এখন ডায়েৰীৰ ইতিবৃত্ত…..(৮) (অনামিকা বৰুৱা)

জপাই থ’লোঁ ডায়েৰীখন। বিষণ্ণ হৈ উঠিল মোৰ আবেলিটো। এয়াও কি সম্ভৱ! অকণমান উদাসীনতা, অকণমান অসহযোগিতাই এনেদৰে এটা জীৱনৰ সেউজীয়াবোৰ শুহি নিব পাৰেনে? এনে হোৱাৰ কথাতো নাছিল! কিয় হ’ল? যিজনী ছোৱালীয়ে মৃত্যুৰ নামেই শুনিব খোজা নাছিল সেইজনী ছোৱালীয়ে নিজৰ কবৰ নিজেই খান্দি ল’লে। সস্নেহে হাত মেলি ল’লে মৃত্যুৰ আলিংগন। এনে কি হ’ল? অজানিতে খামোচ মাৰি ধৰিলোঁ বুকুখন। ভাৱ হৈছিল বিষত ফাটি চাৰিফাল হৈ যাব মূৰটো মুহূৰ্ততে। কি দুখ কি য্ন্ত্ৰণা লুকাই আছিল মোৰ জোনাৰ সেই সৰল হাঁহি ভৰা চকুদুটাত! কি শক্তিৰে বান্ধি ৰাখিছিল তাই নিজকে মৃত্যুশয্যাত; শুইয়ো মাৰিছিল সেই নিষ্পাপ হাঁহি! কি সাহেৰে পাৰ কৰিলে তাই অকলশৰে ধুমুহাই ঢাকি পেলোৱা সময়বোৰ? ক’ত পালে তাই সেই উদ্যম যিয়ে তাইক মৃত্যুঞ্জয়ী কৰি তুলিলে? তাইতো তেনেই আলসুৱা আছিল! কিন্তু সঁচাই জানো তাই জয়ী হ’ল? নাই নহ’ল। আচলতে তাই হাৰি গ’ল। আৰু হাৰিম বুলিয়ে তাই চাগে পণ কৰি লৈছিল। নহ’লে এনেকুৱা এটা শুধৰাব নোৱাৰা ভুলৰ বলি কেতিয়াও নহ’লহেঁতেন। জীয়াই থকা কি ইমান টান? নহয় নহয় কেতিয়াও নহয়।

 

অসহায় হৈ চোতাললৈ ওলাই গ’লোঁ। দেখিলোঁ জানমণিয়ে মেঘালীৰ সৈতে তাৰ ৰঙা বলটো খেলি আছে। মোক দেখি দৌৰি আহিল সি। সাৱটি ধৰিলে মোক।

: তুমিও আমাৰ লগত খেলিবা মা?
: উম্‌.. খেলিম জানমণি।
: বাঃ কি মজা। পেহী তুমি অকলে এক পাৰ্টি আৰু মা-মই এক পাৰ্টি দেই।
: আৰে সেইটো কেনেকৈ হ’ব! কেতিয়াও নহ’ব। গেজু হ’ব এইটো।
: হ’ব না পেহী নহ’লে মায়ে আকৌ কান্দিব! প্লিজ্‌।
: জানমণি, চোৱা বগলী।
: ক’ত ক’ত?
: সৌৱা আকাশত এজাক বগলী ঘৰলৈ উভতি গৈছে। গোৱা গোৱা বগলী বগা বগ্‌ দি যা-

জঁপিয়াই উঠিল জানমণি আনন্দতে। কোলাত উঠি তাৰ অকণি অকণি হাত দুখনেৰে মেৰিয়াই ধৰিলে মোৰ ডিঙিত। হেঁপাহত সাৱটি ধৰিলোঁ তাৰ কোমল দেহাটো মোৰ বুকুৰ মাজত। অকণমান আকাশখন মোৰ! আবৰি আছে মোৰ আৰু প্ৰশান্তৰ পৃথিৱী। এতিয়াও প্ৰশান্তৰ আহি পাবৰ নাইহোৱা। এনেয়ে জানমণিক কোলাত লৈয়ে পদূলিলৈ আগবাঢ়ি গ’লোঁ। উদং আলিবাট। জিত্‌ আৰু মিতুলৈ মনত পৰিল। কি কৰিছে বাৰু সিহঁত দুটাই এতিয়া? পাৰিছেনে মাক নোহোৱা ঘৰখনত উশাহ ল’ব? কি বা খাইছে কেনেকৈ বা আছে? মোৰ মাতৃ হৃদয় কঁপি উঠিল সিহঁত দুটাৰ কথা ভাবি।

সঁচাই মানুহ এক অন্তহীন সাঁথৰ। মানুহে চাগে নিজেই নাজানে নিজৰ মনৰ খবৰ। কেতিয়া কোন ঘাটত পেলাব লাগিব জীৱনৰ লংগৰ। পাৰ হৈ যোৱা সময়ৰ অভিজ্ঞতাই মানুহক পৰিপক্ক কৰি তোলে জীৱন সংগ্ৰামত অৱতীৰ্ণ হ’বলৈ। শিকনি দিয়ে ঘাত-প্ৰতিঘাতৰ মুখামুখি হ’বলৈ। প্ৰতিকূল অৱস্থাকো নিজৰ বল-বুদ্ধিৰে আয়ত্বৰ ভিতৰলৈ আনিব পৰাটোতেই চাগে মানুহৰ কৃতিত্ব প্ৰকাশ পায়। সেয়ে চাগে মানুহক জীৱ্শ্ৰেষ্ঠ বুলি কোৱা হয়। শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰি জয়ী হোৱাজনক সৌভাগ্যৱান বুলি কোৱা হয়। কিন্তু সকলো চাগে এনে সৌভাগ্যৰ গৰাকী নহয়। সকলোৱে বাচি ল’ব নোৱাৰে জীৱনৰ সেন্দুৰীয়া পথ। যি পথে জীৱনলৈ পোহৰ নমাই আনে। অসহায়বোধ কৰিলোঁ আকৌ এবাৰ।

সময়ে সকলোকে সহনশীল কৰি তোলে। সময়ৰ এই এটা ডাঙৰ গুণ। জোনাৰ চকুদুটাই মগজুত থিতাপি লৈ আছে যদিও লাহে লাহে বুকুৰ ঢৌবোৰ শাম কাটি আহিছে। একপ্ৰকাৰ সবল কৰি তুলিছোঁ মনটোক ডায়েৰীৰ পৃষ্ঠাকেইটা সোনকালে লুটিয়াই যাবলৈ।

১৬ মে’/২ জেঠ: অঞ্জু বা’ৰ বিবাহ বাৰ্ষিকী। বৰকৈ কোৱাত নিশা থকাকৈ গ’লোঁ আমি। ওচৰ-পাজৰৰ দুঘৰমান মানুহ আৰু ভিনিদেউৰ লগৰ দুটামান পৰিয়াল। হাঁহি-ধেমালিৰেই পাৰ হ’ল সময়খিনি। বা’ৰ ল’ৰাটো বৰ মৰমলগা হৈছে। অলপ দুষ্টও হৈছে। মোক দেখি চিনাকি মানুহখিনিয়ে খা-খবৰ ল’লে। এবছৰ হ’বৰ হ’ল এতিয়াও মোৰ কোলা খালি হৈ থকাৰ কথাটোৱে সকলোৰে মুখত অগ্ৰাধিকাৰ পালে। সকলোৱে কিবা নহয় কিবা এষাৰ ক’লে। মই বেঙীৰ দৰে হাঁহি মাৰিয়েই সকলোৰে প্ৰশ্নৰ উত্তৰ দিলো। কিনো কম আৰু! এনেও কোনোবাই বিয়া হোৱা কিমান দিন হ’ল বুলি সোধাৰ পাছত ল’ৰা-ছোৱালীৰ কথা সোধেই দেখোন। অভ্যাস হৈ গৈছে প্ৰশ্নটোৰ মুখামুখি হওঁতে হওঁতে। এইটো বাধ্যবাধকতা নে প্ৰয়োজন- সন্দেহ হৈ যায় মোৰ কেতিয়াবা। কিন্তু মাতৃ হোৱাৰ বাসনা এটাই ক’ব নোৱাৰাকৈয়ে আমনি কৰিবলৈ ধৰিছে মোক। কল্পনা কৰোঁ নিজক মাতৃৰ ৰূপত। এটা ৰঙচুৱা দেৱশিশুৱে মোৰ কোলা শুৱনি কৰিব। বুকুৰ অমৃত পাণ কৰি ডাঙৰ দীঘল হ’ব। মোৰ অস্তিত্বই মোৰেই সন্মুখত জীৱন্ত ৰূপত আত্মপ্ৰকাশ কৰিব। কেনে হ’ব বাৰু? মলয়ৰ ফালে চালোঁ। নিচিন্ত মনে শুই আছে। কি এক নিৰ্বিকাৰ মানুহ। কোনো কথাক লৈ কেতিয়াও উদ্বিগ্ন নহয় মলয়। খাইছে শুইছে বচ্‌ গৈ আছে দিনবোৰ। কাৰো কোনো কথাত মূৰ ঘমাবলগীয়া নাই। অনাহক টেনচন কঢ়িওৱাৰ পক্ষপাতী মুঠেও নহয়। আচৰিত লাগে মোৰ। আনকি খোৱা-বোৱা পিন্ধা-উৰাতো তেনেকৈ কোনো ৰুচি নাই। এদিন আজৰি পৰত মলয়ৰ কাণ চোৱাইছিলোঁ এই কথাটো। কিন্তু মলয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। বৰং ক’লে, ইমান খৰধৰ কৰিব লগা কি আছেনো? বয়স পাৰ হৈ যোৱা নাই নহয়। তাৰপাছত আৰু মোৰ ক’বলগা একো নাথাকিল। বিয়াৰ পাছত সন্তান নোহোৱাৰ কথাটোৱে সদায় পত্নীগৰাকীকে কিয় আক্ৰমণ কৰে? পতিগৰাকীক কিয় নকৰে? সন্তান এটা জন্ম দিবলৈ পতি-পত্নী দুয়োজনৰে সহযোগ নালাগে জানো? তথাপি প্ৰতি মুহূৰ্ততে পত্নীয়েই সমাজৰ বাসিন্দাসকলৰ অন্তহীন প্ৰশ্নবাণৰ মুখামুখি হ’ব লগা হয়। শাৰীৰিক খুঁত থাকক বা নাথাকক সমাজৰ নিন্দা পত্নীয়েই মূৰপাতি ল’ব লগীয়া হয়। কন্যা সন্তান হ’লে তাৰবাবে সন্মুখীন হ’ব লগীয়া ভয়াবহ পৰিস্থিতিৰ কথা নকলোৱেই যেনিবা। সন্তানহীন হ’লে মাত্ৰ সন্তানৰ কামনাত পতিয়ে দ্বিতীয় বিবাহ কৰিব পাৰে। সমাজে তাৰ অনুমতি দিয়ে। কিন্তু সেই একে কাৰণতে পত্নীগৰাকীয়ে দ্বিতীয় বিবাহ কৰিলে সেইয়া সমাজে সহজে মানি ল’ব নোৱাৰে। এতিয়াও সমাজৰ শাসনভাৰ পুৰুষৰ হাততেই যেন ন্যস্ত হৈ আছে। অথচ সমাজ বুলি ক’লে পুৰুষ-নাৰী নিৰ্বিশেষে সকলোৰে তাত অৱদান থাকে। দিনটো যেনে তেনে কাটি যায় অফিচৰ কামৰ ব্যস্ততাত। ৰাতিহে বেবেৰিবাং ভাৱবোৰে জুমুৰি দি ধৰে। বিয়াগোম ঘৰটোত আমি দুটা মানুহ। ঘৰখন পৰিপাটি কৰি খোৱা-বোৱাৰ যোগাৰ কৰাৰ পাছত মোৰ কাম বেছি নাথাকেগৈ। মলয়ে চাহ খাই উঠিয়েই টিভি লগাই বহি লয়। দেশ-দুনীয়াৰ খবৰ লয়। সেইয়া শেষ হ’লে ডব্লিউ.ডব্লিউ.এফ চায়। ৰিম’ট পকায় পকায় খেল চায়। এঘাৰমান বজাত ভাত খায়। তাৰপাছত মোৰ কাম শেষ হোৱালৈ ৰৈ থাকে। শোৱাৰ আগতে মোক বিচাৰিবলৈ পাহৰি নাযায়। কেতিয়াবা বিৰক্তি লাগে মোৰ। যেন ময়ো ঘৰখনৰ নিৰ্জীৱ পদাৰ্থবোৰৰ দৰে হৈ পৰিছোঁ। মলয়ৰ প্ৰয়োজন পূৰোৱাৰ আহিলা এটা। মলয়ে কিয় বিয়া পাতিছিল বাৰু? পুৰুষক বাৰু সন্তানহীনতাই নুচুৱেগৈ নেকি? তেওঁ কেনেকৈ ইমান উদাসীন হৈ থাকিব পাৰে? নিমিলা অংকটোৰ উত্তৰ নিবিচৰাই ভাল। চাকৰিটো নোপোৱাহ’লে কি কৰিলোঁহেঁতেন বাৰু?

বাইদেউৰ পৰা অনা কোক‌শাস্ত্ৰখন মেলি ল’লো। পঢ়ি চাই চকু কপালত উঠিলগৈ। যিসোপাহে নীতি-নিয়ম আছে ইয়াত এনেকৈ হ’লে মোৰ মাতৃ হোৱাৰ বাসনা কোনোদিনেই পূৰ নহ’ব সেইয়া নিশ্চিত। মলয় আৰু মোৰ অনুভৱৰ কোনোখিনিতেই মিল নাই দেখোন। আনকি একান্ত নিবিড় মুহূৰ্ততো মই কোনো উত্তেজনা অনুভৱ নকৰোঁ। জড় পদাৰ্থৰ দৰেই নীৰৱে পৰি ৰওঁ। তেনে মই কেনেকৈ মাতৃ হম? অপূৰণ হৈ ৰ’ব নেকি মোৰ মাতৃত্বৰ কামনা? মাতৃ মানেই সৃষ্টি। এটা নতুন জীৱৰ অগ্ৰগতি। মানুহে কয় মাতৃ হ’লেহে নাৰী জীৱনে পূৰ্ণতা পায়। কি কৰা যায়? কাৰ লগত আলোচনা কৰিম মোৰ অভাৱবোৰৰ কথা? মোক এজন বন্ধু লাগে? নে সংগী লাগে? কি ভাবিছো এইবোৰ? দিতি নাই জানো! মোৰ জীৱনৰ পৰম সত্য, মোক আশৈশৱ মৰমৰ উমেৰে উমাল কৰি ৰখা সেই একেজনী পাগলী দিতি! কিন্তু তাইৰ স’তে এইবোৰ কথা পতা যায় জানো? তাই জানো পলকতে বুজি নুঠিব মোৰ শূন্যতাখিনি যিখিনি মই কাকো দেখুৱাব নোৱাৰোঁ। তাই চাগে সপোন দেখিবলৈ শিকিছে ভৱিষ্যতৰ। সুখ হওক তাইৰ। তাইৰ সুখেই মোৰো সুখ। তাইক আমনি নকৰোঁ। নকওঁ একো। কাৰণ নক’লেও জানো মোৰ দুখে তাইকো শালি পেলাব। কি ঠিক তাই হয়তো খঙত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি পেলাব। পৰিণাম যিয়ে নহওক মোৰ বাবে তাই কোনো আপোচ কৰিবলৈ ৰাজী নহয়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments