এক মানসিক মহাযাত্ৰা (প্ৰতিম প্ৰতাপ বৰুৱা)

প্ৰতিম প্ৰতাপ বৰুৱা


(গৌৰৱকৃষ্ণ গোস্বামীৰ এটা ভজনৰপৰা সহায় লৈছোঁ। এই সকলোখিনি ঠাই মই পদব্ৰজে পৰিক্ৰমা কৰিছোঁ।)

তীৰ্থযাত্ৰা দুবিধ – বাস্তৱিক আৰু মানসিক। বাস্তৱিক তীৰ্থযাত্ৰা সকলোৱে জানে। সন্তসকলৰমতে শুদ্ধ মনেৰে কৰা মানসিক তীৰ্থযাত্ৰা বাস্তৱিক তীৰ্থযাত্ৰাৰ সমানেই। আজি আমি মানসিকভাবে ব্ৰজধামৰ ৮৪ ক্ৰোশ (১ ক্ৰোশ= প্ৰায় ৩কিলোমিটাৰ, ক্ৰোশটো হিন্দীত ক’চ বুলি কয়) যাত্ৰা কৰিম।

ভগবান শ্ৰীকৃষ্ণৰ লীলাভূমি হ’ল ব্ৰজধাম। শ্ৰীকৃষ্ণনামৰ আশ্ৰয় লৈ ব্ৰজভূমিৰ মুখ্য স্থানসমূহ দৰ্শন কৰি আমি ব্ৰজভুমিৰ পৰিক্ৰমা কৰিম। এই পৰিক্ৰমা আৰম্ভ হয় বৃন্দাবনৰ চুনৰক গাঁওৰ পৰা। তাৰ পিছত কালীদহ বা কালীয়দমন ঘাট। ইয়াতে শ্ৰীকৃষ্ণই কালী নাগক দমন কৰিছিল। ইয়াৰ পিছত অক্ষয় মঠ, দানগলি, শিৱকুণ্ড, প্ৰেমগলি, শৃংগাৰমঠ হৈ আমি প্ৰৱেশ কৰিম নিধিবনত, য’ত শ্ৰীকৃষ্ণই গোপীৰ সতে ৰাসলীলা কৰিছিল। এই নিধিবন হাজাৰ বছৰীয়া পুৰণি বনতুলসীৰে ভৰা। প্ৰতিজোপা বনতুলসী গছৰ আকাৰ নৃত্যৰতা নাৰীৰ দৰে। বৃন্দাবনৰ সন্তসকলৰ মতে এই নিধিবনত এতিয়াও শ্ৰীকৃষ্ণৰ ৰাসলীলা হয়। প্ৰতিজোপা তুলসী একোগৰাকী গোপীলৈ ৰূপান্তৰিত হয়। ইয়াত থকা ৰাধামন্দিৰত সদায় আবেলি পৰত ৰাধাৰ শৃংগাৰৰ বাবে সকলো সামগ্ৰী থোৱা হয় আৰু পিছদিনা ৰাতিপুৱা সেয়া ব্যৱহাৰ কৰি থোৱা অৱস্থাত পোৱা যায়। দেবাদিদেৱ মহাদেৱে এই নিধিবনতে এবাৰ গোপীৰ ৰূপ লৈ কৃষ্ণৰ সৈতে ৰাসলীলাত অৱতীৰ্ণ হৈছিল। সেয়ে মহাদেৱৰ আন এটা নাম গোপীশ্বৰ হ’ল।

নিধিবনৰ পিছত আমি দৰ্শন কৰিম বৃন্দাবনৰ বাঁকে বিহাৰী, স্নেহ বিহাৰী, মদনমোহন, গোপীনাথ, ৰাধাৰমণ, ৰাধাবল্লভ, অষ্টসখী, যুগলকিশোৰ আৰু ৰাধামাধৱ মন্দিৰ। আৰু কিছুদুৰ যমুনাৰ পাৰে পাৰে আগবাঢ়ি আমি পামগৈ বলৰাম মন্দিৰ (দাওজী মন্দিৰ)। এই মন্দিৰত থকা বলৰামৰ মূৰ্ত্তি নিজে নিজে আবিৰ্ভাৱ হোৱা। পালনকৰ্ত্তা বিষ্ণুৰ অনন্তশয্যাৰ শেষনাগ বা অনন্তনাগেই হৈছে বলৰাম। এবাৰ অনন্তনাগে বিষ্ণুক ক’লে – “প্ৰভু, তুমি শ্ৰীৰাম অৱতাৰত মোক তোমাৰ অনুজ ভাতৃ লক্ষ্মণ হিচাপে লৈ গৈছিলা। এবাৰ মোক তোমাতকৈ জ্যোষ্ঠ হবলৈ অনুমতি দিয়া।” বিষ্ণু মান্তি হ’ল আৰু শ্ৰীকৃষ্ণ অৱতাৰত অনন্তনাগ বলৰাম হৈ অবিৰ্ভাৱ হ’ল।

বলৰাম মন্দিৰৰ পৰা আগবাঢ়ি আমি পাম অটলবন, বিহাৰবন, গৌচাৰণ বন, গোপালবন, ৰাধাবন, সূৰ্য্যঘাট, যুগলঘাট আৰু চামুণ্ডা দেবী।
ইয়াৰ পিছত আমাৰ ব্ৰজযাত্ৰা প্ৰবেশ কৰিব মধুপুৰী মথুৰাত। মথুৰাত আমি দৰ্শন কৰিম শ্ৰীকৃষ্ণ জনমভুমি আৰু বসুদেৱ-দৈৱকীক বন্দী কৰি থোৱা কংসৰ কাৰাগাৰ। এই কাৰাগাৰত বহি আমি স্মৰণ কৰিম শ্ৰীকৃষ্ণৰ জন্মকথা – ঘোৰ অমাৱস্যাৰ নিশা ধুমুহা-বৰষুণৰ মাজেদি সদ্যজাত কৃষ্ণক পিতৃ বসুদেৱে যমুনা পাৰ কৰি নন্দগাঁওলৈ আঁতৰাই লৈ যোৱাৰ কথা। আৰু মথুৰাত আমি দৰ্শন কৰিম কেশৱদেৱ, দ্বাৰকাধীশ, ভূতেশ্বৰ, স্বামীঘাট, পিপলেশ্বৰ মহাদেৱ, মধুকুণ্ড, অক্ৰুৰ ভৱন, মহাবিদ্যাদেৱী আৰু জ্ঞানগুঞ্জৰী।

মথুৰাৰ পৰা আগবাঢ়ি তালবন, তাতিয়া, শান্তনুকুণ্ড, মযুঁৰ গাঁও হৈ আমি যাত্ৰা কৰিম গোবৰ্ধনলৈ। ব্ৰজভুমিক দেৱৰাজ ইন্দ্ৰৰ কোপদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ ৭ বছৰীয়া বালক কৃষ্ণই বিশাল গোবৰ্ধন পৰ্বত নিজৰ কণিষ্ঠ আঙুলিত সাতদিন সাতৰাতি ধাৰণ কৰিছিল। দানঘাটি মন্দিৰ দৰ্শন কৰি গোবৰ্ধন পৰ্ব্বতৰ কাষে কাষে আমি আগবাঢ়িম সাক্ষীগোপাল, পুঞ্জৰী-কা-লোথা, জাত্থীপুৰা মুখাৰবিন্দ মন্দিৰলৈ। ইয়াৰ পিছত আমি দৰ্শন কৰিম গোবৰ্ধন পৰ্ব্বতৰ ওপৰত থকা শ্ৰীনাথ মন্দিৰ আৰু শ্ৰীকৃষ্ণৰ এটি অনন্য ৰূপৰ কথা শ্ৰৱণ কৰিম। এই মন্দিৰৰ পৰা এটা সুৰংগ আৰম্ভ হৈ মেঁৱাৰৰ (ৰাজস্থান) শ্ৰীনাথদ্বাৰা মন্দিৰত শেষ হৈছেগৈ। শ্ৰীকৃষ্ণৰ এজন মহান ভক্ত সুৰদাসে আজিৰপৰা প্ৰায় ৫৫০ বছৰ আগতে এই মন্দিৰত আশ্ৰয় লৈছিল আৰু ইয়াতেই তেওঁ শ্ৰীকৃষ্ণৰ দৰ্শন পাইছিল। সুৰদাসে শ্ৰীকৃষ্ণৰ নামত ১ লাখ পদ ৰচনা কৰিম বুলি সংকল্প লৈছিল। এই মন্দিৰত বহিয়েই তেওঁ ১ লাখ পদ ৰচনাৰ কাম আৰম্ভ কৰিছিল। কিন্তু ৭৫ হাজাৰ পদ ৰচনা কৰাৰ পিছত সুৰদাসে অনন্ত ধামলৈ গতি কৰিলে। ভক্তৰ প্ৰতিজ্ঞা ৰক্ষা কৰাৰ ভাৰ নিজে লৈ শ্ৰীকৃষ্ণই নিজে বাকী থকা ২৫ হাজাৰ পদ ৰচনা কৰিছিল। সুৰদাসে ৰচনা কৰা পদখিনিত সুৰদাস নামটো আহে, উদাহৰণ – “মাইয়া ম’ৰী মে নেহি মাখন খায়ো”। শ্ৰীকৃষ্ণই সুৰদাসৰ নামত ৰচনা কৰা পদখিনিত সুৰশ্যাম নামটো আহে, উদাহৰণ – “মাইয়া ম’ৰী দাও বহুত খিজায়”।

শ্ৰীনাথ মন্দিৰত সেৱা জনাই পুনৰ গোবৰ্ধন পৰ্ব্বতৰ কাষে কাষে আমি আগবাঢ়িম আৰু ৰাধানাম উচ্চাৰণ কৰি দৰ্শন কৰিম ৰাধাকুণ্ড, শ্যামকুণ্ড, কুসুমসৰোবৰ, শ্যামকুটীৰ, গোৱালপোখৰা, হৰিগকুল, হৰিদেৱ মন্দিৰ, চক্লেশ্বৰ আৰু মানসী গংগা।

গোবৰ্ধন পৰ্ব্বতৰ পৰিক্ৰমা সম্পূৰ্ণ কৰি আমাৰ ব্ৰজযাত্ৰা ইয়াৰ পাছত আগবাঢ়িব ৰাধাৰাণীৰ জন্মস্থান বৰচানালৈ। বাটত আমি পাম ৰাধাবন, বিমলবন, ধৰ্মকুণ্ড, তামেশ্বৰ মহাদেৱ, সুবৰ্ণপুৰ, শ্ৰীবৃন্দাদেৱী, চন্দ্ৰশেখৰ মহাদেৱ আৰু সহস্ৰতীৰ্থ। বৰচানাত আমি দৰ্শন কৰিম ব্ৰহ্মপৰ্ব্বত, বিষ্ণুপৰ্ব্বত, তানগড়, মানমন্দিৰ, ৰাসমণ্ডল, গহ্বৰবন, প্ৰিয়াসৰোবৰ আৰু মহাৰুদ্ৰদেৱ মন্দিৰ।

ৰাধাৰ গাঁও বৰচানাৰ পৰা এইবাৰ আমি যাত্ৰা কৰিম শ্ৰীকৃষ্ণৰ নন্দগাঁওলৈ। মাখনচুৰ কৰি খোৱা বালক কৃষ্ণৰ সেই মনোহৰ ৰূপ দুচকুত লৈ নন্দগাঁওত আমি দৰ্শন কৰিম নদেশ্বৰ পৰ্ব্বত, নন্দেশ্বৰ মহাদেৱ, যশোদা মন্দিৰ, মানসীদেৱী আৰু লাও-বেলাও। ইয়াৰ পিছত কোকিলাবন, ৰত্নাকৰ কুণ্ড, শিৱচৰণ পাহাৰ, ব্ৰহ্মঘাট, তপোবন, গোপীঘাট আৰু শ্যামতলেইয়া হৈ আমি প্ৰবেশ কৰিম গকুলত। তাৰ পিছত মাতগাঁও, বেদবন, লৌহবন, মনতীৰ্থ, চিন্তাহৰণ ঘাট আৰু অক্ৰুৰ ঘাট হৈ আমি পুনৰ শ্ৰীধাম বৃন্দাবনত প্ৰবেশ কৰিম আৰু ইয়াতেই সমাপ্ত হব আমাৰ ৮৪ ক্ৰোশজোৰা মানসিক ব্ৰজযাত্ৰা।

“হে ভগৱান, তোমাৰ ভক্তসকলৰ যেতিয়া লানি নিছিগা সোঁত বয়
চৌদিশ “হৰে কৃষ্ণ হৰে কৃষ্ণ, কৃষ্ণ কৃষ্ণ হৰে হৰে” ধ্বনিৰে পবিত্ৰ হয়।”


 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক