এখন কিতাপ আৰু কিছু অনুভৱ – দেৱাশ্ৰী বৰগোঁহাই

 কিতাপ সদায়ে মোৰ বাবে আজৰি সময় কটোৱাৰ একমাত্ৰ সাধন আছিল৷ কিতাপৰ নতুন নতুন লগা গোন্ধই পাহৰাই পেলাইছিল দৈনন্দিন ব্যস্ততা, জীৱনৰ নিমিলা অংকবোৰ৷ জীৱনৰ দুখৰ দিনবোৰৰ লগৰী, সুখৰ সোপান এই কিতাপবোৰ৷ সেয়ে হয়তো সুবিধা পালেই কিনি পেলাও প্ৰিয় লেখকৰ কেইবাখনো কিতাপ৷ তেনে এখন কিতাপেই আছিল I Too Had a Love Story আৰু Can Love Happen Twice ৰ দৰে জনপ্ৰিয় গ্ৰন্থৰ স্ৰষ্টা ৰবিন্দ্ৰ সিঙৰ “Like It Happened Yesterday” নামৰ কিতাপখন৷ লেখকৰ সৰুকালৰ সৰু সৰু ঘটনাৰ সমষ্টি এই কিতাপখনে চোন মোকো বাধ্য কৰালে ল’ৰালিৰ মধুময় দিনবোৰত আকৌ এবাৰ খোজ কাঢ়িবলৈ৷

সঁচাকৈয়ে স্কুললৈ যোৱা প্ৰথম দিনটো চোন আজিও মনত আছে জলজল পটপটকৈ৷ প্ৰথমবাৰৰ বাবে চিনাকি মানুহবোৰৰ পৰা আঁতৰাই এজাক অচিনাকী মানুহৰ মাজত এৰি থৈ অহা বাবে লেখকৰ দৰে ময়ো যে দেউতাক কিমান বেয়া পাইছিলো৷ লাহে লাহে অচিনাকিবোৰ আপোন হৈ পৰিছিল আৰু যেতিয়া প্ৰাইমেৰী শিক্ষা সামৰি আন এখন স্কুললৈ যাবলৈ ওলাইছিলো, মৰমৰ স্কুলখনক হেৰুওৱাৰ বেদনাই বুকু হাহাকাৰ কৰি তুলিছিল৷ এৰা সেয়া আছিল স্কুটাৰ, ভেছ্পা, এম্বেছাদৰ আৰু মাৰুতিৰ দিন৷ আজিৰ নামী-দামী অগণন গাড়ীৰ ভিৰৰ মাজত হেৰাই যোৱা মাৰুতি-৮০০ আছিল অভিজাত্যৰ চিন৷ সময় আছিল এটা ক’লা বগা টিভিত গোটেই গাঁৱৰ মানুহে একেলগে ৰামায়ণ, মহাভাৰত চোৱাৰ; দেওবৰীয়া মিলনৰ সময়ত পিটিকলিকেইটাই ‘…..সম্ভাৱামী য়ুগেইই য়ুগেইই….’ বুলি সমস্বৰে চিঞৰাৰ; যুদ্ধ চাবলৈ অধীৰ আগ্ৰ্হেৰে বাট চাই থাকি বিৰক্তিকৰ বক্তাৰ লগে লগে ‘মে সময় হু….’ চিঞৰি জ্যেষ্ঠজনৰ ধমকি খোৱাৰ৷ বেজী বুলিলে, ডাক্টৰ বুলিলে ভয়ত বিছনা তলত লুকুৱাৰ সেইদিনবোৰ যে ক’ত হেৰাই গ’ল৷ দাঁত সৰুৱাবলৈ গৈ চিঞৰত তালফাল লগাই পাছত ৰৈ থকা কেইজনকো কন্দুৱাৰ দিনবোৰ মনত পৰিলেচোন অজানিতে ওঁঠত এক হাঁহিৰ ৰেশ খেলি যায়৷

 কাঠপেঞ্চিলেৰে লিখি আমনি লগা, এটা ফাউনটেন পেন পোৱাৰ বাবে ডাঙৰ হ’বলৈ অধীৰ ভাৱে বাট চোৱা দিনবোৰ যে কিমান মধুৰ আছিল৷ ফুটকলাৰ গুটিৰে জিভা নীলা কৰি, আৰ-তাৰ বাৰীত সোমাই বগৰী, জলফাই, আমলখি, শিলিখা ফৰ্মূঠিয়াই ফুৰা দিনবোৰ জানো ক’ত নো লুকাল৷ ৰজা-ৰাণী, এদিম-ছেদিম বাই, ঘিলা, কুটকুট খেলা, বালিঘৰ সাজি সামন্য কথাতে কটাকটি লাগি কন্দা, আকৌ পাছ মুহূৰ্ততে মিলিজুলি বকুলৰ মালা গুথা দিনবোৰ চোন পলকতে নোহোৱা হ’ল, নহয় নে? আঘোণ মহীয়া পথাৰত নৰাৰে পেপাঁ সাজি ঢপলিয়াই ফুৰা৷ নৰাৰ পাতেৰে কাটি চকলা চকল কৰা হাত-ভৰিত মিঠাতেল সনা সময়খিনি মাৰ গালি শুনিলেও চোন সুন্দৰ আছিল৷ দুপৰীয়া পথাৰত মা, খুৰী, পেহীহঁতৰ লগত বহি ৰবাৰ টেঙা খোৱা, ভাত খোৱাৰ সোৱাদ দেখোন এতিয়াও জিভাত লাগি আছে৷ নতুন বছৰৰ আৰম্ভণিত লগৰীয়াক দিবলৈ গ্ৰীটিংছ কাৰ্ড বনোৱা দিনবোৰলৈ আজিও মনত পৰে৷ নতুন বছৰৰ আৰম্ভণি মানেই নতুন শ্ৰেণীৰ আৰম্ভণি৷ দিস্তা কাগজ কিনি ভাঁজ কৰি বহী বনাই মুগা ৰঙৰ চামৰাৰ জিল লগোৱাৰ দিনবোৰ আঙুলিৰ ফাঁকেৰে বাৰু কেনি হেৰাই গ’ল! মাহেকীয়া শিশু আলোচনী কেইখন পঢ়িবলৈ ভাই-ভনী কেইটাৰ মাজত লগা হেতা ওপৰাবোৰ চোন আজি ফেচবুক, টুইটাৰ, IGI, NFS, Mario ৰ মাজত লুকাই গ’ল৷

সঁচাই, লেখকে কোৱাৰ দৰেই সৰুতে আমি অতি সোনকালেই ডাঙৰ হ’বলৈ বিছাৰিছিলো৷ মা-দেউতাৰ দৰে ডাঙৰ হ’ম, আমাক কোনেও আৰু খঙ কৰিব নোৱাৰিব, এইটো কিয় কৰিছ, সেইটো কিয় চুইছ’বুলি দবিয়াব নোৱাৰিব৷ এতিয়া ডাঙৰ হৈ হে বুজিছো আমি আচলতে কি হেৰুৱাই আহিলো৷ সৰুৰ পৰা ডাঙৰ হ’ব পাৰি, পিছে ডাঙৰৰ পৰা যিমানেই মন নাযাওক কিয় সৰু হ’ব যে নোৱাৰি৷ সেয়ে Like It Happened Yesterday ৰ মাজেৰে মোক পুনৰবাৰ শৈশৱলৈ লৈ যোৱাৰ বাবে লেখক ৰবিন্দ্ৰ সিঙক অশেষ ধন্যবাদ জনাইছো৷

☆★☆

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments