এক নতুন উৎসৱ – হিৰণ্য ডেকা

দুখন চিনেমা চোৱাৰ কথা আজিলৈকে মনত আছে৷ দুয়োখন চিনেমাতেই চিনেমাৰ কাহিনী, চিনেমাৰ অভিনেতা – অভিনেত্ৰী, চিনেমাখন হিট নে ফ্লপ আদি বাদ দি চিনেমা চোৱাৰ অভিজ্ঞতাটোৰ বাবেই চিনেমাখন চোৱা মনত আছে৷ তাৰে এখন অফিচৰ কামত চেন্নাইলৈ যাওঁতে চোৱা ৰজনীকান্তৰ তামিল চিনেমা, আনখন জুহুত চন্দন চিনেমাত চোৱা চলন্ত খানৰ এখন চিনেমা৷ সন্মুখৰ ছিটটোলৈকে মানুহে ভৰা হলবোৰ, চিনেমাৰ নেম কাষ্টিংত হিৰ’ৰ নাম ওলোৱাৰ লগে লগে উকি মৰা, কিৰিলি পৰা আটাহ, পৰ্দাত নাচৰ তালে তালে দৰ্শকেও চিটৰ ওপৰত উঠি নচা, ভিলেইনক মাৰিলে হাত-চপৰি বজোৱা আদি কিবা এটা অপুৰ্ব অনুভূতি৷ চাউথৰ চিনেমাত ৰজনীকান্তৰ অভিনয়ৰ লগে লগে এনেবোৰ কাৰু-কাৰ্য কৰাটো অনুৰাগীসকলৰ বাবে এক নিত্য নৈমিত্তিক ঘটনা৷ মুম্বাইতো হল বিশেষে চলন্ত খান – শ্বাহৰুখ খানৰ চিনেমাত তেনেকুৱা হোৱাৰ নজীৰ আছে৷

কিন্তু তেনেকুৱা এটা পৰিৱেশ অসমীয়া চিনেমাৰ বাবে কল্পনাৰো অগোচৰ৷ মুম্বাইলৈ অহাৰ পৰা তিনিখনমান অসমীয়া চিনেমা হলত চাবলৈ সুবিধা পাইছো৷ সচাঁ কথা ক’বলৈ গ’লে মুম্বাইলৈ অহাৰ আগতে অসমীয়া চিনেমা হলত চায়েই পোৱা নাই৷ ক’তনো চাম, কিনো চাম, কাকনো চাম৷ যিকেইখন চিনেমা বনায় হয় হলত নচলে, চলিলে ভাল হলত নচলে, ভাল হলত চলিলেও চিনেমাখন চাবলগীয়া নহয়৷ লাভৰ মুখ নেদেখা অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীটোত আজিকালি কোনো নিৰ্মাতা – পৰিচালকেই হলত চিনেমা চলাম বুলি চিনেমা নবনায়৷ যোৱা বছৰটোতেই কেইবাখনো ভাল ভাল অসমীয়া চিনেমাই দৰ্শকৰ অভাৱত মুখ ঠেকেচা খাব লগীয়া হৈছে৷ যিসকল প্ৰডিউচাৰে – ডাইৰেক্তৰে অসমীয়া ভাল চিনেমা বনায় তেওঁলোকেও এক কাহিনীবহুল, আৰ্ট ফিল্ম জাতীয় চিনেমা বনায় আৰু সেই চিনেমাবোৰ ভাল ভাল ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্সৱত প্ৰদৰ্শন কৰি নিজৰ কষ্ট আৰু কামৰ আশানুৰুপ ফলাফল পোৱাৰ ব্যৱস্থা কৰে৷ চিনেমাবোৰ ভালেই বনায়, কিন্তু কমাৰ্চিয়েল চিনেমা বনোৱা আৰু বনাই ইণ্ডাষ্ট্ৰীত টিকি থাকিবলৈ অসমীয়া নিৰ্মাতা -নিৰ্দেশক সকলৰ বাবে বৰ টান৷ যোৱা বছৰটোত এখন অসমীয়া কমাৰ্চিয়েল চিনেমা চাইছিলো মুম্বাইত, বহ্নিমান৷ বহ্নিমানখনে অসমত ভাল ব্যৱসায় কৰিছিল যদিও মুম্বাইত ভাল হল আৰু ভাল টাইমিংত শ্ব’ পাবলৈ সক্ষম হোৱা নাছিল৷ ফলত সেই সময়তো মুম্বাইত অসমীয়া চিনেমাৰ বাবে হলটো প্ৰায় আধাতকৈ বেছি খালী হৈ ৰৈছিল৷ ঠিক তেনেকৈয় জাহ্নু বৰুৱাৰ এখন অসমীয়া ছবি আমি মুম্বাইৰ হলত চাবলৈ গৈছিলো, কিন্তু সেই প্ৰকাণ্ড হলটোত আমাক লৈ মুঠতে দহজনমান মানুহে চিনেমাখন চাইছিল৷

পিছে এইবাৰ কথা সলনি হল৷ জুবিন গাৰ্গৰ মিছন ছাইনাই যেন সকলোবোৰ কথা ওলট-পালট কৰি দিছে৷ যোৱা দুসপ্তাহমান অসমত যি বহুল প্ৰচাৰ, জুবিনৰ একাগ্ৰমনে কৰা কষ্ট আৰু জুবিনৰ প্ৰতি মানুহৰ মৰমে এক ঢৌ তুলিবলৈ সক্ষম হৈছে, তাৰ বা লাগিছেহি মুম্বাইৰ সাগৰৰ পাৰতো৷ ৰাতি প্ৰায় চাৰে ন মান বজাৰ পৰাই পি ভি আৰ হলত এক উৎসৱমুখৰ পৰিৱেশ৷ চাৰিওপিনে অসমীয়া মানুহ, বেছি সংখ্যকেই চিনেমা বা মিউজিক ইণ্ডাষ্ট্ৰীৰ লগত জড়িত মানুহ৷ এক অসমীয়া আড্ডাৰ থলী যেন অনুভৱ৷ টিকেট নোপোৱা মানুহ কিছুমানেও আনবোৰ মানুহক লগ কৰিবলৈ আহিছে, সুখ দুখৰ খবৰ লৈছে৷ হাঁহি-ধেমালি, উৎকণ্ঠা আৰু সকলোৰে চকুত এক আশাৰ তিৰবিৰনি৷ এখন চিনেমাৰ টিকেট শেষ হৈ যোৱা পৰিস্থিতি এটা অসমীয়া চিনেমাৰ বাবে কিজানি প্ৰায় দুই দশকমানৰ পিছতহে আহিছে৷

কোনোবাই মাক-দেউতাকক লগত লৈ আহিছে, কোনোবাই নিজৰ দুবছৰীয়া সন্তানটিক জুবিনৰ নিচিনাকৈ আৰ্মিৰ ড্ৰেছ পিন্ধাই আহিছে, নেভী কলনীৰ বহুখিনি মানুহ ট্ৰেভেলাৰ বুক কৰি আহিছে৷ ইজনে সিজনক আকোৱালি লৈছে, হাঁহিছে, নাচিছে, ছেল্ফী তুলিছে, ফেচবুক লাইভ কৰিছে৷ ধ্ৰুৱজ্যোতি ফুকন, শ্বাশ্বতী ফুকন, উৎপল শৰ্মা, উৎপল বৰপূজাৰী, দিক্ষুদা, কেনী বসুমতাৰী, যতীন শৰ্মা, অম্বৰদা, গৌতম চক্ৰৱৰ্তী, পৰিনীতা বৰঠাকুৰৰ আদিৰ দৰে বহুল পৰিচিত মানুহবোৰো আহিছে, আমাৰ দৰে সাধাৰণ অপৰিচিত মানুহবোৰো আহিছে৷ সকলো সমান, সকলো এক৷ চিনেমাহলৰ ভিতৰত মানুহে কিৰিলি পাৰিছে, উকিয়াইছে, নাচিছে, গাইছে৷

জুবিন এজন গায়ক নহয়, জুবিন এজন নায়ক নহয়, জুবিনে এখন চিনেমা বনোৱা নাই – জুবিনে এক উৎসৱৰ জন্ম দিছে৷ চিনেমাখন কিমান ভাল হৈছে, কেনেকুৱা হ’ব লাগিছিল সেইবোৰে আমাৰ কাৰণে একো প্ৰভাৱ নেপেলায়৷ আমাৰ কাৰণে অসমীয়া মানুহখিনি একেলগ হৈ হাঁহি-ধেমালিৰ মাজেৰে অসমৰ বাহিৰত একেলগে থাকিবলৈ উৎসৱ এটা পোৱাটোও এক ডাঙৰ কথা৷ ৰজনীকান্তৰ চেন্নাইত চোৱা চিনেমাখন, জুহুত চন্দন হলত চোৱা চিনেমাখন আৰু জুবিনৰ মিছন ছাইনা চোৱা অনুভৱটোৰ মাজত মোৰ মনত কোনো পাৰ্থক্য নাই৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক