এক ডজন দুশৰীয়া (দুখৰীয়া) কবিতা সূক্ষ্ম কবিতা (- দয়ালকৃষ্ণ শইকীয়া)

এক ডজন দুশৰীয়া (দুখৰীয়া) কবিতা সূক্ষ্ম কবিতা
– দয়ালকৃষ্ণ শইকীয়া৷

“ হাঁহি হাঁহি চকুলো টুকো
ৰং তুলিকাৰে কবিতা লিখো!

বৰষুণৰ টোপালত মোৰ চকুলো সিচিঁ দিম, এডিঙি পানী হলেই নাওখনি মেলি দিম৷ ৷

বগাফুলীয়া বেলিটো এপৰতে ৰাঙলী হ’ল, , হাত খন তাইৰ খামুচি ধৰো কি নধৰো সেন্দূৰী কপালখনি উকা হ’ল৷ ৷

দুপৰ নিশা নামে, তৰাবোৰ জ্বলে;
নৈঃশব্দৰ কোৰ্হালত তাইৰ ৰূঢ় হিয়াও গলে৷ ৷
wait
ভৰ-আহাৰী বৰষুণজাকে বুকুখনি তিয়ায়; মৌ-সনা তাইৰ মাতটিয়ে আজিও কলিজা শিপায়৷

বুকুতে ৰেলৰ উকিটো বাজে, ঝণ ঝণ চলে; তাইৰ ওভতনি যাত্ৰাত কলিজাটো জ্বলে, প্ৰতি পলে পলে! !

কিজানিবা মনঘড়ীটো থমকি ৰ’ব;
আবেগৰ আবেদন তাইৰ বুকুভেদি ব’ব!

গোলাপী কলিজাটো তাইৰ খামুচি ধৰো; গোলাপৰ কাঁইটেৰে হাতখন ৰাঙলী কৰো৷ ৷

লাহে লাহে সেউজীয়া মৰম পুলিটো ডাঙৰ হয়; তথাপিও এটি এটিকৈ শুকান পাত পৰি সৰি ৰয়! !
১০
জানোচা অনুভৱৰ নদীখন তাইৰ সাগৰ হৈ বয়……. গতি এৰি গভীৰ হৈ মোক বুকুতে সামৰি লয়! !
১১
বিচ্ছেদৰ দুখবোৰত হুমুনিয়াহ সাঁচো; ভগ্ন-স্বপ্নৰ স্বাদবোৰ নিজতে বন্ধকত ৰাখো! !
১২
অশ্ৰুসিক্ত সাজেৰে বুকুখনি ঢাকো;
জুইহেন দুখবোৰত কলিজাটো সেঁকো! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments