এখন চিঠি, পুৰণি ডাক-টোপোলাৰ পৰা: (অঞ্জল বৰা)

এখন চিঠি, পুৰণি ডাক-টোপোলাৰ পৰা:
-অঞ্জল বৰা
বৰষুণে ধোৱা ৰাতি এটাত তোমালৈ কিছু অনুভৱ………!!
বৰষুণে ধোৱা নে বৰষুণত জুৰুলি জুপুৰি হোৱা ৰাতি? পাৰেনে এনে এটা ৰাতিয়ে সংগোপনে প্ৰিয়জনৰ কথা ক’ব? সুধিলোঁ সন্মুখলৈ ফালি ফালি বৰষুণৰ তালে তালে নাচি বাগি কথা কোৱা আঁহতৰ সমস্ত সেউজীয়াক৷ সুধিলোঁ ৰাতিটোক পহৰা দি থকা নিয়ন লাইটকেইটাৰে টোপনীত আলজাল দি থকা কিবা এক বিষন্নতাৰ ঢৌৱে কোবাই থকা সমস্ত হালধীয়াক৷ পাৰে পাৰে !! বৰষুণত ভিজি ভিজি মাতাল হোৱা এটা ৰাতিয়েই ক’ব পাৰে বহুত প্ৰেমৰ অমৰ গাথা৷ ডাণ্টে-ব্ৰিয়েটিছৰ কথা আৰু যে ক’ত কি….? ভাবিছা চাগৈ অকস্মাতে মই ইমান আৱেগিক হৈ গ’লোঁ কিয়? চিঠি লিখিবলৈ ভাষা নোলোৱা মোৰ মুখৰ প্ৰতিটো শব্দৰ মাজতেই দেখোন সোমাই আছে কবিতা..৷ কবিতা নে মোৰ অনুভৱৰ গভীৰতা? অনুভৱ কৰিবলৈ মানুহক নিঃসঙ্গতাৰ প্ৰয়োজন৷ চৌপাশে বিৰাজ কৰা মোৰ অদ্ভুদ নিঃসঙ্গতাই মোক বহু কথা অনুভৱ কৰিবলৈ শিকাইছে৷ মানুহৰ জীৱনৰ কথা, আশা-আকাঙ্খাৰ কথা, পোৱা নোপোৱাৰ কথা৷……… মই তোমাক ভাল পাওঁ… একেবাৰে সঁচা অন্তৰেৰে….৷ সেয়ে ভগৱানৰ ওচৰত দুহাত মেলি আকুলভাৱে প্ৰাৰ্থনা কৰোঁ… তোমাক যেন কেৱল তোমাৰ বাবে জীয়াই থাকিবলৈ শক্তি দিয়ে৷ তুমি এজন শক্তিশালী পুৰুষ হোৱা, যিয়ে কাৰো অনুকম্পা, সহাঁৰি নাপালেও জীৱনক সুন্দৰভাৱে চলাই নিব পাৰে৷ তুমি তোমাৰ বাবে এটা সুদৃঢ় ঠিকনা প্ৰস্তুত কৰিব পাৰা৷ যাতে মই গৌৰৱ কৰিব পাৰোঁ… এইয়া তুমি মোৰ কেৱল মোৰ…৷ তোমাৰ মাৰ দেউতাই মুৰ তুলি ক’ব পাৰে এইয়া কেৱল আমাৰ কেৱল আমাৰ..!!!
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক