এখন প্ৰেমৰ চিঠি (দীপুল হালৈ)

মৰমৰ মনীষা,
বছৰৰ শেষ চিঠিখনৰ মৰমখিনি গ্ৰহণ কৰিবা।কি লিখিম ভাবিছোঁ।ছেগা-চোৰোকাকৈ বহু কথাই মনলৈ আহিছে।এখন চিঠিৰ কথাৰে আৰম্ভ কৰোঁ।
এখন কিতাপ, এটি আশা….. এখন চিঠি:
১৯৯২ চনৰ কোনো এটি মধুৰ দিন। মনত আছেনে তোমাৰ? বহুদিনৰ পোহপাল দি ৰখা এটি আশা আৰু এখন আলোচনীৰ(বিস্ময়) বছা বছা ঠিকনা।ঠিকনাৰ সমাহাৰত মোৰ কলমৰ পৰা সৃষ্টি হৈছিল এখন চিঠি আৰু বহুতো। মিছ….. শিলসাকো, শিৱসাগৰ; মিছ মনীষা আৰু বহুতো। বহুদিনৰ মূৰত লিখিলোঁ তোমালৈ। পত্ৰ বন্ধুত্ব আছিল মোৰ হবি। তোমাৰো। মৰমৰ অচিনাকি বান্ধবীৰে আৰম্ভ কৰি প্ৰান্তত মই থাকি প্ৰথমখন চিঠি তোমালৈ পঠালোঁ। মিছ মনীষা বৰা। এখন চিঠিৰ জন্ম। এটী মৰমৰ সম্বন্ধৰ জন্ম। চিঠিখনত মৰম বেছি মৰম নাছিল, আছিল বহুতো আশা।এমাহ বিৰতিৰ পাছত তোমাৰ চিঠিখন পালোঁ। পৰীক্ষা দি ৰিজাল্ট দিয়ালৈ ৰৈ থকাৰ নিচিনা এটা উগুল-থুগুল অৱস্থাত তোমাৰ চিঠিখন আছিল ভাল ৰিজাল্ট। হেই, তুমি মোৰ অচিনাকি নেকি? বা মই তোমাৰ। নহয়, মই তোমাক চিনি পাইছোঁ।তুমি এজনী মস্ত বেয়া ভাল ছোৱালী। হয় নে নহয়? আহা আমি অলপ আগবাঢ়ি যাওঁ।
মৰমৰ অনা-নিয়া : তাৰ পাছত ইখনৰ পাছত সিখন চিঠি। মৰমৰ চিঠি। বন্ধুত্বৰ আদান প্ৰদান। অধীৰ আগ্ৰহেৰে বাট চাওঁ তোমাৰ চিঠিৰ বাবে। সময়ত মৰমবোৰ পাওঁ। চিঠিবোৰ বিচাৰি চাওঁ, তুমি কেনেকুৱা ওখ নে চাপৰ, বগী নে ক’লী, মৰম লগানে? নে দেখিলে বাঘ যেন লগা? শাৰীৰিক অবয়ব চিঠিখনে দিব পৰা নাছিল, দিছিল তুমি মৰমিয়াল। মই তোমাক কল্পনা কৰিছিলোঁ, এজনী মৰম-লগা সৰু ছোৱালী।দেখিলেই মৰম লগা ধুনুধুনু ছোৱালী। ইছ, তাইৰ লাজটো চোৱা।দিম এক থাপৰ। মোক মৰম দিব পৰা মৰমিয়াল নে ? চিঠিবোৰত বিচাৰি চাওঁ তোমাৰ মৰমিয়াল মনটো। ক’ৰবাত দেখা পোৱা হ’লে। যাম নেকি এবাৰ। নাই পাছত যাম। নগ’লোঁ। এনেকৈ ভাবৰ বুৰবুৰণি উঠি থাকোঁতে তোমাৰ পৰা মৰমেৰে লুতুৰি-পুতুৰি হৈ অহা চিঠি একোখন পাওঁ। কেতিয়াবা “ভালপাওঁ” টো থাকে সহজে। অচিনাকি ল’ৰা এজনক (অঘাইতঙো হ’ব পাৰে!!) ইমান সহজে ভালপোৱা দিব পাৰিনে? মই মনটোক সোধোঁ। মনটোৱে বেঙা ল’ৰাটোৰ দৰে কৰে। জুমনে দিগদাৰ কৰিছে নেকি? এই জুমন, তোমাক কিট-কাট দিম।
গোলাপ : এতিয়া পোৱা হ’লে ক’লোঁহেঁতেন- চিঠিখন প্ৰেগনেন্ট হৈছে, ইমান পেটুৱা। সেইদিনা ডিচেম্বৰৰ আবেলি তেনেকৈ ভবা নাছিলোঁ। ভাবিলোঁ গ্ৰীটিংছ কাৰ্ড। আখৰকেইটাই ক’লে- মই মনীষা। ৰুমলৈ আহি অধীৰ আগ্ৰহেৰে চিঠিখন খুলিলোঁ। দুপাহ গোলাপ ফুলে মোক নতুন বছৰৰ শুভেচ্ছা জনালে। এটি হাঁহি বিৰিঙি গ’ল। মোৰ ভাল লাগিল, হাঁহিও উঠিল। আচৰিত হ’লোঁ। এতিয়া হোৱা হ’লে ক’লোঁহেঁতেন, দুষ্ট ছোৱালী, গোলাপ ফুল দি ডেকা ল’ৰাক প্ৰেম নিবেদন কৰিবলৈ আহিছে? খং উঠিছে নেকি? মোৰ উঠা নাই দেই। তুমি মোক ভাল পাইছিলা নেকি ? ভালপোৱা জনকহে গোলাপ ফুল দিয়ে- ৰঙা গোলাপ।
মনীষাই মোক ভাল পায়? মই ভাল পাওঁনে? মই ভাল পাওঁ জানো? মোৰটো তেনেকুৱা অনুভৱ হোৱা নাই।
ৰঙা গোলাপৰ অৰ্থ মই বুজিলোঁ। বগা গোলাপৰ অৰ্থ? এখন সুবাসিত চিঠি। মন পৰশা। তাত বাৰু হৃদয়ৰ সুবাস আছিল নেকি? প্ৰেমৰ সুবাস থাকিলেহে কিজানি সুবাসিত গোলাপ অধিক মধুৰ হয়। সিদিনা গোলাপৰ সুগন্ধত মই পাইছিলোঁ প্ৰেম-ভালপোৱাৰ চিকমিকনি। সঁচাই। কি উত্তৰ দিওঁ? পাছত মই যি লিখিলোঁ তাত চাগৈ প্ৰকাশ পাইছিল মোৰ অন্তৰৰ খু-দুৱনি। তোমাৰ অভিমানৰ মিঠাবোৰ বহুদিন উপভোগ কৰিছিলোঁ। গোলাপ দুপাহ আজিও আছে। ভাবি ভাল লাগে।
মুখামুখি : আমাৰ বন্ধুত্বই দুয়োকো ওচৰ চপাই আনিলে। তোমাৰ অনুৰোধত (“আমাৰ ঘৰলৈ কেতিয়া আহিবা? ”) আৰু মোৰ মনৰ তীব্ৰ আকৰ্ষণৰ তাগিদাত এদিন ওলালোঁ। এটি মিঠা পুৱা।কিনকিনিয়া বৰষুণ। গাড়ীত মনটো উৰিছে। মোৰ টেনশ্যন হৈছিল। এছোৱা খোজ কাঢ়ি তোমালোকৰ ঘৰ পালোঁগৈ। ড্ৰয়িংৰুমত তোমাৰ অপেক্ষাত।….. মনীষা আহি মোৰ সমুখত। ধুনীয়া। এটি নমস্কাৰেৰে যে তুমি মোৰ লগত চিনাকি হৈছিলা মনত আছেনে? লাহে লাহে সহজ হ’লোঁ। দেউতাৰ এটি প্ৰশ্নত থতমত খালোঁ। “অহাৰ বা উদ্দেশ্য কি? ” “মই মনীষাৰ পত্ৰবন্ধু”। উত্তৰটো কিজানি যথাযথ নাছিল। অন্য কি ক’ব লাগে মই ভাবি পোৱা নাছিলোঁ। এই প্ৰসংগটো লৈ আজাদে মোক বহুদিন জোকালে। চিনেমাত এনে দৃশ্যৰ অৱতাৰণা হ’লে মনত পৰে তোমালোকৰ ঘৰৰ প্ৰথম দিনটোৰ কথা। চাহ একাপ খাই লোৱা। তোমাক মই সিদিনাই ভাল পাই পেলাইছিলোঁ, কিন্তু ক’ব পৰা নাছিলোঁ। হৃদয়ৰ বহু কথাই নোকোৱাকৈ থাকি যায় কিজানি।
আৱৰ্তন : পূৰা এমাহ নহওঁতেই আকৌ গ’লোঁ। দ্বিতীয় বাৰ। তৃতীয়বাৰ। মোৰ মনৰ কথা তোমাক ক’লোঁ। তুমি মোক বিয়াৰ কথা কৈছিলা। মই মোৰ সমস্যাৰ কথা কৈছিলোঁ। তুমি মোৰ সৈতে একাত্ম হ’ব পাৰিলানে ক’ব নোৱাৰিলোঁ। কিছুমান অনাহক তুলনাই মোক হতাশ কৰিছিল। মই ভাবিছিলোঁ– প্ৰেম ভালপোৱা আমাৰ বাবে নহয়। বেয়া লাগিছিল।
এখন কাজিয়া: তোমাৰ এখন চিঠিৰ প্ৰত্যুত্তৰত মই দুখেৰে, ক্ষোভেৰে লিখিছিলোঁ- কথাবোৰ পাহৰি যাবলৈ। তুমি বহুত চিঠি দিছিলা। মই দিলোঁ। চুটি চুটি। মই নাযাওঁ বুলি ক’লো। দুলীয়াজানলৈ গ’লো। মোৰ ওচৰত ৰৈ গ’ল তোমাৰ দুদিনৰ মৰম। মনত সদায় দোলা দি যায়। তুমি সদায় চকুপানী মচা বুলি কৈছিলা। চকুপানী বাকী আছে গৈ নে? ঘৰলৈ গ’লে তোমালোকৰ ঘৰখনলৈ চাওঁ। ভাল লাগে।তুমি কি কৰি আছা ভাবো। আহোঁ, যাওঁ। তোমাৰ পৰা চিঠি নোপোৱা হ’লোঁ। তোমাক কেতিয়াবা লগ পাম বুলি ভাবো। চিঠিৰে আৰম্ভ কৰা মৰম-ভালপোৱা ইমান সোনকালে শেষ হৈ যাবনে? মই বৰ আশাবাদী আছিলোঁ। এই সময়ত মোৰ হৃদয়ত কাকো স্থান দিয়া নাছিলোঁ। কোনোবাই আহিলেও বাধা দিছিলোঁ। এই বছৰকালত কোনোবা মৰম আকলুৱা তোমাৰ হৃদয়ত সোমাইছিল নেকি? মই নাজানোঁ। বেয়া নোপোৱা যদি আৰু অলপ লিখোঁ।
অগ্নিপৰীক্ষা নাছিল: আমাৰ এবছৰ এৰা-এৰি হ’ল। এয়া চাগৈ অসময়ত বিয়াৰ কথাৰ ফলশ্ৰুতি আৰু মোৰ অঁকৰামিৰ ফল। এদিন তুমি পুনৰ আহিলা। মোৰ হৃদয়ত তোমাক নতুনকৈ বিচাৰিব লগা নহ’ল। তোমাৰ পুনৰাগমনে মোক আশা দিলে, মৰম দিলে। আগতকৈ বেছি। মই পুনৰ হাঁহিলোঁ। তোমাৰ চকুপানী হাঁহিলৈ ৰূপান্তৰিত হ’লনে? গোলাপ দুপাহে হাঁহিয়েই আছে।
হৃদয়ৰ পৰা হৃদয়লৈ – অভিমান: “অভিমানৰো এটা সীমা আছে ”- ক’ম বুলি ভাবিও নোকোৱা যেন লাগে। কিমান যে খং কৰো, কাজিয়া কৰো তোমাৰ সৈতে। বুজিলোঁমইৈ অলপ বেছি জেদী, অভিমানী। ভাল মানুহ হ’বলৈ যত্ন কৰো। – এই ভাল মানুহ কাক কয় ? তুমিও অভিমানী হ’লা। এই বিষয়ত মইন তোমাৰ শিক্ষক। মোৰ গুৰু দক্ষিণা নিদিয়া কিয়? দিবা দেই। আচলতে মোৰ ভালপোৱাৰ বাবে বাবে মই অভিমানী। তোমাৰ ওচৰত। তুমিও। প্ৰেমৰ অভিমান খিনি মিঠা। চাহত চেনি নিদিলেও হ’ব। অলপ অভিমান কৰি দিবা।
দৌলৰ পূৱ-প্ৰান্ত- এন.আই.চি.এম: দৌলৰ বেৰবোৰে, গছ লতিকাই তোমাক-মোক চিনি পোৱা হ’ল। যদিও আমি ভালকৈ চিনা নাই। বহি থকা মুহূৰ্তবোৰ ভাল লাগেনে ? মোৰ লাগে। আগ-গুৰি নোহোৱা কথাবোৰ। নীৰৱ মুহূৰ্তবোৰ। সবতে কিবা এক মাদকতা আছে। এন.আই.চি.এমৰ পৰা দৌললৈ মিঠা জোকাৰণিবোৰ,… ছ’ৰি, জাৰ্নিটো। ভাল লাগেনে? আহি বহিবলৈ ঠাই নাপালে সমানেই বেয়াও লাগে।
মনৰ বেমাৰ- দেহাৰ বেমাৰ: আকৌ কাজিয়া। আজিৰ পৰা আৰু এমাহ তোমাৰ ওচৰত নবহোঁ। বহা নাছিলোঁ। আৰু শূন্য দিন বাকী আছিল। তোমাৰ অসুস্থতাই মোক এজন প্ৰেমিক হিচাপে নহ’লেও এজন ডাক্তৰ হিচাপে ওচৰত বহিবলৈ বাধ্য কৰিলে। হৃদয়ৰ ওচৰলৈ তুমি আহিলানে?
হৃদয়ে নুবুজে: এদিনো কেতিয়াবা বহু দীঘল যেন লাগে। যেতিয়া হৃদয়ৰ প্ৰতি হৃদয়ৰ আকৰ্ষণ থাকে। যিকোনো সময়ত তোমাক লগ পাবৰ মন যায়। সমাজলৈ ভয় নলগা হ’ল। সদায় গ’লো।তোমাৰ খবৰ ল’বলৈ। কিবা কথা শুনিব লাগিব বুলি ভাবিছিলোঁ। সেয়ে হ’ল।এদিন গধুৰ মন লৈ উভতি আহিলো। কিছুদিন নাযাওঁ বুলি ঠিক কৰিছিলোঁ। …. তোমাৰ অনুৰোধত আকৌ গ’লো। চিনাকি পৰিবেশটো মোৰ অসহজ যেন লাগিছিল।ড্ ৰয়িংৰুমত তোমাৰ সৈতে আৰু “বিস্ময়” কেইখনৰ সৈতে কথা পাতি উভতি আহিলো। হাঁহি উঠা কৌতুক পঢ়িও হাঁহি নুঠিল। অনুমান কৰিছিলোঁ এটা ভাল নলগা পৰিবেশৰ সৃষ্টি হৈছিল। এতিয়া কিছু সহজ। আকৌ যাবলৈ ল’লো। মৰম বিচাৰি , মৰম দিবলৈ। মোৰ হৃদয়ত থকা তুমি জনীয়ে যেন বাৰে বাৰে কয়- আহিবানে? তোমাক ভাল পাওঁ বাবে আকৌ গ’লো। তুমি কৈছিলা পাহৰি যাবলৈ। এতিয়া ভাবো- যাম, গালি খালেও ভাবি ল’ম এয়া আমাৰ প্ৰেমৰে ফচল।
বিশ্বাস- সাহস: ইজন-সিজনৰ প্ৰতি বিশ্বাস থাকিলেহে মানুহ সাহসী হয় আগবাঢ়ি যোৱাৰ বাবে। অকলে লগ পালেও বেয়া নালাগে। অন্য মানুহৰ উপস্থিতি অসহজ নলগা হ’ল। অকলে আহিবলৈ সাহস পালা। মোৰ প্ৰতি তোমাৰ বিশ্বাস থকা বাবেই পাৰিছা বুলি ভাবিছোঁ। বিশ্বাস, ভালপোৱা, আৰু পৰস্পৰৰ প্ৰতি শ্ৰদ্ধা হ’ব লাগে প্ৰেমৰ মূলমন্ত্ৰ। অবিশ্বাস, অশ্ৰদ্ধাই প্ৰেমক নাৰকীয় কৰি তুলিব পাৰে। আমনি লাগিছে নহয়; আৰু অকণমান লিখোঁ।
নতুন বছৰলৈ শুভেচ্ছাৰে: পুৰণি বছৰটিৰ বিদায় সমাগত। এটি নতুন বছৰ বাটচ’ৰা পাইছেহি। এই বছৰটিৰ তিতা-মিঠাবোৰ গ্ৰহণ কৰিছোঁ। এয়া থাকিবই। সংঘাত থাকিবই। অনাগত বছৰটো হওক আশাৰ, ৰঙৰ আনন্দৰ- তাৰেই কামনা কৰিছোঁ। ভগৱান হওক আমাৰ সাৰথি। আহা, দুয়ো হাতে হাত ধৰি আগবাঢ়ি যাওঁ এটি নতুন প্ৰভাতলৈ। শুভেচ্ছাৰে সামৰিছোঁ-
ইতি,
তোমাৰ দীপুল,
৩১/১২/৯৮

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক