এক বাকচ চুমা (দিগন্ত যাদৱ শৰ্মা)

বৰদিনৰ সময়ৰ কথা । তিনি বছৰীয়া অকণমানি ছোৱালী এজনীক উপহাৰ নুৰিওৱা সোণোৱালী ৰঙৰ কাগজ নষ্ট কৰাৰ অপৰাধত দেউতাকে শাস্তি বিহিলে । বয়-বস্তুৰ মহঙা দিনত কাগজবোৰ অবাবতে নষ্ট কৰাত তেখেতৰ কণমানি জনীৰ ওপৰত খুব খং উঠিছিল । ছোৱালী জনীয়ে ঘৰতে থকা পুৰণি বাকচ এটা সেই কাগজৰে মেৰিয়াইছিল । তাৰ পিছত বাকচটো সজাই পৰাই ‘খ্রিষ্টমাছ ট্রি’ এজোপাৰ তলতে থৈ দিছিল । পিছদিনা ৰাতিপুৱা শুই উঠিয়েই ছোৱালীজনীয়ে সোণোৱালী ৰঙৰ কাগজৰে মেৰিয়াই থোৱা বাকচটো হাতত লৈ দেউতাকৰ ওচৰলৈ গৈ ক’লে-
“সুপ্রভাত দেউতা, চোৱা মই তোমাৰ বাবে কি আনিছোঁ । এইয়া লোৱা”- তাই অতি উৎসাহেৰে দেউতাকলৈ বাকচটো আগবঢ়াই দিলে । মিচিকিয়া হাঁহি এটিৰ সৈতে বৰদিনৰ পুৱাই উপহাৰ এটা পাই দেউতাকৰ আগৰ দিনটোৰ ঘটনাটো মনত পৰাত নিজৰ ওচৰতে লজ্জিত হ’ল । দেউতাকে তাইক কোলাত লৈ চুমাৰে ওপচাই দিবলৈ মন মেলিলে । তাৰ আগতে বৰ আগ্রহেৰে উপহাৰটোৰ পৰা সোণোৱালী ৰঙৰ কাগজবোৰ খুলিবলৈ ধৰিলে । কিন্তু!!! বাকচটোৰ ভিতৰখন খালি দেখি তেওঁৰ বেছিকৈহে খং উঠিল । ক্ৰোধ আৰু বিৰক্তিত জীয়েকক ক’বলৈ ধৰিলে- “তুমি নাজানা নেকি যেতিয়া তুমি কাৰোবাক কিবা এটা উপহাৰ দিবা, সেইটোৰ ভিতৰত কিবা এটা হ’লেও থাকিব লাগে।”

দেউতাকৰ চকুলৈ চাই চাই তাইৰ চকুৰ পৰা সৰসৰাই চকুপানী নিগৰি আহিল। কান্দি কান্দি তাই দেউতাকক ক’লে- “নহয় দেউতা, তুমি ভালকৈ চোৱা নাই। বাকচটো খালি নহয়। মই বহুতো চুমা বাকচটোৰ ভিতৰত সোমোৱাই থৈ দিছোঁ । এই সকলোবোৰ চুমা তোমাৰ বাবে।”
তাইৰ কথা শুনি দেউতাকে কিছু সময় মৌন হৈ ৰ’ল। আৰু হঠাতে কণমানি জনীক টানি আনি কোলাত লৈ চুমাৰে ওপচাই পেলালে। দেউতাকে তাইৰ উপহাৰটোৰ বৰ শলাগ্ ল’লে আৰু তেওঁৰ কঠুৱা ব্যবহাৰৰ বাবেও দুখ প্রকাশ কৰিলে।

মানুহজনে গোটেই জীৱন কালত এই উপহাৰটো তেওঁৰ শোৱাপাঁতিতে ৰাখিছিল। যেতিয়াই মনটো কোনো কাম বা কথাৰ দ্বাৰা আহত হৈছিল, তেতিয়াই তেওঁ সেই বাকচটো খুলি তাৰ পৰা এটা কল্পিত চুমা উলিয়াই লৈছিল আৰু নিষ্পাপ সৰল কণমানি জনীৰ অকৃ্ত্রিম মৰম ভালপোৱাবোৰ মনত পেলাই মনত এক বুজাব নোৱাৰা তৃপ্তি পাইছিল। প্রকৃততে ‘সোণোৱালী ৰঙৰ কাগজৰে নুৰিওৱা বাকচ’ এটা এটা আমি প্রত্যেকেই আমাৰ সতি-সন্ততি, বন্ধু-বান্ধব অথবা পৰিয়াল-পৰিজনৰ পৰা পাইছো। ইয়াতকৈ আৰু অইন কোনো মূল্যবান উপহাৰ থাকিব পাৰে বুলি মনে নধৰে।

সাংসাৰিক আৰু ব্যক্তিগত জীৱনত বিভিন্ন সময়ত আমাৰ বহুতৰে মনবোৰ বিভিন্ন ধৰণৰ সমস্যাই ভাৰক্রান্ত কৰি তোলে। সমস্যাবোৰে মুৰ দাঙি উঠাৰ সময়ত নিজৰ প্রিয়জনৰ লগতো মনসংযোগ বিচ্ছিন্ন হয়। দেখা যায় নিজৰ কণমানি শিশুটিৱেও যেতিয়া কোনো ধৰণৰ বস্তু নষ্ট কৰে অথবা অইন কোনো আহুকালৰ সৃষ্টি কৰে খঙে আমাৰ কিছুমানৰ মুৰৰ চুলিৰ আগ পায়গৈ। ঘৰৰ মুল্যবান অথবা কামত আহিবলগীয়া কোনো বস্তু এটা নষ্ট কৰে, তেতিয়া কোনো কোনো শিশু শাস্তিৰো সন্মুখীন হ’ব লগীয়া হয়। নিষ্পাপ শিশু এটিক কঠোৰ ভাবে শাসন কৰা নিশ্চয় উচিত নহয়। শাস্তি দিয়াৰ পিছত অনুশোচনাও হয়। শাস্তি দিয়াৰ সময়ত এবাৰলৈও ভাবি চোৱা নহয় কিহৰ বাবে শিশুটিয়ে তেনে কৰিছে। শিশুটিক পিছলৈ আদৰ চেনেহ কৰি নিজৰ মনটোকে পাতলাবলৈ চেষ্টা কৰা হয়। এনেধৰণৰ কাহিনী বা ঘটনা আমাৰ সমাজখনত ঘটিয়েই থাকে। বিভিন্ন মাধ্যমত এইবোৰ পঢ়িবলৈও পোৱা যায়। ‘ইন্টাৰনেট’ত অনামি লিখক এজনৰ “A Box of Kisses” নামৰ চুটি গল্প এটা পঢ়ি খুব ভাল লাগিছিল । তাৰেই ভাবানুবাদ আগবঢ়ালো ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments