এখন ফুটবল মেচ (দেব প্ৰতিম হাজৰিকা)

এখন ফুটবল মেচ

চাওঁতে চাওঁতে সেই দিনটো আহিল। আমি অধীৰ আগ্ৰহেৰে এই দিনটোলৈ বাট চাই আছিলোঁ। সিহঁতে আমাক আজি ছমাহ আগতে অপহৰণ কৰি লৈ গৈছিল। এমাহ আমি একো ধৰিব পৰা নাছিলোঁ ক’ত আছোঁ! ঠাইডোখৰ অদ্ভুৎ আছিল। এমাহ পাছত সিহঁতৰ মূল ব্যক্তিজন আহিছিল আৰু আমাক অপহৰণ কৰাৰ উদ্দেশ্য কৈ গৈছিল লগতে কৈছিল সেই ঠাইডোখৰৰ কথা।
আমাক সিহঁতে এটা বেলেগ গ্ৰহলৈ অপহৰণ কৰি লৈ গৈছিল। গ্ৰহটোৰ নাম আছিল ছকাৰীয়। গ্ৰহটোৰ গোটেই ঘৰবিলাক ফুটবলৰ দৰে আছিল। মানুহবিলাকে হাতত অনবৰতে এটা গোলাকৃতিৰ বস্তু লৈ ফুৰিছিল। সিহঁতৰ মাৰণাস্ত্ৰবিলাকো আছিল ঘূৰণীয়া। প্ৰাণীবিলাক দেখাত সাইলাখ মানুহৰ দৰেই আছিল, মাথোঁ সিহঁতৰ ভৰি আৰু মূৰ আমাতকৈ অলপ ডাঙৰ আছিল।
সেই দিন ধৰি আজিৰ দিনটোলৈ আমি অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিলোঁ, কাৰণ আজিৰ দিনটোৱে আমাক দিব পাৰে মুক্তিৰ পথ।

০০০০০০০০

আজিৰ দিনটোত আমি মুক্তি পাব পাৰোঁ, ইয়াৰ পথ মাথোঁ আজিৰ ফুটবল খেলখনত বিজয়ী হোৱা। হয় সিহঁতে আমাক সিহঁতৰ দলটোৰ সৈতে এখন ফুটবল খেল খেলিবলৈ চেলেঞ্জ দিছিল। জিকিলে আমি মুক্তি লাভ কৰিম নতুবা সেই অদ্ভুৎ ঠাইত বন্দী হিচাপে গোটেই জীৱন নিৰ্বাহ কৰিব লাগিব।
আমাৰ দলটোত আছিল পৃথিৱীৰ বৰ্তমানৰ পোন্ধৰজন চমৎকাৰী খেলুৱৈ। নাম ল’লেই কিজানি গম পাব তেওঁলোক কিমান চমৎকাৰী। গ’লকীপাৰ আছিল কাছিলাছ আৰু বুফন। মিডফিল্ডত আছিল জাভী, ইনিয়েষ্টা, জেৰাৰ্ড, ছুয়েনষ্টাইগাৰ, আন্দ্ৰে পীৰ্লো, অস্কাৰ। ডিফেন্সত আছিল পুয়ল, ৰামছ, পেপে। ফৰৱাৰ্ডত আছিল মেছী, ক্ৰিষ্টিয়ানো ৰ’নাল্ডো, নেইমাৰ, ৰবীন ভান পাৰ্ছে আৰু মই….
হয় মোকো তেওঁলোকে অপহৰণ কৰি আনিছিল সেই গ্ৰহলৈ। যেতিয়া সিহঁতে এই অপহৰণৰ উদ্দেশ্য আমাক কৈছিল তেতিয়া মই সিহঁতক সুধিছিলোঁ, “মোক কিয় অপহৰণ কৰিলে, মইতো ফুটবল নেখেলোঁ।” তেতিয়া ৰজাজনে কৈছিল, “ফুটবল আমাৰ প্ৰাণ। আমাৰ গ্ৰহতেই ফুটবলৰ জন্ম হৈছিল। কিন্তু তোমালোকৰ গ্ৰহৰ এটা মানবে এই কলা চুৰ কৰি লৈ গৈছিল আৰু পৃথিৱীত আৰম্ভ কৰিছিল ফুটবল খেলাৰ। কিন্তু তোমালোকে ফুটবলক এটা ব্যৱসায় কৰি পেলালা। ইয়াক ধ্বংস কৰি পেলালা। আৰু তুমি যোৱা মাহত হোৱা তোমালোকৰ গ্ৰহৰ ফুটবল বিশ্বকাপৰ এখনো খেল এৰা নাছিল। তদুপৰি তুমি যিকেইটা কথা কৈছিলা সেইকেইটাই মোক আকৰ্ষণ কৰিছিল। গতিকে তুমি হ’বা এওঁলোকৰ প্ৰশিক্ষক। এওঁলোক এতিয়াৰ পৃথিৱীৰ ভাল খেলুৱৈ। টিভিত কোৱা কথাবিলাক এওঁলোকক কোৱা, প্ৰশিক্ষিত কৰা, খেল জিকা আৰু ঘৰলৈ উভতি যোৱা।”
সেই কথা শুনি মই কি কৰিম একো ভাবি পোৱা নাছিলোঁ। সেই বিশ্বমানৰ খেলুৱৈসকললৈ চাইছিলোঁ। ইমানদিনে টিভিত দেখি আহিছিলোঁ। আজি মোৰ চকুৰ আগত। হাতত কাগজ-কলম নাছিল, ফোনটোও নাছিল যে এখন ফ’টো ল’ম। চেহ লাকটো ইমান বেয়া হ’ব লাগে নে!!

০০০০০০০০০০

এলিয়েনটোৱে আমাক লৈ গৈছিল এখন ঘূৰণীয়া যানত ষ্টেডিয়ামখনলৈ। ড্ৰেছিং ৰুমত তেওঁলোকক মই কৈছিলোঁ কিবা কিবি, সেই সকলোবোৰ কথা মই চোৱা চিনেমাবিলাকৰ পৰা অনুপ্ৰাণিত, মানে এক কথাত কপি কৰা।
আমাৰ দলটো খেল পথাৰত আহি উপস্থিত হৈছিলহি। বিপক্ষ দলটোলৈ মন কৰিলোঁ। সকলোকেইজন খেলুৱৈ প্ৰায় একে সমান ওখ আছিল। সকলোকেইজন প্ৰায় ছফুট পাঁচ ইঞ্চিৰ হ’ব। মূৰ আৰু ভৰি ডাঙৰ ডাঙৰ। দেখাত সকলোকেইজন আছিল ৰাগবী খেলুৱৈ যেন।
লাহে লাহে খেল আৰম্ভ হ’ল। আমাৰ দলে পাত্তা নোপোৱাৰ দৰে হৈছে। বুফনে দুটা গ’ল হোৱাৰ পৰা বচালে। এইবাৰ ইনিয়েষ্টাৰ ভৰিত বল। দুৰন্ত গতিত আগবাঢ়িছে, বল পাছ দি আগবঢ়ালে মেছিলৈ। তেনেতে প্ৰকাণ্ড শৰীৰৰ ডিফেণ্ডাৰ জনে মেছিৰ ভৰিত প্ৰহাৰ কৰিলে। মেছী বাগৰি পৰিল। মই চিঞৰি উঠিলোঁ। “সেয়া এটা দেখা-দেখি ফাউল।” বিপক্ষৰ খেলুৱৈজনক ৰেফাৰীয়ে দেখুৱালে হালধীয়া কাৰ্ড। পেনাল্টী বক্সৰ বাহিৰত হোৱাৰ বাবে পেনাল্টী নাপালোঁ। কিন্তু পালোঁ এটা ফ্ৰী-কিক। কিন্তু মই হেৰুৱাইছিলোঁ খেলপথাৰৰ পৰা মেছীক। ভৰিত পোৱা আঘাতৰ বাবে মেছীয়ে খোজ কাঢ়িব পৰা নাছিল। মই নেইমাৰক খেলপথাৰত প্ৰৱেশ কৰালোঁ।
ফ্ৰী-কিক ল’বলৈ ৰ’নাল্ডো আগ বাঢ়ি আহিল। সন্মুখত এখন প্ৰকাণ্ড ছ-ফুট পাঁচ ইঞ্চিৰ দেৱাল সদৃশ সিহঁতৰ খেলুৱৈ। ৰ’নাল্ডোৱে শ্বট ল’লে আৰু এক অবিশ্বাস্য গ’ল। সেইয়া যেন আছিল আমাৰ মুক্তিৰ গ’ল।
কিন্তু ই আছিল ক্ষন্তেকীয়া। এটাৰ পাছত আন এটা আক্ৰমণেৰে সিহঁতে আমাৰ দলটোৰ ৰক্ষণ বিভাগক ব্যতিব্যস্ত কৰি ৰাখিলে। ফ’ৰৱাৰ্ডত থকা খেলুৱৈসকলে শেষত আহি ৰক্ষণ বিভাগত ব্যস্ত হ’বলগীয়া হ’ল। এটা-দুটাকৈ সিহঁতে আমাক দিলে পাঁচটা গ’ল। তাৰ মাজতে আন্দ্ৰে পীৰ্লোৱে দিয়া এটা গ’লেৰে হাফ টাইমলৈকে খেলৰ স্থিতি হৈছিলগৈ ৫-২।
অলপ সালসলনি কৰাটো ভাল বুলি ভাবিলোঁ, বুফনৰ ঠাইত মই কাছিলাছক গ’লকীপাৰৰ দায়িত্ব দিলোঁ। জেৰাৰ্ডৰ ঠাইত অক্সাৰক আৰু জাভীৰ ঠাইত ছুয়েনষ্টাইগাৰক খেলপথাৰত প্ৰৱেশ কৰালোঁ। সিহঁতৰ দল আছিল অপৰিৱৰ্তিত। আজীৱন বন্দী হোৱাৰ ভয় লাহে লাহে বেছি হ’বলৈ ধৰিছিল।
আকৌ খেল আৰম্ভ হ’ল। সিহঁতৰ আক্ৰমণ আৰু বেছি হ’বলৈ ধৰিলে। কিন্তু এইবাৰ ত্ৰাণকৰ্তাত ভূমিকা লৈছিল কাছিলাছে। এটাও গ’ল হ’ব দিয়া নাছিল। এইবাৰ বল পৰিল ছুয়েনষ্টাইগাৰৰ ভৰিত। ছুয়েনষ্টাইগাৰে দিয়া এটা সুন্দৰ পাছ অক্সাৰে আয়ত্ত কৰি গ’লবস্কৰ ফালে মাৰি পঠিয়ালে। উৰি অহা বলটো এটা সুন্দৰ হেডেৰে নেইমাৰে কৰিলে আমাৰ তৃতীয়টো গ’ল। লাহে লাহে আমাৰ হেৰোৱা মনোবল আকৌ ঘূৰি আহিছিল।
নব্বৈ মিনিট হ’বলৈ দহ মিনিট বাকী। গ’ল হৈছিল ৫-৩। তেনেতে সিহঁতৰ ষ্ট্ৰাইকাৰে মিডফিল্ডৰ পৰা ল’লে এটা শ্বট। কাছিলাছে কিবা কৰাৰ আগেয়েই বল প্ৰৱেশ কৰিছিল গ’লবক্সত।
ইনিয়েষ্টাই লোৱা এটা লংগ পাছ এইবাৰ আয়ত্ত কৰিছিল ৰ’নল্ডোৱে। প্ৰচণ্ড গতিত বল লৈ আগবাঢ়িছিল ৰ’নাল্ডো। ইতিমধ্যে বৰষুণ দিবলৈ আৰম্ভ কৰিছিল। পেনাল্টী বক্সৰ ভিতৰত ৰ’নাল্ডো প্ৰৱেশ কৰিছিল। বিপক্ষৰ ডিফেণ্ডাৰ তথা গ’লকীপাৰক ৰ’নাল্ডোৱে ইতিমধ্যে পৰাভূত কৰিছিল। সেয়া আছিল আমাৰ চতুৰ্থটো গ’ল।
বৰষুণ বেছি হ’বলৈ আৰম্ভ কৰিছিল। সিহঁতৰ গ্ৰহটোৰ পানী লুণীয়া আছিল। মুখত পৰা বৰষুণৰ টোপালবোৰৰ সোৱাদ নিমখীয়া আছিল। -“হেৰা শুনিছানে, উঠা। ই প্ৰসাৱ কৰিলে। ডাইপাৰটো ক’ত ৰাখিছিলা?”
সেইয়া মাইকী মানুহৰ মাত কাৰ আছিল? মই ইতিমধ্যে চিঞৰি উঠিছিলোঁ, “গ’ল, গ’ল…”
“হেৰা, ইমান কি চিঞৰিছা এইবিলাক? ই প্ৰসাৱ কৰিলে বোলো।”
চকু মেল খাইছিল মোৰ। সন্মুখত দেখোন সেয়া কোনোবা এগৰাকী মাইকী মানুহ। “কোন তুমি? মই ইয়াত কেনেকৈ? মোৰ টিম ক’ত?” তেনেতে মোৰ মুখত পৰিল পানীৰ এক জোঁৱাৰ। এইবাৰ পানী লুণীয়া নাছিল।
“হুচ আহিলেনে? ওলাই আহা তোমাৰ ফুটবলৰ পৃথিৱীখনৰ পৰা। মুন্নাই প্ৰসাৱ কৰিলে তোমাৰ মুখত। সোনকালে ডাইপাৰ সলনি কৰা।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments