এখন অৰণ্যৰ কাহিনীৰে…(জ্যোতি পি চি শইকীয়া)

(শ্রীমান যাদৱ পায়েঙলৈ উচৰ্গিত)

ঐনিতম এটিৰ

তৰঙ্গিত সুৰৰ উচ্ছলতাত

সংগোপনে

পলে অনুপলে

আলফুলে বাঢ়ি যায় জীৱন ।

সেউজীয়া ৰিহা পিন্ধাই

কোনেনো সজালে বালি-চহীয়া বুকু?

মৰুৰ বুকুত

মাটিৰ অৱগুণ্ঠন আঁতৰাই

লাজ ভাঙি

আকাশলৈ মূৰ দাঙি চাই

হাত বাউলি কোনে মাতে কাক??

ফুৰফুৰীয়া বনৰীয়া ফুলৰ সুবাসত

নৈপৰীয়া চৰাই এটাই

সুঁহুৰিয়াই সুঁহুৰিয়াই সিঁচি যায়

অৰণ্যৰ গান,

আছে য’ত প্রেম-বিশ্বাসৰ

গেঁৰ ধৰা আশ্বাস……।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments