এক বিশ্বজনীন আলোড়ন — পাৰ্থ জ্যোতি বৰুৱা

কল্পনা কৰকচোন দুটামান দৃশ্য। গাড়ী মটৰ সকলো আছে আপোনাৰ। তথাপি ধৰক,আপুনি আগফালে পৰিবাৰক বহুৱাই লৈ মন হীৰাদৈ ভাৱত বিভোৰ হৈ চাইকেল চলাই চলাই গৈ আছে ফুৰিবলৈ বা বিয়া এখন খাবলৈ। নতুবা আগফালে পৰিবাৰক আৰু বাস্কেটত কণমানিদুটাক তুলি লৈ আপুনি মহানগৰৰ মাজে মাজে সন্ধ্যা শাক পাচলি অথবা গেলামালৰ বজাৰ কৰিছে। নতুবা ধৰক, টেলিভিশ্যনৰ টক শ্ব’বোৰত সততে দেখি থকা অসমৰ প্ৰভাৱশালী মন্ত্ৰী এজনে চাইকেলেৰে কোবাকুবিকৈ আপোনাৰ কাষেৰেই পাৰ হৈ গৈছে সচিবালয়লৈ বুলি…..। হ’ব। নালাগে আৰু বেছি কল্পনা কৰিব। এতিয়া নিজৰ বুকুত হাত থৈ কওকচোন,এই দৃশ্যকেইটা বাস্তৱত সম্ভৱনে? অসম্ভৱ হ’বলৈ অৱশ্যে একো নাই।তথাপি একেআষাৰে সম্ভৱ বুলি কৈ দিবও পৰা নাযায় চাগে। নহয়নে বাৰু?

আমাৰ হাতত সময় তেনেই কম। অতিশয় ব্যস্ত আমিবোৰ। তেনেস্থলত চাইকেল চলাই ঘূৰি ফুৰাটো আমাৰ বাবে মূৰ্খামীৰ বাহিৰে আন একো নহয়। আমি এনেকৈয়ে ক’বলৈ ভাল পাম। কিন্তু সঁচাকথা ক’বলৈ গ’লে ব্যস্ততা আমাৰ অজুহাতহে মাত্ৰ। প্ৰকৃততে আমি ইমানো ব্যস্ত নহয় যিমান নিজকে ভাবোঁ। অৰ্থাৎ চাইকেল নচলোৱাৰ কাৰণটো আমাৰ ব্যস্ততা নহয়,হীনমন্যতাহে। লগতে সাংঘাটিক এলেহুৱাও আমি,আৰামপ্রিয়। এই হীনমন্যতা আৰু এলেহুৱা স্বভাৱে আমাক এনে পৰ্যায় পোৱাইছেগৈ যে ঘৰৰ পৰা দুখোজ আঁতৰৰ দোকানখনৰ পৰা বিস্কুটৰ পেকেট এটা আনিবলৈও আমি গাড়ীখন বা মটৰচাইকেলখন লৈহে ওলাই যাওঁ। চাইকেল এখনৰ কথা নাভাবোঁ। ভাবিব নোৱাৰোও। কাৰণ আমাৰ সৰহ সংখ্যকৰে ঘৰত চাইকেল এখনেই নাই। আমাৰ দৰে আমি আমাৰ ল’ৰা ছোৱালীবোৰকো গঢ়িছোঁ। এলেহুৱা কৰি তুলিছোঁ। টিউচন কৰিবলৈ যাবলৈও আমি সিহঁতক মটৰচাইকেল বা স্কুটি কিনি দিছোঁ।

পিছে আপুনি জানি হয়তো ভাল পাব বা আচৰিতো হ’ব যে পৃথিৱীৰ আগশাৰীৰ দেশসমূহত বহুবছৰৰ আগতেই চাইকেল চলোৱাৰ এক আন্দোলন গঢ় লৈ উঠিছে। আপুনি মই খবৰ ৰখা নাই,ৰাখিছোঁ যদিওবা বিশেষ গুৰুত্ব দিয়া নাই। কিন্তু শেহতীয়াকৈ এই আন্দোলনে বিশ্বজুৰি তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ডেনমাৰ্ক,চীন,আমেৰিকা,নেডাৰলেণ্ড, স্পেইন,কানাডা,ব্ৰাজিল ইত্যাদিৰ দৰে আগশাৰীৰ দেশসমূহে এতিয়া পাৰ্যমানে “চাইকেল মহানগৰ” গঢ়ি তোলাৰ কামত মনোনিবেশ কৰিছে আৰু এই কামত বৃহৎ বৃহৎ পুঁজি বিনিয়োগ কৰিছে। “চাইকেল মহানগৰ” গঢ়ি তোলাৰ কামত অতি পদ্ধতিগতভাৱে আৰু শৃঙ্খলিতভাৱে মনোনিবেশ কৰি বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে ডেনমাৰ্কে। উল্লেখযোগ্য যে এই দেশৰ কোপেনহেগেন হৈছে বিশ্বৰ প্ৰথমখন চাইকেল মহানগৰ। আজি আমি ডেনমাৰ্কৰ,কোপেনহেগেনৰ চাইকেল সংস্কৃতিৰ বিষয়ে কথা পাতিম।

কোৱা হয় যে চাইকেলৰ ছিটতেই ডেনমাৰ্কত জীৱন উদযাপিত হয়। চাইকেল যিমান পুৰণি, ডেনমাৰ্কৰ চাইকেল সংস্কৃতিও সিমানেই পুৰণি। ১৮৮০ চনত ডেনিচসকল চাইকেলৰ সৈতে পৰিচিত হৈছিল। আৰু ১৯৩০ চনৰ ভিতৰত সমগ্ৰ দেশতে অস্বাভাৱিক হাৰত চাইকেলে প্ৰসাৰতা লাভ কৰিছিল। ১৯৫০ চনৰ পৰা ডেনিচসকলে চাইকেল এৰি লাহেকৈ মপেড বা মটৰচাইকেলৰ পৰা প্ৰতি আকৰ্ষিত হ’বলৈ ধৰে। মটৰচাইকেলৰ পাছত চাৰিচকীয়া গাড়ীৰ মোহত পৰিছিল ডেনিচসকল। কিন্তু ১৯৭০ চনত মধ্যপ্ৰাচ্যত তেলৰ নাটনি হয়। সেইসময়তে কোপেনহেগেনত “Car free Sundays” শীৰ্ষক এক সজাগতা অভিযান আৰম্ভ কৰা হৈছিল। পৰৱৰ্তী সময়ত এই অভিযান সমগ্ৰ ডেনমাৰ্কতে বিয়পি পৰিছিল। দেশৰ অৰ্থনীতি সন্দৰ্ভত অতিশয় সজাগ ডেনিচসকলে এই অভিযানৰ প্ৰতি যি হাৰত সঁহাৰি আগবঢ়াইছিল সেয়া আছিল সঁচাই অভূতপূৰ্ব,বিস্ময়কৰ। সেয়াই আৰম্ভণি। তাৰপিছৰে পৰা ডেনমাৰ্কত পুণৰ চাইকেল সকলোৰে প্রিয় হৈ পৰিছিল।

ডেনমাৰ্কত চাইকেল হৈছে সমতা,স্বাধীনতা আৰু উচ্ছাসৰ প্ৰতীক। বিশেষকৈ কোপেনহেগেনৰ প্ৰতিগৰাকী নাগৰিকে ৰ’দ হওক,বৰষুণ হওক বা বৰফ পৰক কেৱল চাইকেল চলোৱাটোৱেই পছন্দ কৰে। অফিচলৈ যোৱা,স্কুললৈ যোৱা,বজাৰলৈ যোৱা ইত্যাদি সকলো কামতে চাইকেল ব্যৱহাৰ কৰা হয়। চাইকেলৰ সৈতে নিবিড় সম্পৰ্ক তেওঁলোকৰ। অপৰিসীম ভালপোৱা। সাধাৰণ নাগৰিক এজনৰ পৰা আৰম্ভ কৰি বিয়াগোম ৰাজনীতিজ্ঞ এগৰাকীয়েও চাইকেল চলাই ঘূৰি ফুৰে তাত। আপুনি শুনি অধিক আচৰিত হ’ব যে,কোপেনহেগেনত বাসিন্দাৰ সংখ্যাতকৈও চাইকেলৰ সংখ্যা বেছি। ডেনিচসকলৰ মতে,চাইকেলেই হৈছে আটাইতকৈ সূচল বাহন,যানজঁটৰ সমস্যা নাই,পাৰ্কিংৰ দুঃচিন্তা নাই,যিকোনো বতৰৰ সৈতে খাপখোৱা,উপভোগ্য আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল স্বাস্থ্যসন্মত। কোপেনহেগেনৰ মুঠ জনসংখ্যাৰ ৫০ শতাংশ আৰু ডেনমাৰ্কৰ ৬২ শতাংশ লোকে নিতৌ চাইকেল চলায়। অন্যহাতে ডেনমাৰ্কৰ প্ৰতি দহগৰাকী নাগৰিকৰ ভিতৰত ন গৰাকীৰে চাইকেল আছে। দেশখনৰ প্ৰতিগৰাকী নাগৰিকে নিতৌ গড়ে ১.৬ কিলোমিটাৰকৈ চাইকেল চলায়। আপুনি যদি কোপেনহেগেনলৈ ফুৰিবলৈ যায়,আপুনি থকা হোটেলখনে গৈ পোৱাৰ লগেলগেই আপোনাক এখন চাইকেল যাঁচিব। আৰু সেইখন চাইকেলেৰে আপুনি কোপেনহেগেনৰ প্ৰতিটো অলি-গলি পিটপিটাই ফুৰিব পাৰিব অনায়াসে। অনায়াসে বুলি এইকাৰণেই ক’লো কাৰণ সম্প্ৰতি ডেনমাৰ্কৰ প্ৰায় সকলো চাইকেলেই GPS সংযোজিত অত্যাধুনিক ইলেক্ট্রিক চাইকেল। চাইকেলতে থকা টেবলেটত আপুনি পথ নিৰ্দেশনাৰ লগতে স্থানীয় পৰ্যটন সম্পৰ্কীয় তথ্যও পাই থাকিব। কোপেনহেগেনত চাৰি শতাধিক এনে প্ৰতিষ্ঠান আছে যিয়ে নেকি অতি কম ভাড়াত আপোনাক এখন চাইকেল দিবলৈ অনবৰতে সাজু হৈ থাকে। কেৱল কোপেনহেগেনতে প্ৰায় তিনি শতাধিক চাইকেলৰ খুচুৰা আৰু পাইকাৰী দোকানৰ উপৰিও কুৰিটাৰো অধিক চাইকেল নিৰ্মাতা কোম্পানী উপলব্ধ।

আপুনি হয়তো ভাবিছে যে কোপেনহেগেনৰ দৰে এখন অতি ব্যস্ত আৰু ভীষণ যানজঁটেৰে ভৰা মহানগৰত চাইকেল চলাই ফুৰাটো দৰাচলতে কিমান সূচল আৰু নিৰাপদ হ’ব পাৰে? আমাৰ দেশত দেখোন এয়া অসম্ভৱ যেনেই লাগে। কাৰণ আমাৰ দেশত গাড়ী মটৰ চলাই যোৱাসকলৰে নিৰাপত্তা নাই। চাইকেল আৰোহীৰ কথা নকলোৱেইবা। আচলতে কোপেনহেগেনতো এয়া সম্ভৱ নহ’লহেঁতেন যদিহে তাত চাইকেল আৰোহীৰ বাবে সুকীয়া পথ নাথাকিলেহেঁতেন। আপুনি জানি উৎফুল্ল হ’ব যে, কেৱল কোপেনহেগেনতে ৪০০ কিলোমিটাৰ চাইকেল আৰোহীৰ বাবে সুকীয়া পথ আছে। সমগ্ৰ ডেনমাৰ্কত এনে পথৰ দৈৰ্ঘ্য ১২,০০০ কিলোমিটাৰ। আচৰিত নহয়নে? এনে পথ সমূহক Cycle route বুলি কোৱা হয়। এই cycle route সমূহ বিশেষ যত্নেৰে আৰু অতি বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰা হয়। কেৱল পথেই নহয়, কোপেনহেগেনৰ লগতে সমগ্ৰ ডেনমাৰ্কতে অনেক চাইকেল সেঁতু (cycle bridge) আছে। শেহতীয়াকৈ সমগ্ৰ ডেনমাৰ্কত সংযোজিত হৈছে চুপাৰ হাইৱে’জ। কেৱল চাইকেল আৰোহীৰ বাবে নিৰ্মিত এই চুপাৰ হাইৱে’সমূহক মহানগৰৰ প্ৰতিখন বিদ্যালয়,মহাবিদ্যালয়,প্ৰতিটো কাৰ্যালয়,প্ৰতিখন বজাৰ আৰু ষ্টেচনৰ লগত কৌশলেৰে সংযুক্ত কৰা হৈছে।

ডেনিচসকলৰ চাইকেল প্ৰীতি ইমানেই তীব্ৰ যে ১৯৯৭ চনত কোপেনহেগেনলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি বিল ক্লিণ্টন আহোঁতে ডেনিচ চৰকাৰে তেওঁক এখন চাইকেল উপহাৰ দিছিল। কিন্তু কি কাৰণেনো ডেনিচসকলৰ চাইকেলৰ প্ৰতি ইমান মোহ? কেৱল যানজঁট,পাৰ্কিংৰ সমস্যাৰ পৰা সকাহ পোৱা,মহানগৰৰ চুকে-কোনে অনায়াসে ঘূৰাৰ সুবিধা,বায়ু প্ৰদূষণ হ্ৰাস কৰা ইত্যাদিয়েইনে? নহয়। ইন্ধনৰ খৰছ কমাই দেশক অৰ্থনৈতিকভাৱে সবল কৰি তুলিবৰ বাবে আৰু সুস্বাস্থ্যৰ বাবেও ডেনিচসকলে চাইকেল চলায়। আপুনি জানি ভাল পাব যে,চাইকেল চলোৱাৰ অভ্যাসৰ জৰিয়তে ডেনিচসকলে ইন্ধনৰ শিতানত বছৰি যিমান ধন ৰাহি কৰে,সেই ধনৰ পৰিমাণ হ’ল ৯১ মিলিয়ন আমেৰিকান ডলাৰ। আৰু তাতোতকৈও ভাললগা কথাটো হ’ল, এই ৰাহি ধন চৰকাৰে নাগৰিকৰ স্বাস্থ্যৰ বাবে খৰচ কৰে। অন্যহাতে The Copenhagen City Heart Study শীৰ্ষক এক গৱেষণাত প্ৰকাশিত তথ্য অনুসৰি চাইকেল চলোৱাৰ অভ্যাসে ডেনিচসকলক বিভিন্ন শাৰীৰিক অসুস্থতাৰ পৰা সততে আঁতৰাই ৰাখে। এই অভ্যাসে ডেনিচসকলৰ মৃত্যুৰ হাৰো ৩০ শতাংশ পৰ্যন্ত হ্ৰাস কৰিছে। ইয়াতকৈও তাজ্জব কথাটো হ’ল যে,কেৱল চাইকেল চলোৱাৰ বাবেই ডেনিচসকলৰ আয়ুস ২ ৰ পৰা ৫ বছৰ পৰ্যন্ত বৃদ্ধি পাইছে।

ডেনমাৰ্কৰ শিশুসকলক ২/৩ বছৰ বয়সৰ পৰাই চাইকেল চলোৱাৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰাথমিক বিদ্যালয়তে শিশুসকলক traffic rules শিকোৱা হয়। লগতে চাইকেল চলোৱাৰ পৰা হ’ব পৰা সকলোধৰণৰ লাভালাভৰ জ্ঞান শিশুসকলক দিয়া হয় প্ৰাথমিক বিদ্যালয়তে।

ডেনমাৰ্কত যে কেৱল নাগৰিকেহে চাইকেল চলায় এনে নহয়। বিভিন্ন চৰকাৰী সেৱাও চাইকেলৰ জৰিয়তেই আগবঢ়োৱা হয়। যেনে ধৰক,ডাকোৱালে চাইকেলেৰেই চিঠি পত্ৰ বিতৰণ কৰে। পৌৰনিগমৰ বিভিন্ন কৰ্মচাৰী,চুইপাৰ ইত্যাদিয়ে চাইকেলেৰেই সেৱা আগবঢ়ায়। আনকি কোপেনহেগেনত ২০০৯ চনৰ পহিলা মাৰ্চৰ পৰা cycle police patrolling সেৱাও আৰম্ভ কৰা হৈছে। বিশ্বৰ প্ৰথমখন চাইকেল মহানগৰ হিচাপে কোপেনহেগেনত ইতিমধ্যে cycle taxi ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে। অভিভূত হোৱাৰ কথা নহয়নে বাৰু?

