এখন ভাঙি যোৱা দলং আৰু প্রাচীন ভাৰতীয় সভ্যতাৰ সংকট (উচ্চজিৎ কলিতা)

এখন ডাঙৰ নদী আছিল আৰু নদীৰ দুয়োপাৰে দুখন গাঁও আছিল । আদান-প্রদান ঘটিছিল বস্তুৰ, চিন্তাৰ, জ্ঞানৰ । সমান্তৰালকৈ আগবাঢ়ি গৈছিল দুয়োখন গাঁও । এদিন ডাঙৰ বানপানী হ’ল । ভাঙি থাকিল দলং আৰু নৈৰ পাৰৰ পানী-মেটেকাবোৰ দীঘল দীঘল হ’ল । এখন গাঁওৰ মানুহে নিজক লৈ তৃপ্ত থাকিল, বৰ বেছি ভাবি নাথাকিলে আনখন গাঁওত কি হৈ আছিল । আনখন গাঁওৰ মানুহে সন্ধান কৰি ফুৰিলে নতুন গাঁও আৰু নাও ভৰাই সংগ্রহ কৰিলে জ্ঞান আৰু সম্পদ । ভাঙি যোৱা দলং কোনেও নগঢ়িলে বহুত দিনলৈ ।
বহুদিন পিছত প্রাচীন গাঁওখনৰ এচাম মানুহে সম্ভেদ ল’বলৈ গ’ল নতুন গাঁওবোৰৰ। দেখিলে বহুত নতুন বস্তু, পালে বহুতো নতুন খবৰ । প্রাচীন গাঁওখনৰ মানুহে মাথোঁ কল্পনা কৰা বস্তুবোৰ বাস্তৱত নিৰ্মাণ কৰি উলিয়াইছিল নতুন গাঁওবোৰে। ভাঙি যোৱা দলখন গঢ়ি নোতোলা বাবে উমান নাপালে শুই থকা ইতিহাসে নৱজাগৰণৰ আহ্বান যেতিয়া উমান পালে সিহঁতে মাথোঁ চিঞৰি থাকিল আমাৰ এটা হামচৈয়া অতীত আছিল। বাস্তৱত ৰূপ পোৱা সিহঁতৰ কল্পনাৰ পৃথিৱীখন কিনিব লগা হ’ল বহুত মূল্য দি আনৰ পৰা।

প্রাচীন ভাৰতীয় সভ্যতাও এনেকুৱা এখন ভঙা দলং । নৱজাগৰণৰ উমান আমি শুনোতে দেৰি হ’ল । কেৰাণী তৈয়াৰ কৰা শিক্ষা-ব্যৱস্থাই আমাৰ মাজত বিজ্ঞানীৰ জন্ম নিদিলে আৰু আমি প্রযুক্তিৰ ব্যৱহাৰ কৰাত পিছ পৰি ৰ’লোঁ আৰু মুল্য দি কিনিব লগা হ’ল আনৰ পৰা সেই প্রযুক্তি, আমি নিজাকৈ প্রযুক্তিৰ জন্মও দিব নোৱাৰিলোঁ । এয়া এক দুখ লগা সত্য । আমি চিঞৰি থাকিলোঁ, যেনেকৈ আজিকালি কিছুমান সুবিধাবাদী ৰাজনীতিবিদে চিঞৰি থাকে যে আমাৰ পুৰণি দিনত সকলো আছিল, এতিয়া আমি পাহৰি গ’লোঁ সেই অতীত । কিন্তু প্রকৃত সত্য হ’ল আমাৰ সভ্যতা এদিন স্থবিৰ হৈ গৈছিল (তাৰ কাৰণবোৰ পাছে পৰে ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিম) আৰু স্থবিৰতাই নতুনত্বৰ জন্ম নিদিয়ে ।
ভাৰতৰ প্রাচীন প্রজন্ম দৰ্শন শাস্ত্রত, জ্যোতিৰ্বিদ্যা আৰু গণিত শাস্ত্রত পাৰ্গত আছিল, কিন্তু নাছিল কাৰিকৰী যান্ত্রিক বিদ্যাত, প্রায়োগিক বিজ্ঞানত আৰু সেই জ্ঞান সময়মতে আহৰণো নকৰিলে ।
সেয়েহ সেই তাহানিতে আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল নাৰদে ঢেঁকীত উৰি ফুৰাৰ, কিন্তু হেলিকাপ্টাৰ নিৰ্মাণ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে মাথোঁ কল্পনা কৰিব পাৰিছিল সঞ্জয়ে ধৃতৰাষ্ট্রক যুদ্ধৰ ধাৰা বিৱৰণী দিয়াৰ, কিন্তু দূৰদৰ্শন আৱিষ্কাৰ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল ভয়ংকৰ মাৰণাস্ত্রৰ, কিন্ত ৰিভলভাৰ, ৰাইফল, পিষ্টল নিৰ্মাণ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল ব্রহ্মাস্ত্রৰ, কিন্তু পৰমাণু অস্ত্র আৱিষ্কাৰ কৰিলে অন্য কোনোবাই । আমাৰ কবিয়ে কল্পনা কৰিব পাৰিছিল ৰাৱণে সীতাক উৰুৱাই নিয়াৰ, কিন্তু উৰাজাহাজ আৱিষ্কাৰ কৰিলে অন্য কোনোবাই । সুশ্রুতৰ চিকিৎসা শাস্ত্র পঢ়িয়েই আমি ক্ষান্ত থাকিলোঁ, কিন্তু অস্ত্রোপচাৰৰ সমস্ত সঁজুলি আৱিষ্কাৰ কৰিলে অন্য কোনোবাই। আজি আমি ব্যৱহাৰ কৰি থকা প্রায়ভাগ সঁজু্লি, প্রায়ভাগ সামগ্রীয়ে অন্যৰ দান।
প্রকৃত বিজ্ঞান-শিক্ষাক আওকাণ কৰাৰ বাবে আৰু বহু শতিকা ধৰি কেৱল অতীন্দ্রিয়বাদ আৰু ধৰ্ম-শিক্ষাত মজি থকাৰ বাবে আমি পিছ পৰি ৰ’লোঁ, পিছ পৰি ৰৈ আছে আজিও বহুতো সভ্যতা, বহুতো আফ্রিকা। প্রকৃত বিজ্ঞান চৰ্চা নাথাকিলে দেশ আগ নাবাঢ়ে, জাতি আগ নাবাঢ়ে।
আমি ভাৰতীয় সকলে কল্পনা কৰিব পাৰিলোঁ, নোৱাৰিলোঁ সেই কল্পনাক বাস্তৱত ৰূপায়িত কৰা প্রযুক্তি সৃষ্টি কৰিবলৈ। আৰু আমি পিছ পৰি ৰ’লোঁ। সেয়ে আমাৰ মুদ্রা-মূল্য কম। সেয়ে আমাৰ আমদানি বেছি, ৰপ্তানি কম।
এতিয়া সময় সলনি হৈছে, আমিও আগবাঢ়িব শিকিছোঁ । কিন্তু অতীতক দোহাই দি স্থবিৰ নহ’ব, দলং ভাঙিবলৈ নিদিব। কাৰণ স্থবিৰ সভ্যতাই নতুনত্বৰ জন্ম নিদিয়ে, দলং ভাঙিলে যোগাযোগ বন্ধ হয় ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments