এখন অদেখা অৰণ্যৰ বিষয়ে (মনোজ কুমাৰ মহন্ত)

ভাৰতীয় ৰেলক ভাৰতীয় জনজীৱনৰ এক প্ৰকাৰ জীৱন ৰেখা (Life line)বুলি অভিহিত কৰা হয়। এই কথা ইণ্ডিয়ান ৰেলৱেৰ চৰকাৰী ৱেবচাইটৰ হোম পেজত Life line of India বুলি জলজল পট পটকৈ উল্লেখ কৰা আছে। ১৮৫৩ চনৰ পৰা সেই সময়ৰ শাসনকাৰী বৃটিছৰাজৰ পৃষ্ঠপোষকতাত ভাৰতীয় ৰেলৰ ইতিহাসৰ আৰম্ভণি হয়। তাৰ পাছৰ পৰা ক্ৰমে ভাৰতীয় ৰেলপথৰ পৰিসৰ বৃদ্ধি হৈ বৰ্তমানৰ অৱস্থাত উপনীত হৈছেহি। দৈৰ্ঘ্যৰ হিচাপত বৰ্তমান ভাৰতীয় ৰেলপথৰ (Rail track) মুঠ পৰিসৰ ১১৯৬৩০ কি.মি. আৰু ৬৮৫২৫ কি.মিৰ সংযোগী ৰেলপথৰে (Rail Route),ভাৰতীয় ৰেল বিশ্বৰ ভিতৰত তৃতীয়তম দৈৰ্ঘ্যৰ ৰেলৱে নেটৱৰ্ক। ভাৰতৰ ৭২১৬ টা ষ্টেচনক সংযোগ কৰা এই ৰেলপথেৰে দৈনিক প্ৰায় ২০৭৩৪(বিশ হাজাৰ সাতশ চৌত্ৰিশ) খন যাত্ৰীবাহী আৰু মালবাহী ৰেল চলাচলৰে প্ৰতিদিনে গড়ে ২২ লাখ যাত্ৰী আৰু ৩ লাখ টন মাল (Goods)সৰবৰাহ হৈ আছে।

১৮৫৩ চনত বৃটিছে ভাৰতত আৰম্ভ কৰা ৰেলপথৰ সংযোগ ১৮৮১ চনত কয়লা আৰু চাহপাত কঢ়িওৱাৰ বাবে অসমৰ মাটি স্পৰ্শ কৰে। তাৰপাছত ১৯৩৪ চনত ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ লৈ পোন প্ৰথমবাৰৰ বাবে যাত্ৰীবাহী ৰেল সেৱা আৰম্ভ হয়। বৰ্তমান ভাৰতীয় ৰেলৰ মুঠ ১৭টা সংমণ্ডলৰ (Zone) এটা উ.পূবৰ আঠখন ৰাজ্যৰ লগতে পশ্চিম বেংগল আৰু বিহাৰৰ কিছু অংশ সামৰি উ.পূ সীমান্ত ৰেলৱে( Northeastern frontier railway চমুকৈ NF Rly)গঠিত হৈছে। উ. পূৱ সীমান্ত ৰেলৱেৰ অন্তৰ্গত ৰেলপথৰ( Rail route)মুঠ দৈৰ্ঘ্য প্ৰায় ২৭০০ কিমি.। এয়া ভাৰতীয় ৰেলৰ সম্পৰ্কে অলপ বিচাৰ-খোচাৰ কৰিলেই পাব পৰা কিছু তথ্য। হাতৰ ওচৰতে পোৱা সাধাৰণ জ্ঞানৰ যিকোনো কিতাপত তথ্য বোৰ পোৱা যায়। মাত্ৰ সময়ৰ লগে লগে এই পৰিসংখ্যা সমূহ ক্ৰমে বৃদ্ধি হৈ থাকে। মন কৰিবলগীয়া ভাৰতৰ ৰেলপথে দেশৰ বিভিন্ন চহৰ নগৰ সমুহক সংযোগ কৰি প্ৰায় সমগ্ৰ দেশখনত বিয়পি আছে। এই ৰেলপথৰ (Rail route) গৰিষ্ঠ অংশ চহৰ- নগৰ অতিক্ৰমি গাওঁ, পথাৰ, জংঘল, বৃহৎ খাল -বিল আদিৰ দাঁতিৰে পাৰ হৈ গৈছে। ৰেলত ভ্ৰমণ কৰা সকলো যাত্ৰীয়ে যাত্ৰাকালীন অৱসৰ মুহূৰ্তৰ বেছিভাগ সময় দুয়োকাষৰ দৃষ্টিগোচৰ হোৱা মনোৰম প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি পাৰ কৰে। নিচেই কাষেৰে দ্ৰুত গতিত পাৰ হোৱা প্ৰকৃতিৰ সেউজীয়া চাদৰখনৰ সংস্পৰ্শই আমনিদায়ক যাত্ৰাৰ ৰেশ কাটি পেলায়। সাধাৰণতে ৰেল এখনত গৈ থাকোতে কংক্ৰিটৰ চহৰ-নগৰবোৰ এৰি থৈ দীঘলীয়া যাত্ৰাটো সৰহভাগ সময় সেউজীয়া প্ৰকৃতিৰ মাজেৰে পাৰ হয়। খিৰিকীখনৰ সিপাৰৰ পৰাই আৰম্ভ হয় গছ -লতা, বনৰ সেউজ পৃথিৱী।

ৰেলযাত্ৰাত বহুতৰেই হয়তো মন নকৰাকৈ ৰৈ যায় যে দীঘলীয়া যাত্ৰাত যাত্ৰীজনক ৰেলপথৰ দুয়োকাষে থকা অজস্ৰ ডাঙৰ-সৰু, মজলীয়া আকাৰৰ সতেজ গছৰ উপস্থিতিয়ে সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্যক নিচেই ওচৰৰ পৰা উপভোগ কৰাৰ এক চিনাকী পৰিবেশ সৃষ্টি কৰে। অৰ্থাৎ চলন্ত ৰেলগাড়ী এখনত ভ্ৰমি থাকিও যেন যাত্ৰী এজনে অকণো অস্বাভাৱিকতা অনুভৱ নকৰাকৈ প্ৰকৃতিৰ লগত একাত্ম হবলৈ সুযোগ পায়। তাৰপাছত ক্ৰমে নদ-নদী, খাল-বিল, পথাৰ, পাহাৰ- পৰ্বত জুৰি থকা দূৰৈৰ বিস্তীৰ্ণ এলেকাবোৰ দৃষ্টিনন্দন হৈ ধৰা দিয়ে। সেয়ে ৰেলপথৰ দুয়োকাষে অৱস্থিত গছবোৰে যাত্ৰাপথৰ সৌন্দৰ্য বৃদ্ধি কৰাত প্ৰভুত অৰিহণা থকাৰ উপৰিও আন এক দিশত প্ৰভূত অৰিহণা যোগাই আহিছে। পৰিবেশৰ ভাৰসাম্যতাৰ ক্ষেত্ৰত ৰেলপথৰ কাষে কাষে অৱস্থিত এই গছ-গছনিসমূহে সামগ্ৰিকভাৱে পৰিবেশতন্ত্ৰটোৰ ওপৰত উলাই কৰিব নোৱাৰা ধনাত্মক প্ৰভাৱ পেলাই আহিছে। এই গুৰুত্ব উপলব্ধি কৰিয়েই ভাৰতীয় ৰেলে বন মন্ত্ৰালয়ৰ সহযোগিতা কৰি গছ গছনিবোৰৰ তদাৰক কৰি আহিছে। তাৰ বাবে ৰেল মন্ত্ৰালয়ৰ অধীনত সুকীয়াকৈ এনভাইৰ’ণমেন্ট ডাইৰেক্ট’ৰেট গঠন কৰা হৈছে। Enviornment and housekeeping management, চমুকৈ EnHM এটা তাৰ সহ শাখা। এই বিভাগসমূহে এই গছ-গছনিবোৰৰ যাৱতীয় তদাৰক তথা লালন পালন আৰু সংৰক্ষণৰ হকে সময়ে সময়ে নীতি নিয়ম জাৰী কৰে যাতে অনাহকত এডালো গছ কটা নহয়।

ৰেলপথৰ কাষত থকা গছৰ লিপিবদ্ধ ইতিবৃত্তৰ বিষয়ে বৰ বেছি পোৱা নাযায়। কিন্তু ৰেলপথৰ দুয়োকাষে গছ ৰোপনৰ প্ৰক্ৰিয়া উনৈশ শতিকাৰ মাজভাগৰ পৰাই নিয়মত পৰিণত হৈছিল। প্ৰাৰম্ভণিতে অৰ্থাৎ ৰেল আৱিষ্কাৰৰ পাছত ৰেলপথৰ বিকাশ আৰু বিস্তাৰৰ বাবে দৰকাৰ হোৱা বিশাল পৰিমানৰ কাঠৰ শ্লিপাৰৰ প্ৰয়োজনত অৰণ্যৰ প্ৰতি ভাবুকিহে আহি পৰিছিল। উনৈশ শতিকাৰ শেষৰ ফালে খোদ ব্ৰিটেইনতে পুৰঠ ওক গছ সহজে পাবলৈ নোহোৱাৰ দৰে পৰিস্থিতি হৈছিল। ভাৰততো ব্ৰিটিছ যুগত সময়ত কাঠৰ শ্লীপাৰৰ নামত জধে-মধে গছ কটাৰ ফলত বহু অৰণ্য ধ্বংসৰ কৱলত পৰিব লগা হৈছিল। উল্লেখযোগ্য যে সমীক্ষামতে ১৮৫৩ চনৰ পৰা ১৯৫০ চনলৈ ভাৰতত ব্ৰিটিছৰ তত্বাৱধানত প্ৰায় ৫০ হাজাৰ কিমি ৰেলপথ (Rail track) নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হয়। ইয়াৰ বাবে প্ৰয়োজনীয় কাঠ ভাৰতৰ পুৰণি তথা বিশাল অৰণ্যবোৰৰ পৰা কোনো বাচ-বিচাৰ নকৰাকৈ সংগ্ৰহ কৰা হৈছিল। সেয়ে বাচ-বিচাৰহীনভাৱে গছ কটাৰ ফলত সেই অৰণ্যবোৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিল। তেনে পৰিস্থিতিত নিচেই কম সময়তে ভাৰতৰ অৰণ্যৰ পৰিসৰ চকুত লগাকৈ হ্ৰাস হ’ব লগাত পৰিল। এনে বাধাহীন ধ্বংসাত্মক কৰ্মক নিয়ন্ত্ৰণ কৰাৰ বাবে তদনান্তিন বৃটিছ চৰকাৰে পোন প্ৰথমবাৰৰ বাবে বন অধিনিয়ম Forest Act 1865 জাৰি কৰে যাতে ঐতিহাসিক অৰণ্যবোৰ সংৰক্ষণ হয়। পিছত ১৯২৭ চনত Reserved Forest Act of 1927 আইনখন প্ৰৱৰ্তন কৰি গছ-গছনি থকা সকলো মাটি চৰকাৰৰ অধীনলৈ অনা হয়। সেই সময়ৰ পৰা ৰেলৱে ষ্টেচন, অব্যৱহৃত ৰেলৱেৰ মাটি আৰু ৰেলপথৰ দুয়োকাষত গছ ৰোপন কৰাৰ নিয়ম চলি আহিছে। ইয়াৰ উদ্দেশ্য কেইবাটাও যদিওঁ ৰেলপথৰ দুয়োকাষৰ সৌন্দৰ্য বৰ্ধন আৰু খহনীয়া আৰু বান পানীৰ পৰা ৰেল আলিক ৰক্ষা কৰাই মূখ্য। উন্মুক্ত ৰেলৱে প্লেটফৰ্মসমুহত যাত্ৰীক গছৰ ছাঁ আৰু নিৰ্মল বতাহ প্ৰদান আৰু খালী পৰি থকা বিভাগীয় মাটিক বেদখলৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যতো গছ ৰোপন কৰা হয়। শেহতীয়া তথ্যমতে প্ৰধান মন্ত্ৰীৰ গ্ৰীণ ইণ্ডিয়া মিছন আঁচনিৰ লগত সংযোগ ৰাখি ১৯১৪-১৫ত ৭৫ লাখ গছপুলি আৰু ২০১৬-১৭ বৰ্ষত ৫ কোটি গছপুলি ৰোপনৰ লক্ষ্যৰে ৰেলবিভাগৰ দ্বাৰা এক প্ৰশংসনীয় অভিযান চলোৱা হয়।

বৰ্তমান ভাৰতৰ নিৰ্মাণ হোৱা মুঠ ৬৮৫২৫ কিমি ৰেলপথৰ দুয়োকাষে অৱস্থিত আটাইবোৰ গছ-গছনিৰ সংখ্যাক যদি বিবেচনালৈ অনা হয় তেন্তে ই ভাৰতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনত থকা গছৰ সংখ্যাতকৈ হয়তো অতিক্ৰম কৰিব বুলি ক’ব পাৰি। অন্যহাতে অকল ৬৮৫২৫ কিমি জুৰি থকা ৰেলপথৰ মুঠ মাটিৰ পৰিমান হ’ল প্ৰায় ৩২৬৯৫৭ হেক্টৰ। অৰ্থাৎ ৩২৬৯.৫৭ বৰ্গ কিমি। ইয়াৰ উপৰিও ০১.০৪.২০০৬ ৰ সমীক্ষা অনুযায়ী ভাৰতীয় ৰেলৰ অধীনত অব্যৱহৃত হৈ পৰি থকা খালী মাটিৰ পৰিমান ৪৩২.২৪ বৰ্গ কিমি ( ৪৩২২৪ হেক্টৰ )। এই পৰিসংখ্যাটো হিচাপলৈ নানিও তুলনা কৰিলে পোৱা যায় যে অকল ৰেলপথৰ দুয়োকাষে অৱস্থিত গছ-গছনিবোৰে অধিকাৰ কৰি থকা মাটিকালিৰ পৰিমান (৩২৬৯.৫৭ বৰ্গ কিমি), ভাৰতৰ আটাইতকৈ বৃহৎ ৰাষ্ট্ৰীয় অভয়াৰণ্য গংগোত্ৰী নেচনেল পাৰ্কতকৈও (২৩৯০ বৰ্গকিমি) প্ৰায় এহেজাৰ বৰ্গকিমি বিশাল। অৰ্থাৎ ক’ব পাৰি আমি সাধাৰণতে ৰেলপথৰ কাষত দেখা পোৱা সৰু-ডাঙৰ গছ-গছনিবোৰ একলগ হৈ এখন বৃহৎ সেউজ অৰণ্যৰ সৃষ্টি কৰিছে যি দেশৰ ভিতৰতে বিশাল। আৰু স্বাভাৱিকভাৱে এই বৃহৎ সেউজ মণ্ডলটোৱে আমাৰ পৰিবেশ তন্ত্ৰৰ প্ৰতি এক ভাৱিব নোৱাৰা যোগাত্মক অৰিহণা যোগাই আহিছে। গতিকে ৰেলপথৰ দুয়ো কাষৰ গছবোৰৰে আমি সদায় এখন বৃহৎ অৰণ্যৰ অংশক প্ৰত্যক্ষ কৰি আহিছোঁ বুলিলে যাৰ বিষয়ে প্ৰাত্যহিক ব্যস্ততাভৰা জীৱনত বেলেগকৈ ভৱাৰ অৱকাশ হয়তো নাপাওঁ। এয়া যেন দেখিও নেদেখাকৈ ৰৈ যোৱা এখন অৰণ্য। ৰেল বিভাগৰ মাটিত থকা এইখন অৰণ্যৰ চোৱা চিতাৰ প্ৰাথমিক দ্বায়িত্ব বিভাগটোৰ। ইয়াৰ বাবে দৰকাৰ হোৱা পৰামৰ্শ আৰু সহযোগিতা ৰাজ্যিক বন বিভাগৰ লোৱা হয়। ৰেলপথেৰে আহ কৰিব লগা ৰেলগাড়ীসমূহৰ সুৰক্ষিত আৰু সুচল যাতায়তৰ প্ৰয়োজনত সময়ে সময়ে ৰেলপথৰ দুয়োকাষে থকা গছ সমূহৰ বাঢ়ি অহা ডাল পাত আৰু বিপদজনকভাৱে হালি অহা গছবোৰ কটাৰ নিয়ম। কিয়নো ঋতুৰ পৰিবৰ্তনৰ লগে লগে গছৰ বাঢ়ি অহা ডাল পাত আৰু হালি পৰা গছে ৰেলপথত বাধাৰ সৃষ্টি কৰে। যাৰ বাবে ৰেল দূৰ্ঘটনা হোৱাৰ আশংকা থাকে। সেয়ে হ’লেও গছ এজোপা কটাৰ পূৰ্বে গছডাল বিভাগৰ উপযুক্ত লোকৰ দ্বাৰা নিৰীক্ষণ কৰি তাৰ ৰিপৰ্ট তৈয়াৰ কৰাৰ নিয়ম। তাৰপাছতহে গছডাল মাৰ্ক কৰি কটা হয় যাতে ই ৰেলগাড়ীৰ যাতায়তত বাধাৰ সৃষ্টি নকৰে। পৰাপক্ষত প্ৰথমে গছ একোডালৰ ডাল-পাত বা অতি থিয় অংশবোৰ কাটি (trimming) গছ ডাল বচাই ৰাখিবলৈ অগ্ৰাধিকাৰ দিয়া হয়। অগত্যা আন পথ নাথাকিলেহে সম্পুৰ্ণ গছ একোডাল কটাৰ নিয়ম। এই বৃক্ষসমূহৰপ্ৰতি পালন, সংৰক্ষণ তথা গছৰ ডাল-পাত আৰু প্ৰতিকুলতাৰ সৃষ্টি কৰা গছ কটাৰ সম্পৰ্কে ৰেলবিভাগৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ মেনুৱেল Way and Works manual of 1967 আৰু Indian Railway Act 1989 ত বিশদভাৱে উল্লেখ আছে।

এতিয়া আহো আমাৰ অসমৰ কথালৈ। ভাৰতীয় ৰেলৰ অন্তৰ্গত উ: পূ: সীমান্ত ৰেল(NFR)ৱেও এই দিশটোৰ প্ৰতি সমানে নজৰ দিয়াৰ কথা। ওপৰত উল্লেখ কৰা হৈছে যে এন এফ আৰ (NFR)ৰত মুঠ ৰেলপথ আছে প্ৰায় ২৭০০কিমি। ই অধিকাৰ কৰি ৰখা মাটিকালিৰ পৰিমান ৩৩৮৭৩ হেক্টৰ অৰ্থাৎ ৩৩৮.৭৩ বৰ্গ কিমি। আনহাতে খালী হৈ পৰি থকা মাটিৰ জোখ ২৪৩৫ হেক্টৰ অৰ্থাৎ ২৪.৩৫ বৰ্গ কিমি। এই পৰিমানটোক বাদ দিলেও অকল ৰেলপথৰ দুয়োকাষৰ গছ-গছনিৰ অৱস্থিত মাটি কালিৰ আকাৰ (৩৩৭.৭৩বৰ্গ কিমি) আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যতকৈ ১০০ বৰ্গ কিমি কম আৰু ওৰাং ৰাষ্ট্ৰীয় অভয়াৰণ্যৰ চাৰি গুণতকৈ অধিক ডাঙৰ। আনহাতে এই অঞ্চলবোৰ অধিক অংশই একালৰ হাবি জংঘলৰ এলেকাত পৰে বাবে স্বাভাৱিকতে আন প্ৰদেশ সমূহতকৈ গছৰ ঘনত্ব উ. পূৱৰ ৰাজ্যসমূহত অধিক। সেই হিচাপত সংখ্যাগত ফালৰ পৰাও NFR ৰ অন্তৰ্গত এলেকাত গছ গছনিৰ সংখ্যা বেছি। গতিকে কল্পনাত ৰিজাবলৈ হ’লে এনেদৰে ভাবিব পাৰি NFRৰ অন্তৰ্গত ৰেলপথৰ দাঁতিত থকা সমূহ বৃক্ষই প্ৰায় কাজিৰঙা অভয়াৰণ্যৰ প্ৰায় সমান আকাৰৰ এখন অৰণ্যৰ ছবি সন্মুখলৈ আহিব। এই গছবোৰৰ উপযুক্ত তত্বাবধানৰ ব্যৱস্থা কৰি ৰখা মানে এখন অভয়াৰণ্যক সুৰক্ষিত কৰি ৰখা হয়। কিন্তু দেখা গৈছে এই গছ গছনিবোৰ ক্ৰমে লোকচক্ষুৰ আগতে নোহোৱা হোৱাৰ উপক্ৰম হৈছে। কেনেকৈ? চাৰিলেন যুক্ত এক্সপ্ৰেছ হাই ৱে’ বা ৰাষ্ট্ৰীয় ঘাইপথ আদি নিৰ্মাণ তথা প্ৰসাৰৰ কামত গছ কাটিবলগীয়া হ’লে সচেতন ব্যক্তি আৰু প্ৰকৃতিপ্ৰেমী দল সংগঠনে প্ৰতিবাদ কৰি গছবোৰক ৰক্ষণাবেক্ষণ দিয়াৰ কাৰ্যকৰী উদাহৰণ আছে। ইয়াৰ ওপৰত বিভিন্ন মাধ্যমত চৰ্চাও হোৱা দেখা যায়। কিন্তু সাধাৰণতে জনবসতিৰ পৰা দূৰত অৱস্থিত ৰেলপথ সমুহৰ কাষত থকা গছ-গছনিসমূহ এনে ৰক্ষণাবেক্ষণৰ সুযোগ তেনেই সীমিত আৰু বিভাগৰ ওপৰত নিৰ্ভৰ। ফলত বিভাগে নিজৰ ইচ্ছা অনুযায়ী গছবোৰ কাটি পেলায়। আৰু তাত কোনো সচেতন লোক বা প্ৰকৃতি সংগঠনে আপত্তি দৰ্শাবলৈ ভূ কে নাপায় বা এই দিশত লক্ষ্য ৰাখিবলৈ সচেতন হোৱা নাই। বন বিভাগেও কেনে পদক্ষেপ লয় সেয়া বোধগম্য নহয়। ফলত নিয়ম অনুসৰি গছবোৰ কটা হৈছে নে নাই তাক চাবলৈ তৃতীয় পক্ষৰ অভাৱ হয়। গতিকে ইচ্ছা কৰিলে বিভাগৰ দ্বাৰা ভুলবশতঃ এই গছ সমূহ বাচ বিচাৰ নোহোৱাকৈ কটাৰ আশংকা নুই কৰিব নোৱাৰি। পৰিবেশ সচেতনতাৰ ওপৰত NFR ৰ শুভ ইচ্ছা কিমান আছে সেয়া অনুমান হয় ৰেলবৰ্ডৰ বিভাগীয় সঞ্চালকে জাৰী কৰা এখন বিভাগীয় চিঠিত। চিঠিখনত পৰিবেশ শিতানত অতি দূৰ্বল পদক্ষেপৰ বাবে আন দুটামান ৰেলৱে জ’ন (Zone)ৰ লগতে NFRৰ নামো উল্লেখ কৰি অসন্তুষ্টি প্ৰকাশ কৰা হয়। বিষয়টো এই কাৰণে চৰ্চালৈ আহিছে যে শেহতীয়াভাৱে আজি দুবছৰমানৰ পৰা হঠাৎ NFR অন্তৰ্গত পাঁচোটা ডিভিজনত ৰেলপথৰ কাষৰ গছবোৰ পথৰ সুৰক্ষাৰ নামত অত্যাধিক হাৰত কটা আৰম্ভ কৰা পৰিলক্ষিত হয়। তাৰ প্ৰমাণ বিভিন্ন এলেকাত ৰেলপথৰ দুয়োকাষে এতিয়াও পৰিত্যক্ত অৱস্থাত থকা বৃহৎ কাঠৰ কুণ্ডাৰ অৱশিষ্টই বহন কৰে। এই গছসমূহ কটাৰ বাবে নিৰ্ধাৰিত নীতি নিয়ম পালন কৰা হৈছিল নে নাই সেয়া জনা নাযায়। আৰু কোনোৱেই সেই বিষয়ত মাত মতাৰ আগ্ৰহ প্ৰকাশ কৰা দেখা নগল। এক খবৰমতে হঠাৎ আৰম্ভ হোৱা এই কাৰ্যৰ অঘোষিত কাৰণ বুলিব পাৰি তিনিবছৰ আগত দূৰ্ভাগ্যজনকভাৱে পতিত হোৱা এখন যাত্ৰীবাহী ৰেলৰ দূৰ্ঘটনা। যোৱা ২০১৫ চনৰ জুনৰ ২৩ তাৰিখে পূৱা ৫.১০ বজাত উজনিমুৱা আলিপুৰদূৱাৰ-গুৱাহাটী যাত্ৰীবাহী ৰেলখন আলিপুৰ ডিভিজনৰ চালেকাটি আৰু বাসুগাওঁ নামৰ ষ্টেচনৰ দুটাৰ মাজৰ ৰেলৱে দলং নম্বৰ -৪২২ত দূৰ্ঘটনাটো সংঘটিত হৈছিল। ফলত ইঞ্জিন সহ পাঁচটা দবা লাইনচ্যুত হয় আৰু দলং ভাগি ইঞ্জিন পানীত পৰে। মনকৰিবলগীয়া ৰেল দূৰ্ঘটনা হিচাপে লেখত লবলগীয়া দূৰ্ঘটনাটোত আহত আৰু নিহত লোকৰ সংখ্যা সৌভাগ্যবশতঃ কম আছিল। ৰেলৱে সূত্ৰত প্ৰকাশ যাত্ৰীবাহী ৰেলখন দূৰ্ঘটনাত পতিত হোৱাৰ মূল কাৰণ আছিল ধুমুহাত ৰেল পথৰ কাষৰ বাগৰি পৰা এডাল বৃহৎ গছ। গছডাল বাগৰি দলংখনৰ সন্মুখৰ লাইনৰ ওপৰত পৰি ৰয় আৰু এসময়ত সেই ট্ৰেকেৰে চালিত যাত্ৰীবাহী ৰেলখন গছৰ সৈতে সংঘৰ্ষ হৈ দলং খনতে লাইনচ্যুত হৈ পৰে। লাইনচ্যুত ৰেলৰ খুন্দা আৰু ভৰ একেলগে সহিব নোৱাৰি দলংখন খহি পৰে।

এই কাৰণত পৰবৰ্তী সময়ত উ. পূৱ ৰেলৱেৰ তৰফৰ পৰা সাৱধানতাৰ বাবে ৰেলপথৰ দাঁতিৰ সন্দেহজনক সকলোবোৰ গছ কাটিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি এক জৰুৰী মৌখিক নিৰ্দ্দেশ দিয়া হয় বুলি প্ৰকাশ। ফলত ৰেলৱে বিভাগৰ এনে সিদ্ধান্তৰ বাবে বহু হাজাৰ গছগছনি নিচিহ্ন হব লগা হয়। সেয়ে সচেতন ৰাইজ আৰু প্ৰকৃতি সংগঠনসমূহে ৰাষ্ট্ৰীয় ঘাইপথ আদিৰ কাষত থকা গছসমূহৰ ৰক্ষণাবেক্ষণৰ প্ৰতি লক্ষ্য ৰখাৰ লগতে ৰেলপথৰ প্ৰতিও দৃষ্টি দিয়াৰ প্ৰয়োজন। ৰেলপথৰ দুয়োকাষত থকা সেউজ আৱৰণটো বিভাগৰ লগতে দেশ আৰু ইয়াৰ জনসাধাৰণৰো এক অপৰিহাৰ্য প্ৰাকৃতিক সম্পদ। সেয়ে এই বৃহৎ সেউজ মণ্ডলটো বৰ্তাই ৰক্ষা কৰাত ৰাইজৰো দ্বায়িত্ব আছে। পুনৰ দোহাৰিছোঁ বৰ্তমান পৃথিৱীত অভাৱনীয়ভাৱে গছগছনিৰ হ্ৰাস হোৱাৰ সময়ত, ৰেলপথৰ প্ৰয়োজনতে গঢ়ি উঠা কিন্তু সৰ্বসাধাৰণৰ চকুৰ আঁৰত ৰৈ যোৱা সুবিশাল অৰণ্যবোৰৰ সংৰক্ষণৰ দিশটোৰ প্ৰতি সকলোৱে নজৰ দিয়াৰ প্ৰয়োজন আহি পৰিছে। ইয়াৰ যিকোনো ধৰণৰ সংকোচনে সামগ্ৰিকভাৱে আমাৰ পৰিবেশতন্ত্ৰটোৰ ওপৰত যে কুপ্ৰভাৱ পৰিব সেয়া ধুৰূপ। গতিকে সময় থাকোতেই সজাগ হোৱা যুগুত।

☆★☆

তথ্যসূত্ৰ :
১) www.indianrailways.gov.in
২) ৱিকিপেডিয়া
৩)www.nfrailways.gov.in
৪)Indian railway Pway and works manual of 1967
৫) Presention on Acheivement & Plans of IR
৬)Railway board notification no 2015/EnHM/04/01 dt 20.09.16, 98/LML/15/14 Pt dt 31/2/ 2016 আৰু 2015/Enviorn/05/01 dt 29.9.2016

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments