এখন ডায়েৰীৰ ইতিবৃত্ত (অনামিকা বৰুৱা)

এখন ডায়েৰীৰ ইতিবৃত্ত

অনামিকা বৰুৱা

(৪)

সময়ে গতি সলাইছিল ।  অনিচ্ছাকৃত ভাবেই জোনা আৰু মোৰ মাজত কিছু ব্যৱধান আহি পৰিল ।  মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰিছিলোঁ ।  জোনাই আৰু পঢ়াৰ ইচ্ছা নকৰিলে ।  তাইৰ আৰ্থিক অৱস্থাই তাইৰ মনৰ দৃঢ়তাক বাধাগ্ৰস্ত কৰিলে ।  প্ৰশান্তই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধা পাই তাতে নাম ভৰ্তি কৰিলে ।  অৰূপে তাৰ কৃতকৰ্মৰ প্ৰায়চিত্ত কৰিবলৈকে নে আন কিবা কাৰণত নাজানো নিজকে আত্মগোপন কৰিলে ।  চিনাকী সকলোৰে পৰা যোগসূত্ৰ বিচ্ছিন্ন কৰি অৰূপ হেৰাই গৈছিল কোনোবা অনিশ্চয়তাত ।

বিশ্ববিদ্যালয়ত নতুন পৰিবেশ, নতুন লগ, নতুন পাঠ্যক্ৰম এইবোৰৰ লগত তাল মিলাবলৈ মোৰ অলপ খোকোজা লাগিছিল ।  ইমান দিনে প্ৰতি খোজে খোজে জোনাৰ ওপৰত নিৰ্ভৰ কৰি চলিছিলোঁ ।  জোনা নোহোৱাকৈ অকলে অকলে বিবুধিত পৰিছিলোঁ মই ।  তথাপি সামৰি আনিছিলোঁ নিজকে ।  লাহে লাহে সময়ৰ স’তে খোজ দিব পাৰিছিলোঁ ।  নতুনক আদৰি আনিবলৈ ।  প্ৰতি নিশা শোৱাৰ আগতে জোনালৈ ফোন কৰিছিলোঁ মই ।  দুই-তিনিদিনৰ মূৰে মূৰে তাইলৈ একোখন দীঘল চিঠি লিখিছিলোঁ ।  বিশ্ববিদ্যালয়ৰ প্ৰতিটো কথা প্ৰতিটো ঘটনাৰ বিৱৰণ দি তাইলৈ চিঠি লিখিছিলোঁ ।  তাইও উত্তৰ দিছিল ।  কিন্তু অনুভৱ কৰিছিলোঁ কোনোবাখিনিত তাই সংকুচিত হৈ পৰিছে ।  কিবাহে যেন তাইক টানি ধৰিছে ।  ভাৱবোৰত উদাসীনতাই ভুমুকি মাৰিছিল ।  তাইৰ মনৰ অৱস্থাটো বুজিছিলোঁ মই ।  তাইৰ কথা ভাবিয়েই সন্দিহান হৈ পৰিছিলোঁ ।  তাইৰ কাৰণে কি কৰিব পাৰোঁ অহৰহ ভাবি ভাবি সময় পাৰ কৰিছিলোঁ ।  পাছত এটা উপায় বিচাৰি উলিয়াইছিলোঁ ।  এবাৰ হোষ্টেলৰ পৰা ঘৰলৈ যাওঁতে তাই গম নোপোৱাকৈ মনে মনে তাইৰ কবিতা লিখা পুৰণা ডায়েৰী এখন মই চুৰ কৰি আনিছিলোঁ আৰু দুটামান কবিতা দুখনমান বাতৰি কাকত আৰু আলোচনীলৈ পঠিয়াই দিছিলোঁ ।  নাম আৰু মোবাইল নম্বৰ তাইৰ দিলেও যোগাযোগৰ ঠিকনা মোৰ বিশ্ববিদ্যালয়ৰ দিছিলোঁ ।  দুখন প্ৰতিষ্ঠিত বাতৰি কাকতৰ পৰা সঁহাৰি পাইছিল ।  তেওঁলোকে জোনাৰ কবিতা দুটা পূজা সংখ্যাৰ আলোচনীত দিয়াৰ কথা কৈছিল ।  অধীৰ উত্কণ্ঠাৰে মই বাট চাইছিলোঁ জোনাৰ কবিতা প্ৰকাশ হোৱালৈ ।  দৈনিক অসম আৰু জনমভূমিৰ পূজা সংখ্যাৰ আলোচনীত জোনাৰ কবিতা প্ৰকাশিত হৈছিল ।  মই পূজাৰ বন্ধত ঘৰলৈ যাওঁতে আলোচনী দুখন জোনালৈ পূজাৰ উপহাৰ বুলি লৈ গৈছিলোঁ ।  পূজা সংখ্যা দেখিয়েই তাই লগে লগে মেলি চাইছিল আলোচনী দুখন ।  কবিতাৰ সূচীত তাইৰ নামটো দেখি সন্দেহবশত: সেই পৃষ্ঠা দুটা মেলি চাই তাইৰেই কবিতা আবিষ্কাৰ কৰি কান্দি পেলাইছিল আনন্দত ।  মোক জোৰকৈ ভুকু এটা দিছিল তাই- মোক নোকোৱাকৈ তই এইবোৰ কেতিয়া কৰিলি বুলি ।  পাছ পাকতে গোটেই ঘৰখনকে চিঞৰি চিঞৰি তাই তাইৰ কবিতা আলোচনীত প্ৰকাশ হোৱাৰ সুখবৰটো দিছিল ।  বৰমাই তাইৰ হাঁহিৰে উদ্ভাসিত মুখখন দেখি মোৰ মূৰত হাত ফুৰাই মোক সাবটি ধৰিছিল ।  দীপে আহি মোক পাৰ্টি খুজিছিল ।

অন্য এখন দুৱাৰ খুলি দিছিলোঁ জোনাৰ বাবে মই ।  ব্যস্ত হৈ পৰিছিল তাই ।  তাইৰ কবিতাৰ গুণগ্ৰাহীৰ সংখ্যাও বাঢ়ি আহিছিল ।  অকস্মাতে‌ স্থানীয় হাই-স্কুলত সহকাৰী শিক্ষয়িত্ৰীৰ পদ এটা খালি হোৱাত জোনাই জইন কৰিছিল তাত ।  জোনাৰ মনাকাশ আৰু অলপ মুকলি হৈছিল ।  ভাৱনাৰ জগতখনত নতুন নতুন কথা নতুন নতুন অভিজ্ঞতা সংযোগ হৈছিল ।  জোনাই চিঠিত তাইৰ অনুৰাগী পাঠকৰ কথা লিখে ।  তাইৰ মোবাইলত পোৱা অসংখ্য মেছেজৰ কথা লিখে ।  স্কুলত মুখামুখি হোৱা বিচিত্ৰ অভিজ্ঞতাৰ কথা লিখে ।  তাইৰ চিঠি পঢ়ি সুখী হওঁ মই ।  তাইৰ হাঁহিবোৰ অনুমানতে বুকুত সাবটি তাইলৈ আৰু অলপ মৰম সামৰি থওঁ অজানিতে ।  তাইৰ হাঁহিৰ পম খেদি মই মোৰ পাঠ আওৰাওঁ ।  বিশ্ববিদ্যালয়ৰ সুদীৰ্ঘ আৰু জটিল পাঠ্যক্ৰমৰ অনুশীলনত ব্যস্ত হৈ পৰোঁ ।  লগৰবোৰৰ লগত নোটচ্‌ৰ বিনিময় কৰোঁ ।  ছাৰ-বাইদেউসকলৰ লগত টান বিষয় লৈ আলোচনা কৰোঁ ।  নিশা দুপৰলৈ কিতাপ পঢ়োঁ ।  বিশেষ একো নভবাকৈয়ে উজ্জ্বল ভৱিষ্যতৰ পৰিকল্পনা কৰোঁ ।  লগৰবোৰক দেখি কেৰিয়াৰৰ সন্ধান কৰোঁ ।  চাকৰিৰ বাবে আবেদন কৰোঁ ।  অযথা ব্যস্ত হৈ পৰোঁ ।  যেন তাকে নকৰিলে মই ক’ৰবাত হাৰি যাম ।  নিচা লাগি যায়…

বিশ্ববিদ্যালয় উচ্চশিক্ষা লাভৰ স্থান ।  সকলোৱে ন ন সপোন বুকুত বান্ধি ভৰি দিয়েহি বিশ্ববিদ্যালয়ৰ মাটিত ।  কোনে কোন প্ৰান্তৰ পৰা, কি পৰিবেশৰ পৰা আহি কাৰ লগত কেনেকৈ যে লগ লাগে আৰু তেনেই আপোন হৈ পৰে ভাবি অবাক লাগ মোৰ ।  সকলোকে দেখি-শুনি ময়ো ন উদ্যমেৰে জীৱ্নৰ ৰং বুটলাত অগ্ৰসৰ হওঁ ।  বিশ্ববিদ্যালয়ৰ মুক্ত বতাহে মোকো উৰণীয়া কৰি তোলে ।  বিশ্ববিদ্যালয়ৰ অলিয়ে-গলিয়ে যেন ঘূৰি ফুৰে নাম নজনা এক আবেশ ।  চকু মুদিলেই চুই যায় কিবা এটাই ।  নজনাকৈয়ে মোৰ বাবে কঢ়িয়াই আনে অনেক বিস্ময় ।  তাত ইন্ধন যোগাই প্ৰশান্তই ।

প্ৰশান্ত!!!!

প্ৰথম দিনা তাক মোৰ হোষ্টেলৰ পদূলি মুখত দেখি আচৰিত হোৱাৰ লগতে অলপ খঙো উঠিছিল ।  কিন্তু কিয় খং উঠিছিল মই নিজেই নাজানিছিলোঁ ।  তাক এশ-এবুৰি প্ৰশ্নৰে থকা-সৰকা কৰাৰ পাছতো সি যেতিয়া মোলৈ চাই চাই হাঁহি আছিল লাজ পাইছিলোঁ মই ।
: বেঙাটোৰ দৰে কি হাঁহি আছা? কথা ক’ব নাজানা নেকি? নে গুৱাহাটীলৈ গৈ কথা ক’বলৈ পাহৰি গ’লা?
: নাই পাহৰা ।  কথা ক’বলৈ তুমি সুবিধা দিলেহে মই কম ।  তেতিয়াৰ পৰা তুমিয়ে কৈ আছা দেখোন মইনো কেনেকৈ কওঁ! আৰু ইমানবোৰ প্ৰশ্ন একেলগে সুধিলা যে কোনটোৰ কোনটোৰ উত্তৰ দিম মই পাহৰি থাকিলোঁ ।  আকৌ সোধা এতিয়া কিন্তু এটা এটাকৈ ।
: ধেত্‌ আৰু একো নোসোধোঁ ।  কেতিয়া আহিলা তুমি? আৰু এতিয়াতো কোনো বন্ধ নাই তেনে কিয় আহিলা? কিবা কাম আছিল?
: নোসোধা বুলিও তিনিটা প্ৰশ্ন সুধিলা ।  তোমাৰ প্ৰথম প্ৰশ্নৰ উত্তৰ কেতিয়া মানে মই আহিয়ে আছো মানে আজি আহিছোঁ ।  ঘৰ পোৱাগৈয়ে নাই ।  বন্ধ নাই যদিও আহিলো মন গ’ল আহিবলৈ ।  থাকোঁতে কাম এটা আছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ’ল মোৰ তোমাক ল’গ পাবৰ মন গ’ল ।  সেয়ে
: কিন্তু মই এইটো হোষ্টেলত থাকোঁ বুলি তুমি কেনেকৈ জানিলা?
: তোমাৰ প্ৰতিটো কথাই মই জানো দিতি ।  তুমি কোৱাখিনি আৰু নোকোৱাখিনিও ।
: কিন্তু কেনেকৈ???

অচিনাকি হাঁহি এটাৰে প্ৰশান্তই মোক লৈ গৈছিল এখন অদেখা পৃথিৱীলৈ ।  খুলি দিছিল মোৰ বাবে বিশ্বাস আৰু আস্থাৰ এখন অবিস্মৰণীয় জগত ।  নাজানিছিলোঁ মোৰ কঠুৱা মনটোতো ইমান মৰম সোমাই আছিল বুলি ।  মৰম মানে জোনাৰ বুকুখন বুলি ভবাৰ বাহিৰে আন একো কথাই নভবা মই ভাবিবলৈ শিকিছিলোঁ মৰম মানে এখন পাৰাপাৰহীন বোৱঁতী নৈ…..

(ক্ৰমশঃ)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments