এখন চিঠিৰ কথাৰে (ইন্দ্ৰনীল গায়ন)

মৰমৰ
অৰুন্ধতী,
আশাকৰো কুশলে আছা, আজি বহুদিনৰ মূৰত তোমালৈ বুলি চিঠিখন লিখিলোঁ।
তুমি আহিবা বুলি তোমাৰ ঘৰৰ পদূলিমুখেৰে অহা যোৱা কৰিয়েই পাৰ হৈ গ’ল পূজাৰ দিনকেইটা, আগৰ চিঠিখনত তুমি পূজাত আহিম বুলি কৈছিলা গভীৰ আস্থা, আৰু বিশ্বাসেৰে। সেই আস্থা, আৰু বিশ্বাসেৰেই ময়ো অপেক্ষাৰত ????
কিন্তু, তুমি নাহিলা, চিঠি এখনো নিলিখিলা।
জানাই দেখোন মই তোমাক….???
তথাপি, কিয় জানো কেতিয়াবা এনে লাগে তুমি যেন মোৰ পৰা লাহে লাহে দূৰলৈ গৈ আছা, বেয়া নাপাবা, মই অনুভৱ কৰা কথাটোহে ক’লোঁ, হয়তো তুমি নহাৰ বাবেই মোৰ অভিমানবোৰ ক্ৰমে বাঢ়ি গৈছে।
কি হ’ল কি ভাবিছা ……
ধেৎ ময়ো যে ইমান দিনৰ মূৰত তোমালৈ চিঠিখন লিখিছোঁ, তোমাৰ মনটোত দুখ দিবৰ বাবেহে ভাবিবও পাৰা ইমান খং ,অভিমানেৰে লিখা চিঠি নপঢ়োঁ যা !!!
হয়তো?
ধূলি ধূসৰিত স্মৃতিৰ পেৰাটোৰ পৰা দুখবোৰ নিগৰি আহিছিল !!
গোপনে উচুপি উঠিছা চাগৈ তুমি…
মই ..??
মইতো দেখা নাই……
 
মই যে তোমাক বহুদিন দেখা নাই, সেইবাবেই এই অভিমান, তুমি কেৱল ভুল নুবুজিবা!!
কেতিয়াবা কিয় জানো এনে লাগে মই যেন মাথোঁ অন্তহীন অপেক্ষাৰ শীৰ্ষস্থানত ৰৈ থকা এজন বাট হেৰুওৱা পথিকৰ দৰেই…..
বুকুৰ পৰা বুকুলৈ সীমাহীন যন্ত্ৰণা, তুমি অনুভৱ কৰানে মোৰ দৰেই।
ভবাটো নহয় কেতিয়াও, কেৱল হৈ যায়.. নহয় নে…???
সেইদিনা হঠাতে খিড়িকীখনৰে সোমাই অহা বৰষুণৰ টোপালবোৰে মোক স্পৰ্শ কৰিছিল।
আস..
মই যেন আকৌ অনুভৱ কৰিছিলো সেই দিনটো জানানে??
তুমি য়ে চিঞৰি চিঞৰি কৈছিলা,
“ মই তোমাক ভালপাওঁ”
পাহাৰৰ ইটো-পাৰৰ পৰাও ভাঁহি আহিছিল
সেই একেই কন্ঠস্বৰ: মই…………….!!
সেয়া যেন জীৱনৰ এক অনন্য সুখময় সময় আছিল..
ভালপোৱা.. ভালপোৱা… ভালপোৱা…..
ময়ো বুজি পাওঁ বাংগালোৰ আমাৰ অসমৰ দৰে নহয় !! প্ৰতিটো মুহূৰ্ততেই যেন একো একোটা নতুন প্ৰত্যাহ্বান !! পৰিৱৰ্তনশীল সময়ৰ সৈতে আগবাঢ়ে আমাৰ জীৱনৰ পথ, ঠিক সেইদৰে আমিও আগবাঢ়োঁ!!
কিয়নো….
আশাৰ পৰিধিৰেই আৰম্ভ হয় জীৱন।
আজিলৈ আহিছোঁ
তোমাৰ চিঠি পোৱাৰ আশাৰে!!
ইতি,
তোমাৰ
অনিৰ্বাণ
২৮/১০/২০১৩
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক