এখন পাহাৰ বগাই আছিলো (নৱাকাশ)

এখন পাহাৰ বগাই আছিলো
এতিয়াও
একেলগে হাজাৰ তৰাই মাতে ৰিংমাৰি
নামফলকখন আঁৰি ল’ব খোজতেই এটা জোন ধুপুচকৈ সৰি পৰিল
আহ! চিৰিলি চিৰিলি তামোলৰ পাত
উৰুখা চালেৰে সকলো দেখি
আহানা জোনাকৰ মাজতে
এটা খেৰি ঘৰ সাজো
আটোলটোল ৰূপোৱালী জোন
এখন পাহাৰ বগাই আছিলো
আৰু নিজৰাবোৰৰ নিজৰা নিজৰা শব্দ
দূৰৈত এপাত হেঙুলীয়া কাঁড়
কাৰ
সপোন বোলতেই মনলৈ আহিল

বৰ বিয়াগোম আছিল

পানীৰ তলৰ এটা মাছ
ধৰাহে নহ’ল বিন্ধিলে কাঁইটে
কাইটি, বঢ়াই দিয়ানা হাত
অহা ব’হাগত পুনৰ আহিব
বৰদৈচিলা হেন ৰঙ
নাচনীৰ ক’ত যে ভেম
নাচিব বতাহত বহাগত
শিমলু ফুলা ৰাতি তোলৈকে ৰৈ থাকো
এতিয়াও_

জলপ্ৰপাতৰ দৰে তই
এটা জলপ্ৰপাতৰ দৰে তই
পাটমাদৈ
পাটমাদৈ
তোৰ জীপাল শৰীৰৰ গোন্ধ…………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments