰকাৰৰ বিদায় সমাগত৷ গতিকে দলক স্থান লাভ কৰিবলৈ চাৰিজন প্ৰতিভাৱান ক্ৰিকেটাৰ ক্ৰমে ৰাহুল, অমল, সৌৰভ আৰু লক্ষণে জোৰদাৰ চেষ্টা চলালে৷
সেই চিৰিজত লক্ষণে সৰ্বোচ্চ ৩৯৫ ৰাণ সংগ্ৰহ কৰিলে৷ লক্ষণৰ পিছে পিছে ৰাহুলে ৩৫৩, অমলে ৩৩৩ আৰু সৌৰভে ৩০৮ ৰাণ সংগ্ৰহ কৰি তীব্ৰ প্ৰতিযোগিতা আগবঢ়ালে৷
ভাৰতীয় দল নিৰ্বাচনৰ সময় আহিল৷ নিৰ্বাচকসকল লক্ষণৰ ধাৰাবাহিকতা সম্পৰ্কে আশ্বস্ত হ’ব পৰা নাছিল৷ আনফালে ৰাহুলক দলত স্থান দিয়াক লৈ কাৰো দ্বিমত নাছিল৷ গতিকেই দ্বিতীয় স্থানটোৰ বাবে অমল আৰু সৌৰভৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা হ’ল৷ ঘৰুৱা ক্ৰিকেটত অমলৰ প্ৰদৰ্শন সেই সময়ত সৌৰভতকৈ উন্নত আছিল যদিও শেষ মুহূৰ্তত শক্তিশালী পশ্চিম মণ্ডলৰ বিৰুদ্ধে সৌৰভে খেলা ১৭১ ৰাণৰ অনবদ্য ইনিংছটোৱে তেওঁক দলত স্থান পোৱাত নিৰ্ণায়ক ভূমিকা ল’লে৷ হয়তো অমলৰ বাবে দলত স্থান পোৱাৰ এয়া আটাইতকৈ সুবৰ্ণ সুযোগ আছিল যাক তেওঁ অলপৰ বাবে হেৰুৱালে৷
সুযোগৰ সদব্যৱহাৰ কৰি সৌৰভ আৰু ৰাহুলে ইংলেণ্ডত অসাধাৰণ প্ৰদৰ্শন কৰি দলত নিজৰ স্থান নিগাজী কৰি ল’লে আৰু অমল ঘৰুৱা ক্ৰিকেটত ব্যস্ত হৈ পৰিল৷ ১৯৯৩ চনৰ পৰা ২০০২ চনলৈ ঘৰুৱা ক্ৰিকেটত গড়ে ৫০ৰ ওপৰত মুঠ ৬০৫১ ৰাণ সংগ্ৰহ কৰিলে৷ এই সময়ছোৱাতে মুম্বাই দলৰ বহুকেইজন সতীৰ্থ যেনে ৱাছিম জাফৰ, সৈৰাজ বহুতুলে, নিলেশ কুলকাৰ্ণী আদিয়ে ভাৰতীয় জাতীয় দলত স্থান পালে আৰু অমল তেওঁলোকৰ এই সফলতাৰ নীৰৱ সাক্ষী হৈ থাকিল৷
হয়তো নিজৰ বেটিং ক্ৰম অমলৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিল৷ অমলে সদায় তিনি বা চাৰি নম্বৰত বেটিং কৰিছিল৷ কিন্তু ভাৰতীয় টেষ্ট দলত শচীন আৰু ৰাহুলে সেই স্থান দুটা দখল কৰি লৈছিল৷ পাঁচ নম্বৰ স্থানত অলপ আশা থাকিলেও, লক্ষণে চিডনী আৰু কলিকতাত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলা ইনিংছ দুটাৰে তাৰো মুদা মাৰিছিল৷ সৌৰভক দুৰ্বল ফুটৱৰ্ক আৰু উপ মহাদেশৰ বাহিৰত চৰ্ট পিটচ বল খেলাৰ দুৰ্বলতাৰ বাবে প্ৰায়েই সমালোচনা কৰা হৈছিল যদিও ধাৰাবাহিক ভাবে ৰাণ সংগ্ৰহ কৰি থকা বাবে কোনেও তেওঁৰ ওপৰত আঙুলি টোঁৱাবলৈ সাহস কৰা নাছিল৷ অধিনায়ক হোৱাৰ পিছত তেওঁৰ অনবদ্য লিডাৰশ্বিপ গুণৰ বাবে তেওঁ ভাৰতীয় দলৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছিল৷ ভাৰতীয় মিডল অৰ্ডাৰৰ এই ‘ফেবুলাছ ফ’ৰ’ৰ প্ৰতাপত অমলে কেতিয়াও দলত অহাৰ সুযোগেই নাপালে৷ নিজৰ ভাগ্য আৰু তেওঁ খেলা সময়খিনিৰ বাহিৰে তেওঁৰ যে দোষ দিবলৈ কোনোৱেই নাছিল৷
বয়স বঢ়াৰ লগে লগে অমলৰ জাতীয় দলত স্থান লাভৰ সম্ভাৱনা কমি আহিছিল৷ ২০০৯ চনত অমলে খেলুৱৈ জীৱনৰ আটাইতকৈ ডাঙৰ আঘাতটো পালে যেতিয়া তেওঁক বুচী বাবু টুৰ্ণামেন্টৰ বাবে ঘোষিত মুম্বাই দলত স্থান দিয়া নহ’ল৷ এই সিদ্ধান্তত আহত হৈ অমলে অসম দলত যোগ দিলে আৰু আগন্তুক ঘৰুৱা চিজনত দলক সন্মুখৰ পৰা নেতৃত্ব দিলে৷ সেই বছৰেই অসম এলিট ডিভিজনলৈ উন্নীত হ’ল৷ কিন্তু এই আনন্দ দীঘলীয়া নহ’ল আৰু পৰবৰ্তী বৰ্ষতেই অসম দল আকৌ আগৰ স্থানলৈ ঘূৰি গ’ল৷
অমলে এইবাৰ আকৌ মুম্বাই দলত নিজকে বিবেচনা কৰিবলৈ সাজু কৰিলে৷ কিন্তু অমলক জনোৱা হ’ল যে তেওঁক এবছৰীয়া ‘কুলিং অফ’ পিৰিয়ডৰ পিছতহে বিবেচনা কৰা হ’ব৷ কোনো আপত্তি নকৰাকৈ অমলে এই নিৰ্বাসন মানি ল’লে৷ কিন্তু নিৰ্বাসনৰ অন্তত সকলোকে আচৰিত কৰি তেওঁ অন্ধ্ৰ দলতহে যোগ দিলে৷
হয়তো অমলে এই সিদ্ধান্ত মুম্বাই ক্ৰিকেট বোৰ্ডক প্ৰত্যুত্তৰ দিবলৈ লৈছিল৷ সেই বছৰেই তেওঁ প্ৰায় ১০০০ ৰাণ সংগ্ৰহ কৰি তেওঁৰ যোগ্যতা প্ৰমাণ কৰি দিলে৷
অমলে এতিয়াও খেলি গৈছে৷ বয়স আৰু বৰ্তমানৰ ফৰ্ম চাবলৈ গলে অমলৰ ভাৰতীয় দলত খেলাৰ আশা হয়তো কোনোদিনেই পূৰণ নহ’ব৷ অমল ৰঞ্জী ট্ৰফীৰ দ্বিতীয় সৰ্বোচ্চ ৰাণ সংগ্ৰহকাৰী৷ এনেকুৱা প্ৰতিভা আন্তৰাষ্ট্ৰীয় স্তৰত আমি দেখাৰ সুযোগ নোপোৱাটো চাগৈ আমাৰেই দুৰ্ভাগ্য৷ নতুন এচাম ত্ৰিকেটাৰ ৰোহিত, ৰাহানেৰ দপদপনিত আজি নিজৰ চহৰ মুম্বাইতেই অমল পাহৰণিৰ গৰ্ভত৷
অমলে একান্তভাৱে ক্ৰিকেটৰ সাধনা কৰিছিল৷ ক্ৰিকেট খেলাত অমলৰ কোনো ভুল নাছিল৷ অমলৰ একমাত্ৰ ভুল আছিল যে তেওঁ ‘ফেবুলাছ ফ’ৰে’ খেলা সময়ত ক্ৰিকেট খেলিবলৈ মন কৰিছিল৷ ৰাহুল, সৌৰভ, লক্ষণৰ লগত হোৱা সেই তাহানিৰ প্ৰতিযোগিতাত হয়তো এটা ব্যতিক্ৰমী ইনিংছে অমলৰ জীৱন চিৰকাললৈ সলনি কৰি দিলেহেঁতেন৷ কিন্তু সেয়া কেতিয়াও নহ’ল আৰু অমল সদায় ভাৰতীয় ক্ৰিকেটৰ এক ট্ৰেজিক চৰিত্ৰ হৈ থাকি গ’ল৷
এনে বহুতো খেলুৱৈৰ মাজত অমলৰ কাহিনী এদিন হেৰাই যাব৷ আকৌ এজাক নতুন কিশোৰ আহিব৷ কোনোবা ৰাহুল হ’ব, কোনোবা অমল৷ ক্ৰিকেট আৰু অমলৰ এই একপক্ষীয় প্ৰেম কাহিনী নিশ্চয়কৈ এক কৰুণ প্ৰেম কাহিনী য’ত অমলে ক্ৰিকেটক বহুত কিবা কিবি দিলে, কিন্তু ক্ৰিকেটে চাগৈ অমলক বিশেষ একো দিব নোৱাৰিলে৷
*** উৎস: ইন্টাৰনেট***

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments