এখুদ ককাইদেউৰ “কপিলীপৰীয়া সাধু” অনামিকা বড়া (ৰচনাকাল- অক্টোবৰ, ২০১৯)

গ্ৰন্থৰ নামঃকপিলীপৰীয়া সাধু
লেখকঃ নৱকান্ত বৰুৱা
প্ৰকাশনঃ লয়াৰ্ছ বুক ষ্টল
প্ৰথম প্ৰকাশঃ ১৯৫৩
মূল্যঃ ৬০ টকা
মুঠ পৃষ্ঠাঃ ৬৪

উপন্যাসখনৰ প্ৰথমতেই ‘প্ৰাসংগিক’ত লেখক নৱকান্ত বৰুৱাদেৱে উল্লেখ কৰিছে যে “সাধুটো মনেগঢ়া, কোনোবাই ইয়াত চিনাকি আধা চিনাকি কাৰোবাক লগ পালে সম্ভৱতঃ তাৰ দোষে মোক নোচোৱে, কাৰণ “কপিলীপৰীয়া সাধু” এটা গল্পতকৈ বেছি সঁচা নহয়।” তেখেতৰ এই কথাষাৰেই গ্ৰন্থখনৰ মাজলৈ টানি নিয়ে পাঠকক।

“ক্ৰন্দসী’। আকাশৰো নাম। আকাশে কান্দে। খাচিয়া পাহাৰত বৰষুণ হয়। বৰাপানী উপচি পৰে। জয়ন্তীয়া পাহাৰত মনচুন নামে।” এনেদৰে আৰম্ভ হোৱা “কপিলীপৰীয়া সাধু”খন সাধাৰণ উপন্যাসতকৈ ব্যতিক্ৰমী গদ্যশৈলীৰে লিখিত। কাব্যিক সুৰৰ দৰে পঢ়িবপৰা এই গদ্যক “স্পন্দিত গদ্য” বুলি অভিহিত কৰা হয়। মানৱীয় প্ৰেম, সংগ্ৰাম আৰু সংঘাত, ভাগ্য আৰু ব্যস্ততা, কল্পনা আৰু বাস্তৱ, বিশ্বাস-অন্ধবিশ্বাস, ৰীতি-নীতি, পৰম্পৰা আদি সকলোৰে সমাহাৰ ঘটা “কপিলীপৰীয়া সাধু” হৈছে কপিলীপাৰৰ জীৱন যাত্ৰাক কেন্দ্ৰ কৰি ৰচনা কৰা প্ৰথমখন উপন্যাস। নাতিদীৰ্ঘ উপন্যাসখনিৰ নায়ক মনচিঙৰ নাতি, ধীৰচিঙৰ পুতেক ৰূপাই। ৰজা পোৱালিৰ ঘৰৰ ল’ৰা যদিও নামতহে। কপিলী পাৰৰ নগাঁৱৰ বেথাৰাম পণ্ডিতৰ ‘পাতচেলা ইচকুল’ত পঢ়া ৰূপাইৰ পঢ়াতকৈ কাষেদি বৈ যোৱা কপিলীৰ প্ৰতিহে ধাউতি বেছি। দুখীয়া বাপেকে বৃত্তিৰ বাবে নগৰৰ বঙালী উকীল, দীনবন্ধুৰ ঘৰত ৰাখি পঢ়ুৱাইছিল যদিও ৰূপাইৰ উচ্চ শিক্ষা লাভত দাৰিদ্ৰই হেঙাৰ হৈ থিয় দিলে। শিক্ষা আধৰুৱা হ’লেও নগৰত থাকোঁতে তাৰ আন এক সংযোগ ঘটিল। সেয়া হ’ল স্বৰাজৰ আন্দোলন। তেতিয়া আনুমানিক ১৯৩০-৩২ চন। স্বৰাজ আন্দোলন কৰ্মীৰ মুখত ‘গান্ধীমহাৰাজৰ জয়’, ‘কংগ্ৰেছৰ জয়’, ‘বন্দে মাতৰম’ আদি শ্লোগান আৰু বাণী শুনি সেই প্ৰৱাহতে আন্দোলনতো যোগ দিলে ৰূপাই। ফলত জেল খাটিবলগীয়া হ’ল আৰু তাতেই বহুতো লোকৰ লগত তাৰ সংযোগ ঘটিল। তাৰে ভিতৰত সত্যাগ্ৰহী তিলক গোঁসাইৰ পৰা গান্ধীজীৰ সত্যাগ্ৰহ, অহিংসা নীতি, স্বদেশ প্ৰেম আদি ভালেমান জ্ঞান লৈ জেলৰপৰা ওলাই ৰূপাইয়ে আপোন গাঁওখনলৈ আহি বন্ধ হৈ যোৱা স্কুলখন পুনৰ্নিমাণত লাগি পৰে। উল্লেখযোগ্য যে জেলত থাকোঁতেও ৰূপাইৰ কপিলীলৈ মনত পৰি থাকে। সি চিন্তা কৰি থাকে কপিলীখন সি আকৌ কেতিয়া দেখা পাব। তিলক গোঁসাইৰ সাহায্যত গোঁসাইৰ ওচৰত শৰণ ল’বলৈ যাওঁতে ৰূপায়ে আন এক সত্য আৱিষ্কাৰ কৰিলে। “দুয়ো হৰিভকত, একেজনতে শৰণ লৈছে- মহাত্মা গান্ধীৰ” বুলি তিলক গোঁসাইৰ মুখৰ পৰা শুনি ৰূপায়ে এক বিশেষ মন্ত্ৰত দীক্ষিত হৈ খেতি-বাতি, পঢ়াশালি পতা আদি কামত মন দিলে। ৰূপাইৰ মৰমৰ কপিলী নৈৰ এবাৰ প্ৰবল বানে ৰূপাইহঁতৰ গাঁওখনৰ চিনচাব নোহোৱা অৱস্থাৰ সৃষ্টি কৰাৰ সময়ত বানপানী প্ৰপীড়িত সাহায্যৰ বাবে, উদ্ধাৰৰ বাবে অহা চৰকাৰী বিষয়াৰ লগত ৰূপাইও সহযোগ কৰিলে। তেনে সময়তে অভূতপূৰ্ব বানপানীৰ মাজত পানীয়ে উটাই অনা গাভৰু সোণপাহীক উদ্ধাৰ কৰে। সোণপাহীৰ সৈতে সংযোগ ৰূপাইৰ জীৱনৰ অন্যতম ‘টাৰ্নিং পইণ্ট’। কিন্তু ৰূপাইৰ জীৱনলৈ যিটো ঘটনাই সবাতোকৈ ডাঙৰ পৰিবৰ্তন আনিলে সেয়া হ’ল তাৰ জন্ম সম্পৰ্কে বহু পলমকৈ জনা খবৰটোৱে। ধীৰচিঙৰ মৃত্যুৰ সময়তহে যেতিয়া সি ধীৰচিঙৰ ল’ৰা নহয়, কপিলীত উটি অহা ল’ৰা বুলি জানিবলৈ পায়, মনৰ দুখত প্ৰকৃত পৰিচয় হেৰুওৱা ৰূপায়ে কপিলীকে মাতৃজ্ঞান কৰি কপিলীৰ বুকুতে আত্মজাহ দিবলৈ গৈছিল। কিন্তু সোণপাহীৰ পৰিয়ালৰ লোকে তাক উদ্ধাৰ কৰি, সোণপাহী আৰু দেউতাকৰ পৰিচৰ্যাত সি নতুন জীৱন লাভ কৰে। তেতিয়াৰ পৰা কপিলীক লৈ বলিয়া, দুৰ্বাৰ টান থকা ল’ৰাটোৱে প্ৰতিটো কথাই ‘কপিলী’ৰ ‘অন্তৰাত্মা’ৰ আহ্বান হিচাপে গ্ৰহণ কৰিবলৈ ধৰিলে। মাক ৰাঙলীৰ ওচৰলৈ ঘূৰি যোৱাৰ পিছতো সোণপাহীৰ লগত তাৰ নিবিড় গোপন প্ৰেমৰ সম্পৰ্ক চলি থাকিল। গোঁসাই পুখুৰীৰ নিৰ্দিষ্ট পাৰত গঢ়ি উঠা দৈহিক সম্পৰ্কৰ ফলশ্ৰুতিত সোণপাহী অন্তঃসত্ত্বা হ’ল। কিন্তু নিজৰেই পৰিচয় নথকা ৰূপায়ে প্ৰেমিকা সোণপাহীক পত্নীৰূপে চিন্তিব নোৱাৰিলে। পৰিণতিত সোণপাহীয়ে কপিলীৰ বুকুত ৰহস্যময়তাৰ মাজত সোমাই ৰূপাইক এৰি গ’ল। সেইয়াও ‘মাক কপিলী’ৰেই ইচ্ছা বুলি মনতে প্ৰবোধ দি কপিলীৰ ইংগিত মানি লৈ ৰূপায়ে সোণপাহীৰ মৃত্যুত নতুন পথৰ সন্ধান পালে। কপিলীয়ে সোণপাহীক আদৰি লোৱা বুলি মনত সহজভাৱে লৈ ৰূপায়ে মাকৰ কথামতেই বিয়াৰ বাবে প্ৰস্তুত বুলি বসু গোঁসাইক জনোৱাত বসুৰ বাবে সেইয়া এক ৰহস্য হৈয়েই থাকিল। এনে এক কৌতূহলী প্ৰেক্ষাপটতে উপন্যাসখনিৰ সামৰণি পৰিছে।

Subscribe
Notify of
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
‍ dhunu
7 months ago

ৰূপাই চৰিত্ৰ বিলেশ্লন কৰা

Krishna chouhan
1 month ago

Topic – “কপিলীপৰীয়া সাধু”ত স্বৰাজ আন্দোলনৰ প্ৰতিচ্ছবি।