এগৰাকী মাতৃৰ কথাৰে (প্ৰতিম প্ৰতাপ বৰুৱা)

এগৰাকী মাতৃৰ কথাৰে

প্ৰতিম প্ৰতাপ বৰুৱা

কোঠাটোৰ দুৱাৰখন অলপকৈ মেলি লৰাজনে সোমাই আহিবলৈ অনুমতি বিচাৰিছিল। অনুমতি লৈ লৰাজন চুচুক-চামাককৈ সোমাই আহি টেবুলখনৰ ওচৰত থিয় হৈ ৰৈছিল। প্ৰশ্নবোধক চাৱনিৰে তালৈ চাওঁতে লৰাজনে নাৰ্ভাচ হৈ কৈছিল – “মোক ইয়াত পোষ্টিং কৰা হৈছে ছাৰ। চাকৰিত জইন কৰিবলৈ আহিছোঁ। ইঞ্জিনিয়াৰ অফিচাৰ।“
“জইনিং লেটাৰখন লিখি দিয়া।“
মূৰটো সামান্য দোঁৱাই লৰাজন ওলাই গৈছিল। ডিপাৰ্টমেন্টৰে কোনোবা এজনক সুধি জইনিং লেটাৰখন টাইপ কৰি আনিছিল। ২৩-২৪ বছৰীয়া, সুঠাম স্বাস্থ্যৰ লৰাজন।

দিন যোৱাৰ লগে লগে লাহে লাহে সংকোচ ভাবটো আঁতৰি গৈছিল তাৰ। নিজৰ দক্ষতাৰে সি এদিন মোৰ বিশেষ টীমটোৰ সদস্য হৈ পৰিছিল। সমস্যাটো যিমানে কঠিন হয় সিমানে তাক সমাধান কৰিবলৈ ভাল পোৱা, দায়িত্ব এটা দি নিজে নিশ্চিন্ত হৈ যাব পৰা বিধৰ লৰা সি। এদিন হঠাৎ মোক তাৰ টেবুলৰ ওচৰত দেখি সি এখন কাগজ খৰধৰকৈ লুকুৱাব ধৰিছিল। থাপ মাৰি কাগজখন কাঢ়ি আনি দেখিছিলোঁ তাত হিন্দীত লিখা এটা অসম্পূৰ্ণ কবিতা আছিল। জীৱনৰ জয়গান গোৱা এটা নিটোল কবিতা আছিল সেইটো। পিছত কবিতাটো আমাৰ বিভাগৰ বছৰেকীয়া জাৰ্ণেলখনত প্ৰকাশ পাইছিল। ব্যক্তিগত ভাবেও সি মোৰ ওচৰ চাপি আহিছিল। হাৰিয়ানাৰ কোনোবা ভিতৰুৱা গাঁৱত তাৰ ঘৰ। ৰাতিপুৱা ৭ বজাত ঘৰৰ পৰা ওলায়, এছোৱা বাট মটৰ চাইকেলত, এছোৱা লোকেল ট্ৰেইনত, এছোৱা খোজ কাঢ়ি, এনেকৈ আহি সি চাৰে ন’ বজাত অফিচ পায়হি। এনেকৈয়ে উভতি গৈ ৰাতি ৯ মান বজাত ঘৰ পায়গৈ। এদিন সুধিছিলোঁ – “সদায় সদায় ইমান কষ্ট কৰি অহা-যোৱা কৰাতকৈ চৰকাৰী ঘৰ এটা লৈ ইয়াতে দিল্লীত থাকিবলৈ নলৱ কিয়?” উত্তৰ দিলে – “ঘৰত মা অকলে থাকে। মায়ে গাঁৱৰ ঘৰটো এৰিবলৈ মন নকৰে।“
– তোৰ দেউতা?
– দেউতা নাই। মই ইঞ্জিনিয়াৰিং পঢ়ি থাকোতেই ঢুকাইছিল।
– দেউতাৰাই ক’ত চাকৰি কৰিছিল ?
– দিল্লী ট্ৰেন্সপৰ্ট কৰ্প’ৰেচনত বাছৰ কণ্ডাক্টৰ আছিল।
আৰু একো সোধা নাছিলোঁ।

এদিন লাজ লাজকৈ আহি সি মোক নিজৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখন দিলেহি। লগতে দহাই দহাই মাতিলে। যোৱা নহ’ল। অভিমানত তাৰ মুখখন ফুলি থাকিল দুদিনমান। এদিন তাৰ গাত ঢকা এটা মাৰি ক’লোঁ – “কাইলৈ তহঁতৰ ঘৰলৈ যাম। কি কি খুৱাবি? আৰু বাৰীৰ পৰা কুঁহিয়াৰ কেইডালমান আনি থবি।“

গাঁৱৰ মাজতে ঘৰটো। চৰাঘৰত বহি পিতলৰ মস্ত গিলাচত একো গিলাচ সৰহকৈ গুৰ মিহলোৱা সৰভৰ্ত্তি কুহুমীয়া গাখীৰ আৰু ঘৰতে তৈয়াৰ কৰা মত্থি খাই খাই আমি কথা আৰম্ভ কৰিছিলোঁ। লৰাটোৰ মাতৃ সন্মুখত বহি আছিল। সি আমাক আগতেই কৈ থৈছিল – “মোৰ মাতৃ নিৰক্ষৰ।“

মই অসমৰ বুলি জানি মাতৃগৰাকীয়ে মোক কামাখ্যাৰ কথা সুধিছিল। মই তেওঁক কৈছিলোঁ – “আপোনাৰ লৰাটো কামত বৰ ভাল।“ লাহে লাহে মাতৃগৰাকীয়ে আমাৰ লগত কথা পতা আৰম্ভ কৰিছিল। আমি শুনি গৈছিলোঁ এই তথাকথিত নিৰক্ষৰ মানুহগৰাকীৰ কথা –

“কোনো কাৰণ নোহোৱাকৈ ইয়াৰ দেউতাক ভগৱানৰ ওচৰলৈ গুচি গৈছিল। ই তেতিয়া পঢ়ি আছিল। সকাম হৈ যোৱাৰ পিছতেই তাক মই আকৌ পঢ়িবলৈ হোষ্টেললৈ পঠিয়াই দিছিলোঁ। আমাৰতো সা-সম্পত্তি নাই। লৰাটোৰ শিক্ষাখিনিয়েই আমাৰ সম্পত্তি। শেষৰ ফালে তাক পঢ়োৱাবলৈ মোৰ বহুত কষ্ট হৈছিল। কিন্তু মই জানিছিলোঁ লৰাটোৰ শিক্ষাই তাৰ আচল সম্পদ হ’ব। তাক মই মাত্ৰ কৈছিলোঁ যে পৃথিৱীখনৰ মুখামুখি হ’বলৈ ভয় নকৰিবি। আজি সি চৰকাৰী বিষয়া হ’ল। এইযে আজি তোমালোক আমাৰ ঘৰলৈ আহিছা, তাৰ শিক্ষাৰ কাৰণেই আহিছা। এয়াই আমাৰ আচল সম্পত্তি। যৌতুকত এটকাও নোলোৱাকৈ লৰাটোৰ বিয়াখন পাতিলোঁ। লৰা চৰকাৰী বিষয়া হৈও যৌতুক নোলোৱা দেখি আমাক মানুহে হাঁহিছিল। কিন্তু বোৱাৰীজনীৰ শিক্ষাখিনিতকৈ ভাল যৌতুক আৰু কিবা আছে জানো? এতিয়া বোৱাৰীজনী ঘৰলৈ অহাৰ পিছত লৰাটোক মই তাইৰ হাতত গটাই দিছোঁ। দুয়োকে কৈছোঁ মই এতিয়া জিৰাম, তহঁত আগবাঢ়ি যা, মই চাই থাকিম।“

মাতৃগৰাকীৰ কথাখিনি মনত ৰৈ গৈছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক