এখন সঁচা চিঠি (কুশল হালৈ)

এখন সঁচা চিঠি

কুশল হালৈ

(এখন সঁচা চিঠি। পত্রলেখকে বিয়াৰ আগদিনা প্রেমিকালৈ লিখা চিঠি। প্রেমিকা জোৰণ আৰু বিয়াৰ দিনা উপস্থিত আছিল। প্রেমিকাই বিয়াথলী ত্যাগ কৰাৰ সময়ত উক্ত চিঠিখন প্রেমিকাৰ হাতত গুজি দিছিল। সেইদিন ধৰি আজি পর্যন্ত দুয়োৰে দেখাদেখি হোৱা নাই)

মৰমৰ অকমাণি,
জোৰণ অনুষ্ঠানটো সুকলমে পাৰ হৈ গ’ল। জোৰণত তুমি উপস্থিত হৈ মোক আচৰিত কৰি তুলিছিলা। নাজানো তুমি কিয় আহিছিলা, হয়তো মোৰ মনৰ বেদনাখিনিক উপভোগ কৰিবলৈ আহিছিলা। নিশা আঠমান বজাত কইনা ঘৰৰ পৰা দৰা বৰিবলৈ আহিছিল। কইনা ঘৰৰ মানুহ খিনি আৰু মোৰ বন্ধুবর্গ, আলহী-অতিথি যোৱালৈ প্রায় এঘাৰটা বাজিছিল। কোঠাটোত সোমাই বিছনাত বাগৰ দিলোঁ যদিও চকু মুদিবলৈ অৱকাশেই নাপালোঁ। ভাবি থাকিলোঁ তোমাৰ কথা, ভাবি থাকিলোঁ দাম্পত্য জীৱনৰ কথা, ভাবি থাকিলোঁ কি কৰিবলৈ গৈ আছোঁ। দুটা প্রাণীৰ জীৱন ধ্বংস কৰিবলৈ আগবাঢ়িছো নেকি? ইত্যাদি ইত্যাদি।
মই আজিও ভাবিব পৰা নাই যে অহাকালি মোৰ নিমিষাৰ স’তে বিয়া। বাৰে বাৰে তোমাৰ কথাকেই ভাবিছোঁ। কিয় ভাবিছোঁ তাকো মই নাজানো, যি ভাৱৰ কোনো অর্থ নাই, যি ভাৱৰ কোনো যুক্তি নাই সেই ভাৱে মোক বাৰে বাৰে আমনি কৰিছেহি। জীৱনত যেন কিবা এটা ডাঙৰ বস্তু হেৰুৱাইছোঁ এনে লাগিছে মোৰ এই মুহুর্তত। অথচ সেই বস্তুটো মোৰ নিচেই ওচৰতে আছিল। মোৰ অভিমানৰ বাবে নে মোক Unworthy human being বুলি তুমি মোৰ পৰা আঁতৰি গ’লা, সেই কথা মোৰ বাবে এটা ডাঙৰ সাঁথৰ! মই বাৰু তোমাৰ ওচৰত সঁচাকৈয়ে অভিমান কৰিছিলোঁ নে? মোক জানো তুমি সঁচাকৈয়ে Vulgar person বুলি ভাবিছিলা, অকমাণি?
মই যেন মাটিৰ পুতলা। মাটিৰ পুতলাৰ যেনেদৰে কোনো আবেগ, অনুভূতি নাই আজি মোৰো তেনেকুৱা লাগিছে। মোৰ বিয়া বুলি সকলোৰে মন প্রফুল্ল, কিন্তু মই দেখোন নিজেই অপ্রফুল্ল। অপ্রফুল্ল মনেৰেই হয়তো কাইলৈ নিমিষাৰ ডিঙিত বিবাহৰ বৰমালা পিন্ধাই দিম। তুমি খুব আনন্দ পাবা নহয়!
মোৰ উপহাৰটো তুমি আজিও নানিলা, মানুহক swindle কৰিব নাপায়। কথা দিলে কথা ৰখাটো ভাল মানুহৰ লক্ষণ বুলি কয়। তোমাৰ বিষয়ে মই যি লিখিছিলোঁ সমস্তখিনি তোমাক গটাই দিছিলোঁ। কিন্তু তুমি মোক ঠগাই থাকিলা বিয়াৰ আগমুহুর্তলৈকে। এনেদৰে কিমান ঠগিবা। এদিনাখন দেখিবা তোমাৰ লগত আনক ঠগিবলৈ একোৱেই নাথাকিব।
তোমাৰ মনৰ কথা মোক আজিলৈকে এবাৰো নজনালা, অথচ তোমাৰ মামাৰ ছোৱালী নুপুৰে তোমাক বাৰে বাৰে সোঁৱৰাই দিছিল। মোৰ মনৰ শান্তিৰ বাবেই তোমাৰ পৰা সেই বাক্যফাঁকি শুনিব বিচাৰিছিলোঁ। কাইলৈ আশা ৰাখিছোঁ। কিন্তু সেয়াও হয়তো এক অলীক কল্পনা, মোৰ দৰে এজন অমানুহৰ বাবে, মোৰ দৰে পুৰুষ সুলভ গুণহীন মানুহৰ বাবে।
নিশাৰ জোনাকখিনি আঁতৰিল এতিয়া, চৰাই চিৰিকটিয়ে মাতিলে। চকুৰ পতাদুখন এবাৰো জপাব নোৱাৰিলোঁ, জপালেই তোমাৰ ধুনীয়া অজলা শান্ত মুখখন ওপঙি উঠে মোৰ চকুৰ সন্মুখত। আৰু কিছুপৰ পিছতেই হয়তো এটি নবীন সূর্যই মোৰ বিবাহৰ ৰভাথলী আলোকিত কৰি তুলিব। চাঁওচোন বিয়াৰ ব্যস্ততাই তোমাৰ কথা কিমানখিনি পাহৰাই ৰাখিব পাৰে।
মিনিষা নামৰ সেই মাটিৰ চপৰাটিক তোমাৰ দৰে সজাই পৰাই তুলিবলৈ কিমান সময়ৰ প্রয়োজন হয় তাক এতিয়াই নির্দ্ধাৰণ কৰিব নোৱাৰি। তাইক প্রথমে পানীত তিয়াব লাগিব, তাৰ পিছত পিটিব লাগিব, তাৰ পিছত সাঁচত বহুৱাব লাগিব, তাৰ পিছতহে ৰং সানিব পাৰিম। অন্তত সেইখিনি সময়লৈ তুমি মোক সহায় সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিলোঁ।
তুমি অন্তত কাইলৈ মোক বিমুখ নকৰিবা, চকুলৈ চাই ক’ব নোৱাৰিলেও ভৰিলৈ চাই হ’লেও এবাৰ মাথোঁ ক’বা,- “মৃন্ময়দা মই আপোনাক ঘিণ কৰিছিলোঁ, বহুত ঘিন কৰিছিলোঁ, এতিয়াও ঘিণ কৰোঁ আৰু ভৱিষ্যতেও হয়তো ঘিণ কৰি থাকিম”।
 
ইতি,
মৰমেৰে-
কুশল হালৈ

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments