এখন মুকলি চিঠি মানৱজাতিলৈ -(ত্ৰিদীপ টিকেন গগৈ)

ত্ৰিদীপ টিকেন গগৈ
এখন মুকলি চিঠি মানৱজাতিলৈ….
“প্ৰকৃতি, জীৱজন্তু আৰু মানুহৰ সংঘাত কিয় আৰু কিমান দিনলৈ ?”
নৈ ,জান-জুৰি, পাহাৰ-পর্বত, গছ-গছনি, জীৱ-জন্তুৰে পৰির্পূণ আমাৰ অসম তথা উত্তৰ-পূর্বাঞ্চল পৃথিৱীৰ ভিতৰতে ধুনীয়া। কিন্তু এই চিৰসেউজ প্ৰকৃতি আৰু পশু-পক্ষীৰ ওপৰত জীৱশ্ৰেষ্ঠৰ অত্যাচাৰে সকলো প্ৰকৃতিপ্ৰেমীক সচকিত কৰি তুলিছে। অপৰাজেয় প্ৰকৃতিক বশ কৰাৰ দূৰাকাঙ্খা লৈ মানৱ জাতিয়ে ফেঁপোলা অহংকাৰৰ স্বৰূপ উদঙাবলৈ প্ৰকৃতিৰ এটি ক্ষূদ্ৰতম পদক্ষেপেই যথেষ্ট।দৰাচলতে প্ৰকৃতিৰ সহজ-হৰল নিয়মসমূহ মানৱ জাতিৰ বাহিৰে পৃথিৱীৰ সকলো প্ৰাণীয়েই মানি চলি আহিছে।অসমৰ প্ৰকৃতিৰ অনুপম সৌন্দর্য উপভোগ কৰিবলৈ আহি বিশ্বৰ ভিন্ন প্ৰান্তৰ যি কোনো ব্যক্তিয়ে ক’বলৈ বাধ্য হ’ব যে সঁচায়ে অসমৰ সৌন্দর্যৰ তুলনা নাই।কিন্তু এচাম চোৰাংচিকাৰী, কাঠ-বেপাৰী, অসৎ বন-বিষয়াৰ হঠকাৰিতাৰ ফলত আজি প্ৰকৃতিৰ সৌন্দর্য, বন্যপ্ৰাণীৰ জীৱন বিপন্ন। এটা কথা ঠিক যে, জনসংখ্যাৰ বৃদ্ধি পোৱাৰ সমান্তৰাল ভাৱে আবাস গৃহ, খেতি-বাতিৰ বাবে মাটিৰ প্ৰয়োজন হয় আৰু তাৰ বাবে গছ-গছনি কাটি ঠাই মুকলি কৰিব লগীয়া হয় । কিন্তু বনাঞ্চলত মানুহৰ অনাধিকাৰ প্ৰৱেশৰ ফলত তাত আগৰে পৰা তুলনামুলকভাৱে শান্তিৰে বসবাস কৰি থকা বন্যপ্ৰাণীসমূহে সন্মূখীন হ’বলগীয় হৈছে এক নতুন প্ৰত্যাহ্বানৰ। যাৰ ফলস্বৰূপে বাতৰি কাকতৰ শিৰোনাম দখল কৰিছে ‘হাতী আৰু মানুহৰ সংঘাত’, ‘বাঘৰ আক্ৰমণত মহানগৰীত কেইবাজনো আহত’ আদি বাতৰি সমূহে ।মানৱজাতিয়ে এবাৰৰ বাবেই হয়তো ভাবি চাব লাগে যে পশু-পক্ষীৰ অবিহনে মানৱ জাতিৰ অস্তিত্ব কিমান দিনলৈ। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলি থাকিলে জীৱ জন্তুৰ লগতে জীৱশ্ৰেষ্ঠ মানৱ জাতি যে এদিন পৃথিৱীৰ নিশেষ হৈ যাব তাত সন্দেহ কৰিব লগীয়া নাই । কুলেশ তালুকদাৰদেৱে এটি লেখনিত অতি সুন্দৰভাৱে উল্লেখ কৰিছে যে- “প্ৰতিবাৰেই মানৱ ইচ্ছা আৰু মানুহৰ হঠকাৰিতাৰ বলি হৈছে মাথো বনৰীয়া প্ৰাণীবোৰ।আজি যেতিয়া হাতীয়ে মানুহৰ ঘৰ ভাঙিলে, খেতি-পথাৰ নষ্ট কৰিলে সৰৱ হৈ উঠে সংবাদ পত্ৰবোৰ, কিন্তু যেতিয়া মানুহে সিহঁতৰ বিচৰণ ভূমিত অনাধিকাৰ প্ৰৱেশ কৰি সকলো নষ্ট কৰে তেতিয়া এইবোৰ সংবাদ পত্ৰই এই কার্যক ‘উন্নয়ণৰ মালা’ পিন্ধায় । অসম, গুজৰাট,চেন্নাই এই সকলো ঠাইতে সংঘাতৰ মূল কাৰণ হৈছে এটাই- মানুহৰ দ্বাৰা এই প্ৰাণীবোৰৰ বিচৰণভূমি দখলৰ অপচেষ্টা ।প্ৰকৃতিৰ বিচাৰ কক্ষত সকলো অপৰাধতেই মানুহেই দোষী।” এটা কথা ভাবিলেই আচৰিত লাগে যে- সভ্যতা, জ্ঞানৰ শিখৰত মানৱজাতিয়ে আৰোহন কৰিও প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰিবলৈ এৰা নাই ।গছ-গছনি ধ্বংস যান বাহনৰ প্ৰধান্য এনেদৰে বৃদ্ধি পাইছে যে ধূলি, ধোঁৱা, শব্দ আদিৰ পদূষণে আমাৰ জীৱন ধ্বংসৰ ইংগিত নিদিয়াকৈ থকা নাই।আমাৰ পূর্বপুৰুষ সকলে সদায় আমাৰ অৰণ্য আৰু পশু-পক্ষীবোৰক সংৰক্ষণ কৰি ৰাখিছিল আৰু সেইবাবেই তেঁওলোকে সংৰক্ষণ কৰি ৰখা বনাঞ্চল আৰু পশুধনক আমি উত্তৰাধিকাৰী সূত্ৰে পাইছো।গতিকে তেঁওলোকে এৰি যোৱা আর্দশ, অমূল্য সম্পদৰাজি আমি আমাৰ অনাগত সময়ৰ নৱপ্ৰজন্মৰ হাতত সুৰক্ষিত কৰি যাব লাগিব। আচলতে প্ৰকৃতিক নিজৰ মতে চলিবলৈ দিয়াটো প্ৰয়োজনীয় কাম বুলি আমি গণ্য কৰি সময় থাকোতেই মানি লৈ প্ৰকৃতিৰ সৈতে সহযোগিতা নকৰিলে মানৱ জাতিৰ নিঃশেষ হোৱাটো নিশ্চিত ।
(উৎস : কুলেশ তালুকদাৰ দেৱৰ এক প্ৰচ্ছদ লেখা, সূর্য নাথ দেৱৰ এক মুকলি চিঠি…)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments