এখন বেলেগ পৃথিৱী – হিমাংশু ভাগৱতী

 

১)

“আপোনাৰ গল্পৰ চৰিত্ৰৰ নামবোৰ ইমান টান৷ অৰ্থ বিচাৰি ফুৰিব লাগে৷ “

মেচেজটো পঢ়ি হাঁহি উঠিল কিংশুকৰ৷
সি লাহেকৈ উত্তৰটো লিখিলে

“নামৰ প্ৰতি মোৰ বৰ আকৰ্ষণ৷ আনকমন অৰ্থবহ নাম বিচাৰি ফুৰোঁ৷ আপোনাৰ দৰে কবি হোৱাহ’লে শুৱলা নাম বিচাৰি পালোহেতেঁন৷ আমি গল্পকাৰহে, কঠুৱা অলপ৷“

পঠোৱাৰ লগে লগে মেচেজটো ডেলিভাৰ হ’ল৷ অলপ ৰৈ আৰু সিফালে পঢ়ি চোৱা বুলি গম পোৱাৰ লগে লগে সি লগ আউট কৰি ওলাই আহিল৷

২)

ফাৰ্জানাই মনত পেলাব নোৱাৰিলে কিংশুকক ক’ত কেতিয়া প্ৰথম লগ পাইছিল৷ তাই ইফালে যিফালে সাহিত্যৰ মিটিঙবোৰত ঘূৰি ফুৰে৷ দুই এঠাইত কবিতা পাঠ কৰে৷ কিংশুক ভাল গল্পকাৰ৷ উপন্যাসো লিখিছে সি, জনপ্ৰিয় হৈছে৷ মাজে মাজে তেনেকৈয়ে লগ পায়৷ গল্প পঢ়ি মেচেজ দিয়ে তাই৷ সিয়ো দিয়ে কেতিয়াবা৷ কেতিয়াবা আলোচনা চলে মেচেজতে, ভিন্ন বিষয় লৈ৷ এনেকৈয়ে আন্তৰিকতা বাঢ়ে, সহজ হয় দুয়ো দুয়োৰে ওচৰত৷

৩)

:আপুনি কেতিয়া মেট্ৰিক দিছিল?

তাই লাহেকৈ ক’লে চনটো৷

:হেই, আমি প্ৰায় একেবয়সৰ৷ তুমি চলাবা আজিৰ পৰা৷

সকাহ পালে তাই, আপুনি বুলি সকলো কথা পাতিব নোৱাৰি৷ কথা পতা বাঢ়িছে আজিকালি৷ অন্তৰংগতা বাঢ়িছে৷ আলোচনাৰ মাজলৈ ঘৰুৱা কথা, ব্যক্তিগত কথা সোমাইছে৷

তুমি বুলিবলৈ কিংশুকৰে অলপ বেছি সময় লাগিল৷ ফাৰ্জানাৰ সহজতে আহি গ’ল৷ কেতিয়াবা সি ভুলতে আপুনি বুলি লিখিলে তাই লগে লগে মেচেজ দিয়ে- শুনা কিংশুক৷

সি হাঁহি দিয়ে৷ হাঁহি দিয়ে মানে, হাঁহিৰ ইমোজী৷

নতুন গল্প এটা হৈছে শেষ, পঢ়া৷

তাই তাৰ গল্পৰ প্ৰথম পাঠক হৈ যায়, গম নোপোৱাকৈ৷

৪)

মিটিঙখন মহা বিৰক্তিকৰ হৈছে৷ ইমান ভাষণ৷ কিংশুক কাষৰ চকীখনত কৰবাৰ পৰা ফাৰ্জানা আহি ঘপকৈ বহিল৷ তাই আহি বুলি কৈছিল, সিহে দেখা নাছিল৷

:ইমান ব’ৰ মিটিং৷ শেষলৈ মোৰ কবিতা পাঠ আছে, গুছি যাবও নোৱাৰো৷ বলা, কিবা খাই আহো বাহিৰত৷

:কিনো খাবা? চাহৰ বাহিৰে কিবা পাম জানো ওচৰত?

:ব’লাহে, মই থাকোতে এই ঠাইত কিহৰ চিন্তা৷ মোৰ লোকেল ঠাইৰ দৰে৷ ব’লা, তোমাৰ ফেভাৰেট বস্তু খুৱাম৷ পৰ্ক ম’ম’৷

তাই মোটামুটি তাক টানি নিয়াৰ দৰে লৈ গ’ল৷

পৰ্ক ম’ম’ প্ৰিয় বুলি কেনেকৈ জানিলা ফাৰ্জানা, মইচোন কোৱা নাই কেতিয়াও?

:ধেই, এনেই কৈছিলো৷ ব’লা জল্দি৷ মোৰ কবিতা পাঠো আছে৷

ঘূৰি আহি কিংশুকে কবিতাটো মন দি শুনিলে৷ ফাৰ্জানাৰ কবিতাটো৷ প্ৰথমবাৰলৈ কবিতা এফাকি মনত থাকিল তাৰ৷

“বহুপৰ ধৰি কাৰেণ্ট নাই
মমটুকুৰা জ্বলি শেষ হ’ল

চহৰত লেম্প পাবলৈ টান
চিমনি, কেৰাচিনো

থাপনাৰ চাকিগছি তথাপিও জ্বলি আছে
তাৰ পোহৰতে দেখি আছো তোমাক
এন্ধাৰৰ ফ্ৰেমত৷“

৫)

:তোমাৰ কলেজত মোৰ বহুকেইজন লগৰ আছিল?

:হা, কোন কোন?

কলেজ বুলিলে কিংশুকৰ কোনো উৎসাহ মনলৈ নাহে৷ আচৰিত প্ৰতিক্ৰিয়া৷ মনটো সেমেকি গ’লেও নামবোৰ ক’লে তাই
:বিপুল, বিপুল শৰ্মা৷ হিৰণ্ময়ী৷ হিমাংশু৷

:অ, ইহতঁ আটাইকেইটা মোৰ ভাল বন্ধু৷ আজিও৷ কিংশুকৰ ওঁঠত সামান্য হাঁহি খেলি গ’ল৷

:আৰু এজনী আছে৷ মোৰ খুৱ ক্ল’জ আছিল৷ নীহাৰিকা, নীহাৰিকা কাশ্যপ৷

কিংশুকৰ চকু দুটা আঙঠা হৈ জ্বলিল৷ ফাৰ্জানাৰ ভয় লাগি গ’ল৷ ৰুক্ষ, খঙাল কিন্তু হতাশ চাৱনি এটা দি সি উঠি গুছি গ’ল৷

পিচফালৰ পৰা তাই মাতি থকা সি নুশুনিলে, বা শুনিব নিবিচাৰিলে৷

৬)

’চৰী কিংশুক’

তাই মেচেজটো দি থলে৷ দিনটো তাৰ ফোন অফ৷ একো খবৰ পোৱা নাই৷ ভয়ো লাগি আছে তাইৰ৷ ঘটনাটো নভবাকৈ হৈ গ’ল৷ আচলতে তাই কথাটো অনুমান কৰিছিল যদিও খাটাং হোৱা নাছিল৷ কিংশুকৰ অতীতৰ কৰবাত তায়ো সোমাই আছে, গম নোপোৱাকৈ৷ জীৱনে যে কি কি ঘূৰাই আনি সমুখত থিয় কৰি দিয়ে৷
ফোনটো তাই মাজে মাজে চাই থাকিল, নাই মেচেজটো ডেলিভাৰ হোৱা নাই৷

কামৰ মাজে মাজে তাই চকু ফুৰাই থাকিল ফোনটোত, তিনিদিনলৈ…৷

৭)

:আগৰে পৰা গোটেই কথাবোৰ জানিছিলা নহয়নে? কিমান বদনামী মই তুমি জানা আগৰে পৰা৷ মই কিমান বেয়া, কিমান কাহিনী আছে মোৰ সকলো শুনিছা?

কিংশুকৰ মাতটো কৰুণ শুনালে ফোনত৷ ফাৰ্জানাই শুনি থাকিল৷ বহুত কিবা কিবি কৈ থাকিল সি৷ মাজে মাজে অসংলগ্ন হৈ যায় কথাবোৰ৷

:বাৰু কিংশুক, মোৰ নামটো তুমি আগতে এবাৰো শুনা নাই৷ নীহাৰিকাৰ মুখতো শুনা মনত নাই৷

:নাই পৰা মনত৷ মইনো সেই সময়ক মনত ৰাখিম কিয়? তাইৰ লগত মোৰ ফালৰ পৰা তেনেকুৱা বিশেষ একো নাছিলো৷ মাথোঁন এগাল কাহিনী ঘূৰি ফুৰিছিল, বয়জ হোষ্টেলত, গাৰ্লছ হোষ্টেলত, ষ্টাফ ৰুমত, মাৰ্কেটত, সকলোতে৷ সেই কাহিনীবোৰে মোক লেটাৰ মাজলৈ সোমাই দিছিল৷ নিজৰ মাজতে ৰৈ গৈছিলো অকলে, নিসংগে বদনামী হৈ৷

ফাৰ্জানাই একো নকলে৷ তাই জানে বহুত কথা, মাথোঁ চিজিল লাগিল কথাবোৰ আজিহে৷ কিংশুকে নেজানে, ফাৰ্জানাও আছে তাৰ অতীতৰ এটা কোণত; সি গম নোপোৱাকে৷

৮)

ভাড়াঘৰৰ মালিকৰ ফোনত ফাৰ্জানালৈ ফোন আহিছিল সিদিনা৷ মাজে মাজে আহি থাকে ইফাল সিফালৰ ফোন৷ মালিকে বেয়া নেপায় ফোন আহিলে, বেছি দেৰী কথা পাতি থাকিলেহে বেয়া পায়৷ ফোনৰ সিটো মুৰে নীহাৰিকা৷ নীহাৰিকা মস্ত মুডী ধৰণৰ৷ বাকী লগৰবোৰে পাগল বুলিয়েই কয়, কোনোৱে লগ নিদিয়ে নীহাৰিকাক৷ গোটেই কলেজত একমাত্ৰ ফাৰ্জানাৰেহে সম্পৰ্ক আছিল তাইৰ৷

:শুন ফাৰ্জু, সি মোক ঠগিলে বে৷

তাইৰ উত্তেজনা ফোনটো গম পোৱা হৈছিল৷ ফাৰ্জানাই বুজি গ’ল, কিবা এটা নহ’ব লগীয়া হৈছে৷

:কি হ’ল, কি হ’ল ক চোন?

:সি ঠগিলে মোক৷ বেলেগৰ লগত তাৰ লেন-দেন, ফোন, হাঁহি খিকিন্দালি৷ মোৰ লগতহে…..

নীহাৰিকা উচুপি উঠিল৷ ফাৰ্জানাই কি কম কি নকও একো ভাবি নৌপাওতেই তাই ক’লে-

:আজি চৰিয়াই দিলো বুজিছ, সকলোৱে দেখাকৈ৷ কি বুলি ভাবি আছে সি নিজক৷

অবাক হৈ গ’ল ফাৰ্জানা, কি পাগলী সঁচাকৈ এইজনী৷

:শুন, তই অন্তত এনেকুৱা কৰিব নেলাগিছিল৷ সকলোৰে সমুখত এনেদৰে…..

:কিয়? কিয়? তয়েইতো কৈছিলি ঠগিব বিচাৰিলে এৰি নিদিবি৷ শাস্তি দিবি৷ দিলোঁ, এতিয়া নেলাগে বুলি কবি কিয়?

ফাৰ্জানাৰ একো নোলাল মুখেৰে, হয় কৈছিলো তাই৷ কিন্তু…..

তাৰ পিচত ভয়ংকৰ গণ্ডগোল৷ পুলিচ, কলেজৰ প্ৰশাসনিক শাস্তি, এইবোৰৰ মাজত নীহাৰিকা সোমাই পৰা সময়তে ফাৰ্জানা গৈ ওলাইছিলগৈ সিহঁতৰ কলেজ৷

হিৰণ্ময়ীয়ে সেই উজাগৰী ৰাতিটোতে কৈ পেলাইছিল সকলো কথা৷ কিদৰে নীহাৰিকাই নিজে সাজি কথা কৈছিল ফাৰ্জানাক, সাধু বনোৱাৰ দৰে৷ কিংশুকক কেনেকৈ প্ৰতিক্ষণ বদনামী কৰিছিল বুদ্ধি কৰি৷ কেনেকৈ কিংশুকৰ লগত সকলোতে নিজকে সাঙুৰি লৈছিল নীহাৰিকাই৷ কেনেকৈ হিৰন্ময়ীৰ সমুখতে ফোনত মিছা কথা কৈছিল ফাৰ্জানাক বহুদিন৷ কেনেকৈ চোকা ল’ৰাজনৰ পৰীক্ষাবোৰৰ ৰিজাল্ট আশা কৰা ধৰণৰ হোৱা নাছিল নীহাৰিকাৰ বাবে৷ কেনেকৈ নীহাৰিকাই নিজে নিজৰ কিছুমান কাহিনী প্ৰচাৰ কৰিছিল, সকলো কৈছিল হিৰন্ময়ীয়ে৷

অচিনাকি হিৰন্ময়ী নামৰ ছোৱালীজনীৰ কথাই সেই ৰাতিটোতে ফাৰ্জানাক সিদ্ধান্ত এটা লবলৈ বাধ্য কৰিছিল৷ সৰু কাগজৰ টুকুৰা এটাত কেটামান আখৰ এৰি তাই উভতি আহিছিল, বন্ধুত্ব এটা শেষ কৰি৷

তাৰ পিচৰ কাহিনীবোৰলৈ মন কৰা নাই ফাৰ্জানাই কোনোদিনে৷ আনকি তেতিয়া ভালকৈ ল’ৰাজনৰ নামো মনত নাছিল তাইৰ৷ তাত থকা লগৰবোৰৰ মুখত মাজে মাজে পিচত কি ঘটিল শুনিছিল যদিও গুৰুত্ব দিয়া নাছিল৷ নীহাৰিকো লগ পাইছে বহুদিন, কথাটো উলিওৱা নাই তাই কেতিয়াও৷ আচলতে ভালকৈ কথা পতাই নাই তাইৰ লগত তাৰ পিচৰ পৰা৷

বহু বছৰ বাগৰি গ’ল সঁচাকৈয়ে৷ নীহাৰিকাৰ সেই কিংশুকে এতিয়া তাইৰ ওচৰত, ইমান ওচৰত৷ জীৱনে সঁচাই কিবা কিবি আচৰিত ধৰণে ঘূৰাই আনে৷

“জীৱনে কব নিদিয়া বহুত সাধু
শ্মশানৰ ধোৱাতো উৰি ফুৰে

শেষ বুলিলেই পৰিসমাপ্তি নহয়“

তাই বহীত টুকি থ’লে৷

৯)

কিংশুকৰ গল্প উপন্যাসৰ সংখ্যা বাঢ়িল৷ ফাৰ্জানাৰো কবিতা বাঢ়িল৷ সময়ে দুয়োকে ওচৰৰ পৰা ওচৰলৈ লৈ আহিল৷

:কিংশুক!

:হা, কোৱা৷

:কি নাম আমাৰ সম্পৰ্কটোৰ?

কিংশুকৰ আগুৱাবলৈ সাহস নহয় কথাবোৰ৷ ভয় লাগে তাৰ, বহুত ভয়৷
মাজৰ অধ্যায়টো সি কোৱা নাই তাইক৷ সি জানে তাৰ ভিতৰত কি আছে তাইলৈ, কিন্তু কবলৈ সাহস কৰিব নোৱাৰে৷

:চোৱা ফাৰ্জানা, তুমি জানা, তুমি বুজা সকলোবোৰ৷ নাম দিয়াতো জৰুৰী জানো?

কি ক’ব তাই? একো ক’ব নোৱাৰে৷ এৰি গুছি যাবও নোৱাৰে৷ এই আচৰণৰ কাৰণো তাই নুবুজে৷ সকলো খেলিমেলি হৈ যায় তাইৰ৷ মন গ’লেই লগ পায়, কথা পাতে, ফুৰিবলৈ যায়৷ সকলো স্বাভাবিক৷

তথাপি কিয় ভালপাওঁ বুলি কৈ আঁকোৱালি নোলোৱা মোক৷

তাইৰ ধৈৰ্য্যৰ বান্ধ চিগি যায়৷ দুয়োখন ঘৰৰ মাজত অসুবিধা হ’ব, বুজে তাই৷ কোনেও মানি নলব, বুজে তাই৷ তথাপি সিটো এবাৰ আগ্ৰহ দেখুৱাক তাৰো একে মন যায় বুলি৷ নাই নেদেখুৱাই৷ ভিতৰি মৰি গ’লেও বাহিৰত নেদেখুৱাকৈ থাকিব পাৰে সি৷ তথাপি এবাৰতো কওক, এবাৰতো চেষ্টা কৰক৷ নাই, নিস্পৃহ৷ অথচ তাৰ কাৰণে কান্দিবলৈও দুখ লাগে ফাৰ্জানাৰ৷

:ভালপোৱাৰ দুটা পৰিণতি ফাৰ্জানা, বিবাহ অথবা বিচ্ছেদ৷ এটা ভালপোৱা থাককচোন যাৰ কোনো পৰিণতি নাই৷

তাৰ কথাই তাইক বান্ধি পেলাই, একো ক’ব নোৱাৰাকৈ৷

১০)

:মোৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ প্ৰেম আছিল নাজমা৷

স্তব্ধ হৈ গ’ল ফাৰ্জানা৷ প্ৰথম আছিল বাৰু ঠিকে আছে, একমাত্ৰ…? মই দ্বিতীয়ও নহ’লোঁ?

:তাৰ পিচত?
কষ্ট হ’লেও সুধি পেলাই তাই৷

:কিয়? নাজমাক মই ধৰি ৰাখিছো মোৰ উপন্যাসত৷ পঢ়া নাই তুমি?

পঢ়িছোঁ, পঢ়িছোঁ৷ ভাল লাগে মোৰ সেইখন৷ তোমাৰ নিজৰ কথা আছে বুলি বুজা নাছিলোঁ৷

:নিজৰ আৰু কি! ধৰি ৰাখিবলৈ যত্ন কৰিছিলোঁ মোৰ ফালৰ অনুভৱখিনিক৷ সকলো কথা লিখি দিয়াটো সম্ভৱ জানো৷ সঁচা কথাৰেই উপন্যাস হোৱাটো জানো সম্ভৱ? তথাপি নাজমা আছে তাতে৷

:কি হ’ল তাইৰ লগত? কিয় এৰা-এৰি হ’ল?

:ঘৰুৱা অসুবিধা৷ তাইৰ ঘৰত বহুত হাহাকাৰ লাগিল৷ তায়ো সাহস কৰিব নোৱাৰিলে৷ ময়ো সাহস দেখুৱাব নোৱাৰিলোঁ৷ মই কাপুৰুষ হৈ ৰ’লো, তায়ো৷ বিয়া হৈ গ’লগৈ৷

:এতিয়া? লগ পোৱানে? কথা পাতানে?

:কেতিয়াবা লগ পাওঁ, কথা পাতো৷ ফোন কৰাও হয় কেতিয়াবা৷ সম্পৰ্কটো সহজ হৈ গ’ল অ এতিয়া৷ বুজি ললোঁ দুয়ো, মানি ললোঁ৷ আগৰ ভাৱবোৰ নেথাকিল পিছলৈ৷ বোধহয় এৰাএৰি হোৱাৰ সময়ৰ পৰিস্থিতিয়ে অলপ স্বাভিমানত আঘাত কৰিছিল৷

:আৰু মই?

:মানে? কি তুমি?

:মই দ্বিতীয় হ’বও নোৱাৰিলো৷ আজিলৈ৷ এতিয়ালৈ৷ মিছাতে মইহে ভাবি থাকিলো ইমানদিন৷ দ্বিতীয়ও হ’ব নোৱাৰিলোনে মই?

:কি কৈ আছা এইবোৰ?

:কিয়? তুমিয়েই কৈছা, তোমাৰ জীৱনৰ প্ৰথম আৰু একমাত্ৰ প্ৰেম নাজমা৷ একমাত্ৰ৷ দ্বিতীয় নাই৷ মই দ্বিতীয় নহও৷

কিংশুকে কিবা কোৱাৰ আগতেই তাই উঠি গুছি গ’ল৷ ফোঁ-ফোঁৱাই৷

১১)

এইকেইদিন কেনেকৈ গৈছে কিংশুকে নেজানে৷ তাৰ ওচৰৰ পৰা উচাৎ মাৰি গুছি ঘৰলৈ আহোঁতে ফাৰ্জানাই স্কুটীৰে পিচফালৰ পৰা ট্ৰাকত খুন্দিয়াইছিল৷ খবৰ পাই দৌৰি হস্পিতাল পোৱাৰ পৰত তেজৰ ডোঙাত পৰি আছিল ফাৰ্জানা৷ সামান্য চেতনাত তাই বিৰবিৰাইছিল- মই দ্বিতীয়ও নহ’লো৷ কিংশুকৰ ভিতৰলৈ চুৰী সোমাই যোৱাৰ দৰে লাগিছিল৷ লুকাই লুকাই কান্দিছিল সি৷

দুদিন এবি নিগেটিভ তেজ বিচাৰি দৌৰা দৌৰি৷ তাৰ নিজৰো এবি নিগেটিভ৷ এজনেৰে নহয়৷ দুটা অপাৰেচন৷ পাঁচজন গোটালে সি ইফাল সিফালে গৈ৷ তৃতীয় দিনা ডাক্তৰে বিপদমুক্ত বুলি ঘোষোণা কৰাৰ পিচতহে সি প্ৰথম ঘৰলৈ গ’ল৷ ঘৰলৈ যোৱাৰ বাটত সি মনতে এটা পৰিকল্পনা কৰিলে৷ আকৌ হস্পিতাললৈ অহাৰ বাটত সি মৃদুলৰ চেম্বাৰত সোমাই আহিল৷ মৃদুল আৰ্কিটেক্ট৷

ফাৰ্জানাৰ ঘৰৰ মানুহে তাৰ লগত তাইৰ কি সম্পৰ্ক বুজি উঠিছে নোকোৱাকৈয়ে৷ ঘৰতো কৈছে সি কথাটো৷ সকলোৱে মানি লৈছে, বোধহয় আগতে অনুমান কৰিছিল ঘৰত৷ ফাৰ্জানাক মাকে লগো পাইছে৷ ভাল হ’ব সকলো, ভাল হৈ আছে- তাৰ অন্তৰাত্মাই বাৰে বাৰে কৈ থাকিল৷

সোঁ হাতখনত বেণ্ডেজ বাবে তাইক খুৱাই দিব লাগে, সি খুৱাই দিলে৷ চৈধ্যদিন হ’ল আজি, ভাললৈ আহিছে তাই লাহে লাহে৷ ডাক্তৰে কৈছে কাইলৈ যাব পাৰিব ঘৰলৈ৷
গাৰুটোত ভেজা দি কিংশুকে তাইক বহাই দিলে বিছনাত৷ দুবিধ ঔষধ খুৱাই দিব লগা আছিল, নাৰ্চলৈ নৰ’ল সি৷ তাৰ পিচত মৃদুলৰ পৰা লৈ অহা দ্ৰয়িঙটো বিছনাতে মেলি ধৰিলে৷

:তোমাক কৈছিলো নহয়, ঘৰ বনোৱাৰ পৰিকল্পনাৰ কথা, ড্ৰয়িঙটো বনালোঁ৷ চোৱা৷

তাই চকু দিবলৈ যত্ন কৰিলে৷ সি কাগজখন আৰু অলপ ওচৰলৈ লৈ গ’ল৷

:এইটো বহা কোঠা৷ এইটো দেউতাহতঁৰ৷ এইটো আলহীৰ৷ এইটো …………৷

:এই দুটা কি?

তাই দূৰৰ পৰা আঙুলিয়াই দেখুৱালে৷

:কোন দুটা?

:সেই যে, বহাকোঠাৰ পিছৰখিনিত৷ সৰু সৰু ঠাই দুটুকুৰা৷ একো লিখা নাই যে৷

:অঁ, এইটো মন্দিৰ৷ ঘৰখনত এটা মন্দিৰ থাকিব নেলাগিব জানো?

:আৰু আনটো?

:হা, তোমাক নামাজ পঢ়িবলৈ ঠাই এটুকুৰা নেলাগিব জানো?

:হা?

:তোমাক নিজৰ ঘৰত নামাজ পঢ়াকৈ ৰুম এটা নেলাগিব জানো?

সি তাই চকুত চকু থৈ স্পষ্টকৈ ক’লে৷

তাই বুজি উঠিলো সকলো৷ লাজ লাগি গ’ল তাইৰ৷ সকলোৱে জানে তাৰমানে ইতিমধ্যে দুয়োখন ঘৰৰ৷ তাইৰ কাণ গৰম হৈ গ’ল৷

ছবিখনে ঘৰ এটা হৈ চকুৰ আগত ভাহি উঠিল তাইৰ৷ হস্পিতালৰ পৰা উৰি যাবৰ মন গ’ল তাইৰ৷ গম নোপোৱাকৈ চকু ভৰি আহিল৷

সি কিবা এটা অনুমান কৰিলে৷

:এইখন ড্ৰয়িঙহে৷ শেষ হ’বলৈ এবছৰ লাগিব কমেও৷

লাজতে তাইৰ মৰি যাওঁ যেন লাগিল৷

:একো নোকোৱা?
সি সুধিলে

:……….

:কিবা এটাতো কোৱা?

:হু, মই কিন্তু সেন্দূৰ ল’ম কপালত৷

গম নোপোৱাকৈ কি কোৱা গ’ল তাই নিজে নেজানিলে৷ তাইৰ কোৱা ধৰণটোত সি হোঁ-হোঁৱাই হাঁহি দিলে৷ লাজ লাগি গ’ল তাইৰ৷ লাজতে তাৰ কান্ধত মুখখন গুজি দিলে তাই৷ মন গ’লেও সাৱটি ধৰিব নোৱাৰে তাই, হাতত প্লাষ্টাৰ৷

:কাইলৈ ৰিলিজ দিব৷ ভাল হোৱা সোনকালে৷ বহু কাম বাকী আছে৷

সি লাহেকৈ তাইক কাষ চপাই ক’লে৷

বাহিৰত তেতিয়া বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments