এখন নৈ আৰু শাৰদীজ্যোস্না (কথা-কবিতা)

-কৌশিক বৰা

 

আন কোনেও নুশুনিলেও অন্তঃত নৈখনে শুনিছিল আমাৰ কথাবোৰ…… আন কোনেও নেদেখিলেও অন্তঃত নৈৰ পাৰৰকঁহুৱাডৰাই দেখিছিল তোমাৰ সেন্দুৰীয়া গালত মোৰ প্ৰতিটো চুমা…….. এতিয়াও পাওঁ তোমাৰ স্পৰ্শ নৈপৰীয়া বালিবোৰত……..
অ’ মোৰ বুকুৰ শাৰদীজ্যোস্না,
তোমাৰ মনত আছেনে? বিলীন হব খুজিছিল যিদৰে
দগমগীয়া ৰঙা বেলিটো..
জিলিকি জিলিকি নৈৰ বুকুত
বিলীন হব খুজিছিল সেইখনি নৈত…
তোমাৰ মোৰ প্ৰেমৰো নৈখন..
যেন বৈ যাব একেলগে… ক’ৰবালৈ…

………….

এতিয়াও বয় দুয়োখনি নৈ…. কিন্তু একেলগে নহয়… আমাৰ প্ৰেমৰ নৈয়ে সুঁতি সলালে….
এতিয়া সেই নৈ আৰু এই নৈৰ মাজত এক বিশাল দূৰত্ব…..
..এতিয়াও দেখো নৈৰ বুকুত জিলিকি থকা দগমগীয়া ৰঙা বেলিটো…
কিন্তু !!!!
তাতকৈও এটি ৰঙা বেলি দেখোন তোমাৰ কপালত… তোমাক ঊষা সাজি কোন অণিৰুদ্ধই আঁকি দিছে , শাৰদীজ্যোস্না…???
… নৈৰ বুকুত আমি দেখা ৰঙা বেলিটোতকৈও ৰঙাকৈ……

ঠিকেই !! আমাৰ নৈখনিৰ পানীয়ে তোমাক আমুৱালে… বিশ্বাসত ল’ব নোৱাৰা হ’লা নৈখনক…… কি দোষ কৰিছিল নৈখনে???
বেচেৰা নৈখনে যে এতিয়া কান্দিলেও তুমি নেদেখা…….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments