এক মিনিটৰ গল্প ( বিচিত্ৰ বৰদলৈ )

অভ্যাস বোৰ যে আৰু

‘বহুদিনৰ মুৰত পৰহি অলিক দেখিলো অ’, চাহৰ কাপটো অনিৰুদ্ধৰ হাতত দি সমুখৰ চোফাখনতে বহি লৈ মাতুমাহীয়ে কলে।
:কত দেখিলা?, অন্যমনস্ক ভাৱেই চাহৰ কাপটোত প্ৰথম চুমুকটো দি অনিৰুদ্ধই সুধিলে।
:এই যে আমাৰ পিছফালৰ ফিল্ডখন , তালৈ আহিছিল। ৰাতিপুৱাই। ময়ো মৰ্নিং ৱাক কৰিব যাওঁ নহয় সেই ফালেই।
:তাই আকৌ কিয় আহিছিল ?, অলপ আচৰিত হৈয়েই অনিৰুদ্ধই মাতুমাহীৰ মুখলে চালে।
:গাড়ী চলাব শিকিব আহিছিল।
কিছুসময় অনিৰুদ্ধই একো নকলে। লাহে লাহে তাৰ মূৰটো গৰম হৈ আহিল। অলিয়ে গাড়ী চলাব শিকিছে অথচ সি গম নাপায়। দিনৰ দিনটো ডাৰৰ বাতৰি ডাৰে ডাৰে দি থকা, মোবাইলৰ টৰ্চলাইটোও সি জ্বলাব শিকাব লগীয়া ছোৱালী জনীয়ে গাড়ী চলাব শিকিছে অথচ সি খবৰেই নাপায়। তিনিদিন পাচত কাৰোবাৰ পৰাহে খবৰ লব লাগে তাই কি কৰিছে কি কৰা নাই! ইম্মান বেছি হৈছে তাইৰ!
খং অভিমানত অনিৰুদ্ধৰ নাকৰ পাহি দুটা ফুলি উঠিল।
: কাৰ লগত আহিছিল তাই ? বাপেকৰ লগত? , গহীন স্বৰত মাহীয়েকক সুধিলে অনিৰুদ্ধই।
: নহয়, হাজবেণ্ডৰ লগত।

এক মুহূৰ্তৰ বাবে অনিৰুদ্ধ ফ্ৰীজ হৈ গ’ল।

ধেই , কি যে হ’ব তাৰ! কিয় যে বাৰে বাৰে ভুল হয় তাৰ। অলিৰ লগত সকলো সম্পৰ্ক চিন্ন হোৱা, তাইৰ বিয়া হৈ যোৱা আজি চাৰি মাহেই হ’ল। অথচ কিয় যে এই সাধাৰণ কথাটোৱেই তাৰ মনত নথাকে। বাৰে বাৰে পাহৰি যায়।
লাহেকৈ কাপ-প্লেটযোৰ হাতত লৈ সি বেচিনৰ ফালে খোজ ললে। পাছফালৰ পৰা মাহীয়েকে চিঞৰি থাকিল ‘চাহ খাই কাপ-প্লেট ধুবলৈ কোনে শিকালে ঐ ! ইমান মৰম নকৰিবি মাহীয়েৰক। মৰমবোৰ অভ্যাসত পৰিণত হ’লে বৰ কষ্ট হয় ঐ পিছত।’
অনিৰুদ্ধই বেচিনৰ টেপটো খুলি দিলে।
আৰু গিৰগিৰাই দুই সোঁতা চকুপানী দুই চকুৰে নামি আহিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments