এগৰাকী অগ্নিদগ্ধ ৰোগীয়ে দি যোৱা শিক্ষা – ডা০ ভূপেন শইকীয়া

বহু ৰোগীয়ে চিকিৎসকক পাহৰিব নোৱৰা শিক্ষা প্ৰদান কৰে৷ আজি মই তেনে এগৰাকী ৰোগীৰ কথা সন্মানপূৰ্বক উপস্থাপন কৰিব ওলাইছোঁ৷ নিশ্চিত মৃত্যুৰ মুখৰ পৰা সেই ৰোগীগৰাকী ঘূৰি অহাত আমি চিকিৎসা কৰা দলটোৱে যি অনাবিল আনন্দ লাভ কৰিলোঁ তাক ভাষাৰে বুজাব নোৱাৰোঁ৷ আজিৰ পৰা কুৰি বছৰৰো আগৰ কথা৷ মোৰ ৰোগী চোৱা ক্লিনিকত তেতিয়া সম্প্ৰসাৰণ ঘটাই এটা কোঠাত ৫জন ৰোগী ৰখাৰ ব্যৱস্থা আৰম্ভ কৰিছোঁ৷ কাষৰ সংলগ্ন টিলাত এটি অসম আৰ্হিৰ ঘৰত মই পৰিয়ালসহ থাকোঁ৷

এদিন নিশা ভাত ঘাই বিছনাত বাগৰ দিয়াৰ যো-জা কৰিছোঁ, এনেতে নিশাৰ ডিউটিত থকা নাৰ্চজনীয়ে উধাতু খাই ওচৰ ওলালেহি৷ জনালে ওচৰৰ পাহাৰত থকা মহিলা এগৰাকীক জুইয়ে বেয়াকৈ পুৰিলে৷ মানুহগৰাকীৰ নাম বাসন্তী ৰাভা৷ এটি মাতৃদুগ্ধ খাই থকা কেঁচুৱাৰ মাক৷ গিৰিয়েকে দিন হাজিৰা কৰে৷ নিশাৰ বাবে পাম্প দিয়া ষ্টোভেৰে খানা বনাই থাকোতে ষ্টোভৰ বিস্ফোৰণ ঘটিল আৰু নাইলন কাপোৰ পিন্ধা বাসন্তীৰ সৰ্বশৰীৰ দগ্ধ কৰিলে৷ এখন কম্বলেৰে মহিলাগৰাকীক মেৰিয়াই গিৰিয়েকে ডাঙি লৈ আহিছে৷

জুইয়ে পুৰা মহিলাগৰাকীক পৰীক্ষা কৰি দেখিলোঁ প্ৰায় ৯০ শতাংশ অগ্নিদগ্ধ৷ মেডিকেলৰ ভাষাত দ্বিতীয় ডিগ্ৰী বাৰ্ণ৷ কোনোমতে কেনুলা এটা লগাই চেলাইনৰ সংযোগ কৰিব সক্ষম হলোঁ৷ সম্ভৱপৰ সকলো বিষহাৰক, এণ্টিবায়োটিক, অক্সিজেন আদিৰ প্ৰয়োগ সত্বেও গোটেই ৰাতিটো ৰোগীয়ে যন্ত্ৰণাত চটফটাই থাকিল৷

চিকিৎসা সত্বেও দিনক দিনে ৰোগীৰ অৱস্থা জটিল হৈ আহিব ধৰিলে৷ কেথেটাৰেদি আহি য়ুৰিন বেগত জমা হোৱা প্ৰসাবৰ পৰিমান কমি আহিব ধৰিলে৷ ডিহাইড্ৰেচনৰ বাবে কেনুলাই দি চেলাইন নটনা হ’ল৷ চেলাইন দিবলৈ তেজৰ নলী (ভেইন) বিচাৰি নোপোৱাত বন্ধু চাৰ্জন এজনক মাতি ভেনিচেক্চন কৰোৱা হ’ল৷ মুখেৰে গিলিব নোৱৰা হ’লত ৰাইলচ টিউব ভৰোৱা হ’ল৷

ৰোগীৰ ক্ষেত্ৰত ক্ৰমে দেখা দিয়া জটিলতাৰ তালিকা আছিল এই ধৰণৰ: ৰক্তচাপ নিম্নগামী হোৱা, গাৰ উত্তাপ কমি যোৱা (হাইপ’থাৰ্মিয়া), জীৱাণুৰ সংক্ৰমণ, শ্বাস কষ্ট হোৱা, শ্বক আৰু চেপচিচ৷ চিকিৎসা চলি থাকিল৷ ৰোগীৰ ওপৰ পেটৰ বিষৰ পৰা আৰু ক’লা পাইখানা হোৱাত গম পালোঁ পাকস্থলীত ঘাঁ হৈছে আৰু তাৰ জটিতাস্বৰূপে মেলিনা হৈছে৷ নানান আইভি বেজীৰ উপৰিও হেমাকচিল, ৰিংগাৰ লেক্টেত আৰু নৰ্মাল চেলাইন চলি আছিল আৰু এইবাৰ তেজ দুবটল দিয়াৰ ব্যৱস্থা কৰা হ’ল৷ এনে পাকস্থলীত ঘাঁ হোৱাক কাৰ্লিং পেপ্টিক আলচাৰ বোলে৷ ১৮২৩চনৰ পৰা ১৮৪২চনৰ ভিতৰত টমাচ বিজাৰ্দ কাৰ্লিং নামৰ চিকিৎসকে দহজন এনে ৰোগীৰ চিকিৎসা কৰিছিল বুলি চিকিৎসা বুৰঞ্জীয়ে কয়৷

দেখাত নিৰ্বিকাৰ যেন লগা স্বামীয়ে কোলাত কেঁচুৱালৈ পুৱা-গধূলি ৰোগীৰ খবৰ কৰিব আহে৷ দিনটো চুবৰীয়াৰ ঘৰত কেঁচুৱাথৈ তেওঁ হাজিৰা কৰিবলৈ যায়৷ যি আয় কৰে তাৰে এটা অংশ চিকিৎসাৰ খৰচৰ বাবে বুলি আমাৰ হাতত তুলি দিয়ে৷ নকলেও হব সেয়া দৰবৰ খৰচৰ অৰ্ধেকৰো কম হব৷

এইদৰে মাহচেৰেক পাৰ হ’ল৷ এটা সময়ত গিৰিয়েক আৰু তেওঁলোকৰ ওচৰ-চুবুৰীয়াই বাসন্তীৰ বচাৰ আশা বাদ দিয়া যেনেই ধাৰণা হ’ল৷ বিছনাত চেপেতাহৈ পৰি থকা বাসন্তীৰ দেহাৰ যেন জঁকাটোহে অৱশেষ আছে এনে লাগিবলৈ ধৰিল৷ আমি চিকিৎসকৰ ধৰ্মপালন কৰি প্ৰাণ থকালৈকে ৰোগীৰ যতন লৈ গলোঁ৷ নিতৌ ড্ৰেচিং কৰোতে এঘণ্টাৰ ওপৰ সময় লাগে৷ অশেষ যত্ন সত্বেও জুয়ে পুৰা শৰীৰৰ গোন্ধ আতৰাব পৰা নগ’ল৷

হয়তো ৫সপ্তাহমান পাৰ হৈছে নেদেখাজন আমাৰ ওপৰত সদয় হব ধৰিলে৷ ক্ৰমে ৰোগীৰ স্বাস্থ্যৰ উন্নতি হব ধৰিলে৷ প্ৰসাবৰ পৰিমান স্বাভাৱিক হব ধৰিলে৷ পেটফুলা, পেটৰ বিষ নোহোৱা হ’ল মুখৰ টিউবডাল আঁতৰোৱা হ’ল৷ জুলীয়া খাদ্য খাব পৰা হ’ল৷ অক্সিজেন নোহোৱাকৈ চলিব পৰা হ’ল৷ গাৰ স্বাভাৱিক উত্তাপ ঘূৰি আহিল৷ ৰক্তচাপৰো উন্নতি হ’ল৷ কথা কব পৰা হ’লত কেঁচুৱাৰ খবৰ ল’লে৷

দেৰমাহমান হ’লত ছালৰ ঘাঁ শুকাই আহিল৷ এইবাৰ বাৰ্ণ ৰোগীৰ আন দুটি বাদ পৰি যোৱা জটিলতাই দেখা দিলে৷ মুখমণ্ডলৰ বাদে দুয়ো হাতৰ ছালৰ সংকোচন (Scar & Burn Contracture ) দেখা দিলে৷

তথাপিও দুমাহৰ ভিতৰত ৰোগী খোজকাঢ়ি ঘৰলৈ যাব পৰা হ’ল৷ যাবৰ দিনা গিৰিয়েকে আমাৰ ৫জনীয়া চিকিৎসা কৰ্মীৰ দলটোক চিঙৰা, ৰসগোল্লাৰ সৈতে চাহ খুৱালে৷ ৪-৫মাহ মানৰ পৰা বাসন্তীয়ে বজাৰ-সমাৰ কৰিবলৈ যাব পৰা হ’ল৷ দুই বাহুৰ বাৰ্ণ কণ্ট্ৰেকচাৰো নিজে নিজে কমিব ধৰিলে৷ পিছৰ বছৰটোত বাসন্তীয়ে গিৰিয়েকৰ আৰু খোজকাঢ়ি ফুৰা সন্তানটিৰ সৈতে মোৰ ওচৰত হাজিৰ হ’লহি৷ সলাজ চাঁৱনিৰে দম্পতীহালে মোক ক’লে – চাৰ, তিনিমাহ হ’ল মাহেকীয়া বন্ধ হবৰ৷ আপুনি ভালকৈ চেকআপ কৰি দিব লাগে!■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক