এখন ডায়েৰীৰ ইতিবৃত্ত (৩): অনামিকা বৰুৱা

এখন ডায়েৰীৰ ইতিবৃত্ত (৩)

অনামিকা বৰুৱা

সেইদিনা কলেজৰ পৰা উভতি আহোঁতে দুয়োজনীয়ে হাঁহি হাঁহি উভতিছিলোঁ| ওৰে বাটে তাইক কামোৰ দি আহিছিলো মই| মোৰ হাতখন কুটকুটাই আছিল জোনাক ঢকা এটা মাৰিবলৈ| বাচৰ পৰা নামিয়েই আমাৰ ঘৰলৈ অহা বাটটোৰে অলপ আহিয়েই তাইক ঢকা এটা মাৰি কৈছিলোঁ—
: বাপ্ৰে তইতো কম বস্তু নহৱ! তলে তলে ইমান কাণ্ড কৰি বহি আছ আৰু মই গমেই নাপাওঁ! ঠিক আছে ভাল পাইছ পা| মন দিয় হৃদয় দিয় যি দিয় দি থাক, কিন্তু খবৰদাৰ মোৰ ঠাইত তাক নবহোৱাবি| ভুলতো যদি তাক মোৰ ঠাই দিয় কাটি পেলাম তোক|

হাঁহি সামৰি গহীন হৈ মোৰ হাতত ধৰি কৈছিল জোনাই—

: পাগলী! তোৰ ঠাই আন কোনেও ল’ব নোৱাৰে দিতি| তই নাজান নেকি তই মোৰ হৃদস্পন্দন বুলি? প্ৰাণত স্পন্দন নাথাকিলে জানো জীৱন থাকে? তোৰ বাহিৰে মোৰ আৰু কোনো নাই দিতি….

আবেগিক হৈ দুয়োজনীয়ে সাবটি ধৰিছিলো দুয়োজনীকে| অলপ পৰৰ পাছতেই দুইজনীয়ে আকৌ হাঁহি উঠিছিলো মুক্ত কণ্ঠেৰে| দম দিছিলো তাইক-

: অই আজি তই মোক পাৰ্টি দিবি কিন্তু! নহ’ল চবকে কৈ দিম তোৰ কথা|
: নিদিওঁ যা পাৰ্টি| এইটো কিবা এটা পাৰ্টি খোৱা কথা হ’ল নেকি? কাক কি কৱ কবি যা| মই জানোৱেই তই মোৰ কথা কাকো একো নকৱ বুলি! মিছাতে এনেই ভয় নুখুৱাবি|
: আৰে পাৰ্টি কিয় নাখাম কচোন? দস্তুৰমত খাম| মোৰ মন গৈছে| নকওঁ দে কাকো একো| সেইবুলি তই মোক পাৰ্টি নিদিবি নেকি? দিবি হাঁ?
: দিম যা| তোৰ পৰা আৰু মোৰ শান্তি নাই|

আবেলিলৈ আমি পাৰ্টি খাইছিলোঁ| জোনাই স্পেচিয়েলকৈ ভজা পকৰি আৰু গাখীৰ চাহ| পিয়াঁজ সৰহকৈ দি তাই বেচনৰ পকৰি ভাজে| বৰ সোৱাদ হয় খাবলৈ| ময়ো ভাজো তেনেকৈ কিন্তু তাই ভজাৰ দৰে কেতিয়াও নহয়| আৰু ইলাচী দি তৈয়াৰ কৰা তাইৰ হাতৰ চাহ কাপ! মোৰ সাতো জনমৰ পিপাসা নোহোৱা হৈ যায় কিজানি এই কাপ চাহ খালে! আমাৰ চাহ-পকৰিৰ যুগল বন্দী দেখিলেই মানুহে গম পায় আজি তাৰমানে বিশেষ কিবা এটা হ’ল আমাৰ দুজনীৰ মাজত| কিন্তু সেই বিশেষটো যে কি তাক জনাৰ কৌতুহ’ল কাৰো নাই| কাৰণ আমাৰ এনেকুৱা পাৰ্টি চলিয়েই থাকে মাজে সময়ে| উপলক্ষ যিয়ে নহওক আনন্দ ভগোৱাৰ কোনোটো মুহূৰ্ত আমি এৰি দিয়া নাছিলো|

সময় বাগৰি গৈছিল| সুখী হৈছিলো আমি| আমি মানে মই, জোনা, প্ৰশান্ত আৰু অৰূপ| সহৃদয়তা আৰু বন্ধুত্বৰ নতুন পাঠ আওৰাইছিলো| কলেজক বিদায় দিয়াৰ দিন আহি পৰিছিল| শেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব খুজি পঢ়া-শুনাক লৈ অলপ সচেতন হৈছিলোঁ আটাইকেইটা| এদিন জোনাই প্ৰস্তাৱ দিছিল আইথানলৈ যোৱাৰ| এই পূজা পাতলবোৰৰ ওপৰত মোৰ কোনো দিনেই আস্থা নাছিল| ইয়াৰ কাৰণে মাৰ পৰা যিমান গালি শপনি খালেও মোৰ স্বভাৱত কোনো পৰিবৰ্তন হোৱা নাছিল| নিজে অনুভৱ নকৰা চকুৰে নেদেখা শক্তি এটাক স্বীকাৰ কৰিবলৈ মই প্ৰস্তুত নাছিলোঁ| মাজে মাজে মায়ে মোক লৈ আক্ষেপ কৰে| ছোৱালী মানুহ এনে হ’লে জানো চলে! তেতিয়া মোক প্ৰবোধ দিছিল মোৰ দেউতাই| দেউতাই প্ৰায়ে কয়—”হৃদয়খন জুমি চাবা মাজনী| হৃদয়ে সদায় সঁচা কথা কয়| হৃদয়ত সততা থাকিলে চকুত তাৰ প্ৰতিবিম্ব জিলিকে| বাকী জীৱন কি সেইয়া বয়সে, সময়ে তোমাক নিজেই শিকাই দিব| তাৰ বাবে বেলেগকৈ অনুশীলনৰ প্ৰয়োজন নাই| গতিশীলতাৰ নামেই জীৱন| বৈ যোৱাই তাৰ ধৰ্ম| মাথো মন আৰু মগজুৰ মাজত সন্তুলন বজায় ৰাখিবা| অন্যথা কোনোবা ঢৌৱে আহি কেতিয়াবা তোমাক উটুৱাই লৈ যাব পাৰে অচিন ঘাটলৈ| য’ৰ পৰা উভটি অহাৰ পথ নাথাকিব|”

ইয়াকে কয় চাগে বিধিয়ে দিলেও বিধাতাই নিদিয়ে! আমাৰ হাঁহি দেখি কণা বিধাতাৰ সহ্য হোৱা নাছিল| আমাৰ অগোচৰে কুটিল হাঁহি মাৰি আমাৰ ভাগ্যৰ চকৰি সলোৱাৰ পৰিকল্পনা কৰিছিল বিধাতাই| পৰীক্ষালৈ দুমাহ থাকোঁতেই এদিন অকস্মাত্ গোঁহাই বৰদেউতা ঢুকাই থাকিল| কথা নাই বতৰা নাই ভাত খাই উঠি তামোল খাই থাকোঁতে চৰ্চৰণি খালে| উশাহ ঘূৰাব নোৱাৰিয়ে প্ৰাণবায়ু ওলাই গ’ল তেওঁৰ| পানী এগিলাচো খাব নোৱাৰিলে| কোনেও একো কৰাৰ সময়ে নাপালে| অন্ধকাৰ নামি আহিছিল জোনাহঁতৰ পৰিয়ালটোলৈ| ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথটো বন্ধ হৈ যোৱাত প্ৰমাদ গণিছিল বৰমাই| মাত্ৰ অলপ দিন আগতেই ধুমধামেৰে বিয়া হৈ গৈছিল অঞ্জু বা’ৰ| বিয়াৰ ধাৰেই মৰা নাই তেতিয়ালৈ| দীপতো তেনেই সৰু| উচ্চতৰ মাধ্যমিকত নাম ভৰ্তি কৰিছেহে| ঘৰটো সজাৰ বাহিৰে আন কোনো সাঁচতীয়া টকা পইচা নাছিল গোঁহাই বৰদেউতাৰ| আমাৰ মা-দেউতাই সাহস দিছিল বৰমাক| দেউতাই কৈছিল বৰ বেছি চিন্তা নকৰিব, কিবা উপায় নিশ্চয় ওলাব| পৃথিৱীৰ সকলো পথ বন্ধ হৈ গ’লেও এখন খিৰিকী হ’লেও ক’ৰবাত খোলা থাকে| আমিবোৰ আছো নহয়|

বৰদেউতাৰ আদ্যশ্ৰাদ্ধ হৈ গৈছিল সকলোৰে সহযোগত| বৰদেউতা আৰু বৰমাৰ সম্পৰ্কীয় মানুহবোৰ আহিছিল| সকলোৱে বৰমাহঁতক গাঁৱলৈ গুচি যোৱাৰ পৰামৰ্শ দিছিল| কিন্তু বৰমাই যাব খোজা নাছিল| বিয়াৰ পাছত বহু কষ্টেৰে বৰদেউতাৰ লগত সাজি উলিওৱা মৰমৰ ঘৰখন এৰি বৰমা বাৰু কি স’তেৰে যায়| সুখ দুখৰ ক’ত যে স্মৃতি জড়িত হৈ আছে ইয়াত! আৰু বৰদেউতাৰ সমাধিওটো আছে ইয়াত! অঞ্জু বা’ৰ ভিনিদেৱে সকাহ দিছিল বৰমাক| কৈছিল –”মা ইমানকৈ নাভাবিব| মই আছো নহয়| ময়োতো আপোনাৰ ল’ৰাৰ দৰেই| মই চাম| এইখনো মোৰেই ঘৰ|” টকা-পইচাৰে সহায় কৰাতকৈ ভিনিদেউৰ এই কথাষাৰে সাহস দিছিল বৰমাক| তথাপিও দুচিন্তাই লগ এৰা দিয়া নাছিল| মানসিকভাবে দুৰ্বল হৈ পৰিছিল জোনা| তাইৰ মগজুৱে কাম নকৰা হৈছিল| তেনেকৈয়ে পৰীক্ষা দিলে| পৰীক্ষা দি উঠি তাই অ’ত ত’ত চাকৰিৰ খবৰ কৰিবলৈ ধৰিছিল| চাকৰি এটা পোৱা জানো ইমান সহজ? ইফালে বৰদেউতাৰ পাবলগীয়া টকা-পইচাবোৰো সোনকালে পোৱাৰ ব্যৱস্থা কৰিবলৈ বৰমাই বৰদেউতাৰ অফিচলৈ প্ৰায়ে অহা যোৱা কৰিব লগা হৈছিল| জোনাই টিউচন কেইটামান গোটাই লৈছিল| তাইক সহায় কৰিব নোৱাৰি নিজকে অপৰাধী যেন লাগিছিল মোৰ| লাহে লাহে সহজ হৈ আহিছিল পৰিস্থিতিবোৰ| বৰদেউতাৰ পাবলগীয়া টকা-পইচাবোৰ মুকলি হৈ আহিছিল| পৰীক্ষাৰ ফলাফল ওলাইছিল| মই ভবাতকৈ ভাল ৰিজাল্ট কৰিছিলোঁ| প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰিছিলোঁ| আনহাতে জোনাৰ পৰীক্ষা সাংঘাতিক ধৰণে বেয়া হৈছিল| তাইৰ পৰীক্ষা ইমান বেয়া হোৱাৰ কোনো কাৰণ মই বিচাৰি পোৱা নাছিলোঁ| কাৰণ তাই পঢ়া শুনাত সদায় চিৰিয়াছ আছিল| মোৰ দৰে শেষলৈকে পঢ়িবলৈ থৈ দিয়াৰ অভ্যাৰ তাইৰ নাছিল| হঠাত্ মনত পৰাৰ দৰেই মই আবিস্কাৰ কৰিছিলোঁ অৰূপে তাইৰ খবৰ লোৱা নাই| আনকি বৰদেউতাৰ শাদ্ধৰ পাছত ইমান দিনে সি এদিনো তাইক বিচাৰি অহা নাই| কথাটো কি জোনা, অলপ টান কৈয়ে সুধিছিলোঁ তাইক| মাত মাতিব নোৱাৰি দুচকুৰে চকুলো বৈ আহিছিল তাইৰ| টানি নিছিলো তাইক নাহৰৰ তললৈ| চকুলোত তিতি থাকিয়েই মোক অবাক কৰি দি তাই কৈ উঠিছিল পাহৰি যা অৰূপৰ কথা| ময়ো পাহৰি গৈছো| ধৰি ল’ এটা দু:স্বপ্ন| তাতেই থৰ লাগিছিলো মই| এনেকুৱাও হ’ব পাৰে নেকি?

সময় দিছিলোঁ জোনাক নিজে নিজে কথাবোৰ ক’বলৈ| বাট চাইছিলোঁ তাইৰ বুকুত চলি থকা ধুমুহাজাকৰ শাম কটালৈ| একো নোকোৱাকৈয়ে তাইৰ মুখলৈ চাই গম পাইছিলো তাই হয়তো হেৰুৱাইছে বিশ্বাসৰ সেই আশ্ৰয় য’ত থিয় হৈ তাই জীৱন গঢ়াৰ সপোন দেখিছিল| দুদিন পাছত সন্ধিয়া পৰত লাহে লাহে কৈছিল তাই—

: দিতি এই এবাৰেই যি ভুল কৰিলোঁ আৰু এনে ভুল নকৰোঁ| তই ঠিকেই কৱ প্ৰেম-ট্ৰেম এইবোৰৰ কোনো ভৰষা নাই| কোনো অস্তিত্ব নাই| মাথো বিপৰীত লিংগৰ প্ৰতি এক সহজাত আকৰ্ষণ| যি সম্পৰ্কত স্বত:ফুৰ্ততা নাই, যি সম্পৰ্কত আস্থা নাই, যি সম্পৰ্কই প্ৰমাণ বিচাৰে সেই সম্পৰ্কই কি দিব পাৰিব?
: মই বুজা নাই জোনা তই কি ক’ব খুজিছ?
: আচলতে ময়ো বুজা নাই| তইতো যুক্তিৰে চব বিচাৰ কৰ । তই কচোন সম্পৰ্ক এটা কেনেকৈ নিৰ্ধাৰণ কৰা যায়? কিদৰে গঢ়া যায় সম্পৰ্কৰ ভেটি? কিহত ওলমি ৰয় সম্পৰ্ক? মগজুৱে পৰিচালনা কৰে নে হৃদয়ে সম্পৰ্কৰ গতি? সম্পৰ্ক মানেই বা কি?
: কম, তাৰ আগতে ক’ অৰূপে এনে কি ক’লে বা কি কৰিলে যাৰ বাবে তই নিজৰ চকুতে নিজক অপৰাধী সজাইছ?
: অৰূপে মোৰ ভালপোৱাৰ প্ৰমাণ বিচাৰিছে শাৰীৰিক সম্পৰ্কৰ মাজেৰে| মোৰ ওপৰত খটুৱাব খুজিছে সেই অধিকাৰ যিয়ে তাক পুৰুষ বুলি চিহ্নিত কৰে| মোৰ জীৱনত চিৰদিনৰ বাবে মোহৰ মাৰিব খুজিছে যেন মই এক পণ্য সামগ্ৰী|

অপ্ৰকাশিত ক্ষোভত ফাটি পৰিছিলো মই| কাৰণ অৰূপক মই আৰম্ভণিতেই সকিয়াই দিছিলোঁ সি যেন ভুলতো এনে কোনো ভুল নকৰে যাৰ বাবে মোৰ জোনাৰ চকুলৈ চকুলো আহিব পাৰে| কিন্তু সি এইয়া কি কৰিলে| এইয়া কি তাৰ পুৰুষ হোৱাৰ অহংকাৰ নে অধিকাৰ? কোনে দিলে তাক এই অধিকাৰ এখন মৰম কোমল অন্তৰত জীৱ্নজোৰা যাতনাৰ ভাৰ জাপি দিবলৈ? ঠিক কৰিছিলো মই নিজেই গৈ অৰূপক সুধিম সি কি বুলি ভাবে নিজক? কিন্তু জোনাই তাইৰ শপত দিছিল| কৈছিল—
: বাদ দে দিতি সহ্য কৰিবলৈ শিক| মই যি কষ্ট পাব লগা আছিল পালোঁ| পোৱাখিনিতো আৰু নোহোৱা কৰিব নোৱাৰি| তই তাৰ মুখামুখি হ’বলৈ গ’লে মই আকৌ কষ্ট পাম| আকৌ এবাৰ নগ্ন হম নিজৰ সন্মুখত, তোৰ সন্মুখত| মই নিবিচাৰো তই তাৰ ছাঁটোকো গছকাতো| তয়ো ধৰি ল’ সেইবোৰ ভয়ংকৰ সপোন আছিল বুলি| মোক অলপ সময় লাগিব তথাপি পাৰিম মই তাক পাহৰি যাব| আৰু তই আছ নহয়! তই সাবটিবি মোক আলফুলে চিৰদিনলৈ| থাকিবি নহয় মোৰ কাষত দিতি?

সজোৰে সাবটি ধৰিছিলো তাইক মোৰ বুকুৰ মাজত|

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments