এখন শ্মশান, এখন কবৰ আৰু এটা মৃতদেহ – দ্বিজেন্দ্ৰ নাথ শৰ্মা

পাতলীয়া মেঘে পূৰ্ণিমাৰ জোনাক ঢকা আকাশ৷ আন্ধাৰ ঘিটমিটিয়া নহয়৷ যেন জোনাকত সিঁচি দিয়া এমুঠি আন্ধাৰ৷ চিপ্ চিপিয়া বৰষুণৰ লগত বলা ফিৰফিৰীয়া বতাহজাকেৰে সৈতে আহিনমহীয়া এটা গধূলি৷ নৈপৰীয়া এটা লুংলুঙীয়া বাট৷ ৰমেনে ঠেলাখন ঠেলি গৈ আছে আৰু আৰ্শাদে আগপিনৰ পৰা টানি গৈ আছে৷ মথাউৰিৰে মানুহ অহা যোৱা লিকেৰে ঠেলাখন লৈ যোৱাত অসুবিধা হৈছে৷ বৰষুণ পৰি কোমল হোৱা বালিচহীয়া মাটিত চকা ফিচিকি বহি যায়৷ আন্ধাৰত মনি মনি আগুৱাব লগা হৈছে৷ অলপ হেৰ-ফেৰ হ’লেই ঠেলা গৈ নদীৰ বুকু পাব৷ নৈৰ গঢ়াৰ পিনে ঠেলাখন অলপ গলেই ৰমেনে চিঞৰি উঠে-“ধৰিবি, ধৰিবি৷ পৰিব পৰিব৷“
আৰ্শাদ ৰৈ গ’ল৷
-“কি হ’ল? ”
আৰ্শাদে ঠেলাখন এৰি অলপ আগলৈ গ’ল৷
-“এইখিনিতে গঢ়া খহনীয়াটো আছিল নহয়৷ “
-“যাবনে? “
বিজুলী চমকণি এটাত ভালকৈ চাই আৰ্শাদে কলে-“যাব লাগে৷“
এইটো বাটেৰেই সিহঁত গৈছিল৷ তেতিয়া বৰষুণ নাছিল৷ সন্ধিয়াও নমা নাছিল৷ যাওঁতে অসুবিধা হোৱা নাছিল৷ গঢ়া খহা অংশটো পাৰ হ’ব পাৰিলেই অলপ আগত নৈপৰীয়া চ’ক৷

তিনি আলিটোৰ পূৱ দিশে এক ফাৰ্লং দূৰত মছজিদটো, পশ্চিমে সমদূৰত মন্দিৰ এটা৷ তিনি আলিটোৰ পৰা চহৰমুখী পোন ৰাষ্টটোত ৰমেনৰ ঘৰ৷ এক ফাৰ্লং দূৰত, জামজোপাৰ তলত৷

ঠেলাখন থৈ ৰমেন চ’কৰ বটজোপাৰ তলৰ চাঙখনত বহিল৷ আৰ্শাদ ঠেলাখনৰ কাষতে লেপেটা কাঢ়ি বহিল৷

সেইদিনাও ৰমেনে এই চাঙখনতে বহিছিল৷ চাঙখনত ভেজা দি শ্বাহনাজ থিয় হৈ আছিল৷ তেনেকৈ কিমান সময় পাৰ হৈ গৈছিল, গম পোৱা নাছিল৷ সেইদিনাও পূৰ্ণিমায়ে আছিল চাগে৷ বটৰ ফাঁকে ফাঁকে সিঁচি দিয়া ফৰিং ফুটা জোনাকত শ্বাহনাজৰ মুখলৈ সি চাইছিল৷ তেজে ফুটু ফুটু কৰা শ্বাহনাজৰ মুখখন উৎকণ্ঠা, শংকা আৰু চিন্তাৰ প্ৰলেপে বিবৰ্ণ কৰি পেলাইছিল৷ নিজৰ শংকা ঢাকি সি সুধিছিল-“ভয় লাগিছে নেকি?
-“উহু৷ ”
“নিজৰ ঘৰলৈ আহিবলৈও জানো কাৰোবাৰ ভয় লাগে? ”- সি ভাবিছিল৷
লাগিছিল ভয় তাৰ৷ দেউতাকৰ মুখা মুখি হ’বলৈ তাৰ ভয় লাগিছিল৷

কুকুৰৰ ভুকভুকনিয়ে তাৰ ভাৱনাত য’তি পেলালে৷ তিনি দিশৰ পৰা তিনিটা কুকুৰ ভুকি ভুকি আহি তিনি আলি চ’কত দূৰ্বাদল কাজিয়াত নিমগ্ন হ’ল৷ গেঙণি, ভুকভুকনিৰে সমস্ত জিঘাংসা ঢালি তাল-ফাল লগাই থকা কুকুৰ তিনিটাই যেন ক্ৰোধৰ বহ্নিৰে ইটোৱে সিটোক পুৰি পেলাব! উখনা-উখনিত দুটা কুকুৰ ঠেলাখনৰ কাষলৈ উফৰি আহিল৷ সন্ত্ৰষ্ট হৈ আৰ্শাদে ঠেলাখন অলপ আঁতৰলৈ নিলে৷ বৰষুণ এৰিছে৷ হাল বাই দিয়া পথাৰৰ দৰে চিৰাল ফঁটা আকাশৰ ডাৱৰৰ সুৰুঙাৰে জুমি ওলোৱা জোনাকত ৰমেনে দেখিলে, ঠেলাখনৰ এটা চকা খহো খহো হৈ থকা মথাউৰিটোৰ বেছি কাষলৈ গৈছে৷
-“ঠেলাখন অলপ এই পিনে আন৷ পৰিব৷”
আৰ্শাদে ঠেলাখনলৈ চালে৷ ফিৰফিৰীয়া বতাহত কঁপি থকা বগা কাপোৰখনে তাক বিব্ৰত কৰি পেলালে৷ ঠেলাখনৰ বাৰত সাৱটি সি হুক হুকাই কান্দিব ধৰিলে৷ চলচলিয়া চকুৰে ৰমনে কিছু সময় চাই, ঠেলাখনৰ কাষলৈ গ’ল৷ লাহেকৈ ঠেলাখন তুলি অলপ আগুৱাই থলে৷ আৰ্শাদ পুনৰ মাটিত লেপেটা কাঢ়ি বহিল৷

এই ঠেলা খনেৰে সি ৰাতি দূপৰলৈ মাটি টানি জাম তলৰ পুখুৰীটো পুতিছিল৷ ৰাতি জাগি শ্বাহনাজে লালচাহ বনাই দিছিল৷

-“কুলাঙ্গাৰ, তই বংশৰ নাম দুবালেও তোক মই নিৰ্বংশ হ’ বুলি গালিও নাপাৰো, ত্যাজ্য পুত্ৰও নকৰোঁ৷ কিন্তু মনত ৰাখিবি যিদিনাই তই এই চৌহদত প্ৰৱেশ কৰিবি সেইদিনাই মোৰ মৰা মুখ দেখিবি৷ ”
নঙলামুখত থিয় হৈ আছিল সি৷ কাষত শ্বাহনাজ৷ গোহালিৰ খুটাটোত ধৰি চকুলো টুকি মাক৷
-“তোৰ এবাৰলৈও আমাৰ কথা মনলৈ নাহিল নে? মোৰেই দোষ৷ কেকোঁৰাৰ দৰে খুলি খুলি খাবলৈ তোক জন্ম দিছিলো৷ মাৰি নেপেলালো কিয়? মোৰ কথা বাৰু নাভাবিলি নাই৷ দেউতাৰৰ কথাটোতো এবাৰ ভাবিব লাগিছিল৷ ”
-“বাসন্তী, কাল নাগ জন্ম দিছিলো আমি৷ চল পায়েই খোঁট মাৰি দিছে অ’৷ কেতিয়াও কতো মূৰ তল কৰি পোৱা নাই৷ দহখন গাঁৱৰ মেলে মিটিঙে মই নহলে নহয়৷ অত বছৰে পাই পাই গোটোৱা মোৰ সমস্ত সম্পদ, মোৰ মান সন্মান, ই চুৱা চেলেকাই ধূলিত মিহলাই দিলে৷ সমাজত মই আৰু মূৰ তুলিব নোৱাৰিম৷”

শ্বাহনাজে তাৰ কান্ধত মূৰ পেলাই হুকহুকাই কান্দিছিল৷ মাকে কান্দিবলৈ এৰি দুখোজ আগুৱাই আহিছিল৷ দেউতাকে এবাৰ তালৈ, এবাৰ শ্বাহনাজলৈ চাই মাকৰ পিনে চাই টলকা মাৰিছিল৷ আশা এটা জাগিছিল৷ সি হাতেৰে শ্বাহনাজৰ মূৰটো কান্ধৰ পৰা উঠাই মাকৰ পিনে খোজ লৈছিল৷ দেউতাকে গৰজি উঠিছিল-“খবৰদাৰ৷ ”

বটৰ পাতৰ পৰা নিগৰা পানী এটোপাল তাৰ কপালত পৰিল৷ কাজিয়া সামৰি কুকুৰকেইটা ঠেলাখনৰ কাষে কাষে শুই আছে৷
-“কবৰ দিবলৈ নিছিলো৷ নিদিলে৷ ”
আৰ্শাদে কাৰোবাৰ লগত কথা পাতিছে৷
-“মৌলবীয়ে ক’লে, তাই হিন্দুৰ ছোৱালী৷ জানাজা কেনেকৈ হ’ব! ”
“হিন্দুৰ ছোৱালী! ” চৰম বিৰক্তিৰে ৰমেনে মনতে ভোৰ ভোৰালে৷

আৰ্শাদে ফ’ন কৰি কৈছিল, শ্বাহনাজক- “হিন্দুৰ ছোৱালী৷”
শ্বাহনাজে তাক কৈছিল-“হিন্দুৰ ছোৱালী৷”
সি শ্বাহনাজক সুধিছিল-“আৰ্শাদ হিন্দু নে মুছলিম?”
শ্বাহনাজে মিচিকিয়াই হাঁহিছিল৷ শ্বাহনাজৰ হাতত হয়তো উত্তৰ নাছিল৷ তাৰ হাততো নাছিল৷
“হাঁহিলা যে? কোৱা আকৌ৷”-সি ৰসিকতা কৰি কৈছিল৷
শ্বাহনাজে উত্তৰ দিছিল-“নাজনো সি হিন্দু নে মুছলিম৷ কিন্তু সি আমাৰ৷”

সেইপিনে এটা মছজিদ, এইপিনে মন্দিৰ৷ মাজত জামতলত সিহঁতৰ ঘৰ৷ জামতললৈ অহাৰ পিছত ৰমেন আৰু শ্বাহনাজ কেতিয়াও মন্দিৰ মছজিদলৈ যোৱা নাই৷ চোতালত তুলসীতলত শ্বাহনাজে চাকিগছিও দিয়ে৷ ঈশ্বৰ আল্লাইটো কেতিয়াও কোৱা নাই-“শ্বাহনাজ তই তুলসীতলত চাকি নিদিবি৷“
ঈদত সি মূৰ্গী কোৰবানী দিয়ে৷ চোতালতে৷ ঈশ্বৰ-আল্লাইতো কেতিয়াও মানা কৰা নাই-“ৰমেন, তই কোৰবানী নিদিবি৷ “

ভৰ দুপৰীয়াৰ ৰ’দত বৰষুণত গেলা পথৰুৱা বাটেৰে ঠেলা ঠেলি সিহঁত গৈ আছিল৷ আলতিয়া বোকাত চকা পোত গৈ ঠেলা ৰৈ গৈছিল৷ নাক কোঁচাই মানুহবোৰ পাৰ হৈ গৈছিল৷ আগনিশাৰ নিদ্ৰাহীন ভাগৰুৱা দেহেৰে অৱশ অলস হৈ দুয়ো বোকাত লেপেটা কাঢ়ি বহিছিল৷ অলপ তলকা মাৰি শক্তি গোটাই লৈ শটো লৈ ঠেলা ঠেলি ঠেলি সিহঁত শ্মশান পাইছিল৷ নাক কোঁচাই পাৰ হৈ অহা মানুহবোৰ শ্মশানৰ গেটত জুম বান্ধি আছিল৷
-“শ্মশানলৈ আনিছ কিয়? ”
-“তাই হিন্দুৰ ছোৱালী৷ শ্মশানলৈ নানি কলৈ নিম? ”
-“আৰ্শাদ, তই মুছলমান৷ তাই হিন্দু আছিল যদিও, মুছলমানলৈ যোৱাৰ পিছত হিন্দু হৈ নাথাকে? ”
-“মৰি ভূত হোৱা ছোৱালীজনীৰ হিন্দু-মুছলিম লৈ লাগি আছ যে, আমি মৃতকৰ সৎকাৰ কৰো কেনকৈ?
ৰমেনৰ কথাত বানেশ্বৰ দাইতিয়ে খেক খেকাই হাঁহি কলে-“সৎকাৰ! হেৰৌ সৎকাৰ কৰিবলৈ তই হিন্দু হৈ আছ জানো? বাপেৰে জানো তোক এনেয়ে জামতললৈ খেদিলে? জানাজা নে কি সেইটো কৰ৷ যা৷ ইয়াৰ পৰা যা৷ বিধৰ্মী মানুহক শৱ দাহ কৰিব দি আমি শ্মশানখন অপৱিত্ৰ কৰিব দিব নোৱাৰো৷”

“এতিয়া কি কৰিবা? ”-শ্বাহনাজে সুধিছিল৷
-“মইনো কি কৰিম? মা-দেউতাৰ মুখ দেখাই নাই৷ নামত মামাৰ ঘৰত ডাঙৰ হৈছো যদিও, ঘৰলৈ তেনেকৈ যোৱাই নহয়৷ মামীৰ কথাৰ পৰা গম পাইছো, আৰু পঢ়া নহ’ব৷ কিন্তু মই আৰু ঘৰলৈ নাযাও৷ ”
-“কিয়? ”
-“তুমি নুবুজিবা৷ আমি ছোৱালীবোৰৰ বহুত সমস্যা থাকে৷ তাতে ঘাট মাউৰা……৷”
তাই হুকহুকাই কান্দিবলৈ ধৰিলে৷ তাৰ সোধা নহ’ল কেতিয়াও, ছোৱালীবোৰৰ কি সমস্যা থাকে৷ সি জানিছিল বাপেকে নামানিব, মাকে দুখ পাব৷ কণ্ট্ৰেকছুৱেল চাকৰিটোতো খেলি-মেলি লাগি আছে৷ তথাপি এটা অনিশ্চিত ভৱিষ্যত বুকুত বান্ধিয়েই দুয়ো সিদ্ধান্তটো লৈছিল৷ সেই সিদ্ধান্তৰ ফলশ্ৰুতিতেই সি জামতল পাইছিল৷

সিদ্ধান্ত আৰ্শাদেও লৈছিল৷ ঈপ্সিতাক অনাৰ সিদ্ধান্ত৷ শ্বাহনাজেও সিদ্ধান্ত লৈছিল৷ আৰ্শাদ নামটো শ্বাহনাজে সি পেটত থাকোতে লোৱা৷ সি কৈছিল অলিন্দ ৰখা হওক৷ তাই নামানে৷ আৰ্শাদেই ৰাখিব৷ সি কৈছিল, তাই মুছলিম কাৰণে ল’ৰাৰ মুছলিম নাম ৰাখিব ওলাইছে৷ তাই কৈছিল-“হিন্দু-মুছলিমৰ কথা নহয়৷ মই তাৰ মাক৷ তাৰ ওপৰত মোৰ প্ৰথম অধিকাৰ৷“
সি তৰ্ক কৰা নাছিল৷ দেউতাকে তাক খেদি দিয়াৰ দিনাও মাকে দুখোজ আগুৱাইছিল৷ কিন্তু মাকে তাৰ ওপৰত নিজৰ অধিকাৰ জাহিৰ কৰিব পৰা নাছিল৷ সকলোৰে মনবোৰ মাকবোৰৰ দৰে হোৱাহেতেন!
আৰ্শাদে ঈপ্সিতাক লৈ ঘৰলৈ আহিছিল৷ সি শ্বাহনাজক লৈ চুচুক-চামাককৈ পদূলিমুখত অপৰাধীৰ দৰে ৰৈ থকাৰ দৰে আৰ্শাদ ৰৈ থাকিব ল’গা হোৱা নাছিল৷ লাজ লাজকৈ ঈপ্সিতাই তাৰ ভৰি চুবলৈ আহোতে তাৰ হাঁহি উঠি গৈছিল৷ শ্বাহনাজে তাক গালি পাৰি দিছিল-“ন-বোৱাৰীজনী ঘৰলৈ আহিছে৷ শহুৰেকটো হৈ কি নিলাজৰ দৰে হাঁহিব ধৰিছা?”
-“মই হিন্দু, বোৱাৰীও হিন্দু৷ তুমি মুছলিম, আৰ্শাদ আচলতে আধা আধা হ’ব লাগে যদিও, তুমি নামটো মুছলিম দি তোমাৰ ফলিয়া কৰি লৈছা৷ ঠিক আছে, তাক মুছলমানতে থলো, গতিকে তাক তোমাকে দিলো৷ ইমানদিনে মই সংখ্যালঘু হৈ আছিলো৷ এতিয়া বোৱাৰী আহি হিচাব বৰাবৰ কৰি দিলে৷ ”
-“কি সোপানো বলকিব ধৰিছা? ন-ছোৱালীয়েনো কি ভাবিব? ব’লা ঈপ্সিতা আমি ভিৰতলৈ যাওঁ ব’লা৷” মুখত লাজুকী হাঁহি এটা লৈ শ্বাহনাজৰ পিছে পিছে ঈপ্সিতা ঘৰলৈ সোমাই গৈছিল৷
দুদিন ঘৰত থাকি আৰ্শাদ গ’লগৈ৷ কোম্পানীৰ চাকৰি৷ তাতে নতুনকৈ সোমাইছে৷ শণিবাৰে আহিবই৷
-“ঈপ্সি মই যাওঁ৷ ”
ঈপ্সিতাই দৰ্জাখনৰ ফাঁকেৰে মূৰটো উলিয়াই দিলে৷
-“মাৰ ফ’ন আহিছিল নে?”
-“নাই৷ ৰাতিলৈ মই কৰিম৷”
সকলো কথাতো আৰু সকলোৰে সন্মতিত নহয়৷ হৈ যায় বহুত কিবা কিবি৷ সন্মতি বনাব লগাব লগা হয়৷ কিছুমান সন্মত হৈ যায়৷ আৰু কিছুমান অসন্মতেই হৈ ৰয়৷ জীৱনভৰ৷ তাৰ দেউতাকৰ দৰে৷ হয়তো এনেকৈ গুছি অহাৰ বাবে ঈপ্সিতাৰ মাক অসন্তুষ্ট হৈছে৷ ৰাতি ঈপ্সিতাই কথা পাতিব৷ মাকহে৷ সকলো ঠিক হৈ যাব৷ আৰ্শাদ ওলাই যোৱাৰ পিনে চাই ৰমেনে এটা দীঘল হুমূনিয়াহ এৰিলে৷ ওপৰৰ পিনে চাই প্ৰাৰ্থনা এটা কৰো বুলিও খোকোজা লাগি ৰৈ গ’ল৷ প্ৰাৰ্থনাটো সি ঈশ্বৰক কৰিব নে আল্লাক?

ৰাতি দ্বিতীয়বাৰ বাহিৰলৈ উঠোতে সি দেখিছিল, ঈস্পিতাৰ ৰূমত লাইট জ্বলা আছে৷ তাৰ গা চেবালে৷ এই ৰাতি গৈ বোৱাৰীয়েকক মতাটো জানো ঠিক হ’ব? সৰু ছোৱালী টোপনিতে লাইট অফ কৰিব পাহৰিলে চাগে৷ নতুবা মাকৰ লগত ফ’নত কথাও পাতি থাকিব পাৰে৷ ৰাতিপুৱাই আৰ্শাদক কওঁতে শুনা নাছিল জানো? প্ৰথমবাৰ বাহিলৈ উঠোতে ইপ্সিতাই ফ’নত কথা পাতি থকা শুনিছিল৷ ঈপ্সিতাই কোৱা শুনিছিল-“তোমালোকে এনেকুৱা কৰিলে, মই কি লৈ জীয়াই থাকিম? “ ঈপ্সিতাই ফেঁকুৰি উঠা যেন লাগিছিল৷ ঘৰৰ অমতত ওলাই আহিছে৷ মান-অভিমান, ঠেঁহ-ভেমৰ কথা আছে৷ তাতে মাক-জীয়েকৰ কথাৰ কিবা শেষ আছে জানো? বিশেষ নাভাবি সি আহি শুই আছিল৷
ৰাতিপুৱাই উঠিয়েই সি শ্বাহনাজক শুধিছিল-“এই উঠা নাই? ”
-“কিনো ৰাতিপুৱাই পুৱাই কোন উঠিল, কোন নুঠিল, হিচাব কৰাত লাগিলা৷ আজি-কালিনো কোন কাহিলিপুৱাতে উঠে৷ ৰাতি দুপৰলৈ ফেচবুক, ৱাটছআপ মাৰি পুৱতি নিশা শোৱেহে৷“
-“এৰা মই বাহিৰলৈ ওলাওতে তাইৰ ৰূমত লাইট জ্বলিয়েই আছিল৷ শুৱক দিয়া৷”
তাই নুঠিলেই৷ আঠ বজালৈ একো সাৰ-সুৰ নোপোৱাত তাই দৰ্জাত ঢকিয়াই মাতিছিল৷ সি গাৰ সমস্ত জোৰ প্ৰয়াগ কৰি বাউসীৰে দিয়া প্ৰচণ্ড খুন্দাত খিলি উভালি দৰ্জাখন খুলি গৈছিল৷ সি ছিটিকি গৈ মজিয়াত বাগৰি থকা চকীখনত হামখুৰি খাই পৰিছিল৷ চকুৰ সম্মুখত ওলমি থকা ভৰি দুখন দেখি অসহ্য যন্ত্ৰণাত চকুদুটা মেলি দিছিল৷ চকুমেলি দেখিছিল দৰ্জাৰ ফ্ৰেম খামুচি ভয়াৰ্ত চাৱনিৰে মুখ মেলি শ্বাহনাজে একেথৰে ওপৰলৈ চাই আছে৷

আবেলি তিনিমান বজাত মৰ্গভানখন আহি পাইছিল৷ আৰ্শাদ বাহিৰে বাহিৰে হস্পিতাললৈ গৈছিল৷ ৰাষ্টাত মানুহ জুম বান্ধিছিল৷ কিন্তু চোতাললৈ কোনো সোমায় অহা নাছিল৷ ইমান বছৰে দুখন গাঁৱৰ পৰা সমদূৰত অৱস্থান কৰিও কাৰো সংস্পৰ্শত নথকা ৰমেনে সেই মুহূৰ্তত বৰ অসহায় অনুভৱ কৰিছিল৷ ‌ সময় বৰ অলস ভাবে আগবাঢ়িছিল৷ চোতালৰ তুলসীৰ কাষত ধাৰিত ঈপ্সিতা নীৰৱে শুই আছিল৷ ঈপ্সিতাৰ কাষত মাটিত নীৰৱে বহি আছিল আৰ্শাদ৷ বাৰাণ্ডাত চকীখনত নীৰৱে বহি আছিল শ্বাহনাজ৷ আৰু সি, সি কি কৰিছিল?
বহুত চেষ্টা কৰিও মনত পেলাব নোৱাৰিলে, কি কৰিছিল সি? তাৰ কেৱল মনত পৰিছে, আবেলিৰ বেলাটো সি আৰ্শাদক লগত লৈ ঈপ্সিতাৰ শৱটো ঠেলি ফুৰিছে৷ এবাৰ শ্মশানলৈ, এবাৰ কবৰলৈ৷ বিমুখ হৈ নৈপৰীয়া চ’কত বটৰ তলৰ চাঙত ক্ষন্তেক জিৰাইছে৷ সি ভাবিলে-“এফালে মছজিদ, এফালে মন্দিৰ৷ মাজত এটা মৃতদেহ, সৎকাৰৰ প্ৰতীক্ষাত৷ কবৰ আৰু শ্মাশনলৈ বহুদূৰ বাট৷ মাজত ধৰ্মৰ হেঙাৰ৷ শ্মশান বা কবৰ আচলতে মানুহৰ বাবে সজোৱা হোৱাই নাই৷ হিন্দু-মুছলমানৰ বাবেহে৷ “
হুমুনিয়াহ এটা কাঢ়ি সি আৰ্শাদক মাতিলে৷
“আৰ্শাদ৷ ”
……………
……………
“আৰ্শাদ৷ ”-সি প্ৰায় চিঞৰি দিলে৷
উচপ খাই উঠি, লৰা লৰিকৈ আৰ্শাদ তাৰ কাষ পালেহি৷ শুই থকা কুকুৰকেইটাও এঙামুৰি দি উঠি ঠেলাখনৰ চাৰিওপিনে পায়চাৰি কৰি থাকিল৷ বৰষুণজাক আকৌ শাম কাটিছে৷ জোৰেৰে বলা বতাহে ফলা ডাৱৰৰ ফাঁকে ফাঁকে জোনাকে ভূমুকিয়াইছে৷
-“আৰ্শাদ৷ ”
-“হুম্৷ ”
-“তই হিন্দু নে মুছলিম? ”
-“দেউতা কি হৈছে তোমাৰ? ”
-“তই, হিন্দুউউউ নে মুছলিমমম? ”
……………………….
“ তইইইইই হিন্দুউউউউউ নে মুছলিমমমমম? ”-ৰমেনে চিঞৰি উঠিল৷
দেউতাকৰ আচৰণত বিব্ৰত হৈ আৰ্শাদে কলে-“নাজানো৷ ”
-“বেছ, জানিবৰ দৰ্কাৰো নাই৷ মই হিন্দু তোৰ মাৰ মুছলিম৷ তই আচলতে কি? তই হিন্দুও নহয়, মুছলমানো নহয়, তই মানুহ৷”
-“দেউতা কি হৈছে তোমাৰ৷ অলপ ধৈৰ্য্য ধৰাচোন৷ কিবা এটা কৰিব লাগিব৷”
-“কি কৰিবি? হা, কি কৰিবি তই৷ হিন্দু-মুছলিমৰ মাজত তই অকলশৰীয়া মানুহ৷ আচল সংখ্যালঘু তই৷”
………………….
“দিনৰ দিনটো ঠেলা এখন লৈ বাপেক পুতেক এহালে দুৰ্ভগীয়া ছোৱালীৰ মৃতদেহ এটা কঢ়িয়াই ফুৰিছো৷ হুম, শ্মশানত তাইৰ ঠাই নাই৷ তাই বোলে মুছলমানৰ ল’ৰা এটালৈ আহিছিল৷ কবৰেও তাইক খেদি পঠিয়ালে, তাই বোলে মুছলমান নহয়৷ ঠিকেই তায়ো হিন্দুও নহয়, নহয় মুছলমানো৷ তাই মানুহ হ’ব বিচাৰিছিল৷ মানুহ হোৱাৰ বাটত পোৱা যাতনা সহ্য কৰিব নোৱাৰি বেচেৰী……..”- ৰমেনৰ মাত থোকাথুকি হ’ল৷
-“দেউতা এইবোৰ কৈ থাকি কি লাভ? নৈৰ পাৰতে গাত এটা খান্দি পুতি থওঁ নেকি? ”
-“খবৰদাৰ, তাই মানুহ৷ হিন্দু বা মুছলমান নহয় যে তাই দেহটো জ্বলাই দিম বা পুতি থম৷ মৃত্যুৰ পিছত মানুহৰ দেহক যন্ত্ৰণা দিয়াৰ অধিকাৰ কাৰোৱে নাই৷ ”
ৰমেন থিয় হ’ল৷ ঠেলাখনৰ কাষলৈ গ’ল৷ ঠেলাখন পিছুৱাই আনি নৈৰ মূৱা কৰি আগুৱাই নিলে৷ নৈৰ গঢ়ালৈ লৈ গৈ ঠেলাৰ পৰা হাতৰ মুঠি এৰি দিলে৷
-“যা শ্মশান বা কবৰত চাটি-ফুটি কৰি থকাতকৈ মুক্ত বিহংগ হৈ সাগৰলৈ ভাঁহি যা৷ “
নৈখনেৰে ঢৌ খেলি ভাঁহি যোৱা বগা চাদৰখন জোনাকত তিৰবিৰাই থাকিল৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments