এখন দেশত এটা ‘মানুহ’ আছিল (ৰক্তিম গোস্বামী )


সনাতনে যেন পেটত এটা ভেকুলী সদায় পুহি ৰাখে। যিমানেই নাখাওক কিয় পিছমূৰ্হুততে তাৰ পেটে টুৰটুৰাব আৰম্ভ কৰি দিয়ে। কলেজৰ দিনৰ পৰা তাক জানো মই, কিন্তু আজি অতদিনে তাৰ এই অদ্ভুত ‘ভেকুলী-বায়ল’জীৰ’ৰহস্য উদ্ঘাটন কৰিব নোৱাৰিলো। নামত তেখেত ভকত মানে ‘সনাতন গোস্বামী’ , কিন্তু কোনো গুৰু গোঁসাই নামানে। এবাৰ দেউতাকে তাক জোৰকৈ গাওঁৰে নামঘৰৰ সভা এখনত ভাগ ল’বলৈ পঠাইছিল। সভাৰ আলোচনাৰ মাজতে এজন ভকতে ক’লে –

“….গতিকে আমাক প্রায় ২৫ কেজি বুট আৰু ২৫ কেজিমান মগু লাগিব…”

কথাষাৰ শুনি খঙে মূৰৰ চুলি আগ পোৱা সনাতনে একেউশাহতে একো নভবাকৈ কৈ পেলালে –

: “২৫ কেজিকৈ বুট মগু খাবলৈ আপোনালোক ঘোঁৰা নেকি?? এইকেইজনমানুহৰ বাবে ইমান বুট মগু কেলৈ?”

হুলস্থুল লাগিছিল তাৰ পাছত। পিছৰখিনি নকলেও বুজা যায় যে সেইদিনাইতাৰ নামঘৰত অন্তিম দিন আছিল। দেউতাকে ক্ষমা প্রাৰ্থনা বিচৰাতহে শাম কাটিছিল ঘটনাটোৱে।

“ঐ সনাতন, এপেট ভৰাই বজাৰ আহি পাইছহে তোৰ এহাত জিভামেলি মিঠাই গাল চাবলৈ হ’লেইনে? কটা খক্ !!প্রথমে পোৱালীটোলৈ কিনিব লগা বস্তুটো কিনি লচোন ৷ ”
বেচেৰাটোৰ বহুতচিন্তা গৈছে। ‘দিলবালে দুলহনীয়া লে জায়েংগে’ৰমেটেনী শ্ব’ চাই আহি, তেল টেঙা ঘঁহি আবেলি তিনিআলিত কাষৰ বড়োগাঁৱৰ ৰিহালী বসুমতাৰীক কৈ পেলালে দৰ ষ্টাইলত “ ৰি ৰি ৰি ৰি ৰিহালী মই তোক ভাল পাঁও। কলেজৰ প্রথম বাৰ্ষিকীৰ ৰিহালীৰ পাখি দাংখায়েই আছিল।
মাৰি দিলে উৰা। অংক হ’লগৈ জটিল ‘গোস্বামী + বসুমতাৰী’। তাৰ ঘৰৰ সামাজিক সন্মানৰ বাবে এটা ঘাটক সমীকৰণ। তাৰ ১৪ গোষ্ঠীত আগতেকেতিয়াও নঘটা এটা কাণ্ড। সপোনকুঁৱৰীক ঘৰলৈ আনিলে কি হ’ব জানিছিল।কিন্তু নানি ক’লৈ যাব? কোনো নথকাৰ সুযোগত এটা সন্ধিয়া তাইক আনি চিধাইতাৰ কোঠাৰ বিচনা তলত ভৰাই দিলে।

প্রথম তিনিদিন এটা কায়দাৰে পাৰ কৰিলে। দিনটো তাৰ সপোনৰ‘ৰি ৰি ৰি ৰি ৰিহালী’ক বিচনাৰ তলতে ৰাখে আৰু সন্ধিয়া মাক তাৰ কোঠাতচাহ দিবলৈ আহে বাবে “শ্রীদেৱীক”তাৰ কোঠাৰ পিছফালে থকা গোহালিটোৰএন্ধাৰ চুক এটাত নিশালৈকে লুকুৱাই ৰাখে। তিনিদিনৰ দিনা সন্ধিয়া গোহালিৰপৰা মাকে প্রত্যাশিত চিঞৰ এটা মাৰি তাৰ আগন্তুক খঁহটা দিনবোৰৰশুভ উদ্ধোধন কৰিছিল। স্বাভাবিকতেই এঘৰীয়া হ’ল। দেউতাকেও“তাজ্যপুত্র”ৰ মুকুট পিন্ধালে তাৰ মূৰত। তাৰ পিছৰে পৰা গাঁৱৰ পৰা অলপআঁতৰত বেলেগে ঘৰ কৰি থাকে সনাতনে ।

বহু বছৰৰ পাছত প্রথম সন্তান লাভ কৰিছিল সনাতন আৰু ৰিহালীয়ে।
‘সম্প্রীতি’ এতিয়া তৃতীয় মানৰ ছাত্রী। মৰমৰ নাম ‘কুঁহি’।সনাতনে সম্প্রীতিক কোনো উপাধি দিয়া নাছিল। মই সোধাত কৈছিল-

-“বুজিছ,এই উপাধিবোৰেইচব জঞ্জাল মাটি আনে। উপাধিবোৰ নথকা হ’লে মই আৰু ৰিহালীয়ে ইমান কষ্ট খাবলগীয়া হ’লহেতেন নে? ‘প্রেম- ভালপোৱা’সকলো উপাধিৰ উৰ্দ্ধত। নালাগে উপাধি মোৰ ছোৱালীক, তাই মানুহ হৈয়ে জীয়াই থাকক ৷”

এই বুলি কৈ হাতত লৈ থকা চিৰা খিনি মুখত ভৰাই লৈ কোৰ মৰাত লাগিছিল।
মই কিছুপৰ তাতে স্তব্ধ হৈ ৰৈ আছিলো।

“সনাতন এইযোৰ হ’বনে তাইলৈ?”

“হ’ব হ’ব তাইলৈ এইযোৰ জোখতে হ’ব। ৰছীৰ টুকুৰাটোৰ লগত একেবাৰেসমান এইযোৰ জোতা। এইযোৰ পালেহে কুঁহি ৰাতি টোপনি যাব বুজিছ? খাই মাৰিছে। কাললৈ কিবা স্বাধীনতা দিৱস চাবলৈ যাব স্কুলৰ ফালৰ পৰা। বগাজোতাহে লাগে বোলে। স্বাধীনতানো চোৱা বস্তুনে। মই এইবোৰ একোৱে বুজি নাপাওঁ দেই। ব’ল মোৰ কাম হ’ল ৷ ”

সনাতনৰ পেটৰ পোহনীয়া ভেকুলীটোৱে জোৰকৈ টৰটৰাই দিয়াত মোকলৈ একেচাতে কাচিমৰ হোটেলত পালেগৈ। কাচিম আমাৰে পুৰণা বন্ধু।

-“এই কাচিম ! ফটাফট দুটা চাহ , এটা পৰঠা লগা ভাই, জান ওলাই গৈছেমোৰ ভোকত ৷ ”মই একো নামাতিলো, লাভ নাই। কাচিমৰ লগত হলি-গলিআৰু তাৰ হোটেলত চাহ খোৱাৰ বাবে বহুবাৰ গালি খাইছিলে সনাতনে তাৰ দেউতাকৰ পৰা ।

তাৰ কথা এটাই -“জীয়াই থকা দিনকেইটা মই বাচ-বিচাৰ কৰি কৰি নষ্ট কৰিব নোৱাৰো,মানুহেই হওঁক বা খোৱাবস্তুৱেই হওঁক । তাতে কাচিমৰ লগত সম্বন্ধ এৰি,তাৰ ঘৰৰ ঈদৰ খানা বাদ দিবলৈ মোক কি পাগল কুকুৰে কামুৰিছে?”

দুয়োটা ঘৰলৈ বুলি বাট ল’লো। সনাতনৰ সহজ,একপটিয়া আৰু গম্ভীৰ কথাবোৰে মোক সদায় তাৰ লগত বান্ধি ৰাখিছিল। ‘কুঁহি’ৰ জন্মৰ পাছত লগৰ এটাই সনাতনক কৈছিলে –

-“অ’খবৰটো পালো। ল’ৰা হোৱাহ’লে ভাল আছিল ৷”আচলটোকে জোকাই লৈছিলে।সনাতনৰ চিধা উত্তৰ -“তোৰ মাৰ ল’ৰা হোৱা হ’লে তই জানো এই দুনীয়াত থাকিলিহেতেননে?মোৰ ছোৱালীক নালাগে নিজৰ মাৰক অন্ততঃ অলপ সন্মান কৰ ৷ ”

সনাতনৰ দেশ-দুনীয়াৰ খবৰৰ লগত কোনো খেল নাই। তাৰ মৰমৰ শ্রীমতী ৰহিলা, বুকুৰ আমঠু কুঁহি আৰু কষ্টৰে ঘটা কেইটামান ধনেৰ সৈতে মৰমৰে ভৰা দুটা কোঠাৰ এখন মানুহৰ সংসাৰ। কুঁহিক লৈতাৰ সপোন এটাই তাই ‘মানুহ’হওঁক। চিকিৎসক,অভিযন্তা, অধ্যাপক,বিষয়া ন’হলেও চলি যাব।

১৫ আগষ্ট, ২০০৪।

নতুন জোতা পিন্ধি স্বাধীনতা দিৱসত ভাগ লবলৈ পোৱাৰ আনন্দত কুঁহি মতলীয়া। দেউতাকৰ লগত জপিয়াই জপিয়াই ওলাই গৈছিল কিন্তু স্বাধীনতা দিৱসৰ পৰা উভতি নাহিল তাই। এটা ভয়ানক বিস্ফোৰণে মূহুৰ্ত্ততে মচি পেলালে সনাতনৰ সপোনেৰে ভৰা পঁজাটো। সকলো শেষহৈ গৈছিল। সনাতন আৰু ৰহিলাক মই তাৰ পাছত কাহানিও নেদেখিলো।মোৰ চকুৰ আগতে মৰমেৰে গঢ় লৈ উঠা এখন ঘৰ ধ্বংসস্তুপত পৰিণত হৈছিল পলকতে।

সনাতন স্বাধীন আছিল। এটা স্বাধীন মন আৰু এটা স্বাধীন জীৱনৰগৰাকী। সকলো সামাজিক ভেদাভেদৰ উৰ্দ্ধত আছিল সনাতনৰ মানবীয়চিন্তা,মূল্যবোধ আৰু দৃষ্টিভংগী। এখন স্বাধীন দেশৰ স্বাধীনতাৰ সংজ্ঞাৰ জটিলতা সনাতনৰ বাবে হয়তো এক দুৰ্বোধ্য বিষয় আছিল। কুঁহিৰ স্মৃতি বুকুত
বান্ধি সেয়ে হয়তো সি সকলো এৰি গুচি গৈছিল মানুহৰ এখন নতুন পৃথিৱী বিচাৰি।

মানুহে মানুহ মাৰি মানুহৰ স্বাধীনতা অনা এখন দেশ। গৌৰৱেৰে বুকু ফিন্দাই কেনেকৈ ক’ম –“এই দেশ, মোৰ দেশ”

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
নৱনিত শইকীয়া
8 years ago

সুন্দৰ ।ভাল লাগিল ।প্ৰথম সনাতন পত্নীৰ নাম ৰিহালী বসুমতাৰী আছিল পাছত শ্রীমতী ৰহিলা বুলি লিখিছে । সম্পাদক মহোদয়ে এনে ভূলবোৰত ধ্যান দিলে ভাল হয় । ধন্যবাদ ।

নৱনিত শইকীয়া
8 years ago

সুন্দৰ ।ভাল লাগিল ।প্ৰথম সনাতনৰ পত্নীৰ নাম ৰিহালী বসুমতাৰী আছিল পাছত শ্রীমতী ৰহিলা বুলি লিখিছে । সম্পাদক মহোদয়ে এনে ভূলবোৰত ধ্যান দিলে ভাল হয় । ধন্যবাদ ।