এখন মুকলি চিঠি (উচ্চজিৎ কলিতা)

আহাচোন আহা সখী
জোনাকতে বহোঁ এদিন
বহুদিন আকাশৰ তৰা লেখা নাই,
বহু ৰাতি পাৰ হ’ল
জীৱিকাৰ খুচুৰা হিচাপ কৰি ।
ৰাতিৰ আকাশে,
আমাৰ চিনাকি আকাশে
কিজানি কান্দিছে উষ্ম আশাৰে,
জোনৰ চকুলোৰে ওফন্দি উঠিছে
ইপাৰৰ লুইত, সিপাৰৰ কাৱেৰী ।

তোমাৰ সময় হ’লে
মোৰো যে সময় হ’ব,
মোৰ সময় হ’লে
তোমাৰো সময় হ’ব,
বাৰিষাৰ তেনে এটি ৰাতিপুৱা
তুমি আৰু ময়ে সখী,
মাইনুৱে ভাইটিয়ে
(বাইদেউজনী বিয়া হৈ গ’ল)
বৰষুণত তিতিম,
কিমানযে ভাল লাগিব
বৰশীত নাপালে মাছ
ভেকুলীকে তুলিম ।
মন গ’লে বাৰু
পথাৰৰ বোকা খচকিম
নহ’লে পাৰত বহি
বালিমাহীৰ নাচোন চাম ।
পৃথিৱীৰ সৰল হাঁহি
বতাহত ভাঁহি আহি
আমাৰ বুকুতো উঠিব বাজি ।

এইবোৰতে আছে সখী
আমাৰ জীৱনৰ ‘ফিল’ছ’ফী’,
মৰমে গধুৰ কৰা
হৃদয়ৰ নিবিড় দাবী ।

বৰ ভাগৰ লাগে নেকি
জীৱনটো বুজি বুজি
নুবুজা ভাৰৰ নেওঁতা মাতি ।

ভাল লাগে শুক্লেশ্বৰ ঘাটৰ সূৰ্যাস্ত,
ভাল লাগে চাই দাৰ্জিলিঙত
একেটা সূৰ্যৰ পুণৰ্জন্ম,
অকলে চাই ভাল লাগেনে
কাষত থাকিলে মৰমৰ আব্দাৰ ।
আত্মাৰ আহাৰ বিচাৰি
আমি ঘূৰি ফুৰোঁ সখী,
এই যাত্রাৰ শেষ নাই,
জীৱনৰ বতৰা বিলাই
উৰি ফুৰে এহাল টুনটুনী ।

আমি বহুতেই শুনা নাপাওঁ
দেখা নাপাওঁ,
পঢ়ি থাকোঁ মাথোঁ
চাইক’ল’জীৰ ওলোটা বুৰঞ্জী ।

সেয়ে সখী আজি
তোমাক মাতিছোঁ,
আহাচোন
জোনাকতে বহোঁ !
গলি গলি যাব জোন,
তোমাৰ দীঘল চুলিৰ মাজত
মুকলি হ’ব জীৱনৰ দৰ্শন,
জপাই থ’ম চাইক’ল’জীৰ পুৰণি বহী ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments