এখন গ্ৰন্থৰ আলোকত ঊনবিংশ শতিকাৰ অসমৰ চহা জীৱন– ধীৰেণ শইকীয়া

অলপতে পঢ়িলো ৰামকুমাৰ বিদ্যাৰত্নদেৱৰ বঙালীগ্ৰন্থ ’উদাসীন সত্যশ্ৰবাৰ আসাম ভ্ৰমণ’ৰ প্ৰদীপ কুমাৰ আৰু ড° প্ৰবীন চন্দ্ৰ দাসে ক্ৰমে মুলানুগ অনুবাদ আৰু সম্পাদিত কৰি প্ৰকাশ কৰা গ্ৰন্থ ’উদাসীন সত্যশ্ৰবাৰ আসাম ভ্ৰমণ’৷ গ্ৰন্থখনৰ প্ৰকাশক অসম পাব্লিচিং কোম্পানী৷ মূল বঙালী গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হৈছিল ১৮৮০ খ্ৰীষ্টাব্দত আৰু অসমীয়া অনুবাদ গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ হৈছে ২০১৪ বৰ্ষত৷ ৰামকুমাৰ বিদ্যাৰত্ন আছিল এগৰাকী কৃতিমান পণ্ডিত আৰু ব্ৰাহ্ম ধৰ্মৰ প্ৰচাৰক৷ ১৮৭৮-১৮৮৭সময়ছোৱাৰ ভিতৰত তেওঁ অসমলৈ তিনিবাৰ আহিছিল৷ ৰামকুমাৰ বিদ্যাৰত্নদেৱে প্ৰথম দুবাৰ ব্ৰাহ্ম ধৰ্ম প্ৰচাৰক ৰূপে আৰু তৃতীয়বাৰ মনৰ অশান্তি দূৰ কৰাৰ বাবে প্ৰকৃতিৰ ৰম্যভূমি অসম ভ্ৰমণ কৰিছিল৷ ’উদাসীন সত্যশ্ৰবাৰ আসাম ভ্ৰমণ’ পঢ়িলে কেইবাটাও দিশত সেইসময়ৰ অসম প্ৰদেশখনৰ কথা জনা যায়৷ গ্ৰন্থখনত উল্লেখ থকামতে তেওঁ বৰপেটা, ধুবুৰী, কামৰূপ, শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰ আদি বিভিন্ন ঠাই ভ্ৰমণ কৰি অসম প্ৰদেশখনৰ সেই সময়ৰ বহু বাস্তৱিক কথা জানিব পাৰে৷ পৰিব্ৰাজক হিচাবে অসমলৈ অহা বৰণ্যলোকসকলৰ অভিজ্ঞতালব্ধ জ্ঞান বিষয়ক লিখিত গ্ৰন্থৰ কথা আলোচনালৈ আহিলেই আজিও ’উদাসীন সত্যশ্ৰবাৰ আসাম ভ্ৰমণ’ গ্ৰন্থখনৰ কথা সকলোৱে শ্ৰদ্ধাৰে উল্লেখ কৰে, হয়তো সেইবাবেই অনুবাদকে বকলাখনতে লিখিছে: ’এইখন গ্ৰন্থ উনবিংশ শতিকাৰ  ইতিহাস, সমাজ, সংস্কৃতি, কৃষি, অৰ্থনীতি জনাৰ বাবে এখন অমূল্য গ্ৰন্থ হব’ বুলি৷ মন কৰিব লগা কথাটো হ’ল অনুবাদক প্ৰদীপ কুমাৰে মূল বঙালী গ্ৰন্থৰ সাৱলীলভাৱে অসমীয়া অনুবাদ কৰিছে গ্ৰন্থখনত৷ কোনো কথাতে কথাৰ উচ্চ বাচ্য নকৰাকৈ সহজে সকলো শ্ৰেণীৰ পাঠকে বুজি পোৱাকৈ অনুবাদ কৰা বাবে অনুবাদক, সম্পাদক আৰু প্ৰকাশন গোষ্ঠী তিনিওকে আমি কৃতজ্ঞতা জনাবই লাগিব৷ হিন্দু সন্নাসীৰ পৰিচ্ছদ পৰিধান কৰি সমগ্ৰ প্ৰদেশ ভ্ৰমি ফুৰি সেইসময়ৰ চহা সমাজৰ বহুকেইটা দিশ ইয়াত উল্লেখ কৰিছিল বিদ্যাৰত্নই৷ গ্ৰন্থখনত বিদ্যাৰত্নই লিখিছিল: “অসম দুৰ্গম৷ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু মানৱ কীৰ্তিৰ অক্ষয় চিহ্ন থকা অসম্ভৱ৷ এই ধৰণৰজন অপবাদৰ উন্মীলনেই এই পুথি ৰচনাৰ মুখ্য উদ্দেশ্য৷“ সেই দিশৰ পৰা চাবলৈ গলে গ্ৰন্থকাৰ সফল হৈছে বুলি ক’বই লাগিব৷ ভাষা, প্ৰকাশ ভংগী আদি বিষয়বোৰৰ পৰাও এইখন এখন নিঃসন্দেহে সুখপাঠ্য আৰু সংগ্ৰহযোগ্য পুথি৷

তেওঁ গ্ৰন্থখনত প্ৰথমেই লিখিছিল অসমলৈ কলিকতাৰ পৰা  অহাৰ পথ যাতায়তৰ কথা৷ তেওঁ লিখামতে কুড়িগ্ৰাম হৈ অসমৰ ধুবুৰীলৈ কলকাতাৰ পৰা উত্তৰ বংগ ৰেলেৰে আহিবলৈ বত্ৰিশ ঘণ্টা লাগিছিল৷ ধুবুৰীৰ পৰা গুৱাহাটী, শিৱসাগৰ, ডিব্ৰুগড়, তেজপুৰলৈ যাবলৈ ষ্টীমাৰ পোৱা যায়৷ ষ্টীমাৰত কেবিন, প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণীৰ ব্যৱস্থা আছে৷ ধুবুৰীৰ পৰা গুৱাহাটীলৈ কেবিনত বিৰাশী টকা আঠ অনা, প্ৰথম শ্ৰেণীত চৌৰাল্লিশ টকা আঠ অনা, দ্বিতীয় শ্ৰেণীত সোতৰ টকা চাৰি অনা, তৃতীয় শ্ৰেণীত দহ টকা দু অনা ভাড়া আছিল৷

গ্ৰন্থখনে গ্ৰামাঞ্চলৰ সেইসময়ৰ অৰ্থনৈতিক-সামাজিক দিশটোৰ বহু বিষয় অৱলোকন কৰিছে৷

গ্ৰন্থখনে গ্ৰামাঞ্চলৰ অৰ্থনৈতিক দিশটোৰ কথা উল্লেখ কৰিবলৈ গৈ দোকান পোহাৰবোৰৰ এক সম্যক বৰ্ণনা ডাঙি ধৰি কৈছে যে চহৰ কিম্বা গ্ৰাম্যঞ্চলতো কেঞা (মাৰোৱাৰী) আৰু ঢাকায়া (ঢাকাৰ পৰা) মহাজনেই প্ৰধানতঃ দোকান পোহাৰ দিছিল৷ ঠায়ে তেওঁলোক থকা ঠাইবোৰক কেঞাপতি আৰু  ঢাকায়াপতি নামেৰে নামাংকৃত আছিল৷ অসমৰ বেছিভাগ  গ্ৰাম্যঞ্চলৰ ঘৰ দুৱাৰ বাঁহ, বেতেৰেই সাজিছিল৷ ঠায়ে ঠায়ে, হাবিৰ মূল্যবান কাঠেৰে হাউলী হেন বিষয়া, মৌজাদাৰৰ ঘৰ আছিল৷ কামৰূপৰ ঠায়ে ঠায়ে বৌদ্ধ ধৰ্মৰ প্ৰভাৱ পৰা বুলি উল্লেখ কৰি চুবুৰীয়া ভূটানৰ পৰা ভূটীয়াসকল হয়-গ্ৰীৱ মাধৱৰ মন্দিৰলৈ আহিছিল৷ সেইসময়ত হয়-গ্ৰীৱ মাধৱ মন্দিৰৰ  উপাৰ্জন ৰাজ্যখনৰ এক নম্বৰ স্থানত আছিল৷

তেওঁ অঞ্চলে অঞ্চলে সপ্তাহটোৰ  বিভিন্ন বাৰত গাঁৱৰ কৃষক ৰাইজৰ উৎপাদিত সামগ্ৰী বেছিবলৈ বজাৰ আছিল বুলিও উল্লেখ কৰিছে৷ এই বজাৰবোৰ বাৰ অনুযায়ী বা ঠাইখনৰ নাম অনুযায়ী নিৰ্ধাৰিত আছিল৷ এই বজাৰবোৰত কৃষক ৰাইজে হাঁহ-পাৰ, ধান, চাউল, তামোল-পান, আলু-ডাইল আদি বিক্ৰী কৰিবলৈ নিছিল৷ তেওঁলোকে বিক্ৰী কৰিবলৈ বজাৰ সোমালেই মহলদাৰৰ মানুহক ধাৰ্যকৰামতে কৰ দিব লাগিছিল৷

লেখক বিদ্যাৰত্নই পৰিভ্ৰমণ কালত ঠায়ে ঠায়ে কেইবাখনো মেলা দেখা বিষয়টো সাৱলীলতাৰে উল্লেখ কৰি এইবোৰ ধৰ্মীয় মেলা বুলিছে৷ তেজপুৰৰ ফালে তিনিখন, শদিয়াত এখন, ওডালগুৰিত এখন, নগাঁৱত এখন মেলা হোৱাৰ কথা লিখিছে গ্ৰন্থখনত৷ এই মেলালৈ দূৰৈৰ পৰাও বেপাৰী আহি স্থানীয়ভাবে উৎপাদিত সামগ্ৰী (বিশেষকৈ ৰেচমী কাপোৰ, লা, মছলা, মহিলাৰ আঅলংকাৰ আদি)কম দামত ক্ৰয় কৰেহি৷ এনে কেইবাখনো মেলাত হেনো বিনিময় প্ৰথাও দেখিছে লেখকে৷

প্ৰতিখন জিলাতে কেইবাখনো মৌজা থাকে৷ মৌজাবোৰ মৌজাদাৰে চম্ভালে৷ ৰামকুমাৰ বিদ্যাৰত্নই লিখামতে তেতিয়াৰ দিনত মৌজাদাৰৰ বেতন নাছিল৷ এওঁলোকে শতকৰা দহ টকা হিচাবত কমিছন পাইছিল৷ অতিৰিক্ত টকাৰ বাবে শতকৰা পাঁচটকাকৈ কমিছন পাইছিল৷ হিচাপ আদি চোৱাৰ বাবে মহৰী পাই পায়৷ বসতি মাটি থকা মিটিৰ প্ৰতি বিঘাৰ খাজনা মাহেকত এটকা, কিন্তু নগৰত হ’লে দুটকা ধাৰ্য কৰা হৈছিল৷ বংগদেশীয় জমিদাৰসকলৰ তুলনাত এই মৌজাদাৰসকল প্ৰজাপীড়ক নাছিল৷

তেওঁ লিখামতে সেই সময়ত প্ৰদেশৰ বাহিৰৰ বেপাৰীও অসমলৈ আহিছিল উৎপন্ন দ্ৰব্য সংগ্ৰহ কৰিবলৈ৷ তেওঁলোকে গাঁৱে গাঁৱে ঘূৰি লা, ৰবৰ, ৰেচমী কাপোৰ সংগ্ৰহ কৰি ষ্টীমাৰত তুলি এইবোৰ কলিকতালৈ লৈ গৈছিল৷ এওঁলোকক বাঁইয়া বোলে৷ অসমলৈ প্ৰতি সপ্তাহতে এনেদৰে দুখনকৈ ষ্টীমাৰ আহে৷ এইখনতে কলিকতাৰ পৰা বিবিধ সামগ্ৰী আমদানি হৈ থাকে৷ আনহাতে অসমৰ পৰা চাহ, ৰবৰ, হাতীদাঁত, লা আদি ৰপ্তানি হৈ থাকে৷ বিদ্যাৰত্নই কোৱামতে এই আমদানিকৃত সামগ্ৰীৰ দাম ইয়াত যথেষ্ট কৰে কেঞা আৰু ঢাকায়া সকলে৷ বংগদেশৰ তুলনাতেই অসমত সামগ্ৰীৰ দাম দুগুন বুলিছে৷

পৰিব্ৰাজক ৰামকুমাৰ বিদ্যাৰত্নই গ্ৰন্থখনত লিখিছে- স্থানীয় কৃষকসকল কিছু এলেহুৱা আৰু তেওঁলোকে সৰহকৈ  ধান উৎপাদন কৰিবলৈ নিবিচাৰে৷ কোনো কৃষকৰ ঘৰত যদি এবছৰ জোৰাকৈ ধান থাকিল আৰু কোনোমতে যদি তাৰ দ্বাৰা পেট পোষণৰ সম্ভাৱনা থাকিল, তেন্তে তেওঁলোকে আৰু সৰহ পৰিমাণে শ্ৰম কৰাৰ ইচ্ছা নকৰে৷ আনহাতে কৃষকসকলৰ অভাৱো কম৷ গৃহিনীসকলে কাপোৰ কানি ঘৰতে প্ৰস্তুত কৰি দিয়ে, ..কলগছৰ পৰা খাৰ তৈয়াৰ কৰে, নিমখৰ সলনি এই খাৰেই ব্যৱহাৰ হয়৷ এই লোন ভাততে বেছি পৰিতৃপ্তি হয় লাভ কৰে৷ ইয়াৰ উপৰি যদি কিবা উপকৰণ থাকে, তেনেহলেতো আনন্দৰ সীমা নাথাকে৷ তেনে স্থলত একমাত্ৰ ব্যয় হয় আফিং বা কানিৰ নামত৷ আফিঙেই এই দেশৰ সৰ্বনাশ কৰিলে৷ তেওঁ দেখামতে চহা ৰাইজে সন্ধিয়া খুব বেছি আঠ বজাতেই বিছনাত পৰিছিল, কেৰাচিন তেলৰ অভাৱত আৰু দিনত পথাৰত কৰা কামৰ হেঁচাত টোপনি আহিছিল বাবেই কিজানি এনেদৰে সোনকালে শুইছিল৷ গাঁৱৰ মানুহবোৰে কুকুৰাই ডাক দিয়াৰ লগে লগেই শুই উঠিছিল, দুই এটা কানীয়াইহে দেৰিলৈকে শুইছিল বুলিও উল্লেখ কৰিবলৈ পাহৰা নাই পৰিব্ৰাজকজনে৷

অসমৰ গাওঁবোৰত ’অৰীতিয়া সেৱা’ দেখিছিল:

ৰামকুমাৰ বিদ্যাৰত্নই পৰিভ্ৰমণ কালত অসমৰ গাওঁবোৰত ’অৰীতিয়া সেৱা’ দেখিছিল বুলিও উল্লেখ কৰিছিল৷ এই আচৰিত ধৰ্মটি বৌদ্ধধৰ্মৰ তান্ত্ৰিকতাৰে সিক্ত আছিল বুলিছে লেখকে৷ ই প্ৰাচীন অসমত চলা ৰাতিসেৱাৰ দৰে অনুষ্ঠান বুলিয়েই ভাবিছো৷ অসমত ৰাতিসেৱাৰ ঐতিহ্য বিচাৰ কৰাবলৈ ’গোপন সাধনা ৰাতিসেৱা’ শীৰ্ষক ড° নিৰ্মল প্ৰভা বৰদলৈৰ কিতাপখনত পালো৷ ই বৌদ্ধ ধৰ্মৰ হীনযান, মহাযান, সহজযানৰ লগত মিহলি হোৱা তান্ত্ৰিকতাৰেই নাম৷ ইয়াক গোপনে গুৰুৰ নিৰ্দেশত গ্ৰাম্যসমাজত অনুষ্ঠিত কৰা হয়৷ বুদ্ধৰ মৃত্যুৰ পিছত কামাখ্যাতো তন্ত্ৰবাদৰ কেন্দ্ৰবিন্দু আছিল৷ ইয়াত গোৱা নামবোৰ প্ৰতীকধৰ্মী আৰু যৌনগন্ধী৷ হাতত সাজৰ বাটি, পাতত কাচ লৈ ভকত ভকতনীয়ে  ঘূৰি ঘূৰি নাম গায়, ইও এক প্ৰকাৰ ভক্তিয়েই৷ ৰামকুমাৰ বিদ্যাৰত্নই লিখিছেঃ “এই অৰিতীয়া সেৱাত এজনী তিৰোতা মানুহৰ প্ৰয়োজন, সেই তিৰোতাজনীৰ নামেই ভক্তিমাতৃ৷“

তিৰোতাসকলক কেইবাবাৰো অত্যন্ত কৰ্মপটু, পৰিশ্ৰমী বুলিছে:৷

অসমৰ বিভিন্ন ঠাই ঘূৰি পকি খোৱাপানীৰ সমস্যাও দেখিছিল লেখকজনে৷ গ্ৰন্থখনত তিৰোতাসকলক কেইবাবাৰো অত্যন্ত কৰ্মপটু আছিল বুলিছে লেখকজনে৷ ঘৰৰ চৌহদ চাফ চিকুণ কৰা, কাপোৰ বোৱা, জাল- জাকৈ – পলো আদিৰে মাছ মৰা, পলু পালন কৰা, পথাৰত ভুঁই ৰোৱা কোনোটো কামতে পিছপৰা নাছিল এই প্ৰদেশৰ নাৰী৷ ৰামকুমাৰে লিখিছিল, “ইয়াত স্ত্ৰী-পুৰুষৰ সমবেত চেষ্টা আৰু যত্নৰ দ্বাৰা সংসাৰ কাৰ্য নিৰ্বাপিত হয়৷ তথাপি মোৰ বিবেচনাত পুৰুষসকলৰ তুলনাত স্ত্ৰীসকল বেছি কৰ্মপটু, পৰিশ্ৰমী, সুচতুৰা আৰু কাৰ্যকুশলী৷ এই দেশৰ এলেহুৱা কৃষকসকলক তেওঁলোকৰ পত্নীসকলে সকলো কামতে সহায় নকৰাহেতেন অন্নৰ অভাৱতে মৰিব লাগিলহেঁতেন৷“

আনহাতে বিবিধ সূতাৰে মহিলাসকলে এড়ী ছাদৰ, ৰিহা-মেখেলা, এণ্ডি চাদৰ তৈয়াৰ কৰিছিল৷ তেতিয়াৰ দিনত গ্ৰামাঞ্চলত মুগা সূতাৰ এক সেৰত বাৰ-ষোল্ল টকা, মেজাংকৰী সূতাৰ একসেৰত বত্ৰিশ টকাৰ পৰা চল্লিশ টকা, এড়ী সূতাৰ একসেৰত আঠ টকাৰ পৰা দহ, পাত সূতাৰ একসেৰত চব্বিশ টকাৰ পৰা বত্ৰিশ টকা পৰ্যন্ত মূল্য আছিল৷ ৰামকুমাৰ বিদ্যাৰত্নই লিখিছিল- এড়ী সূতা কটা কাম অত্যন্ত জটিল৷ কোনো কোনো সময়ত একোজোপা এড়ীগছৰ পৰা এপোৱা (দুশ পঞ্চাশ  গ্ৰাম) পৰ্যন্ত এড়ী সূতা প্ৰস্তুত কৰিব পাৰি৷ এই গছজোপা আঠ- দহ হাত পৰ্যন্ত ওখ হয়৷

চহা ৰাইজৰ বিহুৰ আভাস দিছে গ্ৰন্থখনে-

ৰঙালী বিহু এসময়ত কিছুসংখ্যক অসমৰ মানুহেই এলাগী কৰিছিল বুলি আমি বিহুৰ ইতিহাস বিষয়ৰ পুথিত পঢ়িবলৈ পাওঁ, সম্ভৱতঃ এই সময়খিনিতেই  ৰামকুমাৰ বিদ্যাৰত্নই অসমলৈ আহিছিল আৰু সেয়েহে লিখি থৈ গ’ল, “শুনিবলৈ পোৱা যায় যে বিহুৰ নৃত্য ভূমি অত্যন্ত কুৎসিৎ আৰু গীতবোৰো যথেষ্ট অশ্লীল৷ এই পৰ্বত এওঁলোক ইমান অশ্লীল হৈ উঠে যে পৰ্বদিনত আনন্দ উৎসৱৰ বাদে একোৱেই নকৰে৷ উজনি অসমত বিহু পৰ্ব উপলক্ষে নিম্ন শ্ৰেণীৰ লোকসকলে মানৰ অত্যাচাৰ আৰু মণিৰাম দেৱানৰ মৃত্যু ঘটিত গীত পৰিবেশন কৰি ভদ্ৰলোকৰ ঘৰৰ পৰা অৰ্থ সংগ্ৰহ কৰে আৰু অৱশিষ্ট অৰ্থ সকলোৱে মিলি ভগাই লয়৷“

এই প্ৰদেশত স্ত্ৰীশিক্ষাৰ আদৰ  দেখা নাছিল-

ৰামকুমাৰ বিদ্যাৰত্নই তিনিবাৰকৈ অসমৰ চুকে কোণে ঘূৰি দেখিলে যে অসমীয়া মহিলা কামিলা কিন্তু সিমান অলংকাৰ প্ৰিয় নহয়৷ তেওঁলোকে শৰীৰটো আবৃত কৰি ৰাখি ভাল পায়৷ তেওঁ লিখিছে, “কোনো ভদ্ৰলোকৰ স্ত্ৰী বা পত্নী যেতিয়া গাঁৱৰ বাহিৰলৈ যায়  আৰু সংগতি সম্পন্ন ঘৰৰ তিৰোতা হলে তেওঁৰ মূৰৰ ওপৰত এটি ছাটত ধৰি এজনী দাসী বা সহচৰী লগত যায়৷ ছাতিটো সহচৰীৰ হাততে থাকে, যেতিয়া এজন ভদ্ৰলোকৰ লগত সাক্ষাৎ দিয়ে সেই মুহূৰ্তত ছাতিটোৱে ভদ্ৰমহিলাৰ মুখ ঢাকি ৰাখে৷

ৰামকুমাৰ বিদ্যাৰত্নই তিনিবাৰকৈ অসমৰ চুকে কোণে ঘূৰি দেখিছিল যে এই প্ৰদেশত স্ত্ৰীশিক্ষাৰ আদৰ নাই৷ এই প্ৰদেশত স্ত্ৰীশিক্ষাৰ আদৰ থকাহেঁতেন অসমৰ স্ত্ৰীজাতিৰ অৱস্থা আৰু উন্নত হ’লহেঁতেন৷

মুঠতে, আমি গ্ৰন্থখন পঢ়ি এইখনে ঊনবিংশ শতিকাৰ চহা জীৱনৰ সমাজ, সংস্কৃতি প্ৰকাশত এশ শতাংশই সফল হৈছে বুলিবই লাগিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক