এগৰাকী মাতৃৰ জীৱনৰ সত্য কাহিনী (ডা০ ভূপেন শইকীয়া)

এগৰাকী মাতৃৰ জীৱনৰ সত্য কাহিনী

 

ডা০ ভূপেন শইকীয়া

 

সন্তান প্ৰসৱ প্ৰত্যেক গৰাকী নাৰীৰ বাবেই এক অতি জটিল সময়৷ জীৱন-মৰণৰ ৰণ বুলিলে একো অত্যুক্তি কৰা নহ’ব ৷ প্ৰকৃতিয়ে বা নেদেখাজনে নাৰীক মাতৃত্বৰ  গৰিমাৰে মহিমামণ্ডিত কৰাৰ সময়ত এক কঠিন পৰীক্ষা লয়৷প্ৰসৱ বেদনাৰ ওপৰিও ৰক্তক্ষৰণ কেতিয়াবা জীৱনৰ কাৰণে বিপদজনক হৈ উঠে৷তেনে এটি সত্য কাহিনী মই আজি লিপিবদ্ধ কৰিব ওলাইছোঁ ৷ কাহিনীটো কিছু সংখ্যক মোৰ পাঠকে আগতে পঢ়িছে যদিও সাহিত্যৰ অৰ্দ্ধ আকাশৰ মঞ্চত নজনা লোকসকলৰ বাবে পুনৰাই বেকত কৰিলোঁ ৷ ধুমুহাৰ পিছত অহা শান্তিৰ এক অনাবিল আনন্দদায়ক স্মৃতিৰ মই আপোনাসবক  অংশীদাৰ কৰিব খুজিছোঁ ৷

মই মেডিচিনত স্নাতকোত্তৰ পাঠ্যক্ৰম অধ্যয়ন কৰি থাকোঁতে মোৰ ৰাজদূত মটৰ চাইকেলেৰে প্ৰতি দেওবাৰে মেঘালয়ৰ নংপোলৈ ৰোগী চাবলৈ গৈছিলোঁ৷ গুৱাহাটী চিলঙৰ মধ্যস্থলত অৱস্থিত নংপোলৈ গুৱাহাটীৰ পৰা দূৰত্ব ৫০কিলোমিটাৰ৷ তেতিয়া নংপো মহকুমা আছিল,এতিয়া জিলা হ’ল৷ ৰোগীৰ লগত বাৰ্তালাপ কৰোঁতে কৰোঁতে মই খাচিয়া ভাষাও ক’বলৈ শিকিলোঁ৷ এম ডি ডিগ্ৰী পোৱাৰ বছৰেকৰ ভিতৰত পানবজাৰৰ মহেন্দ্ৰমোহন চৌধুৰী চিকিৎসালয়ত চাকৰিত যোগদান কৰিলোঁ৷ তেতিয়াও প্ৰতি দেওবাৰে নংপোলৈ গৈ থাকোঁ৷ তাত দিনটোত এশৰ ওপৰ ৰোগীক চিকিৎসা দিওঁ৷ এটা দেওবাৰে সন্ধিয়া মানুহ এজনে মোক কলেহি ঘৈণীয়েকৰ ডেলিভাৰীৰ বৰ কষ্ট হৈ আছে আপুনি গুৱাহাটীলৈ ঘূৰোঁতে বাটতে সোমাই চাই যাব৷ নংপো পাবলৈ ৫কিলোমিটাৰমান থাকোঁতে পোৱা পাহামৰিঅ’হ নামৰ গাঁৱত তেওঁৰ ঘৰ৷ মই ঘূৰিবলৈ লওঁতে ৰাতি প্ৰায় দহটাই বাজিল- তথাপিও কথা দিছোঁ যেতিয়া ৰোগীৰ ঘৰত সোমাবই লাগিব৷ গৈ দেখোঁ পৰিস্থিতি বিষম – গাঁৱলীয়া ধাই আৰু অন্য মহিলাসকলে মিলি পেটত হেঁচি,ৰচিৰে পেটত গাঁঠি দি ঠেলি-হেঁচি সন্তান প্ৰসৱ কৰালে৷ তিনি কেজিৰ অধিক ওজনৰ লৰা সন্তানটো ভাগ্যে বাচিল৷ কিন্তু তেতিয়াও ফুল অৰ্থাৎ প্লেচেন্টা বাহিৰ হোৱা নাই আৰু মহিলাগৰাকীৰ ভীষণ ৰক্তক্ষৰণ হৈ আছে৷ ৰক্তচাপ মনিব নোৱৰা আৰু ৰোগী অৰ্ধচেতন ৷ লগে লগে হেমাকচিল চেলাইন লগাই গিৰিহঁতক কলোঁ – ৰোগীৰ অৱস্থা সংকটজনক, সোনকালে গাড়ীৰ ব্যৱস্থা কৰক, তেওঁক বচাবলৈ হলে এতিয়াই গুৱাহাটীলৈ নিব লাগিব৷ ৰোগীৰ দশম সন্তান,বয়স ৪০ৰ ওচৰ হব৷ আগৰ প্ৰত্যেকটো প্ৰসৱ ঘৰতে হৈছিল যদিও একো অসুবিধাৰ সন্মুখীন হোৱা নাছিল৷ অনুমান কৰিলোঁ জৰায়ু নিশ্চয় এই আসুৰী চিকিৎসাৰ ফলত নফটাকৈ , Rupure of Uterus নোহোৱাকৈ থকা নাই৷ এখন জীপ গাড়ী বন্দোৱস্ত কৰি আনিলে৷ মই হেমাকচিলটো শেষ কৰি নৰ্মাল চেলাইন এবটল লগাই দি ৰোগীক জীপৰ মজিয়াত শুৱাই এজনক চেলাইনটো চাই যাবলৈ শিকাই দিলোঁ৷ জীপখন ৰোগীৰ লগত যাব ওলোৱা মানুহেৰে ভৰি পৰিল৷ মোৰ ৰাজদূতৰ পিছে পিছে গাড়ীখন আহি থাকিল৷তেতিয়া ম’বাইল ফোনৰ প্ৰচলন আৰম্ভ হোৱাই নাছিল-গতিকে আগতীয়াকৈ কাকো খবৰ দিয়াটো সম্ভৱপৰ নাছিল৷ খানাপাৰা পাৰ হৈ ভঙাগড় পালোহি, কিন্তু গুৱাহাটী মেডিকেলত সোমোৱাৰ কথা এবাৰো নাভাবিলোঁ – কাৰণ নিজে কাম কৰা চিকিৎসালয়খনতো সকলো সুবিধা আছে আৰু তেতিয়া কাম কৰি থকা প্ৰসূতি চিকিৎসক ডা০ ভূদেৱ চৌধুৰীৰ ওপৰত মোৰ পূৰ্ণ আস্থা আছিল৷ পানবজাৰ পালোগৈ ৷ কেজুৱেলিটিৰ ট্ৰলিৰে ৰোগীক গাড়ীৰ পৰা নমোৱা হ’ল৷ ডিউটিৰ মেডিকেল অফিচাৰে ডা০চৌধুৰীক কল দিলে৷পলম নকৰি ডা০ চৌধুৰী আহিল – এনাচথেচিয়াৰ ডাক্তৰ ধনীৰাম বড়াকো মতা হ’ল৷ ডা০ চৌধুৰীক মই ৰোগীৰ আদ্যোপান্ত কলো৷ নকলেও হব লগত অহা দলটোত এজনো খাচিয়াৰ বাহিৰে বেলেগ ভাষা জনা লোক নাছিল৷ চৌধুৰীয়ে ৰোগীক ভালদৰে পৰীক্ষা কৰি কলে – জৰায়ু ছিন্ন-ভিন্নহৈ গৈছে৷ ইফালে অত্যধিক ৰক্তক্ষৰণৰ ফলত ৰোগী শ্বকত গৈছে৷ অপাৰেচন কৰিবলৈ চিকিৎসকৰ এটা দল হলে ভাল হব, গতিকে ভঙাগড়লৈ নিয়াই ভাল হব বুলি পৰামৰ্শ দিলে৷ কেইটিমান জৰুৰী বেজী দি,চেলাইন সলাই ৰোগীক চিকিৎসালয়ৰ এম্বুলেঞ্চেৰে অস্কিজেনসহ মেডিকেল কলেজলৈ লৈ অহা হ’ল৷ মেডিকেলত প্ৰবেশ কৰোত তেতিয়া নিশা তিনিটা বাজিছে৷ খৰখেদাকৈ ৰোগীক অপাৰেচন থিয়েটাৰলৈ নিয়া হ’ল৷ মই ব্লাডবেংকৰ পৰা প্ৰয়োজন হোৱা চাৰি বটল তেজ সংগ্ৰহ কৰি দিলোঁ৷ যেতিয়া পুৱাৰ বেলি ওলাল, তেতিয়াই অ’ টিৰ পৰা খবৰ আহিল -অপাৰেচন সুকলমে শেষ হ’ল৷ ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ ৷ মই ভগবানক অশেষ ধন্যবাদ জনাই ৰোগীৰ গিৰিয়েকক সকলো বুজাই নিৰ্ভয় দি পানবজাৰলৈ ঘূৰিলোঁ-কিয়নো পুৱা ৯বজাৰ পৰা মোৰ ডিউটি আৰম্ভ হব ৷

মেডিকেলত থকা দিনকেইটাত নিয়মীয়াকৈ ৰোগীৰ খা-খবৰলৈ থাকিলোঁ৷ লাহে লাহে ৰোগী কঙ অলিৰ পৰিয়ালটো মোৰ ঘৰুৱাৰ দৰেহৈ পৰিল৷খাচিয়াত কঙ মানে হ’ল বাইদেউ৷ তেওঁলোকে গাঁৱৰ এজাক মানুহৰ সৈতে পানবজাৰৰ গৌৰী ভৱনত পতা মোৰ বিয়ালৈয়ো আহিল৷ ৫ বছৰৰ আগতে গুৱাহাটীত মই ঘৰ লোৱা অনুষ্ঠানলৈও দলে বলে আহিল ৷ আমিও চিলঙলৈ গলে নংপো বজাৰত নৰ’লেও পাহামৰিঅ’ৰ কঙৰ ঘৰত সোমাই চাহ-ভাত আৰু ক্বেই (তামোল) খাইহে যাওঁ৷ সেই নোমলীয়া পুত্ৰ আজি ২৪ বছৰীয়া, কঙ আৰু তেওঁৰ স্বামী ও ফ’ দুয়ো সুস্বাস্থ্যৰে ভালেই আছে ৷ তেওঁলোকৰ স্বাস্থ্য ভালে থকাৰ কাৰণ হ’ল শাৰীৰিক শ্ৰম৷ মানুহজনে খেতি বাতি কৰে- ধান,আাদা,কচু, কমলা আৰু আনাৰচৰ খেতি কৰে৷ বাৰীৰ তামোল আৰু পাণৰো ভাল উৎপাদন৷ সকলোবিলাক ঘৰত চপাই বজাৰত বেচিবলৈ নিয়ে৷ গোটেই পৰিয়ালেই নিজৰ নিজৰ ভাবে এই কৃষি কৰ্মৰ লগত জড়িত৷ ইয়াৰ উপৰিও পাহাৰৰ বনাঞ্চলৰ পৰা ফুলঝাড়ুৰ গছ ছিঙি আনি নিজে মজবুত আৰু সুন্দৰকৈ বিক্ৰীৰ বাবে তৈয়াৰ কৰে৷মই সদায়েই কঙ অলি আৰু তেওঁৰ স্বামী ও ফ’ৰ সুস্থ দীৰ্ঘ জীৱন কামনা কৰোঁ৷

মোৰ মনত এক গভীৰ প্ৰশান্তি দিয়া কাহিনীটো ইমানতেই অন্ত পৰিল৷

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক