এখন ডায়েৰীৰ ইতিবৃত্ত-৬ (অনামিকা বৰুৱা)

(৬)

আৰু এটা দিন পাৰ হৈ গ’ল। তেতিয়াও মই কিঞ্চিত কুণ্ঠিত। অসংলগ্ন ভাৱবোৰ জুকিয়াই ল’ব পৰা নাই। তথাপি প্ৰায় জোৰ কৰিয়েই নিজক বুজাবৰ চেষ্টা কৰিছোঁ যি হ’ল হৈ গ’ল। হৈ যোৱাটোক অস্বীকাৰ কৰিলেই নোহোৱা হৈ নাযায়। শূন্যতাৰ সৃষ্টি হ’লেও জীৱনৰ পৰা পলায়ন কৰা নাযায়। স্তব্ধ হৈ নোযোৱালৈ জীৱন চলি থাকে তাৰ নিজস্ব গতিৰে। কিন্তু এনে কি কথা কি যাতনা থাকিব পাৰে যিয়ে নিজক প্ৰতাৰণা কৰিব পাৰে! মৃত্যুৰ হাতত জীৱন হাৰি যাব পাৰে! মুত্যু কি ইমান সহজ! জীৱন ইমান জটিল নে! কি থাকিলে কি পালে জীৱন অনুপম হ’ব পাৰে? কিহে মৃত্যুক শ্ৰেষ্ঠতাৰ ৰূপ দিব পাৰে? মুত্যুও জানো শিল্প হ’ব পাৰে? কিহে ছলনা কৰে মানুহক এনেদৰে? পুনৰ উত্তৰবিহীন প্ৰশ্নৰে নিজকে থকা-সৰকা কৰি পেলালোঁ। অসহায় লাগি আহিল। গাটো দুৰ্বল যেন লগাত এনেই বিচনাখনতে বাগৰি দিলোঁ। চকু দুটা মুদি দিলোঁ। বৈ গ’ল দুটোপাল চকুলো অজানিতে!

: দিতি!
: হুঁ!
: এটা কথা কম!
: উম্‌ কোৱা।
: এপাক ওলাই যাবা মোৰ লগত?
: ক’লৈ যাবা?
: এনেই বাটে বাটে খোজ কাঢ়িম। আজি বতৰটো ভাল। বতাহ বলি আছে। বেছি গৰম নাই। অলপ পাছত সন্ধিয়া নামিব। আমি খোজ কাঢ়ি থাকোতেই নিশা হ’ব। জোনাকে ধোৱাই নিব পৃথিৱী। আকাশত তৰা ফুল ফুলিব। জানা, আজি পূৰ্ণিমা। ব’লানা অলপ প্ৰকৃতিৰ বুকুত বহি আহোঁ। যাবা?

চকু মেলি চালোঁ প্ৰশান্তলৈ। মৰমেৰে ভৰ কৰা চকুজোৰেৰে মোলৈ আগ্ৰহেৰে চাই আছে। শান্ত কোমল মুখখনত এটা মৃদু হাঁহি। তেওঁৰ সমগ্ৰ অবয়ৱটোতে ফুটি উঠিছে বিশ্বাস আৰু মমতাৰ সেই চিনাকি ছবি যিয়ে মোক প্ৰতি পলে পলে আৱৰি ৰাখে। জান নাজান হাঁহি এটা মোৰ ওঁঠতো ফুটি উঠিল। তেওঁক বুজোঁ মই। মোক লৈ যে তেওঁৰ বহুত কষ্ট হৈছে আৰু মোৰ এই অৱস্থা দেখি তেওঁৰ বুকুতো যে অন্য এখন যুদ্ধ আৰম্ভ হৈ গৈছে তাক খুলি নক’লেও বুজোঁ মই। বেয়া লাগিল তেওঁৰ চিন্তাক্লিষ্ট মুখখন দেখি। প্ৰশান্তইতো সেইজন মানুহ যিজনে মোক ভালপাবলৈ শিকাইছিল। পৃথিৱীখনক অন্য দৃষ্টিৰে চাবলৈ শিকাইছিল। বিশ্বাস আৰু আস্থাৰ অন্য পাঠ পঢ়াইছিল। বুকুত দৃঢ়তা আৰু গভীৰতা লৈ প্ৰশান্ত থিয় দিছিল মোৰ কাষত এদাল বিশাল মহীৰূহ হৈ। সাৱটি লৈছিল মোক আলফুলে সযতনে চিৰদিনলৈ। কোনো দিনে কোনো প্ৰতিশ্ৰুতি দিয়া নাছিল মোক। মোৰ পৰা একো দাবীও কৰা নাছিল। কিন্তু অহৰহ অতন্দ্ৰ প্ৰহৰীৰ দৰে সতৰ্ক হৈ থাকিছিল মোৰ বাবে। অদৃশ্য ছাঁয়া হৈ প্ৰতি মুহূৰ্ততে কাষে কাষে খোজ দিছিল মোৰ সৈতে। একো ক’ব লগা সুধিব লগা নহৈছিল মই। তেওঁৰ কোমল হাঁহিটো লাহে লাহে মোৰ কলিজাত বিয়পি পৰিছিল। জাহ গৈছিলোঁ মই প্ৰশান্ত নামৰ ভালপোৱাৰ সাগৰখনত। এখন আকাশ হৈ প্ৰশান্তই মোলৈ কঢ়িয়াই আনিছিল পৃথিৱীৰ সকলো সজীৱতা। বিলীন হৈছিলোঁ মই অন্য এক সত্ত্বাৰ মাজত।

বৈ আছিল নদীখন শান্ত-সমাহিত হৈ। চৰাইবোৰে বাহলৈ উভতিবলৈ লৈছিল। বেলিটো ৰঙচুৱা হৈ পশ্চিমলৈ হালি গৈ আছিল। ঘাটত বেছি মানুহ নাছিল। মেচিন নাওখনত যাত্ৰীবোৰে উঠিবলৈ খৰখেদা লগাইছিল সিপাৰলৈ যাবলৈ। দূৰত সৰু ল’ৰা দুটামানে বল এটা লৈ দৌৰা-দৌৰি কৰি আছিল। জালখন পিঠিত পেলাই আগে আগে মানুহ এজন আৰু পাছে পাছে খালৈ এটা লৈ সৰু ছোৱালী এজনী। ওচৰতে ক’ৰবাত ঘৰ হ’ব চাগে! গাড়ীখন অলপ আঁতৰত থৈ আমি দুয়ো খোজ কাঢ়ি আগলৈ গ’লোঁ। চাহ-বাগানৰ গছবোৰ কটা। কলম কৰিছে চাগে! এই সময়ত চাহগছবোৰ কলম কৰেই। অ’ত ত’ত চাহগছৰ আগবোৰ দম হৈ পৰি আছে। মাইকী মানুহ দুগৰাকীমানে তাৰে দুই এডাল ঠাল-ঠেঙুলি টানি টানি সৰুকৈ মুঠা একোটা কৰিছে। চাহ গছৰ জুইৰ উত্তাপ বেছি। ভালকৈ দমাই থ’লে এইবোৰেৰে সৰু সৰু মানুহৰ বহুদিনলৈ খৰি-কাঠৰ জোৰা মাৰিব পাৰে। কিন্তু বাগান কৰ্তৃপক্ষই দেখা পালে সেইবোৰ আনিবলৈ নিদিয়ে। গৰু এজাক খেদি খেদি মানুহ এজন আমাৰ ফালেই আহিল। বাট এৰি আমি ঘাঁহনিলৈ নামি গ’লো। কিছু দূৰ গৈ উভতি আহি নদীৰ পাৰত বননিত বহিলোহি। প্ৰশান্তই পানীৰ বটলটো আনো বুলি মোক অকলে বহুৱাই থৈ গাড়ীলৈ ঢাপলি মেলিলে। আচলতে তেওঁ ইচ্ছা কৰিয়েই মোক প্ৰকৃতিৰ এই শান্ত পৰিবেশত বহিবলৈ এৰি দিছে। সন্ধ্যা এনেও মোৰ প্ৰিয় সময়। তাতে নদীৰ বুকুত বেলি মাৰ যোৱাৰ এই বিনন্দীয়া ৰূপ যিমানেই চাওঁ সিমানেই ভোল যাওঁ। চাই চাই হেঁপাহ নপলায় মোৰ অস্ত আকাশৰ এই অপূৰ্ব ৰূপ। সকলো পাহৰো মই এই ৰূপৰ সৈতে একাত্ম হ’বলৈ পালে। বহু সময়ৰ পাছত প্ৰশান্তই পানীৰ বটল আৰু কাজুৰ পেকেট এটা আৰু চিপ্‌চৰ পেকেট এটা লৈ উভতি আহিল। মই চিপ্‌চ খাই ভাল পাওঁ বুলি জানে কিন্তু খাবলৈ নিদিয়ে। খোৱা-বোৱাত অন্যন্ত সচেতন প্ৰশান্ত। আজি তেওঁৰ হাতত চিপ্‌চৰ পেকেটটো দেখি ডাঙৰকৈয়ে হাঁহি পেলালো মই।

: খুব মজা লাগিছে ন’?
: উম্‌ লাগিছেতো। তুমি যে চিপ্‌চ আনিছা কাৰোবাক ক’লে বিশ্বাসেই নকৰিব।
: কাকো নকবা। লাজ পাম মই। তোমাকহে দিছো মনে মনে। খোৱা।
: তুমি খালেহে খাম। নহ’লে মেঘালীক কৈ দিম।
: খাম খাম সেইজনীক নকবা। তাইক কোৱা আৰু নিউজ চেনেলক কোৱা একেই কথা।
সন্ধিয়াৰ ধূসৰ পোহৰে আৱৰি আনিবলৈ আৰম্ভ কৰিছে চৌদিশ। আকাশত দুই এটা তৰাই ভুমুকি মাৰিছে। এক ধৰণৰ নিস্তব্ধতাই গ্ৰাস কৰি আনিছে সময়খিনি। তেতিয়াও প্ৰশান্তৰ গাত আউজি মই বহি আছো নদীলৈ চাই চাই। দূৰৰপৰা চাইকেলৰ বেলৰ শব্দ বা মটৰ চাইকেলৰ হৰ্ণ ভাহি আহিছে বতাহত। ঘৰলৈ দেৰিকৈ উভতা অঘাইটং দুটামানৰ উচ্চ মাত-কথাও অস্পষ্টভাৱে ভাহি আহিছে। সিপাৰত দুই এটা জুইৰ শিখা জিলিকি উঠিছে। বোধকৰোঁ লেম অথবা চাকি জ্বলাইছে। কঁপি কঁপি উঠা পোহৰখিনিয়ে যেন তাকেই কয়।

: দিতি!
: হুঁ!
: আৰু কিমান কষ্ট দিবা নিজক এনেকৈ?
: নাজানো প্ৰশান্ত। কোনোবাখিনিত হাৰি গ’লো মই। এই কথাটোৱেই কষ্ট দিছে মোক। কিয় তাই মোক একো নক’লে? তাইতো অভিমান কৰি গুচি গ’ল। এতিয়া মই কি কৰোঁ? কি আছিল তাইৰ বুকুৰ মাজত? কিয় নাজানিলো মই? মোৰ ভুল ক’ত হ’ল? তায়েইবা মোক ছলনা কৰিলে কিয় এনেকৈ? ওৰে জীৱন মই কঢ়িয়াব লাগিব এই ব্যৰ্থতাৰ ভাৰ! অকলে।
: কিন্তু তোমাক মই এনেকৈ এৰি দিব নোৱাৰোঁ দিতি। এটা অনুৰোধ কৰিম ৰাখিবা?
: কি?
: ডায়েৰীখন এবাৰ মেলি চোৱা। তুমি বিচাৰি নোপোৱা প্ৰশ্নবোৰৰ উত্তৰ কিজানি তাতেই পোৱা। চাবা?
: সেইখন দেখিলেই মূৰত জুই জ্বলি উঠে। পঢ়িম কেনেকৈ সেইখন? পাম জানো তাত মোৰ সেই আজলী জোনাক? কিমানবাৰ বা তাই তাত মৰি ভূত হৈছে! তাতকৈ সেইখন তেনেকৈয়ে পৰি থাকক আৰু সেইখন চাই চাই মই নিজক শাস্তি দিওঁ। তাই ভোগ কৰা যাতনাৰ ময়ো অংশীদাৰ হওঁ তিল্‌তিল্‌কৈ।
: আৰু মই কি কৰিম? তোমাক চিতাত বহুৱাই থৈ দূৰৰ পৰা চাই হাত সাৱতি বহি থাকিম? তাতকৈ মোক মাৰি পেলোৱা তুমি। নোৱাৰিম দিতি তোমাক নিঃশেষ হৈ যোৱা চাই থাকিব। মোৰ বাবে অসম্ভৱ এইয়া। এই সিদ্ধান্ত তুমিয়েই ল’ব লাগিব দিতি মোক তুমি জীৱন দিবা নে মৃত্যু দিবা!!!

কোনোদিনে টান কথা কৈ নোপোৱা প্ৰশান্তৰ মুখৰ কথাই জঠৰ কৰি পেলালে মোক। ধাৰাষাৰ চকুলোৰে তিয়াই পেলালো প্ৰশান্তৰ বুকু। কি কৰোঁ মই? কি কৰা উচিত? মোৰ ভুলৰ বাবে মই শাস্তি পোৱা উচিত। কিন্তু প্ৰশান্তৰ দোষ কি? মোৰ কি অধিকাৰ আছে প্ৰশান্তৰ জীৱনলৈ ধুমুহা নমাই অনাৰ? মোক জীৱন দিয়াৰ বিনিময়ত প্ৰশান্তক মৃত্যু দিয়াৰ অধিকাৰ কোনে দিলে মোক? নাই নাই এই অপৰাধ কৰিব নোৱাৰোঁ মই। যদি ইয়াতো মই হাৰি যাওঁ তেন্তে পৃথিৱীৰ বুকুৰ পৰা প্ৰেম হেৰাই যাব। ভালপোৱাৰ নামত কলংক লাগিব। বিশ্বাসৰ অস্তিত্বই নোহোৱা হৈ যাব। মানুহ মানুহ নহৈ অমানুহ হ’ব। ঠিকেই কৈছে প্ৰশান্তই। এই সিদ্ধান্ত মই নিজেই ল’ব লাগিব। মুখামুখি হ’ব লাগিব সেই তেজে ধোৱা সময়ৰ। যিয়ে খহাই নিলে জীৱনৰ ভেটি। কষ্ট হ’ব। হওক। মোৰ বাবে প্ৰশান্ত আছে। চিৰদিন প্ৰশান্তই মোক দি আহিছে। এইবাৰ তেওঁক দিয়াৰ পাল মোৰ। মোৰ কষ্টৰ পৰা তেওঁক ৰেহাই দিয়াৰ আন পথ নাই মোৰ বাবে। মই সেইখন পঢ়িবই লাগিব যেনেকৈয়ে হ’লেও…..

পৰিপূৰ্ণ ৰূপ লৈ জোনজনী উঠি আহিছে। ৰূপোৱালী জোনাকে ধোৱাই নিছে ধৰণী। প্ৰশান্তৰ দৃঢ় আলিংগনত বন্দী হৈ মই খোজ লৈছোঁ ঘৰলৈ মনটোক বান্ধি লৈ….

 

(ক্ৰমশঃ…..)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments