এখন সমাজৰ সন্ধানত

লেখিকা : বৰ্নালী দেউৰী বৰা

শ্বহীদ

” যাৰ তেজত তিৰবিৰাইছিল তৰালি, বুকুত, গুন্গুনাইছিল মৌমাখি,সি নিজানে নিতালে শুই আছে |

শিতানত তাৰ তেজে ধোৱা মাটি”– হীৰেণ ভট্টাচাৰ্য

সকলো শ্বহীদ ওলাই যায় দুচকুত অযুত সপোন লৈ, বুকুত স্বাধীনতাৰ স্ব্প্নলৈ, উদ্দেশ্য পূৰণৰ আশা বান্ধি, কেতিয়াবা শেয বিদায় লৈ, নাইবা, সকলোৰে অলক্ষিতে..অজ্ঞাতে..

জীৱ্ন বা মৄত্যুক নিচেই ওচৰৰ পৰা চোৱাৰ সুযোগ (দুৰ্ভাগ্য!) ঘটিছে |মৄত্যু অৱশ্যম্ভাৱী|মৄত্যুৱে নমাই অনা অপূৰণীয় ক্ষতিক সম্ভৱ্নাৰে ভৰাই তোলে নৱ্জাতকে |তথাপিতো , সকলো মৄত্যুৱেই হৄদ্য় বিদাৰক !

সিদিনা এটা পুৱাৰ নিৰ্জনতা ভাঙি ব্যস্ততাৰ কলৰব আৰম্ভ হোৱাই নাছিল| আলফাই আহ্ববান কৰা অসম বন্ধ, আৰু সমাগত নিৰ্বাচনৰ বাবেও হ্য়তো বহিঃ বিভাগতো ৰোগীৰ উপস্তিতি আছিল তেনেই সেৰেঙা|হ্ঠাতে এটা মৄদু কোলহল শুনিলো, মজিয়াত যেন কাৰোবাৰ দৌৰাৰ পদধ্ব্নি|পাৰ্থ দৌৰি আহিল বা, কৰবাত গুলিয়া গুলি হৈছে|ৰুমৰ পৰা ওলায়ে দেখিলো সকলো উদ্ধশ্বাসে দৌৰিছে জৰুৰী কা্লী্ণ বিভাগৰ ফালে|আঘাট্প্ৰাপ্ত সকলক নমোৱা হৈছে ট্ৰাকৰ পৰা ষ্ট্ৰেচাৰলৈ|আপাতকালীণ  বিভাগতো দেখিলো মানুহেৰে পূৰ্ণ, কোনেও কাৰোলৈ চোৱাৰ অৱ্কাশ নাই|লৰালৰিকৈ গ্লোভ্স যোৰ পিন্ধি, ওচৰতে থকা লঘু অষ্ট্ৰোপচাৰ ক্ক্ষলৈ গলো, কাষতে থকা ৰোগীজনৰ পালচ  ফিল.  কৰিছিলোহে, গাটো জিকাৰ খাই উঠিল, বৰফ চেঁচা দেহা, ফুটুকীয়া চোলাটো তিতি আছিল তেজেৰে|সদায় লোকচ্ক্ষুৰ আৰঁত থ্কা দীঘ্ল চুলিটাৰী, পাগুৰী বিহীন হৈ মূৰৰ  চাৰিওকাষে অবিন্যস্ত হৈ পৰি মুখ্মন্ডল ঢাকি ধৰিছে|গোট মৰা তেজবোৰ সিচৰিত হৈ পৰিছে দীঘ্ল ডাড়ি কোছাত| শান্ত চকুজুৰি তেতিয়াও মেল খায়েই আছে, যেন এটা সুন্দৰ সপোনহে দেখিছে, এই মাত্ৰ উঠি বহিব|

মনোৰমাই মূৰ তুলি চালে…, না. মই.. মুৰ জোকাৰিলো..নাই.. এতিয়া আৰু পৄথিৱীৰ কোনো চিকি‍সাই তেওঁক ঘূৰাই আনিব নোৱাৰে |

ৰঞ্জনদাহঁত ব্যস্ত আছিল ওচৰৰ বিচনাখনত, কোনোবাই চিঞৰিলে..চাকচন, অস্কিজেন, ইমাৰ্জেনছি ত্ৰে, বৰ্ণালী—পাচ দা ইনতুবেচন টিউব, হৄষ্ট-পুষ্ট মানুহ জনৰ ইনতুবেচন ইমান সহ্জ নাছিল|

মই পৰমীক ইনটিউবেচনত সহায় কৰাত লাগিলো|বিচনাখ্ন তললৈ নমাই দি কাৰ্ডিও-পালমোনেৰি ৰিচাচিতেচন আৰম্ভ কৰা হল|  সমীৰে মজিয়াত আঠুকাঢ়ি কাৰ্ডিয়াক মেসেজ দিয়াত লাগিল..৫:১, ৫:১, ৫:১, .সমান্তৰাল ভাৱে  আম্বু বেগৰ সহায়্ত টিউবেৰে  অস্কিজেন আৰু  দ্ৰুত গতিত দ্ৰীপ গৈ থাকিল,

প্ৰ্তিটো ৰিচাচিতেচনৰ লগে লগে ওলাই আহিছিল হোলোকা হোলোকে তেজ, তথাপি কোনেও চেষ্টা এৰা নাছিল, কিছু সময়ৰ পিছ্ত সমীৰে চিঞৰিছিল, কেৰটিদ পালচ চোৱা, অলপ আগলৈকে ধ্প-ধ্পাই থ্কা হৄদপিন্দ্ টো আমাৰ সকলো প্ৰচেষ্টা বিফল কৰি এক অজান ঠাইলৈ উৰা মাৰিছিল|হ্তাশ ভাস্কৰে ইঙ্গিত দিছিল ৰিচাচিতেচন শেষ কৰাৰ|সকলো জৰুৰীকালিন সা-সৰঞ্জাম গুচাই দিয়া হওক|

বিচনাখ্ন ধুই নিছিল তেজে|কান্ধৰ ওপৰেৰে নামি অহা ক্ষয়ী ৰঙী দুডাল ফিটাৰে বুকুত বান্ধি থোৱা বেগটো হালি পৰিছিল|কঁকালত তেতিয়াও ওলমি আছিল সযতনে সুমুৱাই থোৱা পিস্তলটো|প্ৰ্শিক্ষণৰ সময়্ত শিকোৱা আত্মৰক্ষাৰ কৌশলবোৰে তেঁওক সুৰক্ষা দিব পৰা নাছিল বা সেইবোৰ প্ৰযোগৰ অবকাশেই হয়তো নাছিল|

হ’ব পাৰে , সকলো সম্ভৱ|

তেঁওৰ বাবেও পৄথিৱীৰ কোনো এক কোণত ৰৈ আছিলনে কোনোবা মাতৄ, ভগ্নী অথবা পত্নী? যিয়ে তেঁওৰ দীৰ্ঘ জীৱ্ন কামনা কৰি প্ৰতিদিনে জ্বলাইছিল এগছি চাকি ভগৱানৰ ওচৰত|যাৰ পদুলিত, পুনৰ জ্বলিব চাকিগছি, তুলসীৰ তলত তেঁওৰ নশ্বৰ দেহটিৰ সমুখ্ত|মাতৄয়ে হিয়া উজাৰি অভিসম্পাত দিব ইশ্বৰক…ওস..মোকো কিয় মাৰি নিনিলা প্ৰ্ভু….?!

আৰু বা কোন কোন আছে…!

অবজাৰভেচন ৰুমৰ ভিৰ থেলি সোমাই গলো, চিনাকি ব্যস্ততা|কৰঙনত গুলি সোমোৱা ব্যক্তি জনক প্ৰাথমিক চিকিত্সা দিয়াত লাগি আছিল বিজয়হঁত|এক্স-ৰে কৰিলেহে গম পোৱা যাব, গুলি ওলাই গ’ল নে আছে|ৰেডিঅলজি টেকনিচিয়ান দিপক থিয় দি আছিল কাষতে, হাতত এখ্ন এক্স-ৰে প্লেট আৰু মুখ্ত এটা অসহায় চাৱনি লৈ|

মুখ ঘূৰাই নিলো, হে প্ৰ্ভু মোক যেন আৰু শক্তি দিয়া, এই সকলোবোৰ সহ্য কৰিবলৈ, স্থিৰ হৈ ৰবলৈ….!

বাওঁকাষৰ ৰোগীজনৰ আঘাট গুৰুতৰ, যদিও জীৱনৰ শংকা নাই|

গ্লোভচ সলোৱাৰ সময়তো ৰঞ্জনদাই কৈ থাকিল উফ..মোৰ হাততে গ’ল, একোৱেই কৰিব নোৱাৰিলো….একোৱেই কৰিব নোৱাৰিলো..!

ৰোগী এজনক জীয়াই তুলিব নোৱাৰাতকৈ ডাঙৰ বেদনা হ্য়তো চিকিত্সকৰ

বাবে আন একোৱেই নহ’ব|পায়ো হেৰুৱাৰ বুকু চেপি ধৰা, গধুৰ ব্যৰ্থতা এটাই ৰুমটোক জোকাৰি থাকিল|এটা বোবা বিষাদে ভিৰ কৰিছিলহি সকলোৰে কৰুণ মুখবোৰত|অপ্ৰ্কাশৰ যন্ত্ৰনাই মুক হৈ ওলমি ৰৈছিল ৰুদ্ধ কন্ঠস্বৰ বোৰত..|

চিষ্টাৰ ৰেলিনে আঙুলিয়াই দিলে সকলোৰে এপ্ৰ্ণত তেজৰ চেকা|দাগলগা

এপ্ৰ্ণ বোৰ সলাবলৈ হ্য়তো আৰু অলপ সময় অপেক্ষা কৰিব লাগিব,  হ্তাহ্তৰ সংখা বৄদ্ধিও পাব পাৰে|

টেবুলখনৰ ওচৰতে থকা কেন্দ্ৰীয় অৰ্দ্ধ-সামৰিক বাহিনীৰ জোৱান জনে কৰ্তব্যৰত নাৰ্চ গৰাকীক সুধি মৄতক সকলৰ নাম-লিখি গৈছিল হাতৰ তলুৱাত—-বাবু ৰাম, ছোটে বাবু, দেবেন্দৰ চাহ- =-দেবেন্দৰ চাহ–!!, “নাঃ ..নাঃ ….  দেবেন্দৰ ..ভি…..!তেঁও আৰ্তনাদ কৰি উঠিছিল ….,মুখ্খ্ন বিকৄত হৈ পৰিছিল, লিখিব খোজা কলমটো আদবাটতে ৰৈ গৈছিল, হ্য়তো তেঁওৰ খুউব আপোন বন্ধু আছিল……

সকলোৰে ব্যস্ততা, তাৰ মাজতে সংবাদদাতাকিজনৰো| তেঁওলোকৰ কান্ধতো গধুৰ দ্বায়িত্ব সংবাদ বিলোৱাৰ|আন সকলোৰে বাবে ই এটা খবৰ হৈ ৰ’ব|নিৰ্বাচনৰ ব্তৰৰ গৰম খবৰ|

কৰিদ’ৰত শুৱাই থোৱা আছিল আন এটা মৄতদেহ|

যাৰ চিতাৰ জুইৰ লগতে হয়তো ছাই হৈ উৰি যাব তেঁওৰ অযুত সপোন|

ওলাই আহোঁতেই সোনকালে ঘূৰি যোৱাৰ প্ৰতিশ্ৰুতি দি অহা সুস্থ সবলডেকা ল’ৰাটি প্ৰত্যাৰ্বতন কৰিব এটা শুধ ব্গা সাজেৰে, কোনোদিনেই উলটি নহাৰ সংকল্পলৈ |তেওঁৰ আ্ত্মীয়-স্ব্জনক চিকিত্সালয়ৰ তৰফৰ পৰা দিয়া হ’ব মৃতুৰ এখ্ন প্ৰ্মাণ প্ৰ্ত্ৰ – য’ত লিখা ৰ’ব –চিকিত্সালয়লৈ মৄত অৱস্থাত অনা হৈছিল|

প্ৰ্সাশন, পুলিচ বিভাগ, অৰ্ধ সামৰিক বিভাগ সকলো উবুৰি খাই পৰিছিলহি নিজ নিজ কৰ্তব্যৰ খাতিৰত | কুশল কোঁৱৰ চিকিত্সালয়ৰ পৰাও ঘনে  ঘনে ফ’ন আহি আছিল, নিয়ম নীতি সমাধা কৰি মৄতদেহবোৰ চৰকাৰী চিকিত্সালয় পায়গৈ মানে নিশাই হ’বগৈ|কৰ্তব্যৰত চিকিত্সকজনো মানসিক ভাবে প্ৰ্স্তুত হৈছিল ছাগৈ ফ্লাড লাইটৰ তলত মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে|

ভাৰত আৰু শ্ৰীলংঙ্কাৰ উত্তেজনাপূৰ্ণ ক্ৰিকেটৰ ফাইনেল খেলখ্নৰ প্ৰাক-মূহূৰ্ত্ত্ত শচীন আৰু সেৱাগৰ হাঁহিভৰা মূখৰ তলতে এটা সৰু টুকুৰা খবৰ প্ৰকাশহৈ  থাকিল|ৰাংচালিত উগ্ৰপন্থীৰে সংৰ্ঘষত  কেন্দ্ৰীয় সংৰক্ষিত পুলিচ বাহিনীৰ   তিনিজন জোৱান নিহত আন কেইবাজনো আহ্ত |আমাৰ নিচেই কাষতে থ্কা ৰাংচালীত, যোৱা বাটেদিয়েই নিৰ্বাচনী বুথৰ পৰা উভতি অহা  তিনিখ্ন ট্ৰাকলৈ সশস্ত্ৰ উগ্ৰপন্থীৰ গুলীবৰ্ষণ|পাহাৰৰ ওপৰৰ পৰা গুলী কৰাৰ   বাবেই হ্য়তো প্ৰতি আক্ৰমণৰ সুযোগ নাছিল|

মহেন্দ্ৰ সিং ধোনী বাহিনী যেতিয়া মহাৰণৰ বাবে আখৰাত ব্যস্ত আছিল সমান্তৰাল ভাবেই ভাস্কৰহঁতো সাজু হৈছিল আন এখ্ন ৰণলৈ আহত এজনৰ দেহত সোমাই থকা গুলীটো উলিয়াই অনাৰ প্ৰস্তুতিৰে|

সকলো মৄতুৱেই হৄদ্য় বিদাৰক|সন্ত্ৰাসে নাসাধে কোনো লক্ষ্য|

অপশাসন আৰু দুৰ্নীতি সন্ত্ৰাসবাদৰ লগত ওত:প্ৰোত ভাবে জঢ়িত| পুঞ্জিভূত ক্ষোভ আৰু বঞ্চনাই জন্ম দিয়ে সন্ত্ৰাসবাদৰ|ৰাষ্ট্ৰসন্ত্ৰাসে গঢ় দিয়ে বিদ্ৰোহৰ উকমুকনিৰ|হিংসাই জগাই তুলে প্ৰ্তিহিংসাৰ অগনি|

এটা জটিল অঙ্ক…  য’ত যোগ হ’ব – দুয়ো পক্ষ সমানেই আহ্ত, নিহ্ত শত-সহস্ৰ জন….ফলাফলৰ ঘৰত থাকিব আত্মীয় স্বজনৰ বুকু ভঙা আৰ্তনাদ,

..ইয়াৰ সমাধান বিচাৰি আমি এতিয়াও ভাগৰি পৰা নাইনে ? আমাৰ অগ্ৰজে কেতিয়া ক’ব…”বন্ধুকৰ শব্দত ৰাতি নুপুৱাই, পুৱাই সেই চৰাইটিৰ মাতত যিয়ে কুটি খায় নিশাৰ আন্ধাৰ ”

সকলো ধৰণৰ সন্ত্ৰাসৰ বলি হোৱা, অকালতে মৰহি যোৱা সকলোলৈ মোৰ শ্ৰদ্ধাঞ্জলি….
সন্ত্ৰাসবাদ

 

থাকেনে বিভেদ মৄত্যুত

তপ্ত বুলেট

অথবা বাৰুদৰ ধোঁৱাত

কিম্বা দুখবোৰ হ’য়নে

কম বা বেচি আত্মীয়্হাৰাৰ

সন্ত্ৰাসবাদীৰ জাতি বা লক্ষ্যলৈ

 

 

পিতৄ অথবা মাতৄহাৰা নিঠৰুৱাৰ

জননীৰ শীতল কোলাত

সান্তনাৰ প্ৰলেপ সানিব

পাৰেনে তেজৰ আদৰ্শবাদে ?

সৰুতে চৰাই চিৰিকতিও মাৰিবলৈ

কপি উঠা হাত খনেযে

আজি বাৰুদৰ সতে খেলা কৰিলে

ক’ত যে মাতৄৰ বুকু বিদিৰ্ণ হ্য়

তাৰ হিচাব কোনে লয় ?

 

দুখ বোৰ সকলোৰে একে…..

তেজৰ নাই কোনো জাতি, ভাষা বা ধৰ্ম্ম..

ঠিক তেনেদৰেই

যেনেদৰে

সন্ত্ৰাসবাদীৰো নাই কোনো

জাতি, ভাষা বা বৰ্ণ..

 

আশাভঙ্গৰ বেদনাই সাজে হতাশাৰ ঘৰ

য’ত ফিন্দ খাই থাকে সোঁৱৰণিৰ বিষাদ বিন্যাস

দুখে সাজে মেট মৰা ভড়াল

খুবলি পূৰ্ণ হয় চেপা মৰা কান্দোনেৰে…

চোতালত প্ৰিয়জনৰ সমাধিলৈ চাই

চকুলোৱে হুমুনিয়াহ টোকে

কলিজাৰ তেজৰ ৰং

সকলোৰে ৰঙা….

দুখবোৰ সকলোৰে একে…..

 

আমি সকলোৱে এখন নিকা, সন্ত্ৰাস বৰ্জিত সমাজৰ পক্ষত থিয় দিব নোৱাৰোনে?! লাগিলে সি ৰাষ্ট্ৰৰসন্ত্ৰাস বা ৰাষ্ট্ৰৰ বিপক্ষেই নহওক কিয়??!!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments