এখন নাটক, কিছু চৰিত্ৰ আৰু বহু অনুভৱ…(অয়ন উত্তম)

নাটক এখন চাবলৈ যোৱাৰ আগতে প্ৰস্তুতি চলাব লাগে, নাটকখন ভাল হওক বা বেয়া হওক, অন্ততঃ প্ৰেক্ষাগৃহত বহি থকাৰ সময়কণ কেনেদৰে কটাব পাৰি, তাৰেই প্ৰস্তুতি। ভাল-বেয়া বহু অভিজ্ঞতা হৈছে নাটক চাবলৈ যোৱাক কেন্দ্ৰ কৰি। কিন্তু এখন নাটক, নাটকৰ কাহিনী আৰু কেইগৰাকীমান শিল্পীৰ দুৰ্দান্ত অভিনয়ে দৰ্শকৰ মনলৈ নাটকীয় ভাৱ এটা আনি দিব পাৰে, সেয়া কল্পনাও কৰা নাছিলোঁ। সঁচাই, এইখন নাটকৰ কাহিনী আৰু শিল্পীৰ সাৱলীল অভিনয়ে অন্তৰ চুই গ’ল।

৯ মে’, বৃহস্পতিবাৰে তিনিচুকীয়াত দাদা-বৌৰ সৈতে অকণমান সময় কটাওঁ বুলি যাওঁতে দাদাই অনুৰোধ কৰিলে যে তেওঁৰ বন্ধু এজনে বাৰে বাৰে মাতিছে তিনিচুকীয়াৰেই গোলাপচন্দ্ৰ ৰবিচন্দ্ৰ নাট্য মন্দিৰত এখন নাটক চাবলৈ। নাটকখনৰ নাম দাদাই নাজানে, কিন্তু বন্ধুৱে মাতিছে যেতিয়া যাবই লাগিব। নাম নজনা নাটক চাবলৈ প্ৰস্তুতি, আশংকা হৈছিল, সন্ধিয়াটো হা-হুমুনিয়াহ কাঢ়ি কটাব নালাগেতো? কিন্তু …

কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী বৰ্ষ উপলক্ষ্যে ‘আখৰাঘৰ নাট্যগোষ্ঠী’, তিনিচুকীয়া আৰু ‘অসম নাট্য সন্মিলন’, তিনিচুকীয়া শাখাৰ সৌজন্যত দুলীয়াজানৰ ‘পথাৰ’ নামৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠানটিয়ে নিৱেদন কৰিলে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰেই কালজয়ী নাটক ‘বিসৰ্জন’। নাট্যকাৰ ৰবীন্দ্ৰনাথ ঠাকুৰৰ মূল নাটকখন অসমীয়ালৈ ভাষান্তৰ কৰিছে অজয় কুমাৰ ভট্টাচাৰ্যই। পৰিকল্পনা তীৰ্থংকৰ ৰায় আৰু পৰিচালনাত আছে পবিত্ৰ চেতিয়া। সন্ধিয়া ৭ বজাৰ লগে লগে নাটক আৰম্ভ হ’ল…

প্ৰেক্ষাগৃহত কাঁহ পৰি জীন যোৱা পৰিৱেশ … প্ৰথম দৃশ্যটোৱেই কৈ দিলে, এইখন নাটক শেষ নোহোৱালৈকে চকীৰ পৰা উঠিব নোৱাৰিম। মা কালীৰ ৰূপত এগৰাকী যুৱতীক প্ৰতীক হিচাপে লৈ কেইজনমান শিল্পীয়ে প্ৰতিমাৰ কাষত থিয় দি আছে। আৰু ভাঁহি আহিছে ঢাক আৰু ঘণ্টাৰ শব্দ।

হৃদয় জোঁকাৰি যোৱা অভিনয়। মঞ্চত প্ৰতিজন শিল্পীৰ প্ৰাণঢলা অভিনয়, মঞ্চৰ প্ৰতিটো চুক-কোণ অভিনয়ৰ বাবে ব্যৱহাৰ, লগতে প্ৰতীকধৰ্মিতাক প্ৰাধান্য দিয়াৰ বাবে সোণত সুৱগা চৰোৱা এখন নাটক ‘বিসৰ্জন’। পোহৰৰ সঠিক ব্যৱহাৰৰ লগতে সংগীতত বিচাৰি নাপালোঁ কোনো ত্ৰুটি। এটি-দুটিকৈ প্ৰতিটো দৃশ্য আগবাঢ়ি গৈ থাকিল। মাজে মাজে দৰ্শকে প্ৰেক্ষাগৃহৰ দৰ্জা খুলিলে জেনেৰেটৰৰ শব্দটোৱে কিছু অশান্তিৰ সৃষ্টি নকৰা নহয়, কিন্তু নাটকৰ মনোযোগ হ্ৰাস কৰিব পৰাকৈ নহয়।

নাটকখনৰ পটভূমি সেই সময়ৰ ত্ৰিপুৰাৰ ৰজা গোবিন্দ মাণিক্যৰ শাসনকালৰ। ‘মা’ৰ পূজাত বলি … চৌদিশে ৰক্ত … এগৰাকী যুৱতীৰ প্ৰশ্ন – ‘ইমান তেজ কিয়?’ প্ৰশ্নটোৱেই গোবিন্দ মাণিক্যৰ মনলৈ আনিছে ধুমুহা। হয়, ইমান ৰক্ত জানোঁ ‘মা’য়ে বিচাৰে? ৰাজ্যত ‘মা’ পূজাৰ নামত পশু বলি নিষেধ কৰা হ’ল। এই আদেশত অসন্তুষ্ট হৈ পৰে নিজকে ধৰ্ম-ৰক্ষাকৰ্তা বুলি ভবা ৰাজপুৰোহিত ৰঘুপতি। মিছা অহংকাৰ, ধৰ্মীয় ভাৱনাৰ সৈতে খেলা কৰা ৰঘুপতিয়ে চলে-বলে-কৌশলে মহাৰাজ গোবিন্দ মাণিক্যৰ বিৰুদ্ধে ৰটনা আৰম্ভ কৰিলে। মন্দিৰত বলি-বিধান নচলিলে ‘মা’ অসন্তুষ্ট হৈ পৰিব আৰু ৰাজ্য এৰি গুচি যাব বুলি প্ৰজাগণক বুজাবলৈ ধৰিলে। নিঃসন্তান ৰাণী গুণৱতীৰ আৱেগৰ সৈতে খেলা কৰিবলৈ ধৰিলে আৰু পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে যে ৰজাই যি আদেশ দিছে সেয়া পাপ আৰু যেনেতেনে ৰাণীয়ে বলিৰ বাবে অনুমতি দিব লাগে। কিন্তু ৰজাৰ হস্তক্ষেপত সেই ষড়যন্ত্ৰ নিষ্ফল হয়। এইবাৰ গোপন হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰিবলৈ ধৰিলে ৰঘুপতিয়ে। সেনাপতি নয়ন ৰায়ক উচতাই ৰজা গোবিন্দ মাণিক্যক কেনেদৰে পথৰ পৰা আঁতৰাব পাৰি, অভিসাৰত নামিল। এই ষড়যন্ত্ৰও ব্যৰ্থ হোৱাত এইবাৰ ৰঘুপতিয়ে ৰজাৰ ভ্ৰাতৃ নক্ষত্ৰ ৰায়ক ”মায়ে সপোনত দেখা দি” ৰজা গোবিন্দৰ তেজ মাৰ জিভাত দিয়াৰ লগে লগে ৰাজ সিংহাসন নক্ষত্ৰ ৰায়ে লাভ কৰিব বুলি এটি মিছা কাহিনী ক’বলৈ কৰিলে। প্ৰথমে ষড়যন্ত্ৰত হাত উজান দিব বিচাৰিও ভয়াতুৰ নক্ষত্ৰ ৰায়ে ৰাজদণ্ডৰ আশংকাত ৰঘুপতিক সহযোগ কৰিবলৈ অমান্তি হয়। অহংকাৰ চূৰ্ণ হ’ব ধৰিছে ৰঘুপতিৰ… অস্থিৰ হৈ উঠিছে ৰঘুপতি… ৰাজপুৰোহিতৰ মৰ্যাদা লুণ্ঠণ হ’ব ধৰিছে… বাৰে বাৰে হাৰি গৈছে ৰঘুপতি… দেৱী দৰ্শন কৰিবলৈ অহা লোকসকলক বুজাবলৈ ধৰিলে ৰাজ আদেশত ক্ষুব্ধ হৈ দেৱীয়ে ৰাজ্য এৰি গুচি গৈছে। কিন্তু ৰজা গোবিন্দ মাণিক্য আৰু তেওঁৰ আজ্ঞাবাহী সৈন্যই পুনৰবাৰ ৰঘুপতিৰ চলনা ধৰা পেলায়। ঠিক এনে সন্ধিক্ষণত তেওঁৰ চকু পৰে জয়সিংঘৰ ওপৰত। জন্মসূত্ৰে ক্ষত্ৰিয় যদিও সৰুতেই ৰঘুপতিয়ে তোলনীয়া পুত্ৰ ৰূপে স্বীকৃতি দিছিল জয়সিংঘক আৰু ব্ৰাহ্মতত্ত্বৰ বিষয়ে জ্ঞান দিছিল। গুৰুৰ আদেশেই শেষ আদেশ হিচাপে মান্য কৰা জয়সিংঘৰ অন্তৰ্দ্বন্দ্ব আৰম্ভ হয় এইখিনিৰ পৰাই। কাৰণ, জয়সিংঘ অপৰ্ণাৰ সৈতে প্ৰেমপাশত আৱদ্ধ। অপৰ্ণা হৈছে সেইগৰাকী যুৱতী, যিগৰাকীৰ ছাগলী পোৱালীটিক চুৰি কৰি ‘মা’ৰ আগত বলি দিয়া হৈছিল… এই কাৰ্যৰ বিৰুদ্ধে ৰজাৰ আগত অভিযোগ দিছিল আৰু পৰৱৰ্তী সময়ত ৰজাই বলি-বিধান নিষেধ কৰিছিল। জয়সিংঘৰ মন হাহাকাৰ, কাৰ কথা শুনিব? ইমান দিনে পিতৃজ্ঞান কৰি অহা ৰঘুপতিৰ নে প্ৰেমিকা অপৰ্ণাৰ? আনহাতে জয়সিংঘ সাক্ষী হৈ ৰৈছে ৰঘুপতিয়ে গোপনে ৰজাক হত্যা কৰিব বিচৰা ষড়যন্ত্ৰৰ বিষয়ে। ৰঘুপতিয়ে এইবাৰ শেষ অস্ত্ৰ এৰিলে জয়সিংঘক উদ্দেশ্যি – ‘মা’ৰ চৰণ স্পৰ্শ কৰি প্ৰতিজ্ঞা কৰিবলৈ ক’লে, ২৯ আহাৰৰ ভিতৰত ৰাজৰক্ত আনি ‘মা’ৰ চৰণত দিব লাগিব জয়সিংঘই। প্ৰতিজ্ঞাবদ্ধ জয়সিংঘৰ মনোবেদনা আৰু ৰজা গোবিন্দ মাণিক্যৰ সৈতে হোৱা কথোপকথনৰ দ্বাৰা জয়সিংঘ বিচলিত হ’ল যদিও বুজি পালে ৰাজপুৰোহিত ৰঘুপতিয়ে কি বিচাৰে।

মন্দিৰ সহস্ৰ বন্তিৰে আলোকিত… ‘মা’য়ে নৰৰক্তৰ বাবে জিহ্বা মেলি ৰৈ আছে আসনত… মন্দিৰৰ একাষে অকলশৰে বহি আছে ৰাজপুৰোহিত ৰঘুপতি… সময় নিকট… অস্থিৰতাই আৱৰি আছে ৰঘুপতিৰ মন… জয়সিংঘই প্ৰতিজ্ঞা পূৰণ কৰিবনে? আনিবনে ৰাজৰক্ত? বতাহত মন্দিৰৰ দীপশিখা কঁপি উঠিল। হঠাৎ বিদ্যুতগতিৰে জয়সিংঘৰ প্ৰৱেশ… ৰঘুপতিৰ প্ৰশ্ন ‘ৰাজৰক্ত আনিছ?’ জয়সিংঘৰ উত্তৰ ‘আনিছোঁ, আপুনি আঁতৰি দিয়ক, মই ‘মা’ক নিৱেদন কৰোঁ’। কঁপি উঠিল মন্দিৰ চৌহদ… কালী প্ৰতিমাৰ সন্মুখত ৰৈ জয়সিংঘই ক’বলৈ ধৰিলে ‘মা, তুমি সঁচাই সন্তানৰ ৰক্ত বিচাৰিছা? ৰাজৰক্ত নহ’লে তোমাৰ তৃষ্ণা পূৰণ নহ’ব? জন্মৰে পৰা তোমাকেই মা বুলি মাতি আহিছোঁ, তোমাৰেই সেৱা কৰি আহিছোঁ, জীৱনৰ আন উদ্দেশ্যও নাছিল। মই ৰাজপুত, মই ক্ষত্ৰিয়। মোৰ প্ৰপিতামহ ৰজা আছিল, মোৰ মাতামহবংশীয়ে আজিও ৰাজত্ব কৰি আহিছে… এয়া লোৱা তেন্তে ৰাজৰক্ত, তোমাৰ সন্তানৰেই ৰাজৰক্ত’… তড়িৎ গতিৰে বুকুত শানিত ছুৰীখন বহুৱাই দিয়ে জয়সিংঘই… প্ৰতিমাৰ চৰণত পৰি ৰ’ল জয়সিংঘৰ নিথঁৰ দেহ…

প্ৰতিটো দৃশ্য, প্ৰতিজন শিল্পীৰ মনপৰশা অভিনয় আৰু সংলাপে ‘বিসৰ্জন’ক অনন্য মাত্ৰা প্ৰদান কৰিলে। কাৰিকৰী কিছু অসুবিধাৰ বাবে শিল্পীসকলে মাজে মাজে উজুটি খাবলগীয়া হয় যদিও দৰ্শকে বুজি উঠিছে, সেয়া শিল্পীৰ ভুল নহয়… ব্যৱস্থাপনাৰ কিছু ত্ৰুটি মাথোঁ। দক্ষ পৰিচালনা কি, সু-অভিনয় কি আৰু দৰ্শকক প্ৰেক্ষাগৃহত আৱদ্ধ কৰি ৰখাৰ কৌশল কি – সেয়া দুলীয়াজানৰ ‘পথাৰ’ গোষ্ঠীয়ে ভালদৰেই শিকাই গ’ল। বিশেষকৈ ৰঘুপতি আৰু জয়সিংঘৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী দুগৰাকীয়ে প্ৰতিজন দৰ্শকৰ হৃদয় স্পৰ্শ কৰিলে। ৰাজ্যৰ বাহিৰতো যেনে পশ্চিমবংগতো ‘পথাৰে’ ‘বিসৰ্জন’ নাটকখন ইতিমধ্যে মঞ্চস্থ কৰিছে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষ্যে ‘পথাৰে’ ‘বিসৰ্জন’ নাটকৰ দ্বাৰা কবিগুৰুলৈ শ্ৰেষ্ঠ শ্ৰদ্ধা নিৱেদন কৰিলে বুলি ক’ব পাৰি।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক