এক শচীনৰ মৃত্যুত (অমিতাভ মহন্ত)

amitabh

ৰাতিপুৱাবলৈ এতিয়াওঁ কিছুক্ষণ বাকী৷ পুৱাৰ সময়ৰ সেই লোভনীয় টোপনিকণ ভোগ কৰাৰ বিলাসিতা সকলোৱে কৰিব নোৱাৰে, অৱণীয়েও নোৱাৰে৷ সেই মাজৰাতিতেই ওলাই আহিছে ষ্টেছনত কিবা ভাড়া পোৱাৰ আশাত৷ তাৰ পৰা বাহিৰে বাহিৰে যাব ৰমেশ প্ৰফেচাৰৰ জীয়েকৰ স্কুলৰ ভাড়াটো মাৰিবলৈ৷

বেয়া দিনে অৱণীৰ পিছ নেৰাই হৈছে৷ যিমানেই সোনকালে ষ্টেচনলৈ বুলি পেডেল মাৰিছে, বাৰে বাৰে ৰিক্সাৰ চেইন পৰি পৰি গৈছে৷ ফলত আজি ষ্টেচনলৈ নগৈ আধাৰ পৰাই ৰমেশ প্ৰফেছাৰৰ ঘৰলৈ ঘূৰি আহিব লগা হ’ল৷

অৱণীৰ মন বেয়া৷কালি ৰাতি নিৰ্মলক বৰ বেয়াকৈ মাৰিলে অৱণীয়ে৷ নিৰ্মল অৱণীৰ একমাত্ৰ পুত্ৰ৷ সি কিছুদিনৰ পৰা ক্ৰিকেট বেট এখন খুজি আছিল৷ তাৰক মহাজনৰ পৰা অৱণীয়ে বহুদিন আগতে চাৰি হাজাৰ টকা ধাৰলৈ লৈছিল৷ অভাবী অৱণীয়ে বহু চেষ্টা কৰিও টকাখিনি ঘুৰাব পৰা নাছিল৷ সেইবাবেই কালি তাৰক মহাজনে বজাৰত সকলোৰে আগত বৰ বেয়াকৈ গালি দিলে তাক৷ দুখীয়া হ’লেওঁ সি মানুহহে৷ সেইবোৰ কথাতেই তাৰ মেজাজ বেয়া হৈ আছিল৷ ঘৰ আহি আকৌ পুতেকৰ কথা শুনি মূৰটো গৰম হৈ গ’ল অৱণীৰ৷ খঙে বেজাৰে চাগে দুকোবমান বেছিকৈয়ে লগাই দিলে৷ ৰাতিপুৱা উঠিয়েই দেখিছিল ঘৈণীয়েকে পুতেকক সেক দি আছে৷ সেই দৃশ্য দেখি মনটো কেনেকুৱাযে লাগি গ’ল তাৰ৷ চকুৰ একোণত অলপমান চকুপানী লৈ কাকো মাত নিদিয়াকৈ ঘৰৰ পৰা ওলাই আহিল অৱণী৷

প্ৰফেচাৰৰ ঘৰৰ সন্মূখ পায় দেখে যে ইতিমধ্যে জীয়েক সাজি কাচি স্কুল যাবলৈ সাঁজু৷ লগে লগে তাইক উঠাই লৈ স্কুললৈ বাট পোনালে অৱণীয়ে৷

লাহে লাহে ৰিক্সা আগবাঢ়িল৷ অৱণীৰ বাৰে বাৰে মনলৈ আহিছে পুতেক নিৰ্মলৰ কথা৷ কিবাকৈ বেট এখন যোগাৰ কৰি দিব পৰা হ’লে বেয়া নাছিল৷ পিছে খাবলৈয়ে নাটে, বেট কৰপৰানো কিনি দিব৷

– ৰিক্সা ৰখোৱা…স্কুল পাৰ কৰি নিলা দেখোন৷

তাইৰ মাততহে সম্বিত ঘূৰি আহিল অৱণীৰ৷ তাইক নমাই থৈ ষ্টেণ্ডত আহি ভাড়াৰ আশাত ৰিক্সা লগালে অৱণীয়ে৷ আজি ৰাস্তাত মানুহৰ ভিড় একেবাৰে নাই৷ এইকেইদিন বোলে বিশ্বকাপ ক্ৰিকেট চলি আছে, আজি ভাৰত- পাকিস্থানৰ খেল৷ মনটো বেয়া হৈ গ’ল অৱণীৰ৷ তাৰ মানে আজিও বিশেষ ভাড়া নোলাব৷ কিন্তু তাক যে টকাৰ খুবেই দৰকাৰ৷

এইফালে বজাৰৰ টিভিৰ দোকানবোৰৰ আগত বিৰাট ভিৰ৷ কিবা এক অনামী আকৰ্ষণত অৱণীও ভিৰত সোমাই পৰিল৷ কোনোবা চেহৱাগ আৰু দ্ৰাবিড়ে বেট ধৰি আছে৷ মানুহৰ কি উত্তেজনা, কি টেনশ্যন৷ অৱণীয়ে ক্ৰিকেটৰ একো বুজি নাপায়৷ কিন্তু অৱণীৰো লাহে লাহে খেলত নিচা বহিবলৈ ধৰিলে৷ খেল চাই থকা সকলোৰে কি একতা, সকলোকে ঘৰৰ মানুহ যেনেই ভাব হ’ল অৱণীৰ৷ কিছুসময় পিছত অৱণীয়ে বুজি পালে, দাগটো তলেৰে পাৰ হ’লে চাৰি, ওপৰেৰে গ’লে ছয়৷

খেল শেষ৷ ভাৰত জিকিল৷ এজনে অৱণীক ডাঙি লৈ নাচিবলৈ ধৰিলে৷ অৱণীয়েও সকলোৰে লগত নাচিবলৈ ধৰিলে৷ খন্তেকলৈ পাহৰি গ’ল মহাজনৰ অপমান, নিৰ্মলক বেট কিনি দিব নোৱাৰাৰ দুখ৷ এখন খেলে এনেকৈ যে মন ভাল লগায় দিব পাৰে, ভাবি কিবা সপোন সপোন লাগিল অৱণীৰ৷ খেল শেষ হোৱাৰ পিছত দুটামান সৰু সুৰা ভাড়া মাৰি অৱণী ঘৰমুৱা হ’ল৷

ঘৰত নিৰ্মল নাই৷ ঘৈণীয়েকে ৰন্ধা-বঢ়াৰ যোগাৰ কৰি আছে৷
– নিৰ্মল ক’ত?
ঘৈণীয়েকে ভয়ে ভয়ে উত্তৰ দিলে,
– প্ৰচেছনত গৈছে, ভাৰত জিকাৰ৷ আহিব দিয়ক সোনকালে৷
– ভালেই হৈছে দিয়া৷

ঘৈণীয়েকে অবাক হৈ অৱণীৰ ফালে চাই থাকে৷ মানুহজনৰ আজি হ’ল কি? এনেই কথা বদলাবলৈ অৱণীক সুধিলে,
– আজি সোনকালে আহিল যে?
– এনেই৷ কিবা ভাল লগা নাছিল৷
– আপুনি হাত মুখ ধুই লওক৷ মই আপোনালৈ খোৱাৰ যোগাৰ কৰো৷
– ঠিক আছে৷

দমকলৰ পাৰৰ পৰাই অৱণীয়ে ‘ইণ্ডিয়া- ইণ্ডিয়া’ চিঞৰ শুনিবলৈ পালে৷ অৱণীৰো গৈ প্ৰচেছনত যোগ দিয়াৰ তীব্ৰ ইচ্ছা এটা জাগি উঠিল৷ ভৰি হাত ধুই থাকোতেই ঘৰৰ ভিতৰৰ পৰা নিৰ্মলৰ হাঁহিৰ শব্দ শুনা গ’ল৷ অৱণী ভিতৰ সোমোৱাৰ লগে লগে নিৰ্মল চুপ হৈ গ’ল৷ অৱণীয়ে লাহেকৈ তাক সুধিলে,
– তয়ো গৈছিলি প্ৰচেছনত?
নিৰ্মলে একো নোকোৱাকৈ কেৱল মূৰ দুপিয়ায়৷ পৰিস্থিতি লঘূ কৰিবলৈ অৱণীয়ে হাঁহি মাৰি কয়,
– ভালেই কৰিলি৷ আৰু এই চেৱাগ বোলাটোৱে কি জোৰে জোৰে কোবাই দেখোন অ’৷

নিৰ্মলৰ চকু ডাঙৰ হৈ গ’ল৷ দেউতাকে ক্ৰিকেট চাইছে৷ কেতিয়াওঁ নভবা নিচিন্তা কথা৷
– তুমি খেল চাইছা দেউতা?
– অ’, আৰু খেল থাকিলে কবিছোন৷ ময়ো তোৰ লগত কেতিয়াবা একেলগে চাব যাম৷

দেউতাকৰ হৈছে কি? নিৰ্মলৰ মেলা মুখ মেলা হৈয়েই ৰয়৷

ৰাতি অৱণীৰ টোপনি অহা নাই৷ ইচাট বিচাট কৰি আছে৷ ঘৈণীয়েকে সুধিলে,
– কি হৈছে আপোনাৰ? গা বেয়া নেকি?
– নাই৷ নিৰ্মলক বেটখন কেনেকৈ কিনি দিওঁ তাকে ভাবি আছো৷ বৰ আশা কৰিছে বেছেৰাই৷
– হ’ব দিয়ক কেতিয়াবা টকা পইছা হ’লে দিব৷ দিব লাগিবই বুলি কোনো কথা নাই৷ কেৱল পাৰিলে তাক মাৰপিট নকৰিব৷ ডাঙৰ হৈছে সি এতিয়া৷
– হমমম্৷

পিছদিনা দিনটো ভাৰা মাৰি দুপৰীয়া অৱণী এদাল গছৰ তলত জিৰাবলৈ বহিল৷ সিপাৰৰ পথাৰখনত বহুত মানুহ দেখি সি আগুৱাই গ’ল৷ গৈ দেখে তাতে ক্ৰিকেট খেল চলি আছে৷ বেনাৰখন চাই দেখে সেইখন কিবা আন্ত: স্কুল ক্ৰিকেট প্ৰতিযোগিতা৷ অৱণীৰ আগদিনাৰ নিচা লাগি আছিলেই৷ মন্ত্ৰমুগ্ধৰ দৰে সি খেল চোৱাত লাগি গ’ল৷

খেল আৰম্ভ হৈ গৈছে৷ অৱণীয়ে চাই থাকোতেই এজন বেটচমেন আউট হ’ল৷ পৰৱৰ্তী বেটচমেন জন অহাৰ লগে লগে চিঞৰ বাখৰ আৰম্ভ হৈ গ’ল৷ আৰে এইটো দেখোন নিৰ্মল!! ই অহাৰ লগে লগে সকলোৱে ইমানকৈ চিঞৰিছে কিয়? এইফালে নিৰ্মলে লাহে লাহে উইকেটত খোপনি পুতিবলৈ আৰম্ভ কৰিলে, অৱণীৰো বুকু দুৰু দুৰু৷ হঠাৎ দৰ্শকৰ চিঞৰ, বল ওপৰেৰে দাগ পাৰ হৈ গ’ল৷ তাৰ পিছত নিৰ্মলৰ গাত যেন দেৱতাহে লম্ভিলে৷ ইটোৰ পিছত সিটো বল দাগৰ বাহিৰলৈ পঠিয়াবলৈ ধৰিলে৷ খেলৰ মাজে দৰ্শকৰ মন্তব্যবোৰো অৱণীয়ে শুনি গ’ল৷ এজনে কৈ আছিল, ‘কি বঢ়িয়া খেলে এই ল’ৰাটোৱে, একেবাৰে শচীনৰ ডুপ্লিকেট ভাৰ্চন৷ ইমান সৰু ল’ৰাটোৱে ইয়াতকৈ ভাল আৰু কি খেলিব৷ ভালকৈ যত্ন ল’লে এই ল’ৰাটোৱে পিছলৈ নাম কৰিব কিন্তু’৷

আৰু বিভিন্নজনৰ মন্তব্য শুনি অৱণীৰ দুচকু ভৰি পৰিল৷ খেল আধাচোৱা কৰি অৱণী পুনৰ ৰিক্সাখন লৈ ভাড়া মাৰিবলৈ ওলাই আহিল৷ ৰিক্সা চলাই থাকোতে তাৰ মুৰত দৰ্শকৰ কথাবোৰ পাকঘুৰণি খাই থাকে৷ টিভিৰ দোকানৰ আগত ভিড়, নিৰ্মলে বাৰে বাৰে বল দাগ পাৰ কৰি দিছে৷ এক সুন্দৰ দিবাস্বপ্নই অৱণীক মতলীয়া কৰি তুলিলে৷

দিনটোলৈ কাম সামৰি অৱণীয়ে বাহিৰে বাহিৰে গৈ ৰমেশ প্ৰফেচাৰক লগ কৰিলে৷
– চাৰ, অলপ টকা লাগিছিল৷ মানে ধৰক এক হাজাৰ মান৷ বৰ জৰুৰী৷
– তই সিদিনা নিছিলিহে দেখোন অ’৷ কি কৰ আজিকালি ইমান টকা? জুৱাৰ নিচাত পৰা নাইতো?
– নাই নাই চাৰ৷ অলপ ঘৰুৱা অসুবিধা৷
– ঠিক আছে, কালি পুৱা আহিবিছোন৷ দেখা যাব৷

ৰাতি ঘৰলৈ গৈ অৱণীয়ে চিধাই ঘৈণীয়েকক সুধিলে,
– নিৰ্মল ক’ত?
– সি আজি ক্ৰিকেট খেলি কাপ এটা জিকিছে৷ সকলোকে সেইটো দেখুৱাবলৈ গৈছে৷

অৱণীৰ বুকু গৰ্বত ফুলি গ’ল৷ ইতিমধ্যে নিৰ্মল আহি ঘৰ সোমাইছিল৷ অৱণীক দেখিয়েই সি চিঞৰি উঠে,
– দেউতা চোৱা, আজি মই মেন অফ দ্যা মেচ পাইছো৷
অৱণীয়ে কাপটোৰ ফালে চাই লাহে লাহে ক’লে
– কাইলৈ পুৱা ওলাবি৷ তোৰ বেটখন কিনিব লাগিব৷
নিৰ্মলে শুনিয়েই ফুৰ্তিত চিঞৰ বাখৰ লগাই দিলে,
– সঁচাকৈ কৈছানে দেউতা?? সঁচানে? য়াহুহু৷

অৱণীয়ে একো নক’লে৷ কেৱল গভীৰ সন্তুষ্টিৰে মুৰ দুপিয়ালে৷

ৰাতি নিৰ্মলৰ ফূৰ্তিতে টোপনি নাহিল৷ আগদিনাখনেই সি পাৰাৰ সকলোকে কৈ আহিছে বেট কিনিব বুলি৷ সেইদিনা আছিল ৰবিবাৰ, স্কুল বন্ধ৷ পুৱা নটা মান বজাত নিৰ্মলক ৰিক্সাৰ পিছফালে বহুৱাই লৈ অৱণী ৰমেশ প্ৰফেচাৰৰ ঘৰ পালেগৈ৷

তালৈ গৈ অৱণীৰ মুৰত স্বৰ্গ ভাঙি পৰিল৷ পুৱাই প্ৰফেচাৰ দিল্লীলৈ ওলাই গৈছে৷ নিৰ্মলৰ মুখখনো ক’লা পৰি গ’ল৷ নিৰ্মলৰ মুখখনলৈ চাই অৱণীৰ মায়া ওপজিল৷ তাক মৰম কৰি দি কলে,
– চিন্তা নকৰিবি বাবা, বল আমি তাৰক মহাজনৰ তালৈ যাম৷ তাতে যোগাৰ হৈ যাব৷

মহাজনৰ সেইদিনাৰ ব্যৱহাৰৰ পিছত অৱণীয়ো তালৈ যোৱাৰ কথা এবাৰো ভবা নাছিল৷ পিছে নিৰ্মলৰ কষ্ট দেখি অৱণীৰ মনে নামানিলে৷

মহাজনে তাক দুৰৰ পৰা দেখিয়েই দাঁত নিকটাই হাঁহি এটা দিলে৷
– কি অ’, সেইদিনা শিক্ষা পায় লাইনত আহি গলি? টকা আনিছ?
– নাই মহাজন, বেলেগ কাম এটাৰ বাবেহে আহিছিলো৷
– কি কাম?
– মানে…. মানে….
– নকৱ কিয়??

মহাজন গৰজি উঠিল৷ মহাজনৰ ধমকিত অৱণীয়ে মুৰ তল কৰি লাহেকৈ ক’লে,
– মানে মোক টকা এহেজাৰ মান ধাৰলৈ লাগিছিল৷
– হেৰৌ আগৰ বাকী নমৰাকৈ আকৌ টকা খুজিবলৈ তোৰ ইমান সাঁহস৷ কি কৰিবি ইমান টকাৰে?
– নিৰ্মলক, মানে ইয়াক বেট এখন কিনি দিব লাগে৷
– কি ক’লি? ভিকহুৰ জাত, খাবলৈ টকা নাই আৰু সি পুতেকৰ বাবে বেট কিনে৷
এইবুলি কৈয়েই মহাজনে তাক এক গোৰ সোধালে৷ লগে লগে মহাজনৰ চামচাবোৰে অৱণীৰ ওপৰত জপিয়াই পৰিল৷
মানুহৰ ভিৰ বাঢ়ি গ’ল৷ নিৰ্মলে সকলোৰে হাতে ভৰিয়ে ধৰিলে দেউতাকক বচাবলৈ৷ পিছে সকলো ৰং চোৱাতহে ব্যস্ত৷ শেষত অৱণীক গুৰুলা গুৰুলকৈ পিটিহে ক্ষান্ত হ’ল মহাজন আৰু গুণ্ডাবাহিনী৷

সমগ্ৰ শৰীৰত মহাজনহঁতৰ অত্যাচাৰৰ দাগ লৈ বাটৰ দাঁতিত পৰি আছে অৱণী৷ সহায় কৰিবলৈ কোনো নাই৷ নিৰ্মলে কান্দি কান্দি দেউতাকক ৰিক্সাত উঠালে৷ গাৰ সমস্ত বল প্ৰয়োগ কৰি জীৱনত প্ৰথমবাৰৰ বাবে ৰিক্সাৰ পেডেলত ভৰি ৰাখিলে নিৰ্মলে৷
ৰিক্সাৰ পিছফালে অৱণী৷ চালকৰ আসনত অস্বাভাৱিকভাবে শান্ত নিৰ্মল৷ হঠাৎ যেন নিৰ্মল এজন ডাঙৰ মানুহ হৈ পৰিল৷ ডিচপেনচেৰীখন পাবলৈ হওঁতেই অৱণীয়ে মাত লগালে,
– বাবা তই চিন্তা নকৰিবি, মই সোনকালেই তোক বেট এখন কিনি দিম৷

কিছুপৰৰ নিস্তব্ধতা…. তাৰ পিছত শুনা গ’ল নিৰ্মলৰ বজ্ৰকঠোৰ কন্ঠ,
– মই আৰু ক্ৰিকেট নেখেলো দেউতা, মোক বেট নালাগে৷ বেটৰ কথা চিন্তা কৰিব নালাগে৷ তুমি বহুত বেছি আঘাট পাইছা৷ এইকেইদিন ভালকৈ জিৰণি লোৱা৷
– নাই নাই৷ মোৰ একোৱেই হোৱা নাই৷ কালিৰ পৰা মই চলাব পাৰিমেই৷ ৰিক্সা নচলালে জানো ঘৰ চলিব বাবা?

শান্ত কন্ঠেৰে নিৰ্মলে মাত দিলে,
– ৰিক্সা মই চলাম দেউতা৷

বিমূঢ় হৈ পৰে অৱণী৷ আৰু ৰ’ব নোৱাৰিলে সি৷ চাৰিওফালৰ হুলস্থুলীয়া শব্দকো তল পেলাই হুকহুকাই কান্দি উঠিল অৱণী৷ কান্দোন আশাভংগৰ… কান্দোন এক শচীনৰ মৃত্যুত…

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক