এখন বেনাৰৰ কথাৰে (মিতালী বৰ্মন)

 

সৰুৰে পৰা ৰেডিঅ’ৰে হওক, দূৰদর্শনৰে হওক বিজ্ঞাপনবোৰৰ প্রতি মোৰ এক বিশেষ দুর্বলতা আছে । আনকি সৰু থাকোঁতে যেতিয়া টি.ভি.ত দেউতাহঁতে ক্রিকেট খেল চাই থাকে ময়ো ওচৰতে বহি পাটীগণিত উলিয়াই লওঁ… আকর্ষণ মাথোঁ এটাই, বিজ্ঞাপনবোৰ ! সেই তেতিয়াৰে পৰাই মা-দেউতা বা আন কাৰোবাৰ লগত ক’ৰবালৈ ফুৰিবলৈ গ’লেও বাটে-পথে দেখা পোষ্টাৰ-বেনাৰবোৰ পঢ়োঁ আৰু সেই অভ্যাসটো মোৰ আজি পর্যন্ত ৰৈ গ’ল ।

দেৱালীৰ আগদিনা মই মোৰ বান্ধৱী এজনীৰ লগত আমাৰ ওচৰৰে কমলা নগৰত ঘূৰি ফুৰিছিলোঁ । ক’বলৈ গ’লে কমলা নগৰ দিল্লীৰ এখন ভাল ডাঙৰ বজাৰ । তাতে আকৌ দেৱালী… মানুহবোৰ যেন উৎসৱৰ আনন্দত বিভোৰ হৈ পৰিছে । চাৰিওফালে ৰং-বিৰঙী কাগজৰ মালা, খাৰু-মণি, ফটকা-ফুলঝাৰীৰ দোকান, অ’ত-ত’ত লক্ষ্মী আৰু গণেশৰ মূর্ত্তি বিক্রী কৰা সৰু সৰু দোকান, আখৈ-মুড়ি-সন্দেশ-মাকৈৰ লাড়ু, মুড়িৰ লাড়ুৰ দোকান আৰু বহুতো… মিঠাইৰ দোকানবোৰ ৰাষ্টালৈ বঢ়াই দি দোকানবোৰ ডাঙৰ আৰু ৰাষ্টাবোৰ সৰু কৰি পেলাইছে, কাপোৰৰ দোকানবোৰতো বিশেষ ৰেহাই দিছে… মুঠৰ ওপৰত এক উৎসৱমুখৰ পৰিৱেশ । আমাৰ পিচে কিনিবলগীয়া বিশেষ একো নাছিল । তথাপিও লগৰজনীয়ে কিবা-কিবি কিনিলে আৰু মই মানুহবোৰৰ ৰেহ-ৰকম চাবলৈ ধৰিলোঁ ।

হঠাৎ মোৰ বান্ধৱীয়ে মাটিৰ বাচন বিক্রী কৰা ভ্রাম্যমান দোকান এখনৰ ওচৰলৈ গ’ল টাব‌্ কিনিবলৈ । ময়ো তাইৰ কাষতে ৰৈ ইফালে-সিফালে চালোঁ । হঠাৎ চকু গ’ল এখন বেনাৰলৈ… হিন্দীত লিখা আছে কথাখিনি । তাতে মানুহ এজনৰ ফটো এখনো আছে । বেনাৰখনৰ প্রথমতে লিখা আছে “ওম নমঃ শিৱায়” । মোৰ এনে লাগিল যেন কোনোবা জ্যোতিষীয়েহে নিজৰ বিজ্ঞাপন দিছে, যেনেকৈ গুৱাহাটীত প্রায়েই দেখোঁ ‘কিৰো ইয়ং’ অথবা আন বহুতৰে, ঠিক তেনেকৈ । উৎসুক হৈ কবিতাৰ দৰে লিখি ছপাই থোৱা প্রথম বাক্যটি পঢ়িলোঁ । লিখা আছিল “আপকী কিচমত আপ কা ভাগ (ভাগ্য)”… মইতো এইবাৰ প্রায় খাটাং, হয় হয় ভাগ্যৰ কথা কৈছে যেতিয়া জ্যোতিষীয়েই হ’ব । এইবাৰ পাছৰ শাৰীটিলৈ আগবাঢ়িলোঁ । এবাৰ পঢ়ি বুজি নাপালোঁ, আকৌ পঢ়িলোঁ । খেলি-মেলি এটা লাগিল, প্রথম বাক্যশাৰীৰ লগত সংযুতিটো বিচাৰি নাপালোঁ । আকৌ পঢ়িলোঁ “মক্কে দি ৰোটি, চৰচো দা চাগ(শাক)” । মুঠতে দুয়োটা বাক্য মিলাই হ’ল :

“আপকী কিচমত আপকা ভাগ

মক্কে দি ৰোটি – চৰচো দা চাগ”

তাৰ পাছত তাৰ তলৰ বাক্যকেইটা পঢ়ি যি অর্থ বিচাৰি পালোঁ নাহাঁহি নোৱাৰিলোঁ । লিখা আছিল, “ভাই নথ্থু লাল নানৱালে… হমাৰে য়হা শ্যাদী, পার্টি ৱ হৰ প্রকাৰ কে প্র’গাম কে লিয়ে বিশেষ্ প্রৱন্ধ হেঈ” আৰু তাৰ ঠিক তলতে নথ্থু লালৰ দোকানৰ ঠিকনা । হে মোৰ গোঁসাই !! কি ভাবিছিলোঁ, কি ওলালগৈ !! আপোনাৰ ভাগ্যক টানি আনি নিজৰ দোকানৰ বিজ্ঞাপন ! এওঁ দেখোন শ্বায়েৰীৰ বাদশ্যাহ্(?) !  ইফালে মোৰ বান্ধৱীৰ খৱৰেই নাই, টাব‌্ কিনাত মছগুল, দৰ-দাম কৰি আছে । তৎক্ষণাত মই বেনাৰখনৰ ফটো এক’পি তুলি ল’লোঁ । বান্ধৱীৰ টাব্ কিনা হোৱাত তাইকো বেনাৰখন পঢ়ি চাবলৈ ক’লোঁ । তাইৰো মোৰ দৰে একেই দশা হ’ল । ঘৰলৈ অহাৰ গোটেই বাটছোৱাত কথাকেইষাৰ মনলৈ আহি থাকিল । মোৰ বান্ধৱীজনীও জানো কম ? তাই ক’লে, “ভাগ্যক টানি অনাতকৈ আচলতে কথাটো হ’ব লাগিছিল “আপকা দাঁত, হামাৰা স্বাদ” জাতীয়হে ।”  হাঁহি হাঁহিয়েই ক’লোঁ, “হেৰা আইটি, তোমাকো নথ্থু লালে পালে নেকি ?  কেৱল দাঁত থকা মানুহবোৰেহে জুতি ল’ব জানে নেকি, দাঁত নথকাবোৰৰ একা ?”

সিদিনাৰ পৰাই সেই বেনাৰখনৰ সূত্র ধৰি নথ্থু লালৰ প্রভাৱত আমাৰ ঘৰত যে আৰু কিমান নতুন নতুন শ্বায়েৰীৰ(??) জন্ম হ’ল সেইবোৰ কোৱাৰ পৰা বিৰত থাকিলোঁ … বুজিছেই কিজানি !!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments