এখন অখ্যাত কোৰিয়ান গাওঁৰ কথাৰে… (স্যমন্ত কুমাৰ গোস্বামী)

এখন অখ্যাত কোৰিয়ান গাওঁৰ কথাৰে… (স্যমন্ত কুমাৰ গোস্বামী)

দক্ষিণ কোৰিয়াৰ দেজ’ন (Daejeon) চহৰত থকা বাবেই এই বিশেষ গাওঁখনলৈ যোৱাৰ সৌভাগ্য হোৱা বুলি ক’ব পাৰি । আমিবোৰৰ মতে খুবেই উন্নত যেন লাগিলেও কোৰিয়ানসকলৰ মতে এইখন পিছে এখন অতিকৈ ভিতৰুৱা, দুর্গম আৰু আওহতীয়া গাওঁহে । অৱশ্যে তালৈ যাবলৈ নিয়মীয়া বাছৰ ব্যবস্থা নাই । দুই এখন বাছ গ’লেও সংখ্যাত অতিকে তাকৰ । গাওঁখনৰ নাম “য়াং চ্চোন” । কোৰিয়ান ভাষাত “য়াংজি” শব্দৰ অর্থ হ’ল sunshine অর্থাৎ সূর্য্যৰ পোহৰ আৰু “চ্চোন” মানে গাওঁ ।

২০১০ চনৰ জুলাই মাহৰ এটি দুপৰীয়া । দেওবাৰ । মাজে-মাজে কিনকিনীয়া বৰষুণ । নেৰানেপেৰাকৈ বৰষুণ অহা নাছিল যদিও এৰা-ধৰাকৈ ৰাতিপুৱাৰ পৰা বৰষুণ আছিলেই । ক’তো-কেনিও ওলাই যাবলৈ মন নোযোৱা এটা বতৰ । তাতে বন্ধৰ দিন হোৱা হেতুকে স্বাভাৱিকতে দিনটো অতিকৈ আমনিদায়ক হৈ পৰিছিল । পৰিবেশটো সঠিকভাৱে বুজাবলৈ আমাৰ দিনৰ দ্বিতীয় শ্রেণীৰ কুঁহিপাঠৰ “মাহবোৰৰ গীত” কবিতাটিৰ “শাওনমহীয়া বৰষুণত সাধু শুনাই কাম” কবিতাফাঁকিয়েই বোধহয় যথোপযুক্ত হ’ব । কোঠাত বহি চিনেমা এখনকে চাই আছিলোঁ । এনেতে ফোনটো বাজিল । কোন নোচোৱাকৈয়ে ৰিচিভ কৰিলোঁ । সিমূৰত ভাঁহি আহিল এটা চিনাকি মাত “Hey, where are you? I’m looking for you for quite a long time !” মাতটো শুনি বুজিবলৈ বাকী নাথাকিল – থে-গুন । সম্পূর্ণ নাম থেগুন চোং । অৱশ্যে কোৰিয়ানসকলে উপাধিটো প্রথমতে লিখা বাবে ‘চোং থেগুন’ বুলিহে লিখে । মোৰ স’তে একেই বিভাগত গৱেষণাৰত তেওঁ । বয়সত মোতকৈ কিছু ডাঙৰ আৰু গৱেষণাৰ বিষয় সম্পূর্ণ বেলেগ হোৱা স্বত্তেও বিভিন্ন কাৰণত তেওঁৰ সৈতে ঘনিষ্ঠতা গঢ়ি উঠিছিল । বিভিন্ন ক্ষেত্রত সহায়ো পাইছিলো তেওঁৰ পৰা । বহুদিন আগতেই তেওঁ এবাৰ কৈছিল যে য়াং চ্চোন গাওঁত তেওঁৰ আইতাকৰ ঘৰ আৰু এদিন সুবিধা মিলাই আইতাকক মাত এষাৰ লগাবলৈ যোৱাৰ কথা ভাবিছে । মই একেলগে যাব বিচাৰিলে যাব পাৰিম হেনো । সিদিনাখন মোক ফোন কৰাৰ কাৰণো এইটোৱেই । কিছুসময়ৰ পিছতে যাত্রা আৰম্ভ কৰাৰ কথা ।ইপিনে ময়ো কামৰ একঘেয়ামিৰ পৰা এখন্তেক আহৰি ল’বৰ বাবে ক’ৰবালৈ যোৱাৰ কথা মনতে পাঙি নথকা নহয় । মনটো জপিয়াই উঠিল । শাওনমহীয়া বৰষুণত আইতাকৰ সাধু এটাই শুনি অহা ভাল হ’ব বুলি তেওঁৰ কথাত লগে লগেই সন্মতি জনালোঁ ।

ততাতৈয়াকৈ নাকে কানে ভাত কেইটামান গুজি থেগুণে কৈ থোৱা ঠাইটুকুৰাত গৈ ওলালোগৈ । তাৰপৰা বিয়লি প্রায় দুইমান বজাত থেগুণৰ গাড়ীৰে গাওঁখনলৈ বুলি ওলালোঁ । দেজ’ন চহৰৰ পৰা প্রায় দুঘন্টাৰ বাট । অৱশ্যে গাড়ীৰ গতিবেগ ঘন্টাত গড়ে ৭০-৮০ কি.মি. হোৱা বাবে দূৰত্ব প্রায় ১৪০-১৫০ কি.মি. হ’বগৈ । আধাঘন্টামান যোৱাৰ পিছতেই পাহাৰ কাটি উলিওৱা এটা প্রকান্ড সুৰংগ । প্রায় ডেৰ-দুই কি.মি দীঘল । তাৰ পিছতেই আৰম্ভ হ’ল শাৰী-শাৰী নীল-সেউজ পাহাৰ আৰু নামনিত সেউজ বননি । মাজে-মাজে দুই এঠাইত ধান খেতি । ধানৰ লগতে ষ্ট্রবেৰীৰ খেতিও ব্যাপকভাৱে কৰা পৰিলক্ষিত হ’ল । লগতে পাহাৰত খাজ কাটি কৰা বিভিন্ন পাচলিৰ খেতি (ঝুম খেতি) । পাহাৰৰ মাজৰ এঁকা-বেঁকা বাট । বাট-পথ অৱশ্যে তেনেই সুচল । ডেৰ ঘন্টামানৰ পিছত গাওঁখনৰ সীমাত প্রৱেশ কৰা বুলি জানিবলৈ দিলে থেগুনে । ইমান আওহতীয়া গাওঁখনতো ট্রেফিক লাইট দেখি তভক মানিছিলোঁ । অৱশ্যে বৰষুণ দি থকাত ফটো ল’বলৈ বৰ অসুবিধা হৈছিল । প্রায় দুঘন্টাৰ মূৰত আইতাকৰ ঘৰ পালোগৈ । ইতিমধ্যে বতৰটোও কিছু ফৰকাল হৈছিল ।

আইতাক ঘৰত অকলে থাকে । থেগুণৰ পিছে পিছে গৈ ঘৰটোত সোমালোগৈ । “আন্যং সাচেয়” বুলি আগলৈ সামান্য হাওলি আইতাকক মাত লগালোঁ । “আন্যং সাচেয়”ৰ অর্থ “নমষ্কাৰ” বা হেল্ল’ৰ সমপর্য্যায়ৰ । অৱশ্যে নিজতকৈ কমবয়সীয়া বা সমবয়সীয়াৰ ক্ষেত্রত কেৱল আন্যং বুলি ক’লেই হয় । থেগুণে চিনাকি কৰাই দিলে আইতাকৰ লগত । আইতাকেও দুই-এষাৰ কোৰিয়ানতে প্রশ্ন কৰিলে – “ইলম ই মোয়েও ?” অর্থাৎ “নাম কি ?”, “ঝিভ্ ই অধিয়েয় ?” অর্থাৎ “ঘৰ ক’ত?”, “সানগুগমাল আৰায় ?” অর্থাৎ “কোৰিয়ান ভাষা জানানে ?” ইত্যাদি । ময়ো চমু উত্তৰ দিলোঁ । কোৰিয়ান ভাষা দুই এটা বুজি পালেও ভালকৈ ক’ব নোৱাৰা বাবে তেখেতৰ লগত খুব বেছি কথা পাতিব পৰা নাছিলোঁ । অতি মনযোগেৰে শুনাত আইতাক আৰু থেগুণৰ কথোপকথনৰ সামান্য অংশহে বোধগম্য হৈছিল । অৱশ্যে মাজে মাজে থেগুণে দুই-এষাৰ কথা ইংৰাজীলৈ অনুবাদ কৰি দি আছিল ।

আইতাকৰ বয়স প্রায় ৯২ বছৰ । স্বাস্থ্য অৱশ্যে খুবেই ভাল । বার্ধক্যই কোঙা কৰিব পৰা নাই তেখেতক । চাৰিজন পুত্র সন্তানৰ মাতৃ তেখেত । থেগুন তেওঁৰ তৃতীয় পুত্রৰ ল’ৰা । অৱশ্যে কর্মসূত্রে আটাইকেইজন দূৰে দূৰে থাকিবলগা হোৱাত তেখেত তাত অকলশৰেই থাকিবলগা হৈছে । ওচৰ-চুবুৰীয়াই অৱশ্যে মাজে-সময়ে অত্যাৱশ্যকীয় সা-সামগ্রী ক্রয় কৰা বা তেনে ধৰণৰ কামত সহায় কৰি দিয়ে । ককাদেউতাক আছিল এজন মুক্তিযোদ্ধা । জাপানী শাসকৰ কবলৰ পৰা কোৰিয়াক মুক্ত কৰাৰ ক্ষেত্রত তেখেতৰ যথেষ্ট অৰিহণা আছিল ।

কিছুপৰ ৰৈ গাওঁখনৰ কিছু অংশ চাওঁ বুলি ওলাই আহিলোঁ থেগুণৰ লগত । ওলায়েই চকুত পৰিল পাহাৰলৈ উঠি যোৱা অকমানি বাট এটা । তাৰ কাষতে তিনিটা মাটিৰ ঢাপ । থেগুণক সুধি গম পালোঁ যে মূর্তিটোৰ কাষৰ ঢাপটো ককাদেউতাকৰ কবৰ । কাষৰ গাতে লগা আনটো ঢাপ আইতাকৰ বাবে ৰখা হৈছে । কোৰিয়ান বিধিমতে পতি-পত্নীক ওচৰা-উচৰিকৈ কবৰ দিয়া হয় । পিছৰ জনু (generation)ক তেওঁলোকতকৈ তলৰ স্তৰত (level)হে কবৰ দিয়া হয় আৰু এনেদৰেই আগবাঢ়ি গৈ থাকে । কিন্তু তাৰবাবে যথেষ্ট আহল বহল ঠাইৰ প্রয়োজন হোৱা হেতুকে এই প্রথা বর্তমান প্রায় উঠি যোৱাৰ দৰেই হৈছে । কিছু দূৰৈত দেখিবলৈ পালোঁ ধানখেতি । অসমৰ গাওঁৰ সেই ধাননিডৰালৈ উৰা মাৰিলে মনটো । মাজে মাজে সেউজগৃহৰ ভিতৰত কৰা ষ্ট্রবেৰীৰ খেতি । নীল-সেউজ পাহাৰেৰে আৱৰা গাওঁখন । যেনিয়ে চোৱা যায় কেৱল সেউজীয়া আৰু সেউজীয়া । থেগুণে ক’লে – শৰৎকালত বেছিভাগ গছেই (বিশেষকৈ মেপল (কোৰিয়ান নাম “ধান ফুং”)) আৰু জিংকগো (ginkgo, কোৰিয়ান নাম “উনসেং নামু”)) পাতৰ ৰং সলাই ৰঙা আৰু হালধীয়া  ৰং লৈ গাওঁখনৰ সৌন্দর্য্য দুগুণে চৰায় । এঁকা-বেঁকা বাট । জনবসতি তেনেই সেৰেঙা । নাতিদূৰৈত এটি সৰু নিজৰা । পিছে বৰষুণৰ বাবে বাট পথ পিছল হৈ থকা বাবে নিজৰাটোলৈ যাব পৰা নগ’ল । সৰুতে হেনো সিহঁত ইয়ালৈ আহোঁতে দেউতাকে কৈছিল “যিমান দূৰলৈ দৃষ্টি যায় চাই পঠিওৱা – সৌ পাহাৰখন, সিমূৰে সৌ জুৰিটো, দূৰৈত দেখা সৌ জুপুৰিটো, গছৰ ডালত পৰি থকা চৰাইটো – সকলো তোমাৰেই ।” কথাষাৰ দেউতাকে ধেমেলীয়া বা সৰু ল’ৰা-ছোৱালীক নিচুকোৱাৰ সূৰতহে কোৱা বুলি ভাবিছিলোঁ যদিও হঠাৎ থেগুনৰ কথাত তভক মানিলোঁ – দেউতাকৰ কথাষাৰ মিছা নহয়; সেই সম্পূর্ণ গাওঁখন তেওঁলোকৰেই ! গোটেই গাওঁখনৰ বর্তমানৰ গৰাকী থেগুণৰ আইতাক । আজোককাকৰ দিনৰপৰা বংশানুক্রমিকভাৱে বাগৰি আহি ককাদেউতাক আৰু তেখেতৰ মৃত্যুৰ পিছত আইতাক হৈছে বর্তমান গাওঁখনৰ গৰাকী । তাত বসবাস কৰা আন লোকসকল তেওঁলোকৰ ভাৰাতীয়া হিচাবেহে থাকে । অৱশ্যে পিছলৈ কিছুসংখ্যক লোকক তাত ঘৰ সজাৰো অনুমতি দিছে তেওঁলোকে ।
থেগুণে কৈ গ’ল – কোৰিয়া জাপানৰ অধীনত থকা কালচোৱাত (তেতিয়া উত্তৰ আৰু দক্ষিণ কোৰিয়া পৃথক নাছিল) জাপানী শাসকসকলে খেতি-বাতি বা আন ব্যৱহাৰৰ অনুপযোগী বুলি ভবা বহু মাটি অতি কম দামতেই বিকি দিছিল । সেই সময়ত চোং উপাধিৰ (থেগুণৰ উপাধি) লোকসকল আঢ্যৱন্ত আৰু অগাধ সম্পত্তিৰ অধিকাৰী আছিল আৰু তেনে এক সময়তে হেনো আজোককাকে সেই বৃহৎ অঞ্চলটো কিনি ৰাখিছিল ।
ভাৰতৰ ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শুদ্রৰ নিচিনাকৈ পুৰণি কোৰিয়াৰ ঝোচন বংশ (dynasty)ৰ লোকসকল সামাজিক প্রথামতে পাঁচটা প্রধান ভাগত বিভক্ত আ্ছিল ।
১) ৰাজপৰিয়ালৰ লোকসকল ।
২) য়াংভান : ৰাজপৰিয়ালৰ পিছতেই শিক্ষিত-বিদ্বান আৰু অভিজাত শ্রেণীৰ লোকসকলেই য়াংভান । মুঠ জনসংখ্যাৰ পাঁচ শতাংশ লোকহে এই শ্রেণীৰ আছিল । তেওঁলোকে তলৰ শ্রেণীৰ লোকসকলৰ হতুৱাইহে কাম কৰাইছিল ।
৩) ঝুংগিন : এওঁলোকৰ বেছিভাগেই আছিল জ্যোতিষী, চিকিৎসক, দোভাষী আৰু দেশৰ সুৰক্ষাত নিয়োজিত লোক অথবা চিত্রশিল্পী ।
৪) চংমিন : মুঠ জনসংখ্যাৰ ৭৫% লোকেই আছিল এই শ্রেণীৰ । প্রধানতঃ কৃষক, কাৰিকৰ আৰু সদাগৰ শ্রেণীৰ লোকসকল এই ভাগত পৰে ।
৫) চ্চনমিন : এওঁলোকক প্রায় লগুৱা শ্রেণীৰ বুলিয়েই গণ্য কৰা হৈছিল । য়াংভানসকলে এওঁলোকক কিনা গোলাম হিচাপেও কামত খটুৱাইছিল । এওঁলোক প্রধানতঃ কচাই বা আনৰ মনোৰঞ্জনৰ বাবে নৃত্য-গীত কৰা শ্রেণীৰ লোক আছিল ।
কোৰিয়াৰ এজন প্রসিদ্ধ লিখক চি-ৱন ভাগে লিখি থৈ যোৱা Tale of an Yangban ত উল্লেখ থকা মতে য়াংভানসকলে যিকোনো পৰিস্থিতিৰেই সন্মুখীন নহওক কিয়, কিছুমান নির্দিষ্ট নিয়মৰ মাজেৰে চলাটো বাধ্যতামূলক আছিল । কোনো য়াংভান পৰিয়াল অতি দূখীয়া হ’লেও কেৱল ধন উপার্জনৰ বাবেই শাৰীৰিক পৰিশ্রম হোৱা কাম-কাজ বা ব্যৱসায়-বাণিজ্য কৰাটো এওঁলোকৰ বাবে নিষিদ্ধ আছিল । তাত উল্লেখ থকা দুষাৰীমান বাক্য এনে ধৰণৰ – A yangban couldn’t “Poke and play with chopsticks”, “Eat raw onions”, “Puff hard on his pipe, pulling in his cheeks”.


ঘিম, ভাগ্, ই (ইংৰাজীত Lee বুলি লিখে), চোং আদি উপাধিৰ লোকসকল সাধাৰণতে য়াংভান শ্ৰেণীৰ । এওঁলোকে আন শ্রেণীৰ লোকসকলৰ লগত খোৱা-লোৱা, বিয়া-বাৰু আদি নকৰিছিল । এওঁলোকে তলৰ শ্রেণীৰ লোকসকলক কামৰ আদেশহে দিছিল । থে-গুণহঁতৰ পৰিয়ালটোও য়াংভান শ্রেণীৰ । একমাত্র এই শ্রেণীৰ লোকসকলৰ পৰিয়ালতহে “ঝোগভো” (পূর্বপূৰুষৰ নাম আৰু আন-আন তথ্যাদি সন্নিবিষ্ট থকা পুথি) ৰখাৰ নিয়ম আছিল । জাপানী শাসনকালত বিশেষকৈ জাপানী ৰজা টয়োটমি হিদেয়োছি (Toyotomi Hideyoshi) ৰ শাসনকালচোৱাত (১৫৯২-১৫৯৭) তেওঁৰ সৈন্যবাহিনীয়ে বহুতো পুৰণি তথ্য-পাতি, কিতাপ-পত্রাদি ধ্বংশ কৰাত পিছলৈ য়াংভানসকলক পৃথক কৰাটো কঠিন হৈ পৰিল । ঝোচন বংশৰ আদি কালচোৱাত সাধাৰণ শ্রেণীৰ লোকসকলে (চংমিন) নিজৰ নামৰ পিছত কোনো উপাধি নিলিখিছিল । নিজকে তলৰ জাতিৰ বুলি শুনাৰ অপবাদৰ পৰা হাত সাৰিবলৈ জাপানী শাসনৰ সময়তে এওঁলোকৰ কিছুমানে ঘিম্, চোং আদি উপাধি মনে মনে লিখিবলৈ ল’লে । নিজকে য়াংভান সজোৱা এইসকল লোকৰ আন এটা লাভ আছিল – সৈন্যবাহিনীৰ সেৱা কৰ (Military service tax) নিদিয়াকৈ থাকিব পৰাটো; কাৰণ য়াংভানসকলে এই কৰ দিবলগীয়া হোৱা নাছিল । এই নকল য়াংভানসকলৰ কিছুসংখ্যকে আকৌ চলে-বলে-কৌশলে ঝোগভো হস্তগত কৰাত প্রকৃত য়াংভানসকলক চিনি উলিওৱা প্রায় অসম্ভৱেই হৈ পৰিল ।

কথা পাতি থাকোতে কিমান সময় পাৰ হৈ গ’ল গমকে নাপালোঁ । ইতিমধ্যে কিনকিনকৈ বৰষুণ এজাক পুনৰ আৰম্ভ হৈছিল । আইতাকৰ ঘৰলৈ উভতি আহি দেখিলোঁ – তেখেতে এতিমধ্যে ৰাতিৰ আহাৰৰ বাবে প্রস্তুতি আৰম্ভ কৰিছেই । আমি দুয়ো মিলি কিছু সহায় কৰি দিলোঁ । বীণৰ গুটিৰ সৈতে সিজোৱা ভাত, সিজোৱা কুকুৰাৰ মঙহ আৰু স্থানীয় পাচলিৰে এখন চালাড । লগত ঘিম্ (এবিধ শুকাই ৰখা সাগৰীয় জলজ উদ্ভিদৰ পাত), এখন চুপ আৰু এবিধ শুকান ফল । অৱশ্যে খাদ্যত কোনো ধৰণৰ তেল-মচলাৰ আনকি হালধিৰো নাম গোন্ধেই নাছিল । উল্লেখ্য যে কোৰিয়ান অভিধানত হালধি অর্থাৎ turmeric শব্দৰ অর্থ বিচাৰিলে ‘ভাৰতত ব্যৱহাৰ হোৱা এবিধ মচলা’ বুলিহে পোৱা যায় ।

উভতিবৰ মন যোৱা নাছিল যদিও কিছুপৰ পিছত আইতাকক মাত লগালোঁ । বহুদিন অকলশৰে থকাৰ পিছত কাৰোবাক লগ পোৱাৰ বাবেই বোধহয়, যাওঁ বুলি কোৱামাত্রকে তেখেতৰ চকুহাল চলচলীয়া হৈ পৰিল । তথাপি “ধাচি ৱায়ো” (আকৌ আহিবা) বুলি হাত জোকাৰি বিদায় দিলে । আমাৰো তেখেতক অকলে এৰিবৰ সত যোৱা নাছিল । এনেতে এটি মেগপাই (magpie) চৰায়ে চোতালৰ এমূৰত বহি চিঁ-চিয়াবলৈ ধৰিলে যিটোক কোৰিয়ানসকলে পৰিয়ালটোৰ বাবে শুভ লক্ষণ বুলি গণ্য কৰে । চৰাইজনীৰ চিঁ-চিয়নিকেই সঁচা বুলি বিদায় ললোঁ । উভতি অহাৰ বাটত বাৰে বাৰে মনলৈ ভাহি আহিছিল আইতাকৰ মৰমসনা মুখখন ।

(বি: দ্র: প্রৱন্ধটো যুগুতাই উলিওৱাৰ ক্ষেত্রত বিভিন্ন তথ্য-পাতিৰ যোগান ধৰা থে-গুণ চোং (Taegeun Song) আৰু তেওঁৰ পৰিয়ালৰ সদৌটিলৈ কৃতজ্ঞতা নজনাই নোৱাৰোঁ ।)

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক