এক মিনিটৰ গল্প – “সত্য“ (-সুব্ৰতা গোস্বামী)

নিৰ্দিষ্ট ঠাইডোখৰত গাড়ীখন আহি ৰ’লহি৷ আগৰ ছিটত মোৰ ওচৰত বহি থকা তমসাৰ স’তে ময়ো গাড়ীখনৰপৰা নামিলোঁ৷ পিছফালে বহি অহা বাকী দুজনে আমালৈ বিশেষ মন নিদি বস্তুবোৰ গাড়ীৰপৰা নমাবলৈ ধৰিলে৷ ঘড়ীটোলৈ লক্ষ্য কৰিলোঁ৷ ৯ বাজিবৰ হৈছে৷ ৰাস্তাৰপৰা ফালৰি কাটি তললৈ ছিৰিৰে নামি যাবলৈ আমাক কোনোবাই কোৱা শুনিছিলো৷ তাইৰ দুভৰি উদং৷ মই মাথো এবাৰ ক’লো, “সাৱধানে আহ্৷ ” ছিৰিবোৰ পাৰ হৈ খালি ঠাই এডোখৰত দুয়োজনীকে আমাৰ লগত অহা এজনে বহিবলৈ কৈ গুছি গ’ল৷ নিৰ্জন, অচিনাকি ঠাইডোখৰত আমি বহি থাকিলো৷

Sad Shayari

সন্মুখৰ কিছু অংশ পোহৰ৷ বাকী সমগ্ৰ অঞ্চলটোয়ে অন্ধকাৰ৷ বহু দূৰলৈ কেৱল নিস্তব্ধতাই বিৰাজ কৰিছে৷ আমাৰপৰা কিছু নিলগত থকা ছিৰিকেইটাৰ ফালে বাৰে বাৰে চকু গৈছে৷ ৰাস্তাটোৰপৰা যিখিনিত ফালৰি কাটি ছিৰিকেইটা আছে, কিছুপৰ আগতে য’ৰপৰা নামি আহি আমি এইখিনি পাইছিলো, সেইখিনিলৈ ঘনাই দৃষ্টি গৈছিল মোৰ৷ আমাৰ লগত অহা মানুহ দুজনে মাজে মাজে আহ্ যোৱা কৰি আছে৷ তাৰপিছত বহুপৰ কাৰো এটি খোজৰ শব্দও শুনিবলৈ পোৱা নাছিলো! মনৰপৰা যেন ভয়, শংকা, মায়া সকলোবোৰ নহোৱা হৈ পৰিছিল পলকতে৷ মোৰ ওচৰতে থৰ লাগি বহি আছে তমসা৷ দুয়োজনীৰ মুখেৰে এটা শব্দও ওলোৱা নাই অ’তপৰে৷ নাজানিলো কিমানটা পল আমি তেনেদৰে পাৰ কৰিছিলো৷ হয়তো এটা যুগ! হয়তো ধৰি ৰাখিব খুজিছিলো সময়বোৰ! পৰা হ’লে…! বাৰে বাৰে ভাবিছোঁ…পৰাহ’লে কিজানি আজি আমি ইয়াত বহি থাকিব নালাগিলহেঁতেন! আকৌ চাইছোঁ ছিৰিকেইটালৈ৷ ছিৰিকেইটাৰে ওপৰলৈ উঠি যোৱা ৰাস্তাটোলৈ৷ চিনাকি মুখবোৰ দেখাৰ অপেক্ষাত আমি ৰৈ আছোঁ৷ আকৌ আমাৰ সৈতে অহা মানুহ দুজনে আমাৰ সন্মুখেৰে অহা যোৱা কৰিব ধৰিছে৷ কাম কৰাত ব্যস্ত তেওঁলোক৷ লাহে লাহে দূৰৈত মানুহৰ শব্দ শুনিছিলো৷ মই তাইৰ বাউসীত লাহেকৈ হাতখন থৈ ক’লো, “উঠ্৷ মানুহবোৰ আহি পালে৷ “তাই যেন টোপনিৰপৰা সাৰ পোৱা মানুহৰ দৰে সজাগ হৈ পৰিল তৎক্ষণাত৷ পুনৰ ছিৰিকেইটালৈ চালোঁ৷ য’ৰপৰা ৰাস্তাটো দেখি৷ লাহে লাহে মানুহবোৰ নামি আহিছিল৷ এজন দুজন কৈ বহুজন আগবাঢ়ি আহিছিল আমাৰপিনে৷ চিনাকি মুখবোৰে এখন দীঘল চাঙীত তাইৰ দেউতাকৰ মৃত শৰীৰটো কান্ধত আলফুলে তুলি অনা দৃশ্যটো চাই ৰৈছিল তমসাই৷ তাইৰ সৈতে মোৰ চকুযুৰিও সেইপিনে গৈছিল৷ নিৰ্বাক হৈ মনতে ভাবিছিলো, “কিজানিবা পৃথিৱীৰ সবাতোকৈ নিৰাপদ স্থানেই হ’ল শ্মশান৷ “

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments