এখন হাত ( অনামিকা চলিহা )

হঠাৎ তাই কিবা ক’বলৈ গৈও ৰৈ গ’ল৷ তাইৰ দুগাল উদ্দেশ্যি আগবাঢ়ি অহা হাতখন কেনেদৰে বাধা দিব পৰা যায়, তাৰহে চিন্তা কৰিলে ডেইজীয়ে৷ লগতে অনুভৱ কৰিলে এক অস্বত্বিবোধ৷ বছৰ বছৰ ধৰি খুবেই চিনাকি চাৰজনে তাইৰ লগত এনে কৰিব বুলি তাইৰ সপোনৰো অগোচৰ আছিল৷ বিগত দিনত বিভিন্নজন পুৰুষে বিভিন্ন ৰূপত তাইৰ আগত তেওঁলোকে তেওঁলোকৰ চৰিত্ৰৰ নগ্ন ৰুপটো ধৰা দিয়া কথাও দেখোন চাৰৰ আগত ব্যক্ত কৰিছে৷ তেনে পুৰুষক তাই ঘৃণাৰ চকুৰে যে চায়, তাকো তেওঁৰ আগত প্ৰকাশ কৰিছে৷ তেনেস্থলত শ্ৰদ্ধাৰ চাৰজনে তাইৰ দৃষ্টিত কিয় তল পৰিবলৈ লৈছে, ভাবি তাই উৱাদিহ নেপালে৷ কিয় এবাৰলৈও তেওঁ নেভাবিলে তেওঁৰ এনে বিবেচনাহীন কাণ্ডই তাইৰ মনত তেওঁৰ প্ৰতি কি ঋণাত্মক ধাৰণা কঢ়িয়াই আনিব পাৰে!
অপ্ৰস্তুতো হৈ পৰিল তাই৷ তাইৰ দুগালত স্পৰ্শ কৰিবলৈ আগবাঢ়ি অহা হাতখন এডাল ক’লা ফেঁটী সাপ যেন লাগিল৷ এই যেন তাইক মেৰিয়াই ধৰিব এডাল বিষাক্ত কাঁইট থকা লতাৰদৰে, তাৰপাছত তাইক দংশি হলাহল বিষ এৰি দিব সৰ্বশৰীৰত৷ লগতে তাইৰ অন্তৰাত্মাক যেন অপৱিত্ৰ কৰি থৈ যাব৷ যি অপৱিত্ৰতাত তাই গোটেই জীৱন চটফটাই কটাব লাগিব৷
চাৰৰ হাতখন তাইৰ কৈশোৰতে পোৱা দাদাকৰ লগৰ বসন্তদাৰ হাত যেন লাগিল৷ সংগোপনে আহি তাইৰ কঁকাল, ডিঙি যি হাতে মেৰাই ধৰিছিল ফেঁটী সাপৰদৰে৷ সেই হাতৰ মলিন স্পৰ্শ তাই আজিও পাহৰা নাই৷ একেই হাতৰ স্পৰ্শ আগৰ অফিচৰ বছৰপৰাও পাইছিল৷ পিতৃসম আছিল তেওঁ৷ শ্ৰদ্ধাত মুৰ দোঁ খাই গৈছিল মহন্ত চাৰৰ প্ৰতি তাইৰ৷ মূৰে কপালে তাইক হাত ফুৰাই মৰম কৰিছিল নিজৰ জীয়ৰীৰদৰে৷ সেই হাতৰ স্পৰ্শত কোনো কলুষতা থকা যেন নেলাগিছিল৷
বিভিন্ন পুৰুষৰ হাতৰ স্পৰ্শ নাৰীয়ে চিনি পায় নাৰীৰ সহজাত প্ৰবৃত্তিয়ে৷ তায়ো চিনি পাইছিল কোনজন পুৰুষৰ হাতৰ স্পৰ্শই কি ইংগিত বহন কৰে?
কোনখন হাতে সাপ হৈ অন্তৰাত্মালৈকে কলুষিত কৰি থৈ যাব পাৰে৷
কোনখন হাতৰ স্পৰ্শ পিতৃত্বৰ উমাল মৰমৰে উপচি পৰা, কোনখন হাতৰ স্পৰ্শ আৰ্শীবাদৰ বাবে উঠে, কোনখন হাতে মাথো সুবিধা বিচাৰি ফুৰে ফেঁটী সাপ হৈ দংশিবলৈ৷
স্পৰ্শক অনুধাৱন কৰাটো নাৰীয়ে শৈশৱৰপৰাই শিকি যায়৷
কিন্তু সেই শ্ৰদ্ধাৰ চাৰজনেও তাইৰ আগত তেওঁৰ নগ্ন ৰূপ উদঙাই দেখুৱালে এদিন৷ পিতৃত্বৰ মৰমেৰে উমাল হাতখন এদিন তাইৰ বাবে এডাল ফেঁটী সাপৰদৰে হৈ পৰিল৷ আস, সেই দিনটোলৈ মনত পৰিলে তাইৰ সৰ্বশৰীৰত বিছই ডকা দি ডকে৷ চিঞৰি চিঞৰি তাইৰ সেইদিনা কান্দিবৰ মন গৈছিল৷
শ্ৰদ্ধাৰ চাৰৰ হাতখনে তাইক ফেঁটী সাপ হৈ দংশাৰ আগতেই তাই চিঞৰি উঠিছিল-“চাৰ, আপোনাক পিতৃৰদৰে সন্মান কৰো৷”
তাইৰ প্ৰতি ফেঁটী সাপ হৈ আগুৱাই অহা হাতখন ৰৈ গৈছিল৷ তাই এক স্বস্তিৰ নিশ্বাস এৰিছিল৷ তাৰ পাছৰপৰা মহন্ত চাৰৰপৰা তাই সদায়েই এক নিৰাপদ দূৰত্বত নিজক ৰাখিছিল৷ সাপক জানো বিশ্বাসত ল’ব পাৰি?
ওকালি আহিব খোজে তাইৰ৷ সেই মলিন হাতৰ স্পৰ্শ তাই বহু বাৰ বহু ঠাইত বহু ৰূপত পাইছে৷ হয়তো তাইৰ দৰে বহু নাৰীয়ে সেই মলিন হাতৰ কৱলত পৰিছে৷ কেতিয়াবা বাছত যাত্ৰীৰ ৰুপত, কেতিয়াবা চিনাকি দাদাকৰ লগৰ বন্ধুৰ মাজত, কেতিয়াবা আত্মীয় পুৰুষৰ মাজত, কেতিয়াবা প্ৰেমিকৰুপী ভণ্ড পুৰুষৰ ৰূপত৷
হয়তো এই হাতবোৰ বহনকাৰী পুৰুষসকলেই নাৰীক সৰ্ম্পূণ উলংগ কৰি তেজ শুহিবলৈ কুণ্ঠাবোধ নকৰে৷ তেজ শোহা শেষ হ’লে মাত্ৰ প্ৰেতাত্মাৰূপী নাৰীৰ খোলাটো এৰি থৈ যায়৷ যি খোলা সমাজত মাত্ৰ সদায়েই কলংকৰ চেকা হৈ জীয়াই থাকে৷ তেনে প্ৰেতাত্মাৰুপী নাৰীক জানো জীয়াই থকা বুলি ক’ব পাৰি? নাই, সেই নাৰী কেতিয়াও জীৱিত হ’ব নোৱাৰে৷ সেই নাৰী মাত্ৰ জীয়াই থাকে একোটা মৰাশৰদৰে৷ যাৰ আৰু স্বপ্ন, আশা, ভৱিষ্যত বুলি একোৱেই নেথাকে৷ সেই নাৰীৰ বাবে পৃথিৱীখন হৈ পৰে এক অন্ধকাৰৰূপী জগত৷ আপোন, চিনাকি, মিত্ৰ সকলো হৈ পৰে পৰৰদৰে৷ জীয়াই থাকিব লাগে বাবেই জীয়াই থাকে সেই নাৰীৰূপী মানৱ৷ হয়তো সমাজৰ, আপোনজনৰপৰা অস্পৃৰ্শ্য হৈ বহু নাৰীয়ে নিজক মৃত্যুৰ শীতল কোলাত শোৱাই দিয়ে৷ আৰু যি মূৰ দাঙি থিয় হ’ব পাৰে, সেই নাৰী জুইত পোৰা সোণৰদৰে হৈ পৰে৷ সেই নাৰীয়ে নিজক তুলি ধৰিব পাৰে সমাজত৷ আৰু সেই নাৰীৰ প্ৰতি তাইৰ অন্তৰত আছে সীমাহীন শ্ৰদ্ধা৷ মূৰ দোঁ খাই যায় সেই আধ্যাত্মিকতাৰে জ্যোতিৰে উজ্জ্বলি উঠা নাৰীৰ প্ৰতি৷
কি কৰিব তাই এতিয়া? কেনেকৈ সেই ফেঁটী সাপৰূপী চাৰৰ হাতখনক বাধা দিব পৰা যায়? তাই ক’ব পাৰিবনে –“চাৰ, আপোনাক সন্মান কৰো মোৰ দাদাৰদৰে৷ সেই সন্মান নেহেৰুৱাব?”
(হঠাতে তাই দুগাল স্পৰ্শ কৰিবৰ উদ্দেশ্যি আগবাঢ়ি অহা সেই দুহাত ৰৈ গৈছিল৷ হয়তো তাইৰ চকুৰ ভাষা চাৰে বুজি পাইছিল৷ ডেইজীয়ে এক স্বস্তিৰ নিশ্বাস পেলাইছিল৷ )

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
5 years ago

good