স্মৰ্তব্য যে, ডেনমাৰ্কত SUV চাইকেল সাংঘাটিকভাৱে জনপ্ৰিয়। ১৯৮০ চনত ডেনমাৰ্কৰ প্ৰখ্যাত কাৰ্গ’ (Cargo) কোম্পানীয়ে নিৰ্মাণ কৰি উলিওৱা এই চাইকেলক কাৰ্গ’ চাইকেল নামেৰেও জনা যায়। এই চাইকেলৰ লগত শিশু,ঘৰচীয়া কুকুৰ,বজাৰৰ মোনা,বনভোজৰ সামগ্ৰী বা অন্যান্য সামগ্ৰী সহজে কঢ়িয়াব পৰাকৈ বিভিন্ন আকৃতিৰ বৃহৎ বাস্কেট বিভিন্ন কৌশলেৰে সংলগ্ন কৰি থোৱা থাকে।
কথাহ’ল, কোপেনহেগেন বা ডেনমাৰ্ক এটা উদাহৰণহে মাত্ৰ। International Cycling Union (UCI)-এ বিশ্বৰ প্ৰায় ডেৰশখন মহানগৰক “চাইকেল মহানগৰ” হিচাপে চিহ্নিত কৰিছে। চীনৰ বেইজিং,স্পেইনৰ বাৰ্চিলোনা,অৰেগণৰ পৰ্টলেণ্ড,কানাডাৰ মনট্ৰিল,ব্ৰাজিলৰ কিউৰীতিবা,ফ্ৰান্সৰ পেৰিছ,চুইজাৰলেণ্ডৰ বেচেল ইত্যাদি উল্লেখযোগ্য। ভাৰতীয় হিচাপে পিছে আমিও গৌৰৱ কৰিব পাৰোঁ যে,বিশ্বৰ দহখন গুৰুত্বপূৰ্ণ “চাইকেল মহানগৰ” ৰ ভিতৰত ভাৰতৰ লেহ আৰু উদয়পুৰৰ নামো অন্তৰ্ভুক্ত হৈছে। কিন্তু কেৱল লেহ আৰু উদয়পুৰেই কিয়? ভাৰতৰ আটাইকেওখন মহানগৰকে “চাইকেল মহানগৰ” হিচাপে আমি আশা কৰিব নোৱাৰোনে? ২০১৭ চনত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেডাৰলেণ্ড ভ্ৰমণলৈ যাওঁতেও সেই দেশৰ প্ৰধান মন্ত্ৰী মাৰ্ক ৰুটে তেওঁক এখন চাইকেল উপহাৰ দিছিল। গতিকে এনে ব্যতিক্ৰমী উপহাৰৰ তাৎপৰ্যও আমাৰ দেশৰ চৰকাৰে বুজা উচিত। এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় নিশ্চয় থাকিব। কিন্তু তাৰ আগতে আমি চাইকেলৰ প্ৰেমত পৰিব লাগিব। চাইকেলৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব লাগিব। মনে প্ৰাণে বিশ্বাস কৰিব লাগিব যে চাইকেলে আমাক জীৱন উদযাপনত সহায় কৰিব। চাইকেলক লৈ আমাৰ মনত সোমাই থকা হীনমন্যতাক সজোৰে আঁতৰাব লাগিব। চাইকেলক আমিও সমতা,স্বাধীনতা আৰু উচ্ছাসৰ প্ৰতীক হিচাপে গ্ৰহণ কৰিব লাগিব। চাইকেল চলায়েই যদি আমি দেশৰ অর্থনীতি টনকীয়াল কৰিব পাৰোঁ,প্ৰদূষণমুক্ত এখন সমাজ গঢ়িব পাৰোঁ আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল চাইকেল চলায়েই যদি নিজৰ সুস্বাস্থ্য নিশ্চিত কৰিব পাৰোঁ, তেন্তে এই অভ্যাস আমি আজিয়েই,এতিয়াই গঢ়ি নোতোলোঁ কিয়? আহক আমি সকলোৱে চাইকেল চলাওঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক