এখন ডায়েৰীৰ ইতিবৃত্ত (৯ আৰু ১০) – অনামিকা বৰুৱা

এখন ডায়েৰীৰ ইতিবৃত্ত (৯ আৰু ১০)

– অনামিকা বৰুৱা
২২ জুলাই: আমাৰ বৈবাহিক জীৱনৰ এটা বছৰ সম্পূৰ্ণ হ’ল। ৰাতিপুৱাতে দীপৰ ফোনটো পাই মনটো ভাল লাগি গ’ল। অলপ দেৰিকৈ অঞ্জুবায়েও ওলগ জনালে। এজন এজনকৈ আপোন বুলি ভবা সকলোৱে মৰম আৰু শুভেচ্ছা জনালে। এই দিতিজনীৰহে কোনো খা-খবৰ নাই। ক’ত বা কি কৰি আছে এইজনীয়ে! আজিকালি চিঠি-টিঠিতো নিদিয়েই, আনকি ফোন এটাও নকৰে। কৰিলেও চমুকৈ দুষাৰমান পাতিয়েই থৈ দিয়ে। আচলতে দীঘলীয়াকৈ কথা পাতিবলৈ মইহে ভয় কৰোঁ। তাইৰ লগত কথা পাতিলে ভিতৰি ভিতৰি সন্ত্ৰষ্ট হৈ থাকোঁ কিজানি তাই মোৰ শূন্যতাৰ উমান পায়! গা ধুই চাকি গছ জ্বলাই দি ভাবি আছোঁ আজিৰ দিনটোত কিবা বিশেষ কৰিব পৰা যায় নেকি? পাৰি নেকি অলপ গতানুগতিকতাৰপৰা ফালৰি কাটিব? ভাৱ এটা আছে যদিও মলয়ে যে তাত সন্মতি দিব সন্দেহ আছে। দেখা যাওক কি হয়গৈ। মলয়ৰ বাৰু মনত আছে নে আজিৰ দিনটোৰ কথা!
মলয় আৰু মোৰ মাজত কোনো ধৰণৰ মিল নাই। কথা-বতৰা, ৰুচিবোধ একোৱে নিমিলে আমাৰ। অদ্ভূত ধৰণেৰে নিৰ্বিকাৰ মলয় সকলো কথাৰ প্ৰতি। হাঁহেৰেও ৰাজী, মাহেৰেও ৰাজী। ভাতৰ পাতত বহি আজিলৈ একো এটা আপত্তি কৰা নুশুনিলো। পিন্ধা-উৰাৰ ক্ষেত্ৰতো দেখোন উদাসীন। কিতাপ-পত্ৰও নপঢ়ে। টি.ভি.ত বাতৰি চায় অৱশ্যে। বাহ্যিক জগতৰ লগত তেওঁৰ সম্পৰ্ক সিমানেই যেন লাগে মোৰ কেতিয়াবা। তেওঁৰ তেনেকৈ কোনো নিৰ্দিষ্ট বন্ধু নাই। অথচ কথা পাতি খুব ভাল পায় মলয়ে। চিনাকি-অচিনাকি বুলি কথা নাই মানুহ এজন লগ পালেই হ’ল আৰু। কথা আৰম্ভ হৈ যায় মলয়ৰ। খুব কৌতুহলেৰে লক্ষ্য কৰোঁ মাজে মাজে মলয়ক। ইটো-সিটো কথা সোধোঁ। কথাৰ ফাঁকে ফাঁকে মলয়ে কৈ যায় শৈশৱৰ কষ্টকৰ দিনবোৰৰ কথা। মাক-দেউতাকক হেৰুৱাই কেনেকৈ ককায়েক-ভনীয়েক চাৰিটাই দিন পাৰ কৰিছিল, কেনেকৈ সংসাৰ চলাব নোৱাৰি ককায়েকে কম বয়সতেই বিয়া পাতিব লগা হৈছিল, বৌৱেকে কেঁচুৱা চাব লাগে বুলিয়েই কেনেকৈ ভনীয়েকক পঢ়া-শুনা কৰাৰ পৰা বঞ্চিত কৰিছিল, কেনেকৈ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈকে মলয়ে আনৰ পথাৰত হালোৱা খাটিছিল। চাকৰি বিচাৰি আহি লঘোণে-ভোকে কেনেকৈ এই ঠাই পাইছিল তাকো কয়। কথাবোৰ শুনি শুনি মলয়লৈ মায়া ওপজে মোৰ। মানসিকভাৱে তেওঁক অলপকৈ আশ্ৰয় দিয়াৰ ভাৱ এটা জাগি উঠে মনৰ এচুকত। অন্তৰেৰে সৈতে স্বীকাৰ কৰি ল’বৰ যত্ন কৰোঁ আমাৰ সম্পৰ্কটোক। যিহেতুকে আমৰণ মই এই সম্পৰ্কৰ ছাঁয়াতেই কটাব লাগিব তেনে তাক অলপ সজাই পৰাই লৈ সহনীয় কৰি নোতোলোঁ কিয়! নিজৰ মাজতেই ভঙা-গঢ়া কৰি সম্পৰ্কটোক উন্নত কৰাৰ প্ৰক্ৰিয়া এটা আৰম্ভ কৰিলোঁ মোৰ ফালৰপৰাই। কাৰণ মলয়ে যে কোনোবা দিনা কিবা কৰাৰ উদ্যোগ ল’ব তাৰ ভৰসা নাই। মলয়ৰ ওচৰত সকলো গৌণ। গতিকে যি কৰিব লাগে সেইয়া ময়ে কৰিব লাগিব। আজিৰ দিনটোত মলয়ক উপহাৰ দিম বুলি কালিয়েই কবিৰঞ্জনৰ লগত গৈ মলয়ৰ জোখৰ কাপোৰ এসাজ কিনি আনিছিলো মনে মনে। খাই-বৈ উঠি অফিচলৈ বুলি ওলাই যোৱাৰ সময়ত উলিয়াই দিম। তেতিয়া হয়তো তেওঁৰ কিবা মনত পৰিবও পাৰে। বাকী ছুটি-টুটি লৈ আনন্দ উদ্‌যাপন কৰা সেইবোৰ অলীক কল্পনা।

: তুমি বজাৰলৈ কেতিয়া গ’লা ? ছাৰ্টৰ ৰঙটো বৰ ধুনীয়া দেই। থেংক ইউ।
: কালি কবিৰঞ্জনৰ লগত গৈছিলোঁ। আপোনাৰ কঁকালৰ জোখ নাজানো। এনেই আন্দাজতে আনিলোঁ। পিন্ধি চাওকচোন।

: টান হৈছে অলপ। কিমান চাইজৰ আনিছিলা?

: ৩০ চাইজ! আবেলি গৈ সলায় আনিব তেনেহ’লে।

: ক’ৰ পৰা আনিছিলা? কোম্পানী মাৰ্কেটৰ পৰা ? অকস্মাৎ বজাৰলৈ গ’লা যে ? মোকো ক’ব পাৰিলা হয়।

: বেয়া হ’ল নেকি? আনিলো আৰু। আজি কি তাৰিখ মনত আছে নে?

: ২২ জুলাই নেকি? কিয় সুধিলা?

: একো নাই এনেয়ে।
নাই, একো মনত নাই মলয়ৰ। মই মিছাতে মনতে কিবা কিবি ভাবি আছিলোঁ। জোৰকৈ মনটো জোকাৰি ঘৰটোত তলা লগাই ওলাই আহিলোঁ। অফিচলৈ গৈ বহিও গোমা হৈ থাকিল মোৰ মনটো। এয়া সম্ভৱ নে ? এনে হোৱা উচিতনে? নালাগে বাৰু একো উদ্‌যাপন কৰিব কিন্তু এবাৰ জানো চকুলৈ মুখলৈ চাব নাপায়? ফাইল এটা মেলি ল’লোঁ। মোবাইলটো বাজি উঠিল—

: তুমি মোক তেতিয়া একো নক’লা কিয়?

: কি?

: আজি যে আমাৰ বিবাহ বাৰ্ষিকী বুলি। জানাই তুমি মোৰ কথাবোৰ মনত নাথাকে বুলি।

: উম্‌

: শুনা, আবেলি তুমিও বজাৰলৈ ওলাবা। কিবা এটা তুমিও কিনিবা।

: নালাগে মোক একো। আছেই দেখোন!

: হ’ব বাৰু। পাৰিলে তুমি অলপ সোনকালে আহিবা আজি।

: চাওঁ!

ঘৰটোত সোমায়েই মাংসৰ গোন্ধ এটা আহি নাকত লাগিল। অবাক লাগিল মোৰ। মাহেকীয়া হোৱাৰ তিনিদিনৰ ভাতকেইসাঁজ ৰান্ধোতেই অৱস্থা বেয়া হৈ যায় মলয়ৰ আৰু এই অসময়ত মাংসৰ গোন্ধ! কোনোবা আহিল নেকি? খৰধৰকৈ শোৱা কোঠা পালোগৈ। নাই কোনো নাই। বেগটো থৈ কাপোৰ নসলোৱাকৈয়ে খোৱা কোঠালৈ আহিলোঁ। আজৱ কাৰবাৰ। টেবুলত কেইবাবিধো মিঠাই। টেবুলখনো ধুনীয়াকৈ সজাই থোৱা আছে। মলয়ে পাকঘৰৰ পৰা ঘামি-জামি আহি মোক দেখি ক’লে-

: সোনকালে মুখ হাত ধুই আঁহা জোনা। তোমাৰ লগত চাহকাপ খাওঁ বুলিয়েই ৰৈ আছো মই।

: কিন্তু!

: কোনো কিন্তু নাই। প্লিজ, সোনকালে ফ্ৰেছ হৈ আঁহাগৈ যোৱা।
দোধোৰ-মোধোৰ অৱস্থাৰেই কাপোৰ সলাই মুখ-হাত ধুই আহিলোঁ। তেতিয়ালৈ মলয়ে ডাঙৰ ডিচ্‌ এখনত কেক্‌ এটা সজাই লৈ মম্‌ এডাল লগাই আছিল। মলয়ে হাতত ধৰি আগুৱাই নিলে মোক। ছুৰীখন হাতত তুলি দিলে। ছুৰীখন কেক্‌টোৰ ফালে নিব লওঁতেই-

: গাধী, অকলে অকলে কাটিবি নেকি কেক্‌‍টো? একেলগে কাট।

মলয়ে মোবাইলটোৰ লাউড্‌স্পীকাৰ অন্‌‍ কৰি থৈছিল আৰু এইয়া দিতিৰ মাত। তাৰমানে তাই জানি-বুজিয়েই মোলৈ ফোন কৰা নাছিল। আৰু মলয়ে এই সকলোবোৰ কৰিছে তাইৰ কথা শুনি। সেমেকি উঠিল মোৰ দুচকু তাইৰ মাত শুনি। আকৌ এবাৰ বুকুত বাজি উঠিল তাই সততে কৈ থকা কথাষাৰ “ভালপাওঁ বুলি কোৱা নাযায়, ভালপোৱা অনুভৱ কৰা যায় বুকুৰ বাহিৰে ভিতৰে।”
মলয়ে কেক্‌ এটুকুৰা গুজি দিলে মোৰ মুখত। ক’ৰবাত বন্ধ দুৱাৰ এখন খোল খাইছে নেকি!!!

 

 

এখন ডায়েৰীৰ ইতিবৃত্ত…..(১০)

১৫ ছেপ্তেম্বৰ:

 

….প্ৰেমহীন অৰণ্যত থাকিও

প্ৰেমৰ সপোন দেখো,

তুমি কোৱা হৃদয়হীনতাৰ কথা

মই কওঁ অভিমানৰ কথা,

জোন তৰাই কাজিয়া কৰি

মিচিক-মাচাক হাঁহে,

শুকান কলিজাতো যে

হাঁহিৰ ফুল ফুলে!!!
….এনেয়ে মানুহক অন্তহীন সাঁথৰ বুলি নকয়! মই নিজকেইচোন বুজি পোৱা নাই। বিয়া হৈছোঁ, ঘৰ পাতিছোঁ, সংসাৰ কৰিছোঁ মলয়ৰ সৈতে। মোৰ দিন-ৰাতি পূৰ্ণ হৈ থাকিব লাগিছিল মলয়ৰ স্মৃতিৰে। মোৰ শৰীৰত উত্তাপ লাগিব লাগিছিল মলয়ৰ সান্নিধ্যৰ, মোৰ হিয়াত সুবাস লাগিব লাগিছিল মলয়ৰ প্ৰেমৰ! প্ৰতিটো পল, প্ৰতিটো ক্ষণ মলয়ৰ উশাহে মোক আগুৰি থাকিব লাগিছিল। তাৰ পৰিৱৰ্তে মলয় হেৰাই গৈছে গতানুগতিকতাত। মলয় মাত্ৰ এটা বৃত্তৰ কেন্দ্ৰবিন্দু হৈ ৰৈ গৈছে যাক আগুৰি মই ঘূৰি আছোঁ। মলয় মাত্ৰ এটা পৰিচয় হৈ শিৰত জিলিকি আছে। উজ্জ্বলতা নাই তাত। যেন প্ৰসাধনৰ আহিলা এটা! অথবা এসাজ কাপোৰ! যিকোনো মুহূৰ্ততে সলাই পেলাব পাৰি মলিয়ন হ’লেই! সম্ভৱ জানো! পাৰি জানো সমাজে আঁকি দিয়া লক্ষ্মণ ৰেখা লঙ্ঘন কৰিব? পাৰি জানো সমাজে নিৰ্ধাৰণ কৰি দিয়া সেই কক্ষপথ সলনি কৰিব যি পথৰ পৰা কেতিয়াও কক্ষচ্যুত হ’ব নোৱাৰি? কি বিড়ম্বনা! সুখৰ ভৰত দোঁ খাই পৰিব খোজা সময়বোৰে ভেঙুচালি কৰি কুটিল হাঁহি মাৰে। নীৰৱতাই গ্ৰাস কৰা মৌন প্ৰহৰবোৰে বিষাদৰ সুৰ এটা কঢ়িয়াই আনে। এনে হোৱা উচিতনে? কিন্তু মনে জানো উচিত-অনুচিতৰ ব্যাকৰণ মানে? কিয় এই বৈপৰীত্য? মলয় মোৰ স্বামী। মোৰ ইহকাল পৰকালৰ গৰাকী। এখন সমাজক সাক্ষী কৰি শিৰত সেন্দুৰ পিন্ধাই আমৃত্যু মোৰ সংগী হোৱাৰ প্ৰতিশ্ৰুতি দিছে। মোৰ নিৰাপত্তাৰ দায়িত্ব লৈছে। মোৰ জীৱন-যৌৱনৰ সাৰথি হৈছে। তেনেস্থলত মলয়ৰ প্ৰতি মোৰ অন্তৰত প্ৰেমতো নায়েই, সাধাৰণ অনুকম্পাখিনিও নহ’লে কেনেকৈ হ’ব? অথচ বাস্তৱত সেইয়াই সঁচা হৈ উঠিছে!!!

…..অবাক হৈয়ে লক্ষ্য কৰিছোঁ নিজকে। কোনো কাৰণ নোহোৱাকৈয়ে ক্ষন্তেকৰ বাবে হ’লেও কবিৰঞ্জনৰ সৰল হাঁহিটোৱে মনৰ মাজত দোলা দি গৈছে। দোলা দি যোৱাটোত হয়তো অস্বাভাৱিকতা একো নাছিল; কিন্তু তাৰ হাঁহিটো মোৰ  মস্তিষ্কলৈ বিয়পিবলৈ আৰম্ভ কৰাটোৱে মোক সন্দিহান কৰি তুলিছে। কোনোদিনে কোনোকথাই মুকলিকৈ পাতি পোৱা নাই তাৰ সৈতে। অফিচত থকা সময়খিনিত আন সকলোৰে লগত কৰাৰ দৰে সমব্যৱহাৰেই কৰোঁ তাৰ লগত। বিশেষ কোনো সম্পৰ্ক নাই তাৰ সৈতে! তেন্তে কেৱ্ল তাৰ কথাকেই মনলৈ আহিল কিয়? এটা কথা ঠিক যে কবিৰঞ্জন সহকৰ্মীসকলৰ মাজত সকলোৰে প্ৰিয়পাত্ৰ। ডেকাৰ পৰা বুঢ়ালৈকে, জীয়ৰীৰ পৰা বুঢ়ীলৈকে সকলোৱে তাক ভালপায়। সিয়ো সৰ্বক্ষণ তত্‌পৰ হৈ থাকে কাৰোবাক প্ৰয়োজনত সহায়ৰ হাত এখন আগবঢ়াই দিবলৈ। কি ডাঙৰ কি সৰু সকলোকে সৰলতাৰে আঁকোৱালি লোৱা কবিৰঞ্জনৰ সহজ আৰু স্বাভাৱিক ব্যৱহাৰেই তাক সকলোৰে প্ৰিয় কৰি তুলিছে। ফুৰ্তিবাজ ল’ৰা কবিৰঞ্জন। আটাইতকৈ ডাঙৰ কথা কামত খুব নিষ্ঠাবান সি। সেয়ে ওপৰৱালাসকলেও পছন্দ কৰে তাক। অফিচত থকা সময়খিনি প্ৰায় ব্যস্ততাৰে পাৰ হৈ যায়। এদিন অকস্মাত্‌ চকুত পৰিছিল কবিৰঞ্জনে একেথৰে মোলৈ চাই থকা। মোৰ চকুৱে চকুৱে পৰাত খৰধৰ‌কৈ চকু আঁতৰাই নিছিল সি। একো ভবা নাছিলোঁ সেইদিনা। কিন্তু মোৰ বিবাহ-বাৰ্ষিকীৰ দিনা যেতিয়া সি ফুলৰ কলি এটাৰে মোক শুভেচ্ছা জনাইছিল মই আচৰিত হৈছিলোঁ। সি কেনেকৈ জানিলে মোৰ বিবাহ-বাৰ্ষিকীৰ কথা! চকু টিপিয়াই সি হাঁহি হাঁহি কৈছিল ইচ্ছা কৰিলে সকলো কথাই জানিব পাৰি। তাৰ শুভেচ্ছাৰ আঁত ধৰি সকলোৱে হুলস্থূল কৰি মোৰ পৰা পাৰ্টী খাইছিল। তাৰ পাছৰ পৰাই মোৰ মাজে মাজে চকু গৈছিল কবিৰঞ্জনলৈ। আৰু যেতিয়াই মই তাৰ ফালে চাইছিলোঁ মই দেখিছিলোঁ সি মোলৈকে চাই আছে। এইবাৰ চকু আঁতৰাব লগা হৈছিলোঁ মই। অনামী লাজ এটাৰ কবলত পৰিছিলোঁ চাগে! কিন্তু কিবা এটা ভাল লাগিছিল। তাৰ কথাত তাৰ ব্যৱহাৰত মোক লৈ একধৰণৰ সজাগতা ফুটি উঠিছিল যিটোৱে হয়তো মোক তাৰপ্ৰতি আগ্ৰহী কৰি তুলিছিল। কামৰ মাজতেই কেতিয়াবা উঠি আহি কয় “হ’ল আৰু এবাৰ উঠা ইমান কাম নকৰিলেও হ’ব। অলপ জিৰণি লোৱা।” কেতিয়াবা পানীৰ বটলটো দেখুৱাই ক’ব “নোখোৱাই যদি পানীৰ বটলটো ভাৰ বৈ আনিলা কিয়?” শাৰীৰ আঁচলটো অপৰিপাতি হৈ থাকিলে ক’ব “কাপোৰ পিন্ধিলেই নহয় অলপ সজাগ হ’ব লাগে।” উজ্জ্বল ৰঙৰ কাপোৰ এসাজ পিন্ধিলে ক’ব “আজি পোহৰ পোহৰ লাগিছে।” কেণ্টিনত চাহ বা কফি খাবলৈ একেলগে গ’লে প্ৰথমে চাহ/কফিৰ কাপটো মোলৈ আগবঢ়াই দিয়ে। তাৰ লগত দুদিন বজাৰলৈ যাওঁতে দেখিছো মোৰ সৈতে সমানে খোজ দিয়া। চাবলৈ গ’লে এইবোৰ একো নহয়। কিন্তু কিয় জানো সি ভালপোৱা সি গুণগুণাই থকা গান/কবিতাৰ কলিবোৰ মোৰো গুণগুণাবলৈ মন গৈছে।
…..কথাবোৰ এনেকুৱাই চাগে! শৰীৰে এক নিদিৰ্ষ্ট ধৰ্ম মানি চলে। কিন্তু মনে কোনো ধৰ্ম মানি নচলে। শৰীৰৰ চাহিদা সীমাবদ্ধ হোৱাৰ বিপৰীতে মনৰ চাহিদা অসীম। কেতিয়া কোন মুহূৰ্তত মনৰ গতি কোনফালে ঢাল খায় আগতীয়াকৈ কোনেও ক’ব নোৱাৰে চাগে। বিয়াৰ আগলৈকে অৰূপৰ প্ৰতাৰণাই জুৰুলা কৰি ৰাখিছিল মোক। বিয়াৰ পাছত পোৱা আচহুৱা পৰিবেশটোৱে বহুদিনলৈ আছন্ন কৰি ৰাখিলে। দিন যোৱাৰ লগে লগে সলনি হোৱা চৌপাশ চিনাকি হৈ আহিল যদিও এক ধৰণৰ বিছিন্নতাই মোক নতুন সম্পৰ্কটোত লীন হ’বলৈ নিদিলে। কিবা যেন আড়ষ্টতা! পেণ্ডুলামৰ দৰেই ওলমি থাকিলোঁ বিয়া নামৰ বান্ধোনটোত। না আগলৈ যাব পাৰি না পাছলৈ যাব পাৰি। না ইয়াৰ পৰা মুক্তি পাব পাৰি না আনৰ আগত ইয়াক তুলি ধৰিব পাৰি। দুৰ্বিসহ মুহুৰ্তবোৰত দিতিলৈ বৰকৈ মনত পৰে। তাই বাৰু মোৰ এই অৱস্থাৰ কথা গম পালে কি কৰিব? ক’ব নেকি ছিঙি পেলা জোনা এই বান্ধোন য’ত তোৰ আত্মাৰ সন্মতি নাই। খহাই দে সেই সাজ যি সাজ পিন্ধিলে তোৰ উশাহ বন্ধ হোৱাৰ উপক্ৰম হয়। বন্ধ কোঠাৰ পৰা বাহিৰ ওলা। মূৰৰ ওপৰলৈ মূৰ তুলি চা নহ’লে পাহৰিবি আকাশৰ কথা। গাত ৰ’দ-বতাহ লাগিবলৈ দে নহ’লে শেঁতা পৰি যাবি। অলপ বিশুদ্ধ বায়ু সেৱন কৰি কলিজা ভৰাই ল’ নহ’লে হাওঁফাওঁত ৰোগে বাহ ল’ব। পখিলাৰ দৰেই খিল্‌খিলাই হাঁহ চকুৰ পতাত সপোনে ঘৰ সাজিব। ওঁঠত বুলাই ল’ ৰামধেনুৰ সাতো ৰং খৰাং হৈ পৰা বুকুখনে মাথোঁ সেউজীয়াৰ কথাকেই ক’ব। তই ক’ত অ’ দিতি! মই যে নিঃশেষ হৈ গৈছোঁ!!

…..পূজা বুলিয়েই কবিৰঞ্জনে লগ ধৰিছিল বায়েক-ভনীয়েকলৈ কিবা উপহাৰ কিনিবলৈ বুলি। অফিচৰ পৰা অলপ সোনকালে ওলাই দুয়োটা আগবাঢ়িছিলোঁ বজাৰ অভিমুখে। সৰু সৰুকৈ কবিৰঞ্জনে কৈ গৈছিল তাৰ শৈশৱৰ কথা। তাৰ পাছে পাছে গৈ ৰঙা-নীলা বেলুন কিনি দৌৰি ফুৰা দিনবোৰলৈ উভতি গৈছিলোঁ। দেউতাৰ সৈতে দিতিৰ সৈতে পানীৰ বেলুন কিনি খেলা খেলবোৰলৈ মনত পৰিছিল। নতুন চোলা পিন্ধি দেউতাৰ হাতত ধৰি আমি সৰুবোৰে একেলগে পূজা চাবলৈ যাওঁ। দেৱীৰ আগত থিয় হৈ খুচুৰা পইচা দলিয়াই দি দেৱীৰ আশীষ লওঁ। বুন্দিয়াৰ প্ৰসাদ খাওঁ। উভতি আহোঁতে নিজৰ নিজৰ পছন্দৰ বেলুন-পুতলা কিনো। ল’ৰাকেইটাক বন্দুক-পিষ্টল কিনা দেখি মোৰ সদায় আপত্তি। মোৰ ভয় লাগে গুলী ফুটালে। মোক জোকাবলৈকে দিতিয়েও এটা কিনো বুলি কয়। মই ৰাষ্টাতেই তাইক মাৰিবলৈ হাত দাঙো। মাৰিব হ’লে নোৱাৰোঁ। এখন জিলাপীকেই দুয়োজনীয়ে ভগাই খাওঁ। পূজাৰ কেইদিন একেখিনি কথাৰে পুনৰাবৃত্তি হয়। আবেলি হোৱাৰ লগে লগে আমাৰ খদম‌দম্‌ লাগি যায় পূজা চাবলৈ যাবলৈ। বিসৰ্জনৰ দিনা নদীৰ পাৰলৈ যাবলৈ নিদিয়ে দেউতাই। বাটৰ কাষত ৰৈয়ে দেৱীক উটুৱাবলৈ নিয়া চাওঁ। অগণন মানুহৰ সমাগম হয়। ভাল লাগে মানুহৰ ভিৰত ৰৈ দেৱীক উটুৱাবলৈ নিয়া গাড়ীবোৰৰ সমদল চাই চাই। ৰ’দত ঘাম-জামি অৱস্থা নাইকিয়া হ’লেও শেষৰখন গাড়ী নোযোৱালৈকে আমি ৰৈ থাকোঁ। শেহত আকৌ জিলাপীৰে পেট ভৰাই ঘৰলৈ উভতোঁ। শৈশৱৰ পৰা বাস্তৱলৈ উভতি আহিলোঁ দোকানীজনৰ মাতত। ধুনীয়া ধুনীয়া শাৰী দুখন পছন্দ কৰি দিয়াৰ পাছত কবিৰঞ্জনে আৰু এখন শাৰী পছন্দ কৰি দিবলৈ ক’লে। কাৰ বাবে বুলি সোধাত কোনোবা বিশেষ এগৰাকীৰ বাবে বুলি কোৱাত ময়ো খুব মনোযোগ দি শাৰী এখন বাচি দিলোঁ। দোকানৰ পৰা ওলাই আহি দুয়ো এৰাএৰি হোৱাৰ সময়্ত কবিৰঞ্জনে কোনোবা বিশেষ এগৰাকীলৈ কিনা শাৰীখন মোৰ হাতত গুজি দিলে চকুত কৌতুকৰ চিক্‌মিকনি তুলি….

 

….কোনে কয় সৰাপাতে বিদায়ৰ কথাকে কয়

হালধীয়াৰ আঁৰতো যে হৃদয় জিলিকি ৰয়!

কওঁ বুলি কোৱা নহ’ল মনৰ কথাষাৰ

তলসৰা বকুলেৰেই গাঁঠিলা হেঁপাহৰ মালাধাৰ…..
(ক্ৰমশঃ…..)

 

 

 

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments