এখন আঞ্জাৰ কাহিনী–ৰমেন হাজৰিকা

পাঁচ নে ছয় জুলাইৰ কথা। ২৮ জুনৰ পৰা হোৱা লক-ডাউনৰ বাবে চাউল-দাইল, তেল-নিমখ আদি গেলা-মালৰ দোকানত পোৱা সামগ্ৰীৰ যোগাৰ আগতীয়াকৈ কৰা হ’ল। কৰা হ’ল যদিও নষ্ট হৈ যোৱাৰ ভয়ত শাক-পাচলিৰ বজাৰ শেষৰ দিনালৈ ৰাখি থোৱা হৈছিল। কিন্তু লক-ডাউনৰ আগদিনা গুৱাহাটীৰ বজাৰত দুই কেজি আলু যোগাৰ কৰোঁতেই ল’ৰাৰ দিনটো গ’ল। শেষত মুখৰ আগত পোৱা শুকান ভেণ্ডি আৰু লেৰেলা লেচেৰা এপোৱা আৰু জিকা কেইটামানহে বেচেৰাই যোগাৰ কৰিব পাৰিলে। গতিকেই জুলাইৰ তিনদিন মানৰ পৰাই ঘৰত পাচলিৰ আকাল আৰম্ভ হ’ল। অভূতপূৰ্ব পাচলিৰ নাটনিত শ্ৰীমতীৰ লগতে গধূলি ৰন্ধা-বঢ়া কৰিবলৈ অহা মানুহজনীয়েও নানান বুদ্ধি খটাই দুদিন ভাজি একোখনৰ যোগাৰ কৰিলে। কিন্তু পাঁচ জুলাইৰ পুৱাতে ফ্ৰীজ উদং। গধূলিলৈ কণী কেইটামানৰ বাহিৰে একো নাই। দিনৰ সাঁজ কণীৰেই চলিল। কোনোবাই লুকাই চুৰকৈ পাচলি বেচিবলৈ আহে বুলি ওৰেটো আবেলি এপাৰ্টমেণ্টৰ গেটত খাপ দিও কোনো সুফল নাপালো। চাউল দাইল আছে যেতিয়া এসাঁজ খিচিৰি খাওঁ বুলি ভিতৰ সোমালো। গধূলি বহাকোঠাত কিতাপ এখন চাই থাকোঁতেই “বাইদেউ সব্জী কিবা পালেনে?” বুলি পাছ-দুৱাৰেদি ৰান্ধনী মানুহজনী(অঞ্জু) সোমালহি। “ বাৰী এখন থকা হ’লে বনশাককে বুটলিলো হেতেন; এতিয়া ক’ত পাবা পাচলি…” বুলি মোলৈ অসন্তোষৰ চাৱনি এটাৰে শ্ৰীমতী ৰন্ধাৰ দিহা দিবলৈ ৰান্ধনী কোঠালৈ গ’ল। “ মই কিবা এটা কৰিছো ৰ’ব” বুলি কৈ সেই সময়ত বাৰাণ্ডাৰ বেচিনত হাত ধুই থকা অঞ্জুৱে ক’লে। কথা শুনি মোৰ ভাল লাগিল! তাৰমানে তাই কিবা পাচলি যোগাৰ কৰি আনিছে!

“আৰে পচলা দেখোন, ক’ত পালা? “ এইবাৰ শ্ৰীমতীৰ আনন্দমিশ্ৰিত সহাস্য প্ৰশ্ন।

“বহুত চিন্তা কৰি আনিছো ৰ’ব; দুদিনৰ পুৰণি, বেয়া হোৱা নাই চাগে।” অঞ্জুৱেনো ইমান চিন্তা কৰি ক’ৰ পৰা পচলা আনিলে জানিবলৈ ময়ো কাণ উনাই ৰ’লো। কলগছৰ মিহি টুকুৰা দুটাৰ পৰা বাহিৰৰ বৌখাবোৰ এৰুৱাই “ঠিকেই আছে বাইদেউ, দুই টুকুৰা বনাই অলপ আঞ্জা ময়ো নিম কিন্তু, আমাৰো একো সব্জী নাই আজি” বুলি অঞ্জুৱে ক’লে।
“তুমিয়েই বিচাৰি আনিছা, কিয় নিনিবা। ৰ’বা, ফ্ৰীজত মাছৰ মূৰ এটা আছে উলিয়াই দিওঁ, মাছৰ লগত পচলা ভাল হব।” অলপ আগৰ অসন্তোষৰ ঠাইত যুতিকাৰ মুখত এইবাৰ উৎসাহ ফুটি উঠিল। তেনেতে বাতৰিৰ সময় হোৱাত মই টি ভি কোঠালৈ গ’লো। দূৰদৰ্শন অসম ৰ বাতৰি শেষ হোৱাৰ লগে লগে শ্ৰীমতীৰ “ চাহ খাবলৈ আহিব লাগে – -” আহ্বান ভাঁহি আহিল। চাহৰ টেবুলৰ পৰাই অঞ্জুক পচলাৰ কথা ময়ো সুধিলো। অঞ্জুৱে আমাৰ ঘৰৰ উপৰিও আৰু দুঘৰত ৰন্ধা-বঢ়া কাম কৰে। তাৰে এঘৰে ওচৰতে ফ্লেট এটা লৈছে। ৩ জুনৰ দিনা গৃহ-প্ৰবেশৰ ভাল লগ্ন মিলাত তেওঁলোকে লক-ডাউনৰ মাজতে পুৰোহিতে কোৱাত পূজাভাগ সম্পন্ন কৰিলে। কোনো অতিথি নাই। গৃহস্থ, এজন লিটিকাই সহিত পুৰোহিত আৰু অঞ্জু মাত্ৰ। পূজাৰ সকলো উপাচাৰ দেউৱে যোগাৰ কৰিছিল। পূজাৰ বেদীৰ বাবে চাৰিটা সৰু কলপুলিৰ উপৰি গৃহদ্বাৰ সজালৈ দুটা ডাঙৰ কলপুলি অনা হৈছিল। কিন্তু কলপুলি দুটা পোতাৰ পৰিৱৰ্তে বান্ধি ৰাখিব লগাত দুৱাৰতকৈ বহু ওখ হ’ল। লিটিকাইজনে উচ্চতা মিলাবৰ বাবে দুবাৰ কাটিব লগা হোৱাত কলগছৰ চাৰিটা টুকুৰা তাতে পৰি ৰ’ল। সেইদিনা ঘৰটো পৰিষ্কাৰ কৰিবলৈ লৈ কলগছৰ টুকুৰা কেইটা পেলাবৰ সময়ত অঞ্জুৰ আমাৰ ঘৰত পাচলি নোহোৱাৰ কথা মনত পৰিল আৰু টুকুৰা কেইটাৰ বাহিৰৰ পটুৱা এৰুৱাই দুটুকুৰা গৃহকৰ্ত্ৰীক দি দুটুকুৰা নিজে আনিলে … তাকে লৈ এতিয়া তাই আমাৰ ঘৰ পাইছেহি। যা-হওক, এতিয়া গৃহিণী-সহায়কাৰী দুয়ো উৎসাহেৰে পচলা ৰন্ধাত লাগিছে। অঞ্জুৰ উপস্থিত বুদ্ধিৰ বাবেই এই দুৰ্দিনতো আজি গুৱাহাটী মহানগৰীত মাছে গৰকা পচলাৰ খাৰ দিয়া তাহানিৰ গাঁৱলীয়া আঞ্জাৰ জুতি ল’বলৈ পাম বুলি মোৰ মনটোও ফৰকাল হৈ উঠিল। এৰা, কেতিয়াবা পেলনীয়া বস্তুৰ পৰাও একোখন সুস্বাদু ব্যঞ্জন তৈয়াৰ হৈ উঠে … লাগে মাথোঁন এক অনুসন্ধিৎসু আৰু সৃষ্টিশীল মন। এনেয়েনো কয়নে – – “ খাব জানিলে চাউলেই চিৰা—।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক