এখন ডায়েৰীৰ ইতিবৃত্ত-১ (–অনামিকা বৰুৱা)

এখন ডায়েৰীৰ ইতিবৃত্ত-১

 

অনামিকা বৰুৱা

(১)

শেষ মূহুৰ্তত খবৰটো পাইয়ে পাগলীৰ দৰে উধাতু খাই দৌৰিছিলোঁ সঞ্জীৱনীলৈ। ভাব হৈছিল যেন সকলো শেষ। মই তাইক লগ নাপামগৈ আৰু। এইবোৰৰ বাবে যেন মইয়ে দায়ী। জানি শুনিও একো এটা নকৰি তিল তিলকৈ মৰিবলৈ এৰি দিলো তাইক। চিৰিয়েদি তললৈ নামি অহা জিতে আমৈ বুলি সাবতি ধৰিলে মোক। তাক বুকুত সাবতিয়েই উঠি গ’লো দ্বিতীয় মহলালৈ। জোনালী থকা কোঠাটোৰ সন্মুখত তেতিয়া বহুত মানুহ। আকৌ উচপ খাই উঠিলো। মোক দেখিয়ে দীপে “আহা বা’ তাই তোমাৰ কথাকেই কৈ আছে”-বুলি মোক কোঠাটোলৈ সোমাবলৈ দিলে। দুৱাৰখন খুলিয়েই দেখিলো মলয় আৰু মিতুৱে তলমূৰ কৰি তাইৰ বিচনাৰ কাষতে বহি আছে। দুৱাৰ খোলাৰ শব্দত মলয়ে উভতি চালে। মোক দেখি মিতুৰ গাত হাত দিলে। দুয়ো নি:শব্দে উঠি আহিল। মিতুৱে মোৰ বুকুত সোমাই উচুপি উঠিল। মলয়লৈ চালো। চকুৰ গুৰি ক’লা পৰি গৈছে তেওঁৰ। এহাতেৰে মিতুক আঁকোৱালি লৈ মোক চকুৰে ইঙ্গিত দি ওলাই গ’ল সিহঁত দুয়ো। খং-অভিমানত হতভম্ব হৈ বাকৰুদ্ধ হৈ গ’লো মই। শুধ বগা চাদৰেৰে ঢাকি থোৱা বিচনাখনত শান্ত হৈ শুই আছে মোৰ জীৱনৰ আশৈশৱ লগৰী মোৰ প্ৰাণৰো আপোন মোৰ প্ৰতিটো সুখ-দুখৰ সাক্ষী জোনালী। মোৰ জোনা! তাইক তেনেকৈ দেখি একো কৰিব নোৱাৰাৰ প্ৰচণ্ড ক্ষোভত গালি পাৰিব খুজিছিলো যদিও অজানিতেই মোৰ দুগালেৰে বৈ গ’ল দুটোপাল অশ্ৰু। এসময়ত এটা সুন্দৰ স্বাস্থ্যৰ অধিকাৰী জোনাৰ কংকালসাৰ শৰীৰটো নিস্তেজ হৈ পৰি আছে বিচনাখনত। চকু দুটা মুদা। শুইছে নে এনেই জপাই থৈছে ধৰিব নোৱাৰি। শুকান মুখখনত তেতিয়াও জান-নাজানকৈ এটা মৃদু হাঁহি লাগি আছে। লাহে লাহে গৈ তাইৰ কাষত বিচনাতে বহিলো। কোনোবা বহাৰ উমান পাই তাই চকু মেলি চালে। মোক দেখি হাতখন দাঙিব খুজিলে। মই থাপ মাৰি ধৰিলো। হাঁহি এটা মাৰিলে যদিও চকুৰ কোণেৰে চকুলো বৈ গ’ল তাইৰ। মচি দিব খোজোতেই পাৰভঙা কন্দোনত ভাঙি পৰিলো মই। তাইৰ বুকুতেই পৰি হেঁপাহ পলুৱাই কান্দিলো। মৃত্যুশয্যাত পৰিও তাই মোক সাবতি থাকিল আলফুলে আনদিনাৰ দৰেই। এসময়ত কান্দোন সামৰি তাইলৈ চালো। সুধিলো তাইক- ‘কিয় কৰিলি এনেকুৱা? কিয় মোক নিঠৰুৱা কৰিলি? কিয় ইহঁত দুটাৰ কথা এবাৰো নাভাবিলি? কিয় পলালি এনেকৈ? মোকতো তই সদায় কৈছিলি মানৱ জীৱন এবাৰহে পায়। গতিকে সুখ-দুখক সমানে আঁকোৱালি লৈ জীৱনৰ বাট সাহসেৰে বুলিব লাগে। তেনে তই এইয়া কি কৰিলি? মোকো ফাঁকি দিলি? তোৰ কি কষ্ট হৈছে মোকতো এবাৰ কব পাৰিলি হয়! মইতো কোনোদিনে তোৰ পৰা একো কথা লুকুৱা নাছিলো। তই কেনেকৈ কৰিব পাৰিলি এই কাম? কিহে খুলি খুলি খালে তোক জোনা, যে তই নিজ হাতেৰেই নিজৰ কবৰ খান্দি ললি? ইমান নিষ্ঠুৰ কেনেকৈ হ’ব পাৰিলি তই? আমাৰ কাৰো কথা নাভাবি স্বাৰ্থপৰৰ দৰে মৃত্যুক আদৰি ললি?’ – মোৰ শেষ নোহোৱা প্ৰশ্নৰ এটাৰো উত্তৰ নিদি মোলৈ একেথৰে চাই থাকিল তাই।

বহুত সময়ৰ পাছত এটা এটাকৈ ক’লে-‘জান, দিতি জীৱনত কেতিয়াবা এনে কিছুমান মূহুৰ্ত আহে, এনে কিছু দুখ থাকে যিবোৰ আন কাৰো স’তে ভগাব নোৱাৰি। মাত্ৰ কলিজা ফাটি চিৰাচিৰ নোহোৱালৈকে অনুভৱ কৰিব পাৰি। মই জানো মোৰ কোনো নাথাকিলেও তই আছ। তোলৈ ভয় হয় মোৰ। সেয়ে তোৰ কাষৰ পৰা পলালো মই। সময় থাকোঁতে ঘূণাক্ষৰেও গম পোৱা হ’লে তই মোক আজুৰি আনিলি হয়। আৰু শেষত তইয়ে জিকিলি হয় মই জানো। যিটো মই বিচৰা নাছিলো। অভিনয় ভালপোৱা মোৰ জীৱনটোৱেই যে এদিন অভিনয় হৈ পৰিব ভবা নাছিলো। ভাগৰি পৰিলো। আৰু নোৱাৰিলো অভিনয় কৰিব। মাফ কৰি দিবি, দিতি। আজিলৈকেতো সদায় তইয়ে জিকিলি। সেয়ে এই শেষৰ খেলখনত জিকাৰ লোভ সামৰিব নোৱাৰিলো। খং নকৰিবি। মই জানো তই মোক বহুত ভাল পাৱ। তোৰ সকলো প্ৰশ্নৰ উত্তৰ এই ডায়েৰীখনতে আছে। মই যোৱাৰ পাছত পঢ়িবি। বৰ ভাগৰ লাগিছে অ’। অলপ শো দে। তই মোক সেই যে তই, মই, অৰূপ আৰু প্ৰশান্তই ধলাৰ আইথানত নোখোৱা-নোবোৱাকৈ যে চাকি দিবলৈ গৈছিলো সেই কাহিনীটো এবাৰ ক। শুনিবলৈ মন গৈছে। কিমান বছৰ হ’ল বাৰু? ২০ নে ২২ বছৰ?’

 

….. সেইদিনা বাবু পূজা আছিল বুলি আমি নাজানিছিলো। লোকে লোকাৰণ্য মানুহ দেখি আমি আচৰিত হৈছিলো। গৈ পাওঁতে অলপ পলম হোৱাৰ কাৰণে চাকি জ্বলাবলৈ ঠাই পোৱা নাছিলো। তথাপি ঠেলা-হেঁচা কৰি থানৰ পিৰালিতে আমি কেইটাই চাকি জ্বলাই সেৱা কৰিছিলো। মই আৰু প্ৰশান্তই তোক আৰু অৰূপক জোকাইছিলো। তইঁ প্ৰশান্তক মাৰিবলৈ হাত দাঙিছিলি। চাকি জ্বলাওঁতেই তাৰে কোনোবা এজনে ক’লে ৰাজহুৱা সেৱা নোলোৱাকৈ তাৰ পৰা গুচি আহিব নাপায়। দেউৰীৰ পূজা সম্পূৰ্ণ হোৱালৈকে ৰৈ আছিলো আমি। ভোক লাগিছিল যদিও ভালো লাগিছিল তেনেকৈ থাকি। ইমানবোৰ মানুহৰ ভক্তি আৰু বিশ্বাসক অশ্ৰদ্ধা কৰিবৰ মন যোৱা নাছিল। মই নাস্তিক যদিও সেইদিনা কোনো ওজৰ-আপত্তি নকৰাকৈয়ে সকলোবোৰ মানি লোৱা দেখি তোৰ খুউব ফুৰ্তি লাগিছিল। আঁৰ চকুৰে মোলৈ জুমি জুমি চাইছিলি তই, মই গম পাইছিলো। সেৱা কৰি উঠি ঘৰৰ পৰা ৰান্ধি নিয়া পুৰী আৰু আলু ভাজি খাই আমি এনেয়ে ধলা ঘাটলৈ যাওঁ বুলি জনসমাগম এৰি খোজ কাঢ়িছিলো বাটে বাটে। ধূলিয়ৰি বাট। ওপৰত প্ৰখৰ ৰ’দ। বাটত পোৱা বগৰীৰ গছ আৰু দুই এজোপা নিম গছে অ’ত ত’ত ছাঁ পেলাইছিল। অলপ দূৰ যোৱাৰ পাছতেই গৰমত অৱস্থা বেয়া হৈ গোটেইকেইটা এজোপা জোপোহা যেন লগা বগৰী গছৰ ছাঁত বহি পৰিছিলো। খোজকাঢ়ি খোজকাঢ়ি ভাগৰ লাগিছিল। ওপৰলৈ মূৰ তুলি চাই দেখো গছত তেতিয়াও বগৰী লাগি আছে। তই বা: বগৰী বুলি চিঞৰ এটা মাৰি পাৰি দিবলৈ খাটনি ধৰিছিলি প্ৰশান্তক। ছোৱালীবোৰে কিয় ইমান টেঙা খাই ভাল পায় বুলি মুখৰ ভিতৰতে ভোৰভোৰায় প্ৰশান্তই জোকাৰি দিছিল গছজোপা। পকি থকা বগৰী কেইবাটাও সৰি পৰিছিল। তই চিধাই সেইকেইটা বুটলি চাদৰত মচি লৈ খাবলৈ আৰম্ভ কৰিছিলি।

……আত্মমগ্ন হৈ কিমান সময় অকলে অকলে কথা কৈ আছিলো কব নোৱাৰো। আমৈ তুমি কাক কি কৈ আছা বুলি জিতে মোৰ গাত ধৰি জোকাৰি দিয়াতহে সম্বিত ঘূৰাই পালো। একো নুবুজি বুৰ্বকৰ দৰে তালৈ চালো। সমজুৱা কান্দোনৰ ৰোল উঠাত জোনালৈ চালো। মুখত সেই চিনাকী মিচিকিয়া হাঁহিটো লৈ চকু দুটা মেলিয়েই থৰ হৈ গৈছে জোনা। কিবা যেন এক অবুজ কৌতুহলত চিক্‌মিকাই উঠিছে তাইৰ চকুজুৰি! যেন এক ভাঙিব নোৱাৰো সাঁথৰ লুকাই আছে তাত! তাতেই ঢলি পৰিলো মই…..।

(২)

মই অদিতি বৰ্মন। অনমনীয়, জেদী আৰু খঙাল। তাই জোনালী বুঢ়াগোহাঁই। নমনীয়, শান্ত আৰু মৰমীয়াল। একোতে মিল নাই আমাৰ মাজত। মই যদি পূবেৰে যাওঁ তাই যায় পশ্চিমেৰে। মই যদি সুমেৰু তাই কুমেৰু। দেখাতো তাই বগা ধুনীয়া। মই ঠিক ঠাক আৰু। তাইৰ কথা-বতৰা আচাৰ-ব্যৱহাৰ নম্ৰ। ভদ্ৰ। অনবৰতে মুখখনত মিঠা হাঁহি এটা লাগি থাকে তাইৰ। আনহাতে মই সকলো সময়তে অস্থিৰ। অশান্ত। যেন এজাক ধুমুহা। এদিনীয়া মানুহে আমাক দেখিলে লগ পালে আচৰিত হয়। কোনো কথাতেই সামঞ্জ্যস্য নথকা আমাৰ দুজনীক যেতিয়া ভাত এটা দাঁতত লাগিলেও শ্বেয়াৰ কৰা দেখে তেতিয়া চাগে মানুহে ভাবে আমি পৃথিৱীৰ অষ্টম আচৰ্য। হয়ো কিজানি! কিন্তু যি হ’লেও আমি এজনীক এৰি আনজনী অসম্পূৰ্ণ। ইজনীয়ে সিজনীক নেদেখাকৈ এটা মূহুৰ্ত থাকিব নোৱাৰো। আমাৰ মাজত এনে কোনো অনুভৱ নাই এনে কোনো কথা নাই যিটো আমি ভগোৱা নাই। সৰুতে ককাঁলৰ খুচনিত লুকুৱাই নিয়া বগৰী, পনিয়ল, লেটেকু, লিচু ভগাই খোৱাৰ পৰা ডাঙৰ হৈ জোনাক নিশা আকাশলৈ চাই চাই সপোনো ভগাইছিলো। মই তাইৰ দৰে মানুহক মৰম লগাব নাজানিছিলো। ধীৰে-সুস্থিৰে কথা কবও নাজানিছিলো। অলপতে খং উঠে মোৰ। ফলত মানুহে মোক ভালপোৱাতকৈ বেয়াই পায় বেছি। কিন্তু মোক কোনোবাই বেয়া বুলি তাই সহ্য কৰিব নোৱাৰিছিল। সকলো সময়তে তাই মোৰ হৈ উকালতি কৰিছিল। মোৰ গাত টোপ এটাও পৰিব নিদিছিল। মাত্ৰ কেতিয়াবা মোক বুজাইছিল তোৰ এই দুৰ্বাসাৰ খংটো অলপ নিয়ন্ত্ৰণ কৰিবিচোন। এনেই তাই যি কলেও মোৰ গাত নালাগে কিন্তু দুৰ্বাসা বুলি ক’লে মোৰ খং সপ্তমত উঠে। কাৰণ এই ঋষি-মুনিসকলক মই অন্তৰৰ পৰাই বেয়া পাইছিলো। বছৰ বছৰ যুগ যুগ ধৰি সাধনা কৰা এই ঋষি-মুনিসকলে সাধাৰণ একোটা দোষতে যেতিয়া সাধাৰণ মানুহক অভিশাপ দিয়ে বা ক্ৰোধাগ্নিৰে পুৰি ছাঁই কৰে তেতিয়া তেওঁলোকলৈ মোৰ পুতৌ হয়। অত বছৰৰ সাধনাৰ অন্তত যি এক পুণ্যফল পালে তাৰে আনৰ উপকাৰ কৰাৰ সলনি ক্ষন্তেকতে এটা জীৱন শেষ কৰি পেলায়! কি আস্পৰ্ধা! পঢ়া-শুনাতো তাই চোকা আছিল। ক্লাছত সদায় প্ৰথম হয়। আনহাতে মই খেলা-ধূলা আৰু তৰ্কত ভাল। বেছি সময় ধৰি পঢ়া-শুনা কৰিব নোৱাৰো কিন্তু যিকোনো বিষয় এটাক যুক্তিৰ তুলাচনীত জুখি-মাখি চোৱাত মই তীক্ষ্ণ। অকাত্য যুক্তিৰে বয়সস্থ লোকৰ লগতো সমানে ফেৰ মাৰোঁ কেতিয়াবা। সঁচা বুলি জনা আৰু যুক্তিৰে শুদ্ধ বুলি ভবা যিকোনো কথাকে মই নিৰ্ভীকভাবে প্ৰত্যাহ্বান জনাব পাৰোঁ। সঁচা কথাক সঁচা বুলি কবলৈ মোৰ ভয় নালাগে। বোধকৰোঁ এই কথাটোৰ কাৰণেই আমি ছাঁটোৰ দৰে ইজনীয়ে সিজনীৰ লগত লাগি ৰৈছিলো। লাহে লাহে ডাঙৰ হৈ আমি কলেজ পালোগৈ। ক’লা শাখাত পঢ়া-শুনা বেছিকৈ কৰিব লাগিব আৰু দীঘল দীঘল প্ৰশ্নৰ উত্তৰ লিখিব লাগিব বুলি ভাবিয়েই মই বাণিজ্য শাখাত নাম ভৰ্তি কৰিলো। এনেও মোৰ সপোন আছিল ভৱিষ্যতে নিজা ববীয়াকৈ কিবা ব্যৱসায় কৰাৰ। কাৰণ মোৰ এই নিয়ন্ত্ৰণবিহীন খংটোৰে মই যে কোনোবা দিনা কাৰোবাৰ তলত চাকৰি কৰিব পাৰিম সেই লৈ মোৰ নিজৰেই সন্দেহ আছিল। জোনাৰ সপোন আছিল এগৰাকী সফল অধ্যাপিকা হোৱাৰ। কলেজত গৈ শাখা দুটা বেলেগ হোৱাৰ বাদে আমি একেই থাকিলো। ক্লাছ হোৱাৰ সময়খিনিৰ বাহিৰে আমি একেলগেই থাকো। কলেজত গৈ আমি সীতা ঔৰ গীতা নাম পাইছিলো। প্ৰথম বৰ্ষৰ পৰাই আমি দুয়োজনী সকলোৰে চকুত পৰিছিলো। মহাবিদ্যলয় সপ্তাহবোৰত মই কলেজৰ শ্ৰেষ্ঠ তাৰ্কিক আছিলো আৰু তাইৰ কবিতাই সদায় প্ৰথম স্থান পাইছিল। তাৰোপৰি খেলপথাৰত মই আৰু সাহিত্য আৰু অভিনয়ৰ ক্ষেত্ৰখনত তাই পাৰদৰ্শিতা দেখুৱাইছিল। গতিকে ছাৰ-বাইদেউসকলৰ লগতে সৰহসংখ্যক ছাত্ৰ-ছাত্ৰীৰে আমি প্ৰিয়পাত্ৰ হৈছিলো। হ’লেও আমাৰ আজৰি সময়ত আমাৰ মাজত কোনো সোমাব পৰা নাছিল। তাইৰ সুন্দৰ ৰূপ আৰু কবিতাই অনেকৰ মনত জোৱাৰ তুলিছিল। কিন্তু মই সকলো সময়তে অতন্দ্ৰ প্ৰহৰীৰ দৰে তাইক আগুৰি আছিলো। মোৰ ভয়তেই কোনেও তাইক কোনো কথা কবলৈ সাহস কৰা নাছিল। তথাপি তাৰ মাজতেই অৰূপে সাহস কৰি এদিন মোৰ সন্মুখতেই তাইৰ কবিতাৰ প্ৰশংসা কৰিছিল।

ওখ-পাখ সু-স্বাস্থ্যৰ অৰূপৰ পুৰুষসুলভ গহীন-গম্ভীৰ মাত-কথা বেয়া লগা নাছিল। এদিন দুদিনকৈ অৰূপো আমাৰ নাহৰৰ তলৰ, কেণ্টিনৰ আজৰি সময়ৰ অংশীদাৰ হৈছিল। আমাৰ সৈতে সহজ হৈ আহিছিল তাৰ ব্যৱহাৰ। ধনী ঘৰৰ ল’ৰা আছিল অৰূপ। হ’লেও স্বভাৱ-চৰিত্ৰত আপত্তি কৰিব লগা তেনে কোনো কাৰণ বিচাৰি পোৱা নাছিলো। ডিগ্ৰী প্ৰথম বাৰ্ষিকত এজন নতুন ল’ৰা আহিল কলেজলৈ- প্ৰশান্ত। অৰূপ আৰু প্ৰশান্তৰ ককাকৰ ঘৰ একেখন গাঁৱতে হোৱাৰ আচিলতে সিহঁত দুয়োটাৰ মাজত পুৰ্বৰে পৰাই চা-চিনাকি আছিল। অৰূপৰ জৰিয়তে এদিন প্ৰশান্তও আমাৰ নাহৰৰ তলৰ সংগী হ’লহি। প্ৰশান্তই কথা কম কয়। কিন্তু যি কেইটা কয় গুৰুত্বপূৰ্ণ কথা কয়। মই তাক বুঢ়া ডাঙৰীয়া নাম দিছিলো। প্ৰেম-ট্ৰেম এইবোৰৰ ওপৰত মোৰ আস্থা নাছিল যদিও অনুমান কৰিছিলো জোনাৰ মনত অলপকৈ হ’লেও অৰূপলৈ মৰম বাঢ়ি অহাটো। মুখ ফুটাই তাই তেনেকৈ একো কোৱা নাছিল। অকস্মাত্‌ কেতিয়াবা আমাৰ কথাৰ মাজত অৰূপৰ প্ৰসংগ আহি পৰাৰ কথাটোৱে মোক আমোদ দিছিল। জানি-শুনিয়ে মই ’হঠাত্‍ তোৰ অৰূপলৈ কিয় মনত পৰিল’ বুলি সুধিলে তাই একো উত্তৰ দিব নোৱাৰি মোক মাৰিবলৈ হাত দাঙিছিল। কিন্তু মাৰ বুলি গালখন আগবঢ়ায় দিলেই তাই ৰৈ যায়। মই সদায় তাইৰ এই দুৰ্বলতাৰ সুবিধা লওঁ। মোৰ কৰিবলৈ মন যোৱা আৰু তাইৰ কৰিবলৈ মন নোযোৱা কামবোৰ কৰাত তাইক ইমচনেল ব্লেকমেইল কৰি মই তাইৰ সন্মতি আদায় কৰোঁ। যেতিয়াই তাই কিবা কথাত আপত্তি কৰে মই দুখ লগাকৈ কওঁ-মোকতো চবেই বেয়াই পায়। এতিয়া তয়ো বেয়া পা মোক। কোনেও বুজি নাপায় মোক। এনেকৈ অকলে অকলে বাচি থকাতকৈ মৰি থকাই ভাল। চাই থাক ক’ৰবালৈ গৈ মৰি থাকিম। তেতিয়া শান্তি পাবি। আৰু তোক একো কবলৈ নাহোঁ। মোৰ কথা শুনি তাই লগে লগে টেপা মাৰি ধৰে মোৰ মুখত। তাইৰ হাতখন টান মাৰি এৰুৱাই মই কওঁ-
: আহ্‌ দুখ পাইছো! তোৰ টেপাতেই মোৰ গালৰ হাড়-মূৰ ভাগিব এতিয়া!
: ভাল হ’ব। তেতিয়াহে যদি তোৰ অলপ শিক্ষা হয়। কিমান দিন কৈছো তোক এনেকুৱা আপদীয়া কথাবোৰ কৈ নাথাকিবি বুলি। সদায় সদায় একেটা কথাকে কৈ থাকিলে মানুহৰ জীৱনত তাকেই ঘটি যায় বুলি নাজান নেকি?
: ঠিক আছে। আজিৰ পৰা আৰু নকওঁ দে। কিন্তু তইনো কিয় এইটো নকৰোঁ সেইটো নকৰোঁ কৰি থাক?
: ক’তনো কৰিলোঁ? তোৰ কথানো মই কেতিয়া নুশুনাকৈ আছোঁ? এনেই কিয় কৱ?
: তেন্তে অৰূপৰ বাৰ্থ দে খাবলৈ নাযাওঁ বুলি কৈছ যে?
: সিহঁত বৰ ধনী মানুহ অ’। তাৰ ঘৰলৈ গ’লে সহজ হ’ব নোৱাৰিম চাগে কিয় নুবুজ তই।
: তই সঁচাই গৰু। সি তোক তাৰ ঘৰলৈ কেতিয়া মাতিলে?
: আৰে বাৰ্থ দে বুলি যাবলৈ কৈছে। ঘৰলৈ যাবলৈ নকৈ আন ক’লৈ যাবলৈ ক’ব?
: তোৰ মূৰটো। বাৰ্থ দে বুলি কোৱাৰ পাছতেই তোৰ মোবাইলত ক’ল অহাত তই অলপ আঁতৰি যোৱাত তই তাৰ গোটেই কথাখিনি নুশুনিলি। সি তাৰ ঘৰলৈ নাই মতা। দিলীপ দাৰ হোটেললৈহে মাতিছে। তাকো আমি মাত্ৰ কেইটামানক। সি কোনোদিনে বাৰ্থ দে চাৰ্থ দে নাপাতে হেনো। এইবাৰ প্ৰশান্তহঁতে জোৰ কৰাত দিলীপ দাৰ হোটেলত সৰুসুৰা পাৰ্টি এটা দিব সেয়েই আৰু।
: তাকেনো তই আগৰে পৰা নাই কোৱা কিয়?
: মই কি জানো তই যে নিজে নিজে প্ৰগ্ৰেম এটা বনাই বহি আছ। ব’ল বজাৰলৈ যাওঁ। তালৈ গিফ্ট এট নিকিনিবি জানো?
: আজিয়ে কিনিবি? বাৰ্থ দে কাইলৈহে।
: অঁ আজিয়ে কিনিম। নহ’লে তোৰ বিশ্বাস নাই। কাইলৈ বা কি বাহানা বনাৱ। তোক জনা আছে মোৰ। এনেয়ে বলে নোৱাৰিলে তোৰ গা বেয়া লাগিছে বুলি কৈ দিবি আৰু মোক বুৰ্বক বনাই দিবি। ব’ল ব’ল ওলা সোনকালে। আৰু মাথা নষ্ট নকৰিবি মোৰ।

দোকানত গৈ লাগিল লেঠা। কি কোনো এতিয়া? তাই কিনে কিতাপ মই কিনো বেলেগ কিবা এটা। দোকানতে দুইজনীয়ে তৰ্ক-বিতৰ্ক কৰি থাকোঁতেই দোকানীয়ে এটা সৰু কাঁচৰ তাজমহল উলিয়াই দিলে। দেখি দুইজনীৰে পছন্দ হ’ল। সেইটোকে ল’লো। পাছত কি ভাবি জানো মই পাৰফিউমৰ বটল এটাও ল’লো। লগতে তাই গম নোপোৱাকৈয়ে এপাকত তেজৰঙা গোলাপ দুপাহ চিল্‌ভাৰ পেপাৰেৰে ধুনীয়াকৈ মেৰিয়াই কিনি ল’লো। ঘৰলৈ আহি তাইক ক’লো-
: শুন, কাইলৈ তই এপাহ গোলাপেৰে সৈতে এই তাজমহলটো দিবি আৰু মই এইপাহ গোলাপেৰে সৈতে পাৰফিউমটো দিম।
: এইবোৰ আকৌ কি? কিয় বেলেগ বেলেগকৈ দিম?
: এনেয়ে অ’। এবাৰ ভাবচোন সি বোলে কোনোদিনেই বাৰ্থ দে পাতিয়েই পোৱা নাই। তেনে প্ৰথম বুলিয়েই আমি যেনিবা দুইজনীয়ে দুটা গিফ্ট দিলো। তাৰ লগৰকেইটাই কি দিয়ে ঠিক নাই। ল’ৰামানুহ একো নিদিবও পাৰে। গতিকে আমি দিয়া গিফ্ট দুটাকে সি অন্তত: তাৰ বাৰ্থ দে পতাৰ চিন হিচাপে মনত ৰাখিব।
: হ’ব দে। তই আৰু কি কি ভাবিবি আৰু কিমান যুক্তি দিবি তাৰ শেষ নাই। মোৰ মূৰ বিষাইছে। যাম দে কাইলৈ অৰূপৰ বাৰ্থ দে খাবলৈ। সি যদি ভুলতে পাৰ্টি নিদিওঁ বুলি কয় তেন্তে তোৰ হৈ তাৰ নাকত ঘোঁচা এটা ময়ে মাৰি দিম। যা এতিয়া তই।

জয়ন্ত, বিজয়, অয়ন, ৰূপক, অনুজ, জুপিতৰা, প্ৰশান্ত, জোনালী আৰু মই আটাইকেইটাই দিলীপ দাৰ হোটেলত গোট খাইছিলো। লোকেল মুৰ্গী, মটৰ পনীৰ আৰু তন্দুৰী ৰুটীৰে আমাৰ পাৰ্টীৰ মেনু ঠিক কৰিছিল প্ৰশান্তহঁতে। তাৰ আগতে সিহঁতকেইটাই অনা কেক্‌টো একপ্ৰকাৰ জোৰ কৰিয়েই কটোৱাইছিল অৰূপৰ হাতেৰে। হৈ-হাল্লা কৰি আমি পাৰ্টী খাইছিলো। খাই শেষ হোৱাৰ পাছত প্ৰত্যেকৰে পছন্দ মতে আইচক্ৰীম খাইছিলো। আহিবৰ ওলোৱাৰ আগেয়ে অনুজে প্ৰশান্তক সুধিছিল পিছে আমাৰ বাজীটোৰ পৰিণাম কি হ’ল প্ৰশান্ত? আমি জিকিলো নে হাৰিলো? প্ৰশান্তই মোৰ ফালে আঙুলিৰে দেখুৱাই কিবা এটা ইঙ্গিত কৰি তাক চকুটিপ মাৰিছিল। কথা কি মই ধৰিব নোৱাৰিলো। আটাইকেইটা একেলগে ওলায় অহাৰ কাৰণে প্ৰশান্তক একো সুধিবও নোৱাৰিলো। মনটো খু-দুৱাই থাকিল। আহোঁতে বাটত দেখোন জোনাই উচ্‌পিচাই আছে। তাইয়ো কিবা জানে নেকি? টেন্‌চন আৰম্ভ হৈ গ’ল মোৰ কথাৰ একো আঁতি-গুৰি নাপায়। বাচৰ পৰা নামি অলপ দূৰ অহাৰ পাছতেই জোনাই মোলৈ চিঠি এখন আগবঢ়ায় দিলে। মেলি চালো। চিঠিখন পঢ়ি উঠিয়েই মই ইমান জোৰে হোঁ-হোৱাই হাঁহি দিলো যে কলিতা খুৰাই বাৰন্দাৰ পৰাই চিঞৰি সুধিলে-কি ৰস পালি অ’ দিতি? ইমান হাঁহিছ যে? কোনোমতে হাঁহি সামৰি একো নাই হোৱা খুৰা এই কিবা মনত পৰিল বুলি পাৰ হৈ আহিলো। জোনাই খঙতে চিঠিখন থাপ মাৰি পঢ়ি লৈ তাইয়ো মোৰ হাঁহিত যোগ দিলে। চিঠিখন আছিল প্ৰেমৰ চিঠি। অৰূপে লিখিছে জোনালৈ তাইৰ প্ৰেম ভিক্ষা কৰি। কিন্তু যি ধৰণে লিখিছে হাঁহিব নজনা মানুহেও এবাৰ হাঁহিব। সি লিখিছে-
”মৰমৰ জোনালী, বহুত দিনৰে পৰাই তোমাক কথা এটা কম কম বুলি ভাবি আছিলো। কিন্তু সাহস কৰিব পৰা নাছিলো। কি কৰিম কোৱা মোৰ কলিজাটো পুঠি মাছৰ কলিজাৰ সমান। সেয়ে ভয়তে তোমাক একো কব পৰা নাছিলো। কিন্তু এতিয়া কোনোমতে মৰণত শৰণ দি তোমাৰ পদূলিত ভিক্ষাৰ জোলোঙা লৈ ৰৈ আছো। তুমি যদি ৰাখী সাৱন্তৰ নিচিনাকৈ মোক খেদাই নিদি এবাৰ দিলৰ মাধুৰী দিক্ষীতৰ দৰে মোক আঁকোৱালি লোৱা কথা দিছো চাহজাহনতকৈ তিনিগুণ বেছিকৈ তোমাক ভালপাম।…….”বাৰে ভচহু কথাৰে ভৰাই লিখা চিঠিখন যে অৰূপে নিজে নাই লিখা সেইটো ধৰিব পাৰিছিলো। পাছদিনা কলেজলৈ গৈ চিধাই অৰূপক নাহৰৰ তললৈ টানি আনিছিলো মই। সিও আগৰে পৰাই তেনে এটা পৰিস্থিতিৰ কাৰণে প্ৰস্তুত হৈয়ে আছিল। মোক একো কবৰ সুবিধা নিদিয়াকৈয়ে সি ক’লে-
: মই জানো অদিতি, চিঠিখন পঢ়ি তুমি এনেকৈ ৰিয়েক্ট কৰিবা বুলি। কিন্তু বিশ্বাস কৰা সেই চিঠিখন মই লিখা নাছিলো। চিঠিত কি লিখিছে মই তাকো নাজানো। ইহঁত প্ৰশান্তহঁতে মোৰ লগত বাজী মাৰিছিল তুমি হেনো জোনালীৰ বডিগাৰ্ড। তোমাক ফাঁকি দি তাইৰ চুলি এডালো কোনেও চুব নোৱাৰে। যদি বাৰ্থ দে পাৰ্টীত মই তোমাক নেদেখাকৈ জোনালীক চিঠিখন দিব পাৰোঁ মোৰ পাৰ্টিৰ বিল ইহঁতে পৰিশোধ কৰিব আৰু নহ’লে ৰাতি মই ইহঁতক স্পেচিয়েল পাৰ্টী দিব লাগিব। সেইকাৰণ বাৰ্থ দে পতাৰ আইডিয়াটো ইহঁতৰ আছিল।
অৰূপক টানি অনা দেখিয়েই প্ৰশান্তও আহি আমাৰ কাষ পাইছিলহি। অৰূপৰ কথা শেষ হোৱাৰ লগে লগেই সি ক’লে-”এইয়া এক নিৰ্দোষ ধেমালি। ইয়াত ইমান চিৰিয়াছ হৈ বেয়া পাব লগা একো নাই। কিন্তু এইটো সঁচা যে ই অৰূপে জোনালীক ভালপায়। অথচ সেইকথাটো সি তাইক মুকলিকৈ কব নোৱাৰে তোমাৰ ভয়ত। গতিকে তাৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ ইয়াতকৈ ভাল পথ আৰু নাপালো। তুমি যদি ভাবা ইয়াকে কৰোঁতে কিবা ভুল হ’ল তেনে মাফ কৰি দিবা। তথাপি মোৰ ফালৰ পৰা কব খোজো প্ৰেম-ভালপোৱা হৃদয়ৰ এক নিষ্কলুষ অনুভূতি। যাক জোৰকৰি কাৰোপৰা আদায় কৰিব নোৱাৰি। এখন হৃদয়ৰ অনুভূতি যেতিয়া নিজে নিজে আন এখন হৃদয়ত প্ৰতিবিম্বিত হয় তেতিয়াই চাগে প্ৰেম হয়। অৰুপৰ দিন-ৰাতি উশাহ-নিশাহ সকলোতে জোনালী সোমায় পৰিছে। জোনালীক বাদ দি ই এতিয়া আন একো কথাই ভাবিব নোৱাৰা হৈছে। আৰু এই বয়সত প্ৰেম হোৱাটোতো কোনো অপৰাধ নহয়। বাকী তুমি বা জোনালীয়ে যি বুজা বুজা। তুমি মাত্ৰ এবাৰ জোনালীক সুধি চোৱা তাইৰ অন্তৰে কি কয়? তাইৰ বুকুতো অৰূপৰ নামে ঢৌ তোলে নে? যাদি নোতোলে মই কথা দিছো অৰূপক সামৰি ৰখাৰ দায়িত্ব মোৰ। আজিৰ পিছত অৰূপ বা মই কোনেও কেতিয়াও তোমালোকক এই কথা লৈ বিভ্ৰান্তিত নেপেলাওঁ।” -কথাখিনি শেষ কৰি প্ৰশান্তই মোৰ পাছলৈ দৃষ্টি দিয়াত মই উভতি চালো। মোৰ পাছফালে জোনা ৰৈ আছে। তাই কিন্তু মোলৈ বা প্ৰশান্তলৈ চাই থকা নাই। চাই আছে অৰূপলৈ। কোনেও কাকো উত্তৰ দিব ল’গা নহ’ল….।

ক্ৰমশ:

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক