এখন চিঠি- কিছু আবেগ কিন্তু বাস্তব… (গৌৰী শংকৰ কলিতা)

শ্ৰদ্ধাৰ শিক্ষক -শিক্ষয়িত্ৰীসকল,
গৰম বন্ধ শেষ হল। আপোনালোক সকলো আকৌ বিদ্যালয়লৈ আহিছে। আমাৰ আৰু বিদ্যালয়লৈ যোৱা নহ’ব। আমাৰ মানে মই পখিলা, ৰংমন, ফৰিদা আৰু জুনু। বন্ধৰ আগতেই জানিছিলোঁ তথাপি আশা কৰিছিলোঁ আপোনালোকক লগ পোৱাৰ কিন্তু নহ’ল। মোৰ মা বহুত দিন ধৰি বিচনাত কিবা দুৰাৰোগ্য বেমাৰত। দেউতাই আজিকালি ৰাতি প্ৰায়ে ঘৰলৈ নাহে। দাদাই সৰু পাণ-তামোলৰ দোকান এখন দিয়ে। আগতে মায়ে আনৰ ঘৰত কাম কৰিব গৈছিল। এতিয়া মা নৰিয়াত পৰাত ময়ে যাব লগা হৈছে কাম কৰিবলৈ নহ’লে মাৰ লগতে সৰু ভণ্টি দুজনী লঘোণ পৰিব। খুব কষ্ট কৰি অষ্টম মান শ্ৰেণীলৈ পঢ়িলোঁ। বিশ্বাস কৰক, উপায় থাকিলে পঢ়া নেৰিলোঁহেঁতেন! মই য’ত থাকোঁ তাত মোৰ লগৰ বা মোতকৈ অলপ ডাঙৰ সকলোৱে পঢ়া এৰি দিছে, কাৰণ আমাৰ সকলোৰে ঘৰত অভাৱ। দুবেলা দুমুঠি খোৱাৰ চিন্তাই পঢ়াৰ কথা সকলোকে পাহৰাই ৰাখে।
ৰংমনৰ ককায়েকে গুৱাহাটীত গাড়ী চলাইছিল কিন্তু এক্সিডেণ্টত ভৰি দুটা হেৰুৱাবলগীয়া হ’ল। এতিয়া সি হোটেল এখনত সোমাইছে। এই মাহত বোলে শ্বিলঙলৈ যাব কিবা কাম পাইছে। সি সেইদিনা লগ পাওঁতে কৈছিল আমি ইমান দিনে পঢ়া-শুনা নকৰি কাম শিকাই ভাল আছিল। তাৰ কথাত হয়ভৰ দি ফৰিদায়ো কৈছিল, “আমাৰ কথা কোনে বুজে, মানুহে কয় ইচ্ছা থাকিলে পঢ়া শুনা হয়, চেষ্টা কৰিব লাগে কিন্তু আমাৰ সংসাৰবিলাকে অন্য কথাহে কয়। আমাৰ দৰে যিবিলাকে বাহিৰত কাম কৰিবলৈ নাযাওঁ ঘৰৰ দেউতা-দাদাহঁতৰ আলপৈচান ধৰোঁতে যায় (লগতে দবি ধমকি আছেই) পঢ়া শুনাৰ কথা ক’লে কয়, ল’ৰা-ছোৱালীয়ে পঢ়ি কি কৰিব? কাম কৰিব লাগে খাব লাগে, ছোৱালীবিলাকতো কান্ধৰ বোজা, বিয়াৰ পিছত সংসাৰ কৰিব।”
আচলতে অভাবেই আমাৰ একমাত্ৰ সমস্যা নহয়, আমি যি সামাজিক পৰিবেশত ডাঙৰ হৈছোঁ তাত পঢ়াৰ কোনো পৰিবেশ নাই। আমি সৰুৰ পৰা সংসাৰ, বিয়া শৰীৰৰ খেলাত অভ্যষ্ট হৈ যাওঁ। জুনুৰ কথা শুনক, তাইৰ মাকে যিঘৰ মানুহৰ ঘৰত কাম কৰিছিল, মাকৰ লগত তায়ো গৈছিল। সেই ঘৰৰ ভদ্ৰলোকজনে জুনুৰ গাত হাত দিছিল। মাকক সেই কথা জনোৱাত মাকে একো নক’লে আৰু পিছদিনা গা অসুখ বুলি তাইক অকলে যাবলৈ দিছিল। এদিন দেউতাকৰ বয়সৰ সেই মানুহজনে তাইক বিয়াৰ প্ৰস্তাব দিছিল আৰু মাকে তাইৰ কোনো কথা নুশুনি সন্মতি দিলে।
জানো এইবিলাক সমস্যা সমাধানৰ উপায় আপোনালোকৰ হাতত নাই। আমাৰ দেশত ছয়ৰ পৰা চৌধ্য বছৰৰ শিশুৰ বাবে ‘শিক্ষাৰ মৌলিক অধিকাৰ আইন’ প্ৰবৰ্তিত হৈছে। তথাপি আমাৰ দৰে ল’ৰা-ছোৱালীবিলাকে পঢ়া এৰিবলৈ বাধ্য হৈছে। আমাৰ সামাজিক পৰিবেশবিলাক যদি অলপ সলনি হ’লহেঁতেন? অন্য ল’ৰা-ছোৱালী বা আপোনালোকক দেখিলে আমাৰো ইচ্ছা যায় পঢ়া-শুনা কৰিবলৈ, ডাঙৰ মানুহ হ’বলৈ। কিন্তু আমাৰতো সপোনতো কেতিয়াও দিঠক নহয়। গতিকে যিসকল বিদ্যালয়লৈ যায় তেওঁলোকে ভাগ্যবান। বাদ দিয়ক এইবোৰ কথা, এই সৰু মুখেৰে ইমান ডাঙৰ কথা শোভা নাপায়। তথাপি আমি বাস্তবৰ লগত মুখামুখী হৈ সৰুতে বহুত কথা শিকিছোঁ। এই গৰম বন্ধলৈকে আমি বিদ্যালয় আহিলোঁ, খুব বেছি শিকিব নোৱাৰিলোঁ কিন্তু যিখিনি শিকিলোঁ সেয়াই আমাৰ বাবে যথেষ্ট। বহু কষ্ট কৰি বহীবিলাক যোগাৰ কৰিছিলোঁ তাত বেছি লিখা নহ’লেই। আপোনালোকে বিদ্যালয়ত যি শিকাই আমাক ঘৰত পঢ়িব কয়, কিন্তু আমাৰ ঘৰত ক’ত পঢ়িম! আন লৰা-ছোৱালীখিনিক ভালকৈ পঢ়াব।
আপোনালোক চাগে’ বিদ্যালয়লৈ আহিছে। আমি আৰু ডেস্ক বেঞ্চত বহিব নোৱাৰিম, ভাবিলে বহুত বেয়া লাগে। উপায় নাই আমি যাব নোৱাৰিম। আপোনালোকৰ কুশল কামনা কৰি,
 
ইতি,
পখিলা

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments