এখন ডায়েৰীৰ ইতিবৃত্ত (৭)

এখন ডায়েৰীৰ ইতিবৃত্ত ()

অনামিকা বৰুৱা

২২ জুলাই/ ৬ শাওন: আজি মোৰ ফুলশয্যাৰ ৰাতি| লাজসংকোচভয়উত্কণ্ঠা আটাইবোৰে হেঁচা মাৰি ধৰিছে মনটোত| লগৰকেইজনীয়ে যি সোপাহে কাহিনী শুনাইছে শুনিয়ে ভয়তে অণ্ঠকণ্ঠ শুকাই গৈছে মোৰ| জন্মৰে পৰা ডাঙৰ দীঘল হোৱা চিনাকি ঘৰখন চিনাকি মানুহবোৰক এৰি সম্পূৰ্ণ অচিনাকি মানুহ এজনক আদৰি লোৱা চিৰজীৱনৰ বাবে ইমান সহজ জানো? দুজন বেলেগ মানুহ, দুটা সুকীয়া সত্ত্বা| দুটা পৃথক সুঁতি একেলগ হৈ বৈ যাব লাগিব আমৰণ| পাৰিম নে? সমাজৰ কি নিয়ম এইয়া? আজন্মৰ পৰিচয় হেৰুৱায় অন্য এটা পৰিচয় পিন্ধি ল’ব লাগে বাধ্যবাধকতাৰে| কেনে ধৰণৰ পৰম্পৰা এইয়া? এডাল মাথোন সেন্দুৰৰ ৰেখা সিয়ে সলায় দিয়ে জীৱনৰ পথ| কোনে জানে আহিব ধৰা দিনবোৰত কি লুকাই আছে| দ্বিধা আছে মনত| জীয়ৰীৰ পৰা বোৱাৰী হ’লো| পত্নী হম, মাতৃ হম| সময়ে সলাই নি থাকিব ধাৰাবাহিকতাৰ দিনপঞ্জী| পৰিবৰ্তনীয় সময়ত পাৰিম নে মই তাল মিলাব? পাম নে আস্থাৰ সেই আশ্বাস যিয়ে মোৰ আলসুৱা হৃদয়ক আশ্ৰয় দিব? পাৰিম নে তেওঁৰ আগত নিজক উদঙাই দিব? তেওঁৰ মনত বাৰু কি আছে? কঁপিছে নেকি বাৰু তেওঁৰ মনটোও মোৰ দৰে অজান ভাবনাৰে? বাট চাইছেনে তেওঁ আহিব ধৰা সময়বোৰ সোণসেৰীয়া হোৱালৈ? তেওঁৰ ফালে সম্পৰ্কৰ প্ৰথম খোজটো কেনেকৈ দিম বাৰু? তেওঁ মোলৈ হাত এখন আগবঢ়াই দিব নেকি? ক’ব নেকি আঁহা আমি সখি বান্ধো| ওৰে ৰাতি মনৰ কথা পাতোঁ| কি কম তেওঁক? কম নেকি ময়ো আঁহা আমি সাঁকো বান্ধো হৃদয়ৰ পৰা হৃদয়লৈ!

পিতৃমাতৃহীন মলয়ৰ ঘৰৰ পৰা মাত্ৰ ডাঙৰ ককায়েকজন আহিছিল আমাৰ বিয়া বুলি| শৰণ ভজন লোৱা মানুহ তেওঁ| কইনাৰ সাজত সেৱা কৰোঁতেই যি দেখা তেওঁক| বাকী কথাবতৰা হোৱাই নাই তেনেকৈ| আনে ৰান্ধি দিলে নাখাই তেওঁ| গতিকে নিজৰ খোৱাখিনি নিজেই ৰান্ধি লৈছে| মলয়ৰ খালি ঘৰখনত ওচৰপাজৰৰ দুগৰাকীমান মহিলা আৰু তেওঁলোকৰে ছোৱালী দুজনীমানে দিনটো মোৰ লগত কটালে| বয়বস্তুবোৰ থানথিত লগোৱাত সহায় কৰি দিলে| আমাৰ কোঠাটো অলপ চিজিল লগাই লৈ ৰাতিলৈ ভাগৰ ভাগৰ লাগিল মোৰ| মলয়ৰ ককায়েকৰ লগত দুষাৰমান কথা পাতিলো| মই তেওঁক দাদা বুলি মতাত মোক কাকা বুলি মাতিবলৈ ক’লে| সৰল যেন লাগিল তেওঁক মোৰ| কথাবোৰ নামনি অসমৰ কথিত ভাষাত কোৱাত মোৰ বুজাত অলপ অসুবিধা লাগিল| ৰাতিলৈ ককায়েক ভায়েক দুয়ো মিলি ভাতপানী ৰান্ধিলে| মোক একো চুবলৈকে নিদিলে| নামনি অসমত বিয়াৰ পাছত শৰণ ল’ব লাগে হেনো| আৰু সমজুৱাকৈ সকলোকে ভোজভাত খুৱাই ৰান্ধনি লোৱাৰ পাছতহে বয়োজ্যেষ্ঠজনে মোৰ হাতেৰে ৰন্ধা খাব অন্যথা নাখায়| ঠাই ভেদে নিয়ম বেলেগ বেলেগ| ভাত ৰান্ধি থাকোঁতে মই এনেই ওচৰতে ৰৈ থাকিলো| ককায়েক ভায়েকে কেতিয়ালৈ আমি ঘৰলৈ মানে পাঠশালালৈ যাব পাৰোঁ তাৰে আলোচনা কৰি আছিল| খাইবই বাচনবৰ্তন ধুই আজৰি হৈ মই আমাৰ কোঠালৈ আহিলো| কিয় নাজানো এক ধৰণৰ অস্বস্তিবোধ কৰিছিলো মনে মনে| কিবা এটা ভাবে সংকোচিত কৰি আনিছিল মোক| তথাপি খুৰীদেৱে শিকাই দিয়া মতে গাখীৰ এগিলাচ আৰু মিঠাইৰ প্লেটখন আনি কৰ্ণাৰ টেবুলখনতে থলো| ভৰি ধুওৱাৰ নিয়মটো কৰি হোৱাত মলয়ে মোৰ হাতত টকা অলপ গুজি দিলে| মই টকাখিনি লৈ তেওঁৰ মুখলৈ চালো| তেওঁ ক’লে আজিৰ দিনটোত হেনো কিবা এটা উপহাৰ দিব লাগে নববিবাহিতা পত্নীক কিন্তু তেওঁ কথাটো আগেয়ে নজনাৰ বাবে একো নিকিনিলে| সেয়ে মোৰ পছন্দমতে কিবা এটা কিনি ল’বলৈ টকাকে দিলে| তেওঁ হাত মেলি মোক সাৱটি ল’লে| লাজ লাগি গ’ল| বিচনাত উঠিলো| ভাবি আছো তেওঁ সুধিলে এটা এটাকৈ কৈ যাম মোৰ কথাবোৰ| তেওঁৰ কথাও সুধিম| একো কোৱা নহ’ল| সোধাও নহ’ল| আবেগৰ বানত উটি যাবলৈ নাপালো| সাঁকো গঢ়া নহ’ল| আমাৰ মাজত বন্ধুত্বৰ প্ৰথম খোজটোও নপৰিল| মলয় ৰৈ আছিল মাত্ৰ শৰীৰৰ জুইকুৰা নুমুৱাবলৈ| হয়তো তাত অস্বাভাৱিক নাছিল একো| কিন্তু মলয়ে মোৰ মুখলৈয়ো নোচোৱাকৈ প্ৰথম প্ৰশ্নটো কৰিছিল মোৰ শুচিতাক লৈ| মই উত্তৰ দিয়াৰ আগতেই নিজেই সন্তুষ্ট হৈ মনক প্ৰবোধ দি মোৰ ফালে পিঠি দি নিচিন্তমনে শুই পৰিছিল মলয়| আৰু মই অবিন্যস্ত কাপোৰবোৰ বুকুত সাৱটি বহি আছিলো একেঠাইতে জঠৰ হৈ|

তোলৈ বৰ মনত পৰিছে অ’ দিতি| ক’ত আছ তই? আন সকলোৱে ভবাৰ দৰে তয়ো ভাবিছ নেকি সুখৰ সাগৰত অৱগাহন কৰিছো মই বুলি? সুখ কি? কেনে সুখৰ ৰং? কিহে দিয়ে সুখ? ই মনৰ তৃপ্তি নে শৰীৰৰ দাবী নে অনুভৱৰ দলিল? এই মুহূৰ্তত নিজকে আটাইতকৈ দুৰ্ভগীয়া ছোৱালীজনী যেন লাগিছে মোৰ নিজকে| আনে নুবুজিলেও কিজানি তই বুজিছিলি কোনোবাখিনিত দ্বিধা আছিল মোৰ| সেয়ে তোৰ পৰাই পলালো মই| ঘৰ পাতিব পৰাকৈ মোৰ মনত জোৰ নাছিল দিতি| মাত্ৰ সন্ধি কৰিছিলো সময়ৰ সৈতে| পৰিস্থিতিৰ সৈতে| আয়ত্বৰ ভিতৰত নথকা পৰিবেশটো নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিছিলো| কিন্তু ভুল কৰিলো| গভীৰতাৰ উমান নোপোৱাকৈয়ে জাপ দিলো নদীখনত| এতিয়া উটি যোৱাৰ বাদে আন পথ নাই মোৰ বাবে| অকলেই বব লাগিব মই এই ভুলৰ বোজা| ইয়াত আন কাৰো ভাগ নাই| কিজানি নাৰী হৈ জন্ম লোৱাৰ এইয়া এক বিড়ম্বনা!

বহুত বেছি আশা নহ’লেও কিঞ্চিত আকাংক্ষা লৈ আহিছিলো মলয়ৰ জীৱনলৈ এখন সংসাৰ গঢ়াৰ সপোন লৈ| সংসাৰ মানে কিনো অলপ এৰাধৰা অলপ বুজাপৰা| অন্তত: সেইবুলিয়ে ভাবিছিলো মই| কিন্তু কোনোবাখিনিত ভুল হ’ল মোৰ ভাবোঁতে| মই মাথো মনটোৰ কথাই ভাবিছিলো| সংসাৰ নামৰ বান্ধোনটোত মনটোৰ লগতে শৰীৰ নামৰ সংজ্ঞাটোৰো যে অৱদান আছে তাক অস্বীকাৰ কৰিছিলো| এতিয়া এই মুহূৰ্তত ভাবিছো এজন পুৰুষে যেতিয়া তেওঁৰ জীৱনলৈ এগৰাকী নাৰীক সংগীনি ৰূপে স্বীকাৰ কৰি আনে তাত কিহে মুখ্য ভূমিকা পালন কৰে মনে নে শৰীৰে? এজন পুৰুষে এগৰাকী নাৰীৰ পৰা কি আশা কৰে? সংসাৰখন সুচাৰুৰূপে গঢ়ি তোলাত তেওঁলোকৰো মনৰ মাজত কিবা পূৰ্ব পৰিকল্পনা থাকেনে? তেওঁলোকেও ভাবেনে এইটো হ’ব সেইটো হ’ব এনেকুৱা হ’ব তেনেকুৱা হ’ব বুলি? তেওঁলোকেও কল্পনা কৰি চায় নেকি সংসাৰৰ আহিব লগা দিনবোৰৰ ৰেহৰূপ? আন সকলোৱে ভবাৰ দৰে চিনেমাত দেখাৰ দৰে ময়ো ভাবিছিলো ফুলশয্যাৰ নিশাটো বিশেষ হৈ উঠিব মোৰ বাবে| ভাবিছিলো বুজাবুজিৰ প্ৰথমটো স্তৰৰ আৰম্ভণি আজিৰ নিশাটোতেই কৰিম বুলি| মলয়ক বন্ধুৰ ৰূপত স্বীকাৰ কৰিম| সযতনে তেওঁক আঁকোৱালি লম| তেওঁৰ মাতত কথাত চকুৰ চাৱনিত মনে মনে শিহৰিত হম| কঁপা কঁপা স্পৰ্শত ময়ো কঁপি উঠি সঁহাৰি দিম| শেহ নিশাৰ সময়বোৰ মায়াবী হৈ উঠিব| দুয়ো একেলগে ৰুম বিশ্বাস আৰু আস্থাৰ পুলিটো| কিন্তু??? শৰীৰৰ দাবী কি তাৰ বিষয়ে মই সম্পূৰ্ণ অজ্ঞ| তথাপি ভাবিছিলো সংসাৰখন গঢ়োঁতে নিশ্চয়কৈ মনটোৱে অগ্ৰাধিকাৰ পাব| কিন্তু এইয়া কি? ফুলশয্যাৰ নিশাটোত মনটোৰ কোনো অস্তিত্বই নাই দেখোন? না মোৰ মুখলৈ চালে না মোক কিবা ক’লে| মাত্ৰ কামনাৰে মেৰাই ধৰিলে| এইধৰণে বৈবাহিক সম্পৰ্কৰ পাতনি মেলে নেকি? কাক সুধিম? কোনে ক’ব? মই কি মাত্ৰ এটা শৰীৰ নে আন কিবা অৰ্থ আছে মোৰ অস্তিত্বৰ? তাতোকৈ ডাঙৰ প্ৰশ্ন হৈ থিয় দিছে আন এটা কথাইদৈহিক শুচিতাই| নাৰী শৰীৰৰ বিশুদ্ধতাৰ প্ৰমাণ শৰীৰে নিজে দিব| তাকে লৈ পুৰুষে সন্তুষ্টি লাভ কৰিব পাৰিব| কিন্তু পুৰুষৰ শুচিতাৰ প্ৰমাণ কিদৰে লোৱা যায়? বিশুদ্ধতাৰ তুলাচনীখন সমান হোৱা উচিত নহয় জানো? জীৱনৰ আটাইতকৈ অনুপম হ’ব লগা মুহূৰ্তটো এডাল শূল হৈ বহি ৰ’ল মগজুত| আৰু মন? তাৰ কথা আজি নকওঁ| দুদিনমান বাট চা| আহিব ধৰা দিনবোৰত মনৰ স্থিতি সি নিজেই উলিয়াই ল’ব| মন আৰু মগজুৰ মাজত যোগসূত্ৰ বিচাৰি নাপায় তোক বিচাৰি হাহাকাৰ কৰি মৰিছো দিতি এই মুহূৰ্তত| কিন্তু তোক এইবোৰ কোৱা নাযায়| নুবুজিবি তই| যুক্তিৰ ধাৰত খোজকঢ়া মানুহ তই| বুজালে হয়তো বুজিবি| কিন্তু যেতিয়ালৈ তই সম্পূৰ্ণকৈ বুজি উঠিবি তেতিয়ালৈ মনটো আৰু মন হৈ নাথাকে| যুদ্ধক্ষেত্ৰত পৰাজিত সৈনিকৰ দৰে তেজে তুমুৰলি দি মৃত্যুৰ ক্ষণ গণিব ই| তোক এইবোৰ কোনোপধ্যে কোৱা নাযায়| মোক লৈ তোৰ যি অটল স্থিতি তাক মোৰ বাহিৰে আন কোনে বুজে? ঘূণাক্ষৰেও গম পালে তই কি ৰূপ লবি সেইয়া মোৰ ধাৰণাৰো বাহিৰত| সেয়ে তোক কোনোদিনেই একো নকওঁ দিতি| প্ৰতিজ্ঞা কৰিছো নমৰো মানে মোৰ মুখত তই সদায় হাঁহিয়ে দেখি যাবি| জীৱনৰ আৰম্ভণি কৰিছো মই পৰাজয়েৰে| এটা অনুভূতিৰ মৃত্যুৰে| দেখা যাওক কি হয় আগলৈ| মৰুভূমিত কেক্‌টাছহে ফুলে দিতি, গোলাপ নুফুলে……

অন্ধকাৰ ৰাতি
তিৰ্‌বিৰ্‌ জোনাকীৰ সৈতে মিতিৰালি পাতি
কৰিছো পণ, গণিম ক্ষণ
আহে যদি আহক হেজাৰ ধুমুহা
নপৰো ভাঙি….
আকৌ লগ হম আমি
এখন্তেক বহিম নিবিড় জোনালী ৰাতি
একেলগে সোঁৱৰিম সোণালী দিনৰ স্মৃতি

বাট চাবি দিতি মোলৈ…….সেইদিনটোলৈ……

(ক্ৰমশঃ…)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments