এক আছিল (নীলাঞ্জনা মহন্ত)

 

“হেৰা কলিতা আহিছে হে’, চাহ একাপ আনা।” -মহন্তই বাৰাণ্ডাৰ পৰাই লেনিয়া মাতেৰে কোৱা চিৰপৰিচিত মাতষাৰ শুনিয়েই মহন্তনীৰ টিঙিচকৈ খংটো উঠি আহিল। বেলতলা বজাৰৰ ওচৰতে তেওঁলোকৰ ঘৰ, সদায় শনিবাৰে ৰাতিয়েই মনত পেলাই দিয়ে তেখেতে, আগফালে তলা এটা লগাই থ’ব ৰাতিপুৱাই। নহ’লে পিছদিনা বজাৰ কৰিবলৈ অহা ‘সাক্ষাৎ দামোদৰ’ সকলৰ পৰা মহন্তনীয়ে নিস্তাৰ নাপায়, চাহ জলপানৰ যোগান ধৰি ধৰি। কিন্তু ৰাতি অঁ অঁ বুলি শলাগি ৰাতিপুৱাই মহন্তই সকলো পাহৰে। বাৰাণ্ডাত ৰৈ থাকেগৈ দামোদৰ ধৰি আনিবলৈ। আলিবাটেদি যোৱা চিনাকি কোনো সাৰি নাযায়, মাতি মাতি আনিব। “হেঃ হেঃ হেঃ, ৰাতিপুৱাই পাচলিৰ দাম বৰ বাঢ়ি থাকেহে, আহক চাহ একাপকে খাই যাওকহি”। গোটেই সপ্তাহটোৰ ভাগৰে মহন্তনীক চেপি ধৰে, চাকৰি-বাকৰি, ল’ৰা-ছোৱালী, সংসাৰ চলাই দৌৰি-ঢাপৰি। দেওবাৰৰ ৰাতিপুৱাটো অকণমান জিৰণি ল’ব খোজে, অলপ দেৰিকৈ উঠি। কিন্তু বাতৰিকাকতখন দিলেই কিজানি বুলি মহন্তই উঠি গ’ল যি গ’লেই, “হেৰা অমুক আহিছেহে, চাহ একাপ আনা” বুলি মহন্তনীয়ে শুনিলেই আৰু লগতে। ভোৰভোৰাই ভোৰভোৰাই উঠি মুখখন আধা ধোৱাকৈয়ে ওলাই আহে যদিও বহা-কোঠালৈ আহোঁতে হাতত চাহকাপ আৰু কিবাকিবি এগালমান প্লেটত লৈহে ওলাই আহে তেখেতে। এসময়ত বোন্দী বুলি লগৰবোৰে জোকোৱা ছোৱালীজনীয়ে বিয়াৰ পিছতেই মুখত হাঁহিটো ফেভিকল দি ল’বলৈ শিকিছিল চাহ লৈ আহিলে। সেইটো এতিয়া কাপ, কাঁহী, কেৰাহি, বেলনামাৰি যি হাতত ল’লেও অভ্যাসবশতঃ আপোনা-আপুনি ওলাই আহে মিচিককৈ। সেইটোৰ বাবেই চুবুৰিত নামো আছে তেওঁৰ সাদৰী বুলি। দেওবাৰৰ দিনা কলিতা, পাটোৱাৰীহঁতে ঘৰত বেলেগে চাহ খাই নাহেই আজিকালি, যোৱা দহবছৰৰ পৰা। ক’ত মহন্তনীৰ ইলাচী দিয়া চাহ আৰু ক’ত ঘৰৰ চেনি-গাখীৰ নিদিয়া আগদিনাৰ চাহকে আকৌ সিজোৱা কেৰেলামাৰ্কা চাহ! যেন মোদী আৰু ৰাগা।

কিন্তু আজি মহন্তনী নাচোৰবান্দা। কালি ৰাতি ব্ৰাজিলে তৃতীয় স্থানো নোপোৱাৰ দুখত ৰাতিপুৱালৈকে মূৰৰ বিষ। আজি কোনোপধ্যেই উঠি নাহে তেওঁ। তাতে ঘৰত বিস্কুট, ভুজিয়া একোডাল নাই। হালদিৰামৰ পেকেট যিমানে লুকুৱাই নথওক, ডাঙৰ ল’ৰাটোৱে বিচাৰি পাবই আৰু গাৰুৰ তলত পেকেট লুকুৱাই লৈ ৰাতিৰ ভিতৰতে শেষ নকৰিলে টোপনিয়ে নাহে তাৰ! সৰুটোৱো কম নহয়। তাৰ নাকে সেই বেমাৰীয়ে খোৱা মেৰিগল্ডবোৰ চাউলৰ বৈয়ামৰ মাজত লুকুৱাই থ’লেও ঢুকি পায়। শুকুৰবাৰে মহন্তনীয়ে অফিচৰ পৰা আহোঁতে খোজ নেকাঢ়ে, বাচৰ পৰা নামি বাকীখিনি ৰিক্সাত আহে, এসোপামান বিস্কুট, বাদাম, মনোহাৰী সামগ্ৰী আদিৰ বজাৰ কৰি আনে। মহন্তৰ সেইবোৰ খবৰ নাই। দেওবৰীয়া বজাৰখনৰ পাচলিকেইটা অনাৰ বাদে বাকী গেচৰ চিলিণ্ডাৰলৈকে ঘৰত কি আছে নাই খবৰ ৰাখে মহন্তনীয়েহে। তাকো বজাৰ কৰিবলৈ ওলাই যাব পেকপেকাই শেষ হোৱাৰ পাছত, ৰাতিপুৱাই যদি কলিতা আহিল, তেখেত যাব বৰুৱাক বাটৰ পৰা ধৰি অনাৰ পিছতহে। নাটকখন দুপৰীয়ালৈকে চলি থাকে। মহন্তনীৰ চাহৰ কেটলিৰ তলত জুই ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে চলি থাকে, যেন থিয়েটাৰৰ পেণ্ডেলৰ কাষৰ চানা-দোকানীজনহে তেখেত। বুট-বাদাম ভাজিয়ে আছে ভাজিয়ে আছে, দৰ্শনী শেষ নোহোৱালৈকে। শেষত গেলেৰীৰ পৰা “মা, দেউতাই মোনাখন খুজিছে” বুলি ৰিং মৰাৰ পিছতহে জ্বৰ কমে।

“হেৰা কি কৰি আছাহে, বেলি খাওঁ খাওঁকৈ মূৰৰ ওপৰ পালেহি, বৰ পিয়াহ লাগিছে, চাহ একাপ নকৰা নেকি?” মহন্ত তেতিয়াও বাৰাণ্ডাতে। মাজে মাজে কলিতানে পাটোৱাৰী নে দুয়োজনেই ধৰিব নোৱাৰি, ধেক ধেককৈ হাঁহিছে। মহন্তনীয়ে মনতে “বোলো হাঁহ যিমান পাৰ। ক্ষুদ্ৰান্ত্ৰ-বৃহদান্ত্ৰ আজি সব শুকাই গ’লেও অমুকী উঠাত নাই” ভাৱত বলেৰে চকুমুদি বিচনাতে পৰি থাকিল।

“মা আজি ফাইনেল আছে নহয়, মোৰ নীলা চেক-চেক লগা চোলাটো ক’ত আছে?”
“মা মোকো নীলা চোলা লাগিব। মেছীয়ে হেনো আজি দহটামান গ’ল দিব।”
এইকেইটাৰ উৎপাতো কম নহয়। ঘৰত ক’ত কি আছে একো গমেই নেপায়। মেছী নে কেঁচী সেইডালে গ’লেই দিয়ে নে চিকেন-ৰ’লেই দিয়ে তাত তেওঁৰ কি যায়। নেইমাৰৰ মুখখন যেন ভাঁহি আহিল সমুখত। চকুৰ কোণকেইটা লগে লগে সেমেকি উঠিল। ঠিক কৰিছে আজি তেওঁ খেল নেচায়। আৰু ঘৰতো কাকো চাবলৈ নিদিয়ে। ৰাতি ৰাতি টোপনি খতি কৰাৰ কোনো দৰকাৰ নাই। ৰাতিপুৱা ‘জাম্প-ষ্টাৰ্ট কৰিব লাগিব নহ’লে ইহঁতক। তাৰ সলনি তেওঁ কেণ্ডী ক্ৰাচকে খেলি থাকিব লাগিলে। নিজৰ কপালখনত এনেই হাত দি চালে তেওঁ, জ্বৰ উঠা হ’লেই ভাল আছিল। কাৰণ অলপ পিছত নিশ্চয় চাবহি কিয় উঠি অহা নাই বুলি। বিচনাৰ কাষতে মূৰৰ বিষ হ’লে ঘঁহা বাম এটা আছিল, তাকে সৰহকৈ গোটেই কপাল, কাণৰ, তালুৰ ওচৰে-পাজৰে যিমান পাৰে ঘঁহিলে। গোটেই কোঠাটো মলমলাই যোৱাকৈ। তাৰ পিছত চকু মুদি ৰৈ থাকিল এই যেন আহিব মহন্ত ডাঙৰীয়া, সুধিব, “কি হ’ল গা বেয়া নেকি? কিবা দৰব দিম? নে মূৰটো মালিচ কৰি দিম?” ‘বাট চাই আছো তোমালৈ’ গানটোৱো এবাৰ নে দুবাৰ মনলৈ আহিল।

পিছে তেনেকুৱা একো নহ’ল পোন্ধৰ মিনিট মানলৈকে। বাৰাণ্ডালৈ কাণ উনাই থাকিল, মাজে মাজে জপনাৰ শব্দ হৈছে, ৰক্ষা! এইবাৰ গ’ল চাগে ৰাতিপুৱাৰ দামোদৰসকল। তেনেকুৱাতে আকৌ শুনে গিৰ্জনি মৰা শব্দ। মাজতে পাকঘৰতো শব্দ শুনা যেন লাগিল। চাহ কৰি খাইছে বোধহয়। একো নহ’লেও শিকক চাহকণ কৰিবলৈকে। মুঠতে আজি উঠি যোৱাত নাই। বাহিৰত সঁচাকৈয়ে ৰ’দে চকুৰঙা কৰি উঠি আহিছে। কাৰেণ্টডালো গ’ল এইমাত্ৰ, ফেনখনো বন্ধ! গৰম লাগি আহিল, বিচনাত এই আঠ-ন বজালৈকে শুই থাকিবলৈ কি কষ্টহে! অফিচত একেলগে কাম কৰা চলিহানীয়ে আকৌ বোলে সদায় চাৰে ন বজাতহে উঠে (কেনেকৈ যে পাৰে!)। তেখেতৰ আকৌ ঘৰ সৰা-মোচা, চাহ-ভাত চম্ভালিবলগীয়া একো কামেই নাই। বিয়া নোহোৱা নন্দেকজনী তেখেততকৈ পাঁচবছৰমান ডাঙৰ বয়সত, লগতে থাকে, আৰু দিনৰ দিনটো কামকে কৰি থাকে। চলিহাও ভাল, এটাই ল’ৰা তেওঁলোকৰ, সিও দেউতাকৰ লগতেই থাকিয়েই ভাল পায়! কিছুমানে কি সাধি আহে ঔ মোৰ গোসাঁই!

“হেৰা চাহকাপলৈ ৰৈ আছোহে আমি” – বাৰাণ্ডাৰ পৰা অহা ৰিঙনিটো এইবাৰ তেওঁৰ “আজি অন্তিম নিশাৰ নিবেদন জাৰ্মেনী আৰু আৰ্জেণ্টিনা”ৰ দৰেই শুনা যেন লাগিল। কোনো উৎকণ্ঠা নথকা হিৰোবিহীন অৰ্থাৎ নেইমাৰবিহীন আজিৰ নাটকখনলৈ কোনো প্ৰকাৰৰ আগ্ৰহ নাই তেওঁৰ।

কোনোবা আহিছে সোমাই কোঠাটোলৈ। বৰ কষ্টত থকাৰ দৰে মুখখন কৰি টোপনিৰ ভাও জুৰিলে মহন্তনীয়ে। “মা, দেউতাই ক’বলৈ কৈছে গাখীৰৰ চচপেনটো হেনো পাতি দিছে, চাহৰ কাৰণে। তোমাক চাবলৈ কৈছে। আৰু চাৰি কাপ চাহ কৰি নিবলৈ কৈছে। দাস আংকল আৰু পাটোৱাৰী আংকলহঁতো আহিছে।”

হে ভগৱান! গাখীৰৰ চচপেন জুইত পাতি থৈ কথাৰ মহলা মাৰি আছেগৈ?
“মা দেউতাই অথনিয়ে ক’লে ক’বলৈ মই পাহৰি থাকিলো।”
গলকীয়ে পেনাল্টি বচাবলৈ জাপ মৰাদি মহন্তনী একেজাপেই উঠি আহি দেখিলেহি যে গাখীৰ উফন্দি পৰি কেতিয়াবাই শেষ! তেনেতে বাৰাণ্ডাৰ পৰা প্ৰকাণ্ড গিৰ্জনি এটা উফৰি আহিল। যেন ৰিঅ’ দি জেনেইৰোৰ ষ্টেডিয়ামৰ পৰা গঅ’অ’অ’অ’অ’অ’অ’অ’ল বুলিহে কোনোবাই অট্টহাস্য কৰিছে।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক