এখন প্ৰাকৃতিক আতচী কাচৰ ৰহস্য- ভাৰ্গৱ বৰঠাকুৰ

বিশ্বব্ৰহ্মাণ্ডৰ ৰহস্য উদ্ঘাটনৰ বাবে বিজ্ঞানী সকলে বিভিন্ন অত্যাধুনিক প্ৰযুক্তিৰ আৱিষ্কাৰ কৰি আহিছে৷ আৰু এই প্ৰযুক্তিৰ সহায়ত বিশ্বব্ৰহ্মাণ্ডৰ বহু নতুন নতুন তথ্য আহৰণ কৰিবলৈও সক্ষম হৈছে৷ তেনে এক অত্যাধুনিক প্ৰযুক্তিৰ অন্যতম অৱদান হাবল অন্তৰীক্ষ দূৰবীণ (Hubble space telescope)৷ বিগত বহুবছৰৰ পৰা আজিলৈকে ‘হাবল দূৰবীণ’ ৰ পৰা বিজ্ঞানীসকলে বহু তথ্য আহৰণ কৰিলে৷ ‘হাবল দূৰবীণৰ সহায়ত কেৱল দূৰ দূৰণিৰ তৰা, তাৰকাৰাজ্য আদিৰ বিষয়ে নহয়, বিশ্বব্ৰহ্মাণ্ডৰ অতি প্ৰাচীন সময়ছোৱাৰ বিষয়েও জনাত বহুখিনি সফল হৈছে৷ কিন্তু সকলো ক্ষেত্ৰতে এনেকুৱাও নহয় যে প্ৰকৃতিৰ ৰহস্য উদ্ঘাটনৰ বাবে কেৱল মানৱ নিৰ্মিত যন্ত্ৰৰহে প্ৰয়োগ কৰা হৈছে, কেতিয়াবা কিছুমান প্ৰাকৃতিক ৰহস্য উদ্ঘাটন কৰাত প্ৰকৃতিয়ে নিজেই সহায় কৰিছে৷ তেনে এক প্ৰাকৃতিক পৰিঘটনা হৈছে ‘মহাকৰ্ষণিক লেন্স’( Gravitational Lensing)৷ যিটো সম্পূৰ্ণৰূপে স্থান-কাল( Space-time)ৰ বৈশিষ্ট্যৰ ওপৰত নিৰ্ভৰশীল৷ ’মহাকৰ্ষণিক লেন্স’(Gravitational lensing )পৰিঘটনাটো এখন আতচী কাচৰ দৰে, যাৰ দ্বাৰা আমাৰ পৰা বহু কোটি দূৰত্বত অৱস্থান কৰা তৰা, তাৰকাৰাজ্য, গ্ৰহ আদিক পৰিষ্কাৰ তথা পৰিৱৰ্ধক( Magnified) ৰূপত চাব পাৰোঁ৷ এই পৰিঘটনাৰ সহায়তেই বিজ্ঞানীসকলে কৃষ্ণ পদাৰ্থৰ(dark matter) বিষয়েও অৱগত হৈছিল৷


‘মহাকৰ্ষণিক লেন্স’ (Gravitational lensing) কি আৰু ই কিদৰে কাম কৰে তাক জনাৰ আগতে আমি প্ৰথম জানিব লাগিব এখন সাধাৰণ ‘লেন্স’-এ (lens) কিদৰে কাম কৰে৷ সাধাৰণতে ‘ লেন্স’-এ প্ৰতিসৰণ মাধ্যম হিচাপে পোহৰ ৰশ্মিৰ দিশক সালসলনি ঘটাই, অৰ্থাৎ পোহৰৰ ৰশ্মিক অপসাৰী বা অভিসাৰী কৰে৷ উত্তল লেন্সে সমান্তৰাল পোহৰ ৰশ্মিক অভিসাৰী কৰে আৰু অৱতল লেন্সে সমান্তৰাল পোহৰৰ ৰশ্মিক অপসাৰী কৰে৷ আমি কোনো এটা বস্তুক তেতিয়াহে দেখা পাওঁ যেতিয়া বস্তুটোৰ পৰা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ আমাৰ চকুত পৰে৷ কিন্তু আতচী কাচেৰে চালে আমি কিয় ডাঙৰ দেখোঁ? কাৰণ বস্তুটোত পৰা পোহৰ ৰশ্মি প্ৰতিফলিত হৈ আমাৰ চকুত পৰাৰ আগত এখন বিশেষধৰণৰ কাচৰ মাজেৰে আহিবলগীয়া হয়৷ যিহেতু আমি জানো যে শূন্যত(vacuum) পোহৰ সদায় সৰল ৰেখাৰে(Straight line) গতি কৰে আৰু আমাৰ মানসিক স্থিতিও এনেকুৱা যে পোহৰক সদায় আমি এডাল সৰলৰেখাতে অনুভৱ কৰো৷ গতিকে সেই বস্তুটোৰ পৰা পোহৰ প্ৰতিফলিত হৈ আমাৰ চকুত পৰা আগত, আতচী কাচত থকা উত্তল লেন্সৰ মাজেৰে পাৰ হ’ব লগীয়া হয়, যি আমাৰ চকুত এটা অসৎ প্ৰতিবিম্বৰ (virtual image) সৃষ্টি কৰিব, যাৰ বাবেই আমি বস্তুটোক ডাঙৰকে দেখিম৷ মহাকাশত ‘মহাকৰ্ষণিক লেন্সে’ ও এখন আতচী কাচৰ দৰে কাম কৰে৷ ১৯১৫ চনত আইনষ্টাইনে সাধাৰণ আপেক্ষিকতাবাদৰ দ্বাৰা মহাকৰ্ষণিক বল প্ৰকৃততে কি আৰু ই কেনেকৈ কাম কৰে তাৰ ব্যাখ্যা আগবঢ়াইছিল৷ এই সাধাৰণ আপেক্ষিকতাবাদৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ’ল এটা গধুৰ বস্তুৰ মহাকৰ্ষণ ক্ষেত্ৰত পোহৰে পোন ভাৱে গতি নকৰে, ই বস্তুটোৰ ফালে বিক্ষেপিত হয় অৰ্থাৎ হেলনীয়া হৈ পৰে৷ বিক্ষেপৰ পৰিমাণ অৱশ্যে নিচেই তাকৰ, অতি বেছি ভৰৰ (যেনে -সূৰ্য, কৃষ্ণ গহ্বৰ, তাৰকাৰাজ্য ইত্যাদি ) কাষেদি নগ’লে পোহৰৰ বিক্ষেপন ধৰা পেলোৱা অসম্ভৱ৷ স্থান-কালৰ বক্ৰতা (Space time curvature)নিৰ্ভৰ কৰিব সম্পূৰ্ণৰূপে পদাৰ্থৰ ভৰৰ ওপৰত৷ বেছি ভৰৰ পদাৰ্থই স্থান-কালক বেছি বক্ৰ কৰিব, যাৰ ফলত বিক্ষেপিত পোহৰ পৰিমাণো বেছি হ’ব৷ সূৰ্যৰ দৰে গধুৰ ভৰৰ বস্তু বিলাকে তাৰ কাষৰীয়া স্থান-কালক বক্ৰ (Space-time curvature) কৰি ৰাখে যাৰ ফলত পোহৰেও দিশৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য হয়৷ উদাহৰণস্বৰূপে এখন ফিটফিটিয়া কৈ বান্ধি থোৱা কাপোৰত আমি যদি এটা গধুৰ বল ৰাখোঁ, সি নিজৰ ভৰৰ বাবে সেই স্থানত কাপোৰখন কিছু তললৈ নমাই দিব৷ সেই গধুৰ বলটোৰ কাষত যদি আন এটা তাতকৈ তুলনামূলকভাৱে পাতল বল ৰাখোঁ, দেখিম সিও নিজৰ ভৰৰ বাবে কাপোৰখন তললৈ নমাই দিব৷ অৰ্থাৎ ফিটফিটিয়া কৈ বান্ধি ৰখা কাপোৰখনত বল দুটাৰ ভৰে দুটা গাঁতৰ দৰে সৃষ্টি কৰিব৷ যিহেতু গধুৰ বলটোৱে কাপোৰখন বেছি তললৈ বহাই দিব গতিকে তাৰ কাষত থকা পাতল বলটোৱে গধুৰ বলটোৰ চাৰিওফালে ঘূৰিবলৈ বাধ্য হ’ব৷ মহাকাশতো পদাৰ্থৰ উপস্থিতিয়ে স্থান-কাল (space -time) ক ওখোৰা-মোখোৰা কৰি পেলায়৷ বিজ্ঞানী বাৰ্ট্ৰাণ্ড ৰাছেলৰ ভাষাত, গধুৰ পদাৰ্থবিলাকে স্থান-কালত এটা ‘পাহাৰৰ সৃষ্টি কৰে৷ ৰাছেলে মহাকৰ্ষণৰ আপেক্ষিকতাবাদী ধাৰণাটোৰ এটা মনোগ্ৰাহী উদাহৰণ দিছে এইদৰে – ধৰা হ’ল, এটা পাহাৰৰ চাৰিওফালে কেইবাখনো গাওঁ আছে আৰু পাহাৰটোৰ শীৰ্ষত ৰাতি সদায় এটা শক্তিশালী পোহৰৰ উৎস ৰখা হয়৷ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ যাবলৈ পাহাৰটোৰ গাৰ চাৰিও কাষে কেইবাটাও ৰাস্তা আছে আৰু স্বাভাৱিকতে এই ৰাস্তাবিলাক ঘোৰ খোৱা ধৰণৰ৷ এদিন এখন গাঁৱৰ কিছুমান মানুহে পাহাৰটোৰ আনফালে থকা আন এখন গাঁৱলৈ যাবলৈ হাতত একোডাল জোৰ লৈ পাহাৰ গাত থকা ঘোৰ খোৱা ৰাস্তাৰে যাত্ৰা আৰম্ভ কৰিলে৷ এতিয়া গোটেই ঘটনাটো যদি এজন মানুহে পাহাৰটোৰ পৰা বহু ওপৰত থাকি লক্ষ্য কৰে, তেন্তে ৰাতিৰ আন্ধাৰত মানুহজনে গাওঁ বা পাহাৰ এইবোৰ একো দেখা নাপায়, তেওঁ মাথোঁ দেখা পাব পাহাৰৰ ওপৰত থকা শক্তিশালী পোহৰৰ উৎসটো আৰু হাতত জোৰ লৈ যোৱা মানুহবোৰক৷ তেওঁ দেখি আচৰিত মানিব যেমানুহবোৰ পোন বাটেদি নগৈ বেঁকা পথেদি ভ্ৰমণ কৰিছে, পাহাৰটোৰ অস্তিত্ব সম্পৰ্কে অজ্ঞ হোৱাৰ বাবে তেওঁ মানুহবিলাকৰ এনেকুৱা আচহুৱা ভ্ৰমণক শক্তিশালী পোহৰ উৎসটোৰ প্ৰতিক্ৰিয়া বুলি অনুমান কৰিব৷ লগতে মানুহজনে ভাবিব পোহৰৰ উৎসটোৱে পুৰি মৰাৰ ভয়তহে কিজানি মানুহবিলাকে উৎসৰ পৰা আঁতৰি বেঁকা ভাবে ভ্ৰমণ কৰিছে৷ আনহাতে নিচেই ওচৰৰ পৰা গোটেই ঘটনাটো চাই থকা মানুহ এজনে মানুহবিলাকৰ এনে ‘আচহুৱা’ ভ্ৰমণৰ কাৰণ যে পোহৰৰ উৎস নহয়, পাহাৰটোহে সেইটো ঠিকেই বুজি পাব৷ ৰাছেলৰ এই উদাহৰণটোত শক্তিশালী পোহৰৰ উৎসটো হ’ল সূৰ্য আৰু জোৰবিলাক হ’ল সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহবিলাক৷ অৰ্থাৎ আইনষ্টাইনৰ সিদ্ধান্ত অনুসৰি কোনো ‘বল’ ৰ প্ৰভাৱত গ্ৰহবিলাকে সূৰ্যৰ চাৰিওফালে ঘূৰি নুফুৰে, সূৰ্যৰ দৰে অতি ভৰযুক্ত পদাৰ্থই স্থান-কালত এটা পাহাৰৰ সৃষ্টি কৰাৰ ফলতহে সিহঁতে বক্ৰ ভাৱে যাবলৈ বাধ্য হয়৷ মহাকাশতো মহাকৰ্ষণ বলে এইদৰেই কাম কৰে৷ যাৰ বাবেই মহাকাশত প্ৰতিটো গধুৰ বস্তুৰ চাৰিওফালে তাতকৈ কম ভৰৰ বস্তুবোৰ ঘূৰে৷ যেনে আমাৰ সূৰ্যৰ চাৰিওফালে পৃথিৱীখন যিদৰে ঘূৰি আছে আৰু পৃথিৱীৰ চাৰিওফালে চন্দ্ৰ৷ ঠিক সেইদৰে আমাৰ তাৰকাৰাজ্যখনো এটা বৃহৎ কৃষ্ণ গহ্বৰ(black hole)-ৰ চাৰিওফালে ঘূৰি আছে৷ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু এইদৰেই ভ্ৰাম্যমাণ৷ গতিকে আইনষ্টাইনৰ সিদ্ধান্ত অনুসৰি অত্যধিক ভৰযুক্ত পদাৰ্থই নিজৰ ভৰ অনুসৰি স্থান-কালক বক্ৰ কৰে, আৰু এনে হোৱাৰ অৰ্থ এয়ে যে তাৰ কাষেৰে পাৰ হোৱা পোহৰৰ দিশতো সালসলনি ঘটিব৷ কাৰণ তেনে ঠাইত স্থান-কাল(Space-time)ৰ পৰিবেশ এনেকুৱা হ’ব যে পোহৰে নিজৰ দিশ সলাবলৈ বাধ্য হ’ব৷ গতিকে সেই ঠাইত মহাকৰ্ষণ বলে এখন লেন্সৰ দৰে কাম কৰিব৷ বিজ্ঞানৰ প্ৰতিটো তত্ত্ব বাস্তৱ অভিজ্ঞতাৰ সুদৃঢ় ভেটিৰ ওপৰত প্ৰতিষ্ঠিত৷ গতিকে যৌক্তিক ভাৱে যিমানেই শক্তিশালী নহওক কিয়, পৰীক্ষাৰ দ্বাৰা সত্যতা প্ৰমাণিত নোহোৱা পৰ্যন্ত বিজ্ঞানত কোনো তত্ত্বই তাৰ প্ৰতিদ্বন্দী তত্ত্বসমূহৰ ওপৰত বিজয় সাব্যস্ত কৰিব নোৱাৰে৷ যদিহে আইনষ্টাইনৰ ব্যাখ্যা শুদ্ধ আছিল, তেন্তে মহাকাশত ভৰযুক্ত পদাৰ্থৰ উপস্থিতিয়ে স্থান-কালক কৰা বক্ৰতাই এখন প্ৰাকৃতিক ‘লেন্সৰ (আতচী কাচ) সৃষ্টি কৰিব, যাৰ দ্বাৰা সেই ভৰযুক্ত পদাৰ্থৰ পাছফালে থকা তৰা, তাৰকাৰাজ্য আদিক দেখা পাব লাগিছিল৷ আইনষ্টাইনৰ এই সিদ্ধান্তক প্ৰমাণ কৰি চাবলৈ বিশ্বৰ বিজ্ঞানী সকলৰ বহুতেই আগ্ৰহ প্ৰকাশ কৰিছিল৷ সেই সকলৰ ভিতৰত অন্যতম আছিল ব্ৰিটিছ বিজ্ঞানী ছাৰ আৰ্থাৰ এডিংটন৷ সেইয়া আছিল, ১৯১৯ চনৰ মে’ মাহৰ পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ এটা দিন, এডিংটনে টেলিস্কোপেৰে সূৰ্যক পৰ্যবেক্ষণ কৰিছিল৷ সূৰ্যৰ পাছফালে বহুকোটি দূৰত্বত এটা তৰাৰ অৱস্থান আছিল৷ যিটো সূৰ্যৰ আকাৰ আৰু তীব্ৰ পোহৰ বাবে পৃথিৱীৰ পৰা দেখা পোৱা অসম্ভৱ আছিল৷ যাৰ বাবে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ দিনা পৰ্যবেক্ষণ কৰা হৈছিল, যাতে সূৰ্যৰ তীব্ৰ পোহৰে পৰ্যবেক্ষণত প্ৰভাব পেলাব নোৱাৰে৷ যদি আইনষ্টাইনৰ অনুমান সঁচা আছিল, তেন্তে সূৰ্যই নিজৰ ভৰৰ বাবে স্থান-কালক বক্ৰ কৰিব আৰু সূৰ্যৰ পাছফালে থকা তৰাৰ পোহৰ সূৰ্যৰ কাষেৰে পাৰ হৈ আহোঁতে দিশৰ পৰিৱৰ্তন ঘটিব৷ অৰ্থাৎ ‘মহাকৰ্ষণিক লেন্স’(Gravitational Lensing) ৰ বাবে সেই তৰা আমাৰ পৃথিৱীৰ পৰা দেখা পাব লাগিছিল৷ আশ্চৰ্যকৰ কথা এই যে আইনষ্টাইনৰ থিয়ৰীয়ে যি ব্যাখ্যা কৰিছিল, প্ৰকৃতিৰ আচৰণো ঠিক একেধৰণৰে আছিল৷ এডিংটনো সফল হৈছিল সূৰ্যৰ পাছফালে থকা তৰাটো আৱিষ্কাৰ কৰাত সমান্তৰালকৈ আইনষ্টাইনৰ এই যুগান্তকাৰী আপেক্ষিকতাবাদৰ সিদ্ধান্তই বিশ্বব্ৰহ্মাণ্ডক নতুনকৈ চোৱাৰ বাট মুকলি কৰিছিল৷ আচলতে ইয়াত, সেই তৰাটোৰ পৰা অহা পোহৰ আমাৰ চকুত পৰিব নালাগিছিল, কিন্তু সূৰ্যৰ নিজৰ ভৰৰ বাবে স্থান-কালত বক্ৰ পথৰ সৃষ্টি হ’ল যাৰ বাবে সেই তৰাটোৰ পৰা অহা পোহৰ সূৰ্যৰ কাষেৰে পাৰ হৈ যাওঁতে হেলনীয়া হৈ পৰিল৷ দিশৰ পৰিৱৰ্তন হোৱা বাবে সেই পোহৰ অনায়াসে আমাৰ পৃথিৱীলৈ আহিব পাৰিলে৷ অৰ্থাৎ আমাৰ পৃথিৱীৰ পৰা দেখা গ’ল৷ যিহেতু আমাৰ চকুৱে পোহৰক সদায় সৰল ৰেখাতে অনুভৱ কৰে, গতিকে সূৰ্যৰ পাছফালে থকা সেই তৰাটো আমি পৃথিৱীৰ পৰা দেখা পাম ঠিকেই কিন্তু প্ৰকৃত স্থানত নহয়, এটা বেলেগ স্থানত৷ যাক আমি অসৎ অৱস্থান বুলি ক’ম (Apparent position)৷ এডিংটনে এইদৰে প্ৰকৃতিৰ আতচী-কাচখনৰ ৰহস্যক প্ৰমাণ কৰি দেখুৱাইছিল৷ ‘মহাকৰ্ষণিক লেন্স’ পৰিঘটনাটোৰ সৃষ্টিকাৰী ভৰযুক্ত পদাৰ্থ তথা ভৰযুক্ত পদাৰ্থটোৱে সৃষ্টি কৰা স্থান-কালৰ বক্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি বিজ্ঞানীসকলে এতিয়া ‘মহাকৰ্ষণিক লেন্সক week lensing, strong lensing, micro lensing নামেৰে তিনিটা ভাগত ভাগ কৰিছে আৰু বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি মহাকাশৰ আৰু নতুন নতুন তথ্য আহৰণ কৰাত লাগিছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক