এগৰাকী দুখী মাতৃৰ কথা: ৰাজু সোণোৱাল

এগৰাকী দুখী মাতৃৰ কথা

ৰাজু সোণোৱাল

হঠাৎ ৰাজিয়া বেগমৰ টোপনি ভাঙি গ’ল। একেবাৰে উঠি বহি ল’লে বিচনাত। আকৌ সেই একেই দুখ। নিজৰ ভিতৰতে থকা আৰু এটি প্রাণৰ অস্তিত্বই এই দৰেই দিনে ৰাতিয়ে কেইবাবাৰু হাত-ভৰি জোকাৰি উজান দিয়ে। আজি আৰু টোপনি নাহিব। অসহ্য বুকুৰ বেদনা লৈ ৰাজিয়া বেগমে বাৰান্দাত পায়চাৰি কৰিছে আৰু ভাবিছে দেখিবলৈ কেনেকুৱা হ’ব তাইৰ সোণৰ মানিক, কেনেকৈ বা হাঁহিব, কেনেকৈ মাত্র গেঞ্জী এটা পিন্ধি নঙঠাকৈ ঘৰৰ ভিতৰত দৌৰি ফুৰিব। ভাবোঁতে ভাবোঁতে নিজৰ অজ্ঞাতে চকুৰ কোণেৰে এটোপাল অশ্রু বৈ আহে।

ঘৰটো বৰ অন্ধকাৰ। চাৰিও কাষে কিছুমান মুখাপিন্ধা মানুহৰ পায়চাৰি। মূৰৰ ওপৰত কিবা এটা জলমলাই জ্বলি আছে। চাৰিওফালৰ ফেনাইলৰ গোন্ধত গা কোঁচমোচ খাই আহে। লাহে লাহে সংজ্ঞা হেৰুৱাই পেলালে ৰাজিয়াই।
কোনোবাই হয়তো কান্দিছে। সেই কান্দোনে যেন ৰাজিয়াকেই মাতিছে। ৰাজিয়াৰ বাবেই যেন কান্দিছে। বৰ কষ্টেৰে চকু মেলিলে ৰাজিয়াই। চকু মেলি নিজেই কান্দিবলৈ আৰম্ভ কৰিলে। দহ মাহৰ পিছত নিজৰ ভিতৰৰে আৰু এটি প্রাণ তাইৰ সন্মুখত। হঠাৎ ভাৱ হ’ল এই শিশুটোৰ বাবে তেওঁ যেন সকলো দিব পাৰে। সকলো ত্যাগ কৰিব পাৰে। নার্চে শিশুটিক ৰাজিয়াৰ কোলাত দিয়াৰ লগে লগে কান্দিবলৈ ধৰিলে। এই কান্দোন আনন্দৰ কান্দোন, সুখমিশ্রিত কান্দোন। শিশুটিক বুকুৰ মাজলৈ সজোৰে সাৱটি ধৰিলে, লগে লগে বুকৰ মাজেৰে এক হিমশীতল বতাহ বৈ গ’ল ৰাজিয়াৰ।

আজিকালি ৰাজিয়াই বৰকৈ বাহিৰলৈ নোলায়। স্কুলৰ চাকৰিটোও এৰি দিছে। স্বামী আৰু সন্তানক লৈয়েই তাইৰ পৃথিৱী। বহুতে চাকৰিটো এৰিবলৈ খুব মানা কৰিছিল কিন্তু তাই কাৰো কথা নুশুনিলে। বোলে ‘মোৰ সোণৰ বাবে চাকৰি কি সকলো এৰি দিব পাৰোঁ’। ৰফিক চাহেবেতো মাজে জোকাবলৈ কয়, ‘মোকো এৰিব পাৰিবানে’। ৰাজিয়াই মিচিকি হাঁহি মাৰি কয়, ‘মোৰ বাবাৰ কাৰণে দুনীয়াখনকে এৰি দিব পাৰোঁ, খোদাই যেন মোৰ আয়ুসেৰে তাক পৰমায়ু দিয়ে’।

ৰাজিয়াৰ আয়ুয়ে ল’ৰাক বচালে, কিন্তু গিৰীয়েকক বচাব নোৱাৰিলে। মানুহটোৱে ঘৰতে বহি পেপাৰ পঢ়ি আছিল, হঠাৎ বোলে বুকুত বিষ। এগিলাচ পানী খুজিলে। ৰাজিয়াই ল’ৰাক খুৱাই আছিল। ক’লে ‘আহিছো ৰব’৷ অলপ পাছতে আহি দেখে স্বামীৰ নিঠৰ দেহ৷ ৰফিক চাহেবে ঢুকুৱাৰ আগেয়ে তেনে একোৱেই দি যাব নোৱাৰিলে ৰাজিয়াক। সেয়ে স্কুলৰ চাকৰিটো আকৌ ল’ব লগা হ’ল মাত্র ল’ৰাৰ ভৱিষ্যতলৈ চাই। ভাগ্যে স্কুলখন ঘৰৰ কাষতেই, নহ’লে বাবুক কোনে চালেহেঁতেন! স্কুলৰ টিফিনৰ সময়ত যেতিয়া সকলো টিচাৰে লান্স কৰে বা গল্প মাৰে, তেতিয়া ৰাজিয়া বেগমে দৌৰ মাৰে ঘৰলৈ। সকলোৱে অবাক হয়, ৰ’দ নাই বৰষুণ নাই, এই মানুহজনীয়ে পাগলৰ নিচিনাকৈ খোজ কাঢ়িয়েই ঘৰৰ পৰা ঘূৰি আহেগৈ। মাইকী মানুহ বুলিহে দৌৰি আহিব নোৱাৰে। বিলাসিতা কৰিবলৈ টকাও নাই যে ৰিক্সাত উঠি আহিব। কাম কৰিবলৈ ছোৱালী এজনী থৈছে, কিন্তু কাম কৰা ছোৱালীৰ ওচৰত বুকুৰ ধনক এৰি আহি শান্তি নেপায়। সেইবাৰ বাবুৰ যেতিয়া মেলেৰিয়া হৈছিল, ৰাজিয়াই দিনে-ৰাতিয়ে সাৰে থাকি বাবুৰ ওচৰতে বহি থাকে। বিশ দিনৰ মূৰত দেখা গ’ল ৰাজিয়াৰ চকুৰ তল ক’লা পৰিছে। সকলোৱে ক’লে, ‘এই মানুহজনী নির্ঘাত পাগলী হ’ল’। নহ’লেনো নিজৰ শৰীৰৰ লগত এনে নিষ্ঠুৰতা কৰেনে। কিন্তু হাঁহি হাঁহি ৰাজিয়াই কয়, ‘মোৰ বাবাটো ভাল হ’ল তেতিয়া ৰেষ্ট ল’ম নহয়’।

আজি ৰাজিয়াৰ বৰ ফূর্তিৰ দিন, ল’ৰাই আজি এইচ এচ এল চি পৰীক্ষাত ষ্টেন্ড কৰি পাছ কৰিছে। ৰাতিপুৱাৰে পৰা খবৰ কাগজৰ মানুহে ঘৰত ভিৰ লগাইছেহি। ৰাজিয়া দৌৰি ওলাল বজাৰলৈ, মিঠাই আনিবলৈ।
‘মা তুমি ক’লৈ যোৱা’?
‘মিঠাই নানিলে হ’বনে অঁকৰা’।
‘টকা দিয়া মইয়ে লৈ আহোঁগৈ’।
‘অঁকৰা ল’ৰা, তই মিঠাই আনিবলৈ গ’লে মানুহে কি বুলিব’? ষ্টেন্ড কৰা ল’ৰাই বজাৰলৈ যাই নেকি।
‘মা তুমিযে কি কোৱা। কোনোদিনাই মোক বজাৰ কৰিবলৈ নিদিলা’।
‘আৰে অঁকৰা, মই যেতিয়া বুঢ়ী হ’ম তেতিয়াতো তয়েই কৰিব লাগিব, আৰু মই বহি বহি খাম’। এই বুলি কৈ ফূর্তিত ফাটি যায় ৰাজিয়া।
বজাৰলৈ যোৱাৰ পথত ৰাজিয়াৰ চকুৰে চকুলোৰ নিজৰা বৈ আহে। আজি ৰাজিয়াতকৈ আৰু কোনো সুখী নাই এই পৃথিৱীত। নিজে নেখাই-নবৈ, ধাৰ-ধুৰ কৰি এই ল’ৰাটোক মানুহ কৰিছে। আজি আৰু কি বিচাৰিবলৈ আছে ৰাজিয়াৰ।
ৰাজিয়াৰ স্কুলৰ হেডমাষ্টৰৰ ল’ৰা আমেৰিকাত থাকে। ৰাজিয়াৰ খাটনিত বাবুৰ বাবে এটা স্ক’লাৰশ্বিপ ঠিক কৰি দিলে। মাত্র বিমান যাত্রাৰ ভাৰা আৰু প্রথম চেমিষ্টাৰৰ বাবে পাঁচ লাখ টকা দিব লাগিব। কাকো নোকোৱাকৈ ৰাজিয়াই তাইৰ সকলো গহনা-গাঁঠৰি বিক্রি কৰি দিলে, আনকি শেষ সম্বল গাঁৱৰ ভেটিটোও। নাকফুলি, কাণৰ দুল, খাৰু সকলো। বাবুৱে সুধিলে, ‘মা তোমাৰ নাক খালি কিয়’?
‘ক’ৰবাত হেৰাই থাকিল অ’ বোপাই’ ।
বাবুৱে এক অবিশ্বাসী দৃষ্টিৰে মাকৰ ফালে চাই ৰয়। ৰাজিয়াই ল’ৰাৰ ওচৰৰ পৰা পলাই সাৰিবলৈ চেষ্টা কৰে।

আজি বাবু গ’লগৈ। ৰাজিয়াই ঘৰৰ ভিতৰত চটফটাই বাবুৰ পুৰণা কাপোৰবোৰ বুকুত সাৱটি কান্দিবলৈ ধৰে। বাবুৰ পচন্দৰ খাদ্যবোৰ আজিকালি আৰু নাৰান্ধে ৰাজিয়াই। বাবুৰ পঢ়াৰ টেবুলত মুখ গুজি বহি থাকে, টেবুলখনত বহিলেই বাবুৰ গন্ধ পোৱা যায়। বাবুৰ হাতৰ আখৰত হাত বুলাই বাবুৰ হাতৰ পৰশ লবলৈ চেষ্টা কৰে।

*চাৰি বছৰৰ পাচত*
বাবু ঘূৰি আহিছে। কিবা যেন অলপ বদলি হৈ গৈছে। আগৰ দৰে আৰু বেছি কথা নকয়। হ’বৰে কথা, ইমান দিন বাহিৰত থাকি পঢ়ি আহিছে, অকনমানতো এনেকুৱা হ’বই। ৰাতি খাবলৈ বহোঁতে বাবুৱে ক’লে, তাক অলপ টকা লাগে, ব্যৱসায় আৰম্ভ কৰিব বোলে। ৰাজিয়াই ক’লে, ‘চিন্তা নকৰিবি, মই চব ব্যৱস্থা কৰি দিম’।
প্রভিডেণ্ড ফান্দৰ সকলো টকা বাবুৰ হাতত তুলি দিলে ৰাজিয়াই। বাবুৰ মুখত হাঁহি দেখি বুকু ভৰি গ’ল ৰাজিয়াৰ, ‘ল’ৰাটোৱে ইমান ধুনীয়াকৈ কেনেকৈযে হাঁহেঁ’।

বাবুৰ বিয়াও হৈ গ’ল। বাবুৰ নিজৰ পচন্দৰ ছোৱালী। ল’ৰা সুখী হ’লেই হ’ল- ৰাজিয়াই ভাবিলে।
বাবুৰ বিয়া হৈ যোৱা তিনিমাহ হ’ল। আজিকালি আৰু বাবুৱে মাকৰ লগত নাহাঁহে, কথাই কথাই ধমকহে মাৰে। বাবুৰ বোৱাৰীতো আৰু একাঠী চৰাহে। বোলে, শাহুৱেকৰ হতুৱাই ঘৰৰ সকলো কামবন কৰোৱাব। কাম কৰা ছোৱালীজনীক বিদায় দিয়া হৈছে।
আজি ৰাজিয়াৰ বিচাৰ চলিছে। দোষ? ঘৰত এটা পার্টি আছিল, ৰাজিয়াই ৰান্ধিবলৈ গৈ মাংস পুৰি নিয়ালে। সকলো গুছি যোৱাৰ পাচত বাবু আৰু বাবুৰ পত্নীয়ে মিলি ৰাজিয়াক ভালকৈ কথা শুনালে। ৰাজিয়াৰ এটা সময়ত ধৈর্যৰ সীমা চেৰাই গৈ বোৱাৰীয়েকক টান কথা শুনাই দিলে। বচ, স্ত্রীক ভালৰি বোলাবলৈ গৈ বৃ্দ্ধ মাকক ৰাতিৰ অন্ধকাৰত ঘৰৰ পৰা উলিয়াই দিলে অমানুহ পুত্রই।
ৰাজিয়াৰ কান্দোন শুনি চুবুৰীয়া হিন্দু পৰিয়ালটোৱে তাইক কিছুদিনৰ বাবে ঠাই দিলে। তেওঁলোকে বাবুৰ সৈতে এই সম্পর্কে কথা পতাত বাবুৱে স্পষ্টকৈ কৈ দিলে যে ৰাজিয়াৰ আৰু এই ঘৰত ঠাই নাই। বাধ্য হৈ হিন্দু পৰিয়ালটোৱে ৰাজিয়াক বৃদ্ধাশ্রমত থৈ আহিলেগৈ।
সকলো ভালপোৱা আৰু ত্যাগৰ প্রতিদান বাবুৱে একেদিনেই দি দিলে তাৰ একমাত্র মাক ৰাজিয়াক ।

এইটো কোনো গল্প নহয়। এইটো এটা বাস্তৱ ঘটনা। এটা সন্তানক গোটেই জীৱন তুলিতালি ডাঙৰ কৰিলে, সি বিয়াৰ পাছত কেনেকৈ তাৰ আপোন মাকক পাহৰি যায়? সন্তান কিয় এনে হয়? ইয়াৰ উত্তৰ জানো আছে কাৰোবাৰ ওচৰত ? ধিক সেই অমানুহবোৰ।
( এটা বাংলাদেশী গল্পৰ আধাৰত )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক