এখন ফুলনি, এপাহ ফুল, আৰু (অনন্ত বৰা )

লেৰেলি যোৱা ফুলকেইজোপাক লৈয়ে মানুহজনীয়ে খেচখাচাবলৈ ধৰিলে৷ এই মানুহজনীক লৈ বৰুৱাৰ আৰু উপায় নাই৷ ফুলনি এখন কৰি লৈছে, তাতে মানুহজনীৰ জীৱনটো৷ দেওবাৰৰ বাহিৰে বৰুৱাৰ বাকী দিন কেইটা অফিচ অফিচ বুলিয়েই যায়, হ’ল বুলি আৰু দেওবাৰৰ দিনটোত ফুলনি চাফা কৰা জাতীয় কাম কৰিবলৈ বৰুৱাৰ মন নাযায়৷ বৰুৱাই ফুল বেয়া নাপায়, কিন্তু সেই বুলি আৰু ইমান ডাঙৰ ফুলনি এখনৰ প্ৰয়োজনীয়তাও কোনো দিনে অনুভৱ কৰা নাই৷ মানুহজনীক কৈও লাভ নাই৷ অৱশ্যে তেওঁলোকৰ সংসাৰলৈ ’মাইনু’ অহাৰ আগলৈকে ফুলনিখনক লৈ একো অসুবিধা হোৱা নাছিল৷ মানুহজনীয়ে বৰ কষ্টেৰে ফুলনিখনৰ তদাৰক কৰিছিল৷ আজি কিছুদিনৰপৰা যত্নৰ অভাৱত ফুলনিখনৰ দুজোপামান গছ লেৰেলি শুকাই গ’ল৷ শুকান বতৰ, বহুদিন বৰষুণ নাই৷ দেওবৰীয়া পৰিপূৰিকাখন হাতত লৈ বৰুৱা বহি আছে৷ এনেতে শ্ৰীমতীৰ আব্দাৰ: গোটেই দিনটো যে পেপাৰখনকে লুটিয়াই বগৰাই কটাই দিলা, ফুল কেইজোপাত পানী অলপ দিব নোৱাৰিলা!

: হেৰা, তুমি কিনো এই ফুলনিখনৰ কথাকে কৈ থাকা? এইখনেৰে তুমি কি বিশ্ব ৰেকৰ্ড কৰিবা?

বৰুৱাই কথাষাৰ ক’বলৈহে পালে, গাজনি-ঢেৰেকণিৰে মানুহজনী জ্বলি-পকি উঠিল৷ নাই উপায় নাই৷ বাল্টিৰে পানী আনি ফুল গছৰ গুৰিত দিহে ৰক্ষা৷ শ্ৰীমতীয়ে প্ৰস্তাৱ দিলে৷
: পাৰিলে ফুলনিখনৰ যত্ন ল’বলৈ মানুহ এটাকে বিচাৰাচোন৷ সদায় নহ’লেও সপ্তাহত দুদিনমান আহিলেও হ’ব৷

শ্ৰীমতীৰ কথা শুনি বৰুৱাৰ চকু কপালত উঠিল৷ কি কয় মানুহজনীয়ে! দৰমহাৰ টকা যিকেইটা, মানুহকেইটা মাহটো চলিবলৈকে অসুবিধা, তেনে ক্ষেত্ৰত ফুলনিত কাম কৰিবলৈ মানুহ এটা! আৰু সপ্তাহত দুদিন কাম কৰাই যদি গোটেই চৌহদটোকে ডাঙৰ ফুলনি কৰি পেলায়, তেতিয়াটো মালী জাতীয় মানুহ এটাৰে প্ৰয়োজন হ’ব৷ কথাটো পাতল কৰিবলৈকে বৰুৱাই ক’লে: মানুহ নালাগে বুজিছা, এতিয়াৰ পৰা ময়েই তোমাৰ ফুলনিৰ যত্ন ল’ম৷ চাই থাকা মোৰ হাতৰ পৰশত তোমাৰ ফুলনি কেনেকৈ জকমকাই উঠিছে৷

: হুঁ, নিজৰ টেবুলখনকে চাফা কৰি ল’ব নোৱাৰা, ফুলৰ যত্ন লৈ ফলাবা৷

নাই বৰুৱাৰ কথা তেওঁ নামানেই৷ বৰুৱাই মনতে ঠিক কৰিলে, এইবাৰ তেওঁ দেখুৱাব৷ কথা মতে কাম, পিছদিনাৰ পৰা বৰুৱা লাগি গ’ল৷ পাঁচ বজাত শুই উঠি চিধাই কোৰখন লৈ ফুলনিত সোমাল৷ আধাঘণ্টামান কোৰ মাৰি চাফা কৰিলে, কুঁৱাৰ পৰা পানী আনি ফুলৰ গুৰিত দিলে, পাচি এটাত ওচৰৰ ফিল্ডখনৰ পৰা গোবৰ অলপ বুটলি আনিও দিলে৷ মানুহজনীয়ে চাহ একাপ আনি ফুলনিতে দিলেহি৷ বৰুৱাই সুধিলে : কেনে দেখিছা?

বৰুৱাৰ অৱস্থাটো দেখি মানুহজনীয়ে মুখ টিপি হাঁহিলে৷ অলপ আঁতৰৰ পৰা চিঞৰি ক’লে: সোনকালে গা ধুই আহা৷ মাইনুক ধৰাহি, নহ’লে ভাত খাবলৈ নাপাবা৷

কামৰ উছাহতে বৰুৱাই সময়ৰ কথা পাহৰিয়েই গ’ল৷ চাৰে ন বজাত অফিচ নাপালেগৈও নহব৷ দাঢ়ি কটা, গা ধোৱা আৰু পেপাৰখন!

দুদিনমান ঠিকে-ঠাকেই গ’ল৷ তাৰ পাছত আকৌ সেই আগৰ অৱস্থা৷ ছয় বজাত শুই উঠা, চাহ খোৱা, পেপাৰ পঢ়া, দাঢ়ি খুৰোৱা, গা ধোৱা, মাইনুক চকু দিয়া৷ মাইনুজনী বগাই ইফালে সিফালে যাব পৰা হোৱাত আৰু দিগদাৰ হ’ল৷ ফুলনিত কাম কৰিবলৈ বৰুৱাৰ সময়েই নাইকিয়াৰ দৰে হ’ল৷ মানুহজনীয়ে ফুলনিৰ কথা ক’লে বৰুৱাই নুশুনাৰ ভাও ধৰা হ’ল৷

সেইদিনা বৰুৱাই দেখিলে মানুহজনীয়ে মুখ মুখ ফুলাই আছে৷ মছন্দা ফুল দুজোপামান লেৰেলি শুকাল৷ মানুহজনীৰ মুখখনলৈ চাই বৰুৱাৰ বেয়া লাগিল৷ কি যে অদ্ভুত এই মানুহজনী৷ আন বহু নাৰীৰ দৰে মানুহজনীৰ বৰ বিশেষ উচ্চাকাংক্ষা নাই৷ ফুলনিখনক লৈ মুখ ফুলাইছে অথচ এই সাতটা বছৰে এযোৰ দামী কাপোৰ, এখন গাড়ী, গহনা অথবা এটা সুউচ্চ ঘৰৰ বাবে আব্দাৰ কৰা নাই৷ এই গুণটোৰ কথা জানিয়েইটো বৰুৱাই এদিন এই মানুহজনীৰ বাবে হাবুডুবু খাইছিল৷ নাই এই সাধাৰণ কথাটোৰ বাবে মানুহজনীৰ মনত দুখ দিব নোৱাৰি৷ তেওঁ বিচাৰিছে যেতিয়া ফুলনিত কাম কৰা মানুহ এটা বিচৰা হওক৷ পাছদিনাৰ পৰাই বৰুৱাই মানুহ বিচৰাৰ কাম আৰম্ভ কৰি দিলে৷ নিবিচাৰিলে ঢেৰ মানুহ, বিচাৰিলে পাবলৈ নাই৷ দুটামান পাইছে হাজিৰা কৰা মানুহ৷ দিনে দুশ বিশ টকা হাজিৰা৷ সৰু ফুলনি এখনত কাম কৰিবলৈ দিনে দুশ বিশটকাকৈ হাজিৰা দি মানুহ এটা ৰখাৰ বৰুৱ পক্ষপাতী নহয়৷ সিদিনা হৰি ফুকনে আঠ ন বছৰীয়া ল’ৰা এটাৰ কথা ক’লে৷ আওঁ শিশু শ্ৰমিক ঘৰত কাম কৰাবলৈ ৰাখি ৰঙা ঘৰৰ ভাত খাবলৈ নাই দেই৷ হৰি ফুকন মানুহটো ভাল, তেওঁ ক’লে৷ ল’ৰাটোক কিবা এটা কাম কৰাই পইচা কেইটকামান দিলে তাৰ ঘৰখন চলিব, সৰু ল’ৰা বুলি কোনেও কামত নলগায়৷ শিশু শ্ৰমিক বুলি নহয়, তাৰ পৰা কাম আদায় কৰিব নোৱাৰিব বুলিহে তাক কামত নলগায়৷ মাক নাই বাপেকটো বেমাৰী৷ আৰু তাকটো ৰাখি ল’ব নালাগে বা কামটোও ইমান কষ্টকৰ নহয়৷ স্কুলৰ পৰা আহি সি দুঘণ্টা কাম কৰিলেই হ’ল৷ দুটকা পইচাও পাব তাৰ পেটৰ ভাত কেইটা অন্ততঃ!

হৰি ফুকনৰ কথাবোৰ চিন্তা কৰি চাই বৰুৱাই ল’ৰাটোক আহিবলৈ ক’লে৷ পাছদিনা ৰাতিপুৱা ল’ৰাটো আহি বৰুৱাৰ ঘৰ ওলালহি৷ নাম কানু৷ কানু উৰাং৷ বৰুৱাই কানুক দেখিয়েই চিনি পালে৷ জগদুৱাৰ তিনি আলিত তাক প্ৰায়ে দেখে৷ কেতিয়াবা কাৰোবাৰ দোকান চাফা কৰা কাম কৰে, কেতিয়াবা কেৰম খেলৰ দৰ্শক হৈ ৰৈ থাকে৷ সপ্তাহত তিনিদিনকৈ কানু আহিবলৈ ল’লে৷ শ্ৰীমতীৰ মুখখন আৰু ফুলনিখন চাই বৰুৱাৰ মনটো ভাল লাগিল৷ কিছুদিন গ’ল৷ কানুৱে দুঘণ্টা মান ফুলনিত কাম কৰে, ল’ৰাটোৰ মুখখনলৈ চালে বৰুৱাৰ বেয়াও লাগে৷ কথাটো ভাল হোৱা নাই নেকি বাৰু! হৰি ফুকনে কোৱা কথাকেইটা ভাবি বৰুৱা আকৌ আশ্বস্ত হয়৷ কিছুদিনৰ পাছত বৰুৱাই মন কৰিলে, মানুহজনীৰ মনটো আকৌ সেমেকা৷ এইবাৰ আকৌ কি হ’ল? বৰুৱাই সুধিবলৈও ভাল পোৱা নাই৷ পিছদিনা মানুহজনীয়েই কথাটো বৰুৱাক ক’লে৷

বৰুৱাৰ পৰিবাৰ বৰ চিক-চাক৷ কানু বোলে বৰ লেতেৰাকৈ আহে৷ কিবা এটা খাবলৈ দিবলৈকো বেয়া৷ আৰু তাতে সি এই কেইদিনমানৰ পৰা মাইনুক কোলাত ল’বলৈ লৈছে৷ যিটো কথা মানুহজনীয়ে সহজভাৱে ল’ব পৰা নাই৷ বৰুৱাৰ পৰিবাৰে ভাবিছে, কানুৱে এইদৰে লেতেৰা-পেতেৰাকৈ মাইনুক কোলাত ল’লে হয়টো কিবা বেমাৰৰ বীজাণু লাগি যাব পাৰে৷ তেওঁৰ চিন্তাটো ইমান অমূলকো নহয়৷ কিন্তু কানুৱেতো কিবা বেয়া ভাবত মাইনুক কোলাত নলয়, হয়তো মৰমতে লয়৷ ন’লবি বুলি ক’লে হয়তো সি মনত দুখ পাব৷ কি কৰা যায়? তাক অহাটোকে বন্ধ কৰি দিয়া হওক নেকি? বৰুৱাই একো উপায় বিচাৰি নাপালে৷ শেষত পৰিবাৰৰ লগত আলোচনা কৰি পাবলগা পইচা কেইটা দি কানুক বিদায় দিয়াটোকে ঠিক কৰা হ’ল৷ পইচা কেইটা লৈ কানু গ’লগৈ৷

দুদিনমানৰ পাছৰ কথা৷ বৰুৱাৰ পৰিবাৰৰ মন আকৌ বেয়া৷ কানু বোলে আকৌ আহিবলৈ লৈছে৷ সময় নাই অসময় নাই যেতিয়াই তেতিয়াই আহি ওলায়হি৷ এইবাৰ আনকি সি মাইনুৰ বাবে কিবাকিবি খোৱা বস্তুও আনিবলৈ লৈছে৷ মৰ্টন, চানা বিস্কুট কাগজত বান্ধি তাৰ লেতেৰা চোলাৰ জেপত লৈ আহে৷ মাইনুক খুৱাব খোজে, গালত হাত বুলাই মাইনুক মৰম কৰে৷

দুৰ্গা পূজাৰ বাবে দুদিনমান বৰুৱাৰ অফিচ বন্ধ৷ সিদিনা কানু আকৌ আহি ওলালহি৷ হাতত এটা ডাঙৰ পুতলা৷ খুউব লৰালৰিকৈ দৌৰি অহাদি আহিছে কানু৷ বাৰাণ্ডাত ভৰি দিয়েই সি বৰুৱাৰ মুখামুখি হ’ল৷ তললৈ মূৰ কৰি সি সুধিলে : মাইনু ক’ত আছে?
এনেতে মাইনুক কোলাত লৈ বৰুৱাৰ পৰিবাৰ ওলাই আহিল৷ কানুক দেখি মাইনুও যেন অকণমান উৎসাহিত হ’ল৷ মাইনুৰ মুখত হাঁহি৷ কানুৱে মাইনুক পুতলাটো দিব খুজিলে, বৰুৱাৰ পৰিবাৰে পুতলাটো নিজৰ হাতত ল’লে৷ পুতলাটো নতুনেই, তথাপি ক’ৰ পৰা বা আনিছে!

কানু এইটো ক’ত পালি? বৰুৱাই সুধিলে৷ তিনি আলিৰ দোকানৰ পৰা আনিছো৷ বহুদিনৰ পৰাই দেখি আছিলো, কালি পইচা পালো লৈ আহিলো মাইনুৰ কাৰণে৷

পইচা ক’ত পালি? বৰুৱাই আকৌ সুধিলে৷

ৰাম নাথৰ দোকান চাফা কৰি পালো৷ আগৰ পঞ্চাশ টকা আছিল৷

কানুৰ কথা শুনি বৰুৱাৰ মনটো কিবা খেলি মেলি হৈ গ’ল৷ নিজকে বৰ অপৰাধী যেন লাগিল৷ বেমাৰৰ বীজাণু লাগিব বুলি মাইনুক কানুৰ পৰা আঁতৰাই ৰাখিছে, অথচ দোকান চাফা কৰি পোৱা পইচাৰে কানুৱে মাইনুলৈ পুতলা আনিছে৷

বৰুৱাৰ পৰিবাৰে কানুক সুধিলে, তই যে মাইনুলৈ পুতলা আনিছ, তোৰ বাবে কি ল’লি? আৰু তোৰ ভায়েৰ ভনীয়েৰক কি দিলি কানু?

মোৰ ভনী নাই নহয়, মৰিল৷ একদম মাইনুৰ নিচিনা আছিল৷ এইবুলি কানুৱে মাইনুৰ গালত হাতখন বুলাই দিলে৷

কানু গ’লগৈ৷ তাৰ ক’ৰবাত কাম আছে৷ কানুৰ কথাবোৰে যে বৰুৱাৰ পৰিবাৰৰ কোমল হৃদয়ত বাৰুকৈয়ে আঘাত কৰিছে, সেয়া বৰুৱাই ধৰিব পাৰিছে৷

এই কানুটো অকণমান চাফা হোৱাৰ ব্যৱস্থা কৰিব নোৱাৰিনে? বৰুৱাই ক’লে৷ কথাটো ময়ো ভাবিছো৷ সি সদায় একেযোৰ কাপোৰকে পিন্ধি আহে৷ তাৰ আৰু বেলেগ কাপোৰ নাই নেকি?

তাৰ পাছত বৰুৱাই কানুৰ বাবে দুযোৰ নতুন কাপোৰ আনিলে৷ সি আহিলে তাক দিব৷ চাফা হৈ আহিলে সি মাইনুক ল’ব পাৰিব, মৰম কৰিব পাৰিব৷

এদিন দুদিনকৈ দুই তিনি সপ্তাহ পাৰ হ’ল৷ কানু নাহিল৷ এমাহ দুমাহ, নাই কানু নাহিল৷ বৰুৱাৰ পৰিবাৰে কানুৰ কথা সুধি সুধি বৰুৱাৰ কাণ ঘোলা কৰি দিলে৷ হৰি ফুকনেও ক’ব নোৱাৰে সি কলৈ গ’ল৷ বৰুৱাই তালৈ অনা নতুন কাপোৰ দুযোৰ পলিথিনৰ পেকেটত সোমাই আছে, কানুৱে মাইনুৰ বাবে অনা পুতলাটো ক’ৰবাত পৰি আছে৷ এদিন বৰুৱাই গম পালে, কানু ক’ৰবাত ফেক্টৰীৰৰ কামত সোমাইছে৷

মাইনু অলপমান ডাঙৰ হ’ল৷ আজিকালি বৰুৱাৰ পৰিবাৰেই ফুলনিৰ যত্ন লয়৷ মাজে মাজে কানুৰ কথা ওলাই৷ মানুহজনীয়ে আশা এৰা নাই, কানু এদিন আহিব, মাইনুক কোলাত লৈ মৰম কৰিব৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